বিভিন্ন নথিসমূহ
১. দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ত আছিয়ান-ভাৰতৰ যুটীয়া বিবৃতি।
২. অনলাইন প্ৰৱঞ্চনা আৰু ইয়াৰ সৈতে জড়িত অপৰাধৰ বিৰুদ্ধে সহযোগিতা শক্তিশালী কৰাৰ বিষয়ত পূব এছিয়া সন্মিলনৰ নেতৃবৃন্দৰ বিবৃতি।
৩. ‘আমাৰ ভৱিষ্যৎ একেলগে গঢ়ি তোলা: স্থিৰতা আৰু নৱীকৰণ’ শীৰ্ষক পূব এছিয়া সন্মিলনৰ ঘোষণা।
ঘোষণাসমূহ
১. ২৩ সংখ্যক ভাৰত–আছিয়ান সন্মিলন
১. সংযোগ ব্যৱস্থা, বৈজ্ঞানিক গৱেষণা, দুৰ্যোগ ব্যৱস্থাপনা, উপকূলৰক্ষী বাহিনীৰ সহযোগিতা, সামুদ্ৰিক ক্ষেত্ৰৰ সজাগতা আৰু নাৱিকসকলৰ নিৰাপত্তা বৃদ্ধিৰ লক্ষ্যৰে দীৰ্ঘম্যাদী আছিয়ান-ভাৰত সামুদ্ৰিক সহযোগিতা পৰিকল্পনা।
২. অঞ্চলটোত দক্ষতা আৰু সামৰ্থ্য বৃদ্ধিৰ বাবে যুটীয়া চাইবাৰ ফৰেনছিক প্ৰশিক্ষণ কাৰ্যসূচী।
৩. আছিয়ান-ভাৰত পাৰমাণৱিক শক্তি সম্পৰ্কীয় কাৰিকৰী আদান-প্ৰদান কাৰ্যসূচী।
৪. আছিয়ান-ভাৰত মহাকাশ হেকাথন।
৫. খনন আৰু গুৰুত্বপূৰ্ণ খনিজ সম্পদৰ ক্ষেত্ৰত আছিয়ান-ভাৰত সহযোগিতা।
৬. যুৱ সন্মিলন, যুৱ সাংসদসকলৰ মাজত মত-বিনিময় তথা ষ্টাৰ্ট-আপ হেকাথনৰ জৰিয়তে আছিয়ান-ভাৰত যুৱ সংযোগ কাৰ্যসূচী।
৭. নালন্দা বিশ্ববিদ্যালয়ত আছিয়ান দেশসমূহৰ শিক্ষাৰ্থীৰ বাবে বৃত্তিৰ সংখ্যা বৃদ্ধি।
৮. ‘ৱেভছ ২০২৭’ত আছিয়ান-ভাৰত সৃষ্টিশীল সহযোগিতা মণ্ডপ স্থাপন।
৯. আছিয়ান দেশসমূহৰ পৰ্যটকৰ বাবে বিনামূলীয়া ই-ভিছাৰ ব্যৱস্থা।
২. ২১ সংখ্যক পূব এছিয়া সন্মিলন
১. যুটীয়া প্ৰশিক্ষণ আৰু জৰুৰীকালীন সঁহাৰি ব্যৱস্থাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে নাৱিকসকলৰ বাবে সুৰক্ষামূলক পদক্ষেপ।
২. অনলাইন প্ৰৱঞ্চনা আৰু চাইবাৰ অপৰাধৰ দৰে সীমান্ত অতিক্ৰম কৰি হৈ থকা অপৰাধৰ নতুন প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ত পূব এছিয়া সন্মিলনৰ চাইবাৰ অপৰাধ সন্মিলন অনুষ্ঠিত কৰা।
৩. লোথালত পূব এছিয়া সন্মিলনৰ সামুদ্ৰিক ঐতিহ্য মহোৎসৱ অনুষ্ঠিত কৰা।
৪. পূব এছিয়া সন্মিলনৰ অন্তৰ্ভুক্ত দেশসমূহৰ সৈতে শৈক্ষিক সহযোগিতা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে নালন্দাত বিশ্ববিদ্যালয়সমূহৰ সন্মিলন অনুষ্ঠিত কৰা।
****
MJPS/SS/VJ/ST/DM