প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ ভাগত নতুন দিল্লীৰ সুষমা স্বৰাজ ভৱনত অনুষ্ঠিত সামাজিক ন্যায় আৰু সবলীকৰণ বিষয়ক বিভাগীয় সন্মিলনৰ সামৰণি অধিৱেশনত অধ্যক্ষতা কৰে।
সন্মিলনত সামাজিক অন্তৰ্ভুক্তিৰ শক্তিশালীকৰণ, প্ৰতিবন্ধী ব্যক্তিসকলৰ সবলীকৰণ, নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ প্ৰতিৰোধ তথা এইক্ষেত্ৰত জনসাধাৰণৰ অংশগ্ৰহণৰ বাবে উদ্ভাৱনীমূলক পদক্ষেপ গ্ৰহণৰ বিষয়ে আলোচনা কৰাৰ অৰ্থে বিভিন্ন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মন্ত্ৰী , জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে।
প্ৰধানমন্ত্ৰীয়ে সন্মিলনত হোৱা এই বিষয়ক বিস্তৃত আলোচনাৰ শলাগ লয়। তেওঁ কয় যে সন্মিলনত হোৱা আলোচনা তথা ইয়াৰ আধাৰত গ্ৰহণ কৰা পৰিকল্পনাসমূহে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ উমৈহতীয়া লক্ষ্য তথা দায়বদ্ধতাৰ মনোভাৱকেই প্ৰতিফলিত কৰিছে। তেওঁ কয় যে সিদ্ধান্তসমূহ ৰূপায়ণৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক আৰু সহযোগিতামূলক মনোভাৱক পথপ্ৰদৰ্শক হিচাপে গ্ৰহণ কৰিব লাগিব। ইয়াৰ লগতে ৰাজ্যসমূহে এই বিষয়ত নিজৰ নিজৰ অভিজ্ঞতা আৰু উদ্ভাৱনীমূলক পদক্ষেপৰ পৰা শিক্ষা গ্ৰহণ কৰিব লাগিব।
এই বিষয়ত জনসাধাৰণৰ অংশগ্ৰহণৰ গুৰুত্বৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিকাশ সম্পৰ্কীয় প্ৰতিবন্ধকতা তথা সেই প্ৰতিবন্ধকতাসমূহ আগতীয়াকৈ চিনাক্ত কৰাৰ বাবে অভিভাৱকসকলৰ মাজত সজাগতা সৃষ্টিত সমাজৰ সকলোৰে অংশগ্ৰহণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।
তেওঁ উল্লেখ কৰে যে দ্বিধাগ্ৰস্ততা, সামাজিক কলংকৰ ভয় আৰু সজাগতাৰ অভাৱৰ বাবে বহু সময়ত অভিভাৱকসকলে নিজৰ সন্তানৰ বিকাশজনিত সমস্যাসমূহ চিনাক্ত কৰিব নোৱাৰে অথবা সময়মতে প্ৰয়োজনীয় সহায় বিচাৰিবলৈ আগবাঢ়ি নাহে। তেওঁ কয় যে এই ক্ষেত্ৰত গ্ৰহণ কৰা সামাজিক পদক্ষেপে অভিভাৱকসকলৰ এই দ্বিধাগ্ৰস্ততা দূৰ কৰাৰ লগতে সময়মতে প্ৰয়োজনীয় চিকিৎসা তথা সহায় আগবঢ়োৱাত সহায় কৰিব পাৰে।
প্ৰধানমন্ত্ৰীয়ে এইক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে উদ্ভাৱনীমূলক পদ্ধতি গ্ৰহণৰো আহ্বান জনায়। বিশেষকৈ আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে গুৰুত্বপূৰ্ণ বাৰ্তাসমূহ সহজ তথা বোধগম্য ৰূপত জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰো তেওঁ পৰামৰ্শ দিয়ে।
তেওঁ লগতে ৰাজ্যসমূহক নতুন উদ্যোগ প্ৰতিষ্ঠাৰ সৈতে জড়িত প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিয়ে, যাতে যুৱ উদ্ভাৱকসকলে কম ব্যয়সাপেক্ষ সহায়ক সঁজুলি তথা উপকৰণ উদ্ভাৱন কৰিবলৈ উৎসাহিত হয়। বিশেষকৈ চলাচল, প্ৰৱেশযোগ্যতা আৰু ক্ৰীড়াৰ লগতে দৈনন্দিন জীৱনৰ বিভিন্ন কাৰ্যকলাপত প্ৰতিবন্ধী ব্যক্তিসকলৰ অংশগ্ৰহণ সহজ কৰি তোলাৰ ক্ষেত্ৰত এনে সঁজুলিয়ে সহায় কৰিব পাৰে।
নিচামুক্ত ভাৰত অভিযান সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ প্ৰতিৰোধৰ প্ৰচেষ্টা কেৱল নিয়মমাফিক বা প্ৰতীকী কাৰ্যসূচীৰ মাজতে সীমাবদ্ধ থাকিব নালাগে।
তেওঁ বিদ্যালয়সমূহক এই অভিযানৰ সৈতে জড়িত কৰাৰ পৰামৰ্শ দিয়ে। ইয়াৰ বাবে ৰচনা প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, বক্তৃতা প্ৰতিযোগিতা আৰু অন্যান্য কাৰ্যসূচীৰ আয়োজন কৰি যুৱ প্ৰজন্মৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে এইবোৰত কিদৰে সমাজৰ বৃহত্তৰ অংশৰ অংশগ্ৰহণ নিশ্চিত কৰিব পাৰি সেই বিষয়ত গুৰুত্ব আৰোপ কৰিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ উপৰি নিচাসক্তিৰ পৰা সফলতাৰে মুক্ত হোৱা ব্যক্তিসকলৰ অভিজ্ঞতা আনৰ সৈতে বিনিময় কৰাৰ গুৰুত্বৰ কথাও তেওঁ উল্লেখ কৰে।
নিচামুক্ত ভাৰত গঢ়াৰ লক্ষ্যত সমগ্ৰ দেশৰ সামূহিক অংশগ্ৰহণৰ বিষয়ত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে সমাজৰ বিভিন্ন শ্ৰেণী, আধ্যাত্মিক সংগঠন, শিক্ষানুষ্ঠান আৰু বিভিন্ন মন্ত্ৰালয়ক অধিক সক্ৰিয়ভাৱে জড়িত হোৱাৰ আহ্বান জনায়।তেওঁ কয় যে সমগ্ৰ সমাজ এই আন্দোলনৰ সক্ৰিয় অংশীদাৰ হ’লেহে দীৰ্ঘস্থায়ী পৰিৱৰ্তন সম্ভৱ হ’ব।
প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে কেন্দ্ৰ তথা ৰাজ্যসমূহ হৈছে এক উমৈহতীয়া ৰাষ্ট্ৰীয় লক্ষ্য পূৰণৰ অংশীদাৰ। এইক্ষেত্ৰত সামূহিক দায়বদ্ধতা তথা সহযোগিতামূলক মনোভাৱেৰে এই পদক্ষেপক আগুৱাই নিয়াৰ বিষয়ত তেওঁ গুৰুত্ব আৰোপ কৰে।
তেওঁ কয় যে এনে সামূহিক প্ৰচেষ্টাই এখন সৰ্বাংগীণ আৰু সবল বিকশিত ভাৰত গঢ়ি তোলাৰ লক্ষ্য পূৰণত বিশেষভাবে অৰিহণা যোগাব।
***
MJPS/SS/VJ/SS/DM
Chaired the valedictory session of the Departmental Summit on Social Justice and Empowerment. Key focus areas: Greater Jan Bhagidari in social schemes. Encouraging StartUps to build affordable assistive technologies. A whole-of-society approach towards a Nasha Mukt Bharat. https://t.co/e0HTNYb8hc
— Narendra Modi (@narendramodi) November 19, 2026