মহামহিম , ছাংহাই সহযোগিতা সংস্থা (এছচিঅ’) ৰ সচিব প্ৰধান, ভাৰতৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী, ভাৰত চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল, ছাংহাই সহযোগিতা সংস্থাৰ দেশসমূহৰ সকলো মন্ত্ৰী , ৰাষ্ট্ৰদূতসকল , উচ্চায়ুক্তসকল , বিশিষ্ট ব্যক্তিসকল , বিশিষ্ট পণ্ডিতসকল , বৰেণ্য শিল্পীসকল, সন্মানীয় অতিথিসকল , ভদ্ৰ পুৰুষ-মহিলাসকল।
এইখন প্ৰথম এছচিঅ’ সভ্যতামূলক আলোচনা মঞ্চ। মই ভাৰতলৈ অহা সকলো অতিথিক স্বাগতম জনাইছোঁ। আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ। এনে এটা সময়ত, যেতিয়া বিশ্বত যুদ্ধ আৰু অশান্তিৰ বিষয়ে আলোচনা অধিক হৈ আছে, আমি ভাৰতত সভ্যতাগত সংযোগৰ ওপৰত সংলাপ অনুষ্ঠিত কৰিছোঁ। এইটো এইবাবেও গুৰুত্বপূৰ্ণ, কিয়নো বিশ্ব শান্তিৰ বাবে আটাইতকৈ শক্তিশালী নিশ্চয়তা হৈছে সাংস্কৃতিক সংযোগ । সেয়েহে, আজিৰ এই অনুষ্ঠানটোৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পাইছে।
বন্ধুসকল, কেইমাহমান পূৰ্বেহে ছাংহাই সহযোগিতা সংগঠনে ইয়াৰ প্ৰতিষ্ঠাৰ ২৫ বছৰ সম্পূৰ্ণ কৰিছে। বিগত বছৰবোৰত এছচিঅ’ই নিৰাপত্তা, অৰ্থনীতি আৰু সংযোগৰ ক্ষেত্ৰত সহযোগিতা যথেষ্ট বৃদ্ধি কৰিছে। এনে পৰিস্থিতিত সাংস্কৃতিক আৰু সভ্যতামূলক সহযোগিতাই বিভিন্ন দেশৰ মাজৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰিব। মোৰ বিশ্বাস যে এই মঞ্চৰ পৰা নতুন চিন্তাধাৰা ওলাই আহিব, সাংস্কৃতিক সহযোগিতাৰ নতুন সুযোগ সৃষ্টি হ’ব আৰু আমাৰ উমৈহতীয়া সভ্যতামূলক অভিজ্ঞতাসমূহে বিশ্বখনক একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
বন্ধুসকল,, এই মুহূৰ্তত আমি দিল্লীৰ পুৰণা কিলাত আছোঁ; এই পুৰণা কিলা ভাৰতৰ এক অনন্য সাংস্কৃতিক ঐতিহ্য। ইয়াৰ ইতিহাস যিমান আকৰ্ষণীয়, ইয়াৰ লগত জড়িত আখ্যানবোৰো সিমানেই ৰোমাঞ্চকৰ। আপোনালোকে হয়তো ইয়াৰ বিষয়ে ইয়াত পঢ়িছে আৰু শুনিছেও; পণ্ডিতসকলৰ মতে এই কিলাৰ ইতিহাস হাজাৰ হাজাৰ বছৰ পূৰ্বৰ মহাভাৰতৰ কাললৈকে বিস্তৃত। ইমান প্ৰাচীন স্থানত ভব্য সাংস্কৃতিক প্ৰদৰ্শন, বেদ মন্ত্ৰৰ উদ্যমপূৰ্ণ আবৃত্তি, বৌদ্ধ দৰ্শনৰ উপস্থাপনা, হনুমান জীৰ যাত্ৰা, ইয়াত ভাৰতৰ সংস্কৃতিৰ দৰ্শন হোৱাৰ লগতে মানৱতাৰ প্ৰতি প্ৰেম আৰু একতাৰ বাৰ্তাও আছিল।
এই ভাৱ, এই চিন্তাধাৰা, এই শিক্ষাসমূহ যিমান প্ৰাচীন, সিমানেই বিশ্বজনীনো। ভূ-ৰাজনৈতিক সীমাৰ উৰ্ধ্বত থাকি এইবোৰে আমাক সহজভাৱে ইজনে সিজনৰ লগত সংযোগ কৰে। এয়াই এই সন্মিলনৰ উদ্দেশ্যও আৰু এয়াই আজিৰ সময়ৰো দাবী। মই আশা কৰোঁ যে আপোনালোক সকলোৱে এই আয়োজন উপভোগ কৰিব আৰু ইয়াক ঐতিহাসিক কৰি তুলি এক নতুন পৰম্পৰাৰ ভেটি স্থাপন কৰিব। এনে এক পৰম্পৰা, যাৰ বাবে ভৱিষ্যতে আপোনালোক সকলোকে স্মৰণ কৰিব।
আজিৰ সময়ত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু জনসাধাৰণৰ মাজত সম্পৰ্কৰ বিষয়ে যথেষ্ট আলোচনা হয়। এইটো এনে এক দৃষ্টিভংগী, যাক আমাৰ পূৰ্বপুৰুষসকলে বহু শতিকা ধৰি সমৃদ্ধ কৰি আহিছে। প্ৰায় পাঁচ হাজাৰ বছৰ পূৰ্বে সিন্ধু উপত্যকাৰ সভ্যতা আৰু মেছ’পটেমিয়াৰ মাজত বাণিজ্যিক সম্পৰ্ক আছিল। পৰৱৰ্তী সময়ত আন বাণিজ্যিক পথসমূহে এই সম্পৰ্কক অধিক সম্প্ৰসাৰিত কৰিছিল। ভাৰত, চীন, মধ্য এছিয়া আৰু ইউৰেছিয়াৰ বহু অঞ্চল এই প্ৰাচীন বাণিজ্যিক নেটৱৰ্কৰ জৰিয়তে সংযুক্ত হৈ আছিল। এই পথসমূহেদি কেৱল ব্যৱসায়ীসকলেই নহয়, পণ্ডিত, পৰিব্ৰাজক আৰু বৌদ্ধ ভিক্ষুসকলেও যাত্ৰা কৰিছিল। এই যাত্ৰাসমূহে চিন্তা-ধাৰা, ভাষা আৰু পৰম্পৰাৰ আদান-প্ৰদান সহজ কৰি তুলিছিল। গান্ধাৰ আৰু মধ্য এছিয়াৰ মাজেৰে বৌদ্ধ গ্ৰন্থত থকা ভাৱধাৰাসমূহ চীনত উপনীত হৈছিল। কুচা আৰু দুনহুয়াঙৰ দৰে ঠাইসমূহ এই যাত্ৰাৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হৈ পৰিছিল। ফাহিয়ান, হিউয়েন চাং আৰু ইৎসিঙৰ দৰে পণ্ডিতসকল চীনৰ পৰা ভাৰতলৈ আহিছিল। তেওঁলোকে ভাৰতৰ জ্ঞান-পৰম্পৰা অধ্যয়ন কৰিছিল আৰু সেইবোৰ নিজৰ মাতৃভূমিলৈ লৈ গৈছিল। নালন্দাৰ দৰে বিশ্ববিদ্যালয়সমূহ এই জ্ঞানৰ আদান-প্ৰদানৰ কেন্দ্ৰ হৈ পৰিছিল। মধ্য এছিয়াৰ কুচাত জন্মগ্ৰহণ কৰা কুমাৰজীৱৰ দৰে পণ্ডিতসকলে বৌদ্ধ গ্ৰন্থসমূহ চীনা ভাষালৈ অনুবাদ কৰিছিল। এনেদৰেই মানৱতা আৰু সভ্যতাই নিজকে সমৃদ্ধ আৰু বিকশিত কৰি আহিছিল। মই বিশ্বাস কৰোঁ যে সাম্ৰাজ্যসমূহে হয়তো বিশ্বৰ মানচিত্ৰ সলনি কৰিছিল, কিন্তু সভ্যতাগত সংলাপে বিশ্বৰ চিন্তা-ধাৰা সলনি কৰিছিল আৰু বৌদ্ধিক সমৃদ্ধি শক্তিশালী কৰিছিল। সেয়েহে, এছ.চি.অ’. সভ্যতাগত সন্মিলন কেৱল এক আনুষ্ঠানিক মঞ্চ নহয়; ই বিশ্বাক দিশ নিৰ্দেশনা দিয়াৰ এক মঞ্চ হৈ উঠিব পাৰে।
বন্ধুসকল, যেতিয়া জ্ঞান এঠাইৰ পৰা আন ঠাইলৈ যায়, তেতিয়া তাক প্ৰকাশ কৰাৰ ধৰণ সলনি হ’ব পাৰে, কিন্তু তাৰ প্ৰভাৱ, তাৰ ভূমিকা সলনি নহয়। জ্ঞান যি ৰূপতেই নাথাকক কিয়, পোহৰহে বিলায়। আৰু ইয়াৰ এক ডাঙৰ গুৰুত্বপূৰ্ণ উদাহৰণ হৈছে ভাৰতৰ পঞ্চতন্ত্ৰ। ইয়াৰ কাহিনীবোৰ ফাৰ্চী আৰু তাৰ পাছত আৰবী ভাষালৈ গৈ পাইছিল। কলিলা ৱ দিমনা ৰূপত এই কাহিনীবোৰে এক নতুন ৰূপ ল’লে আৰু প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি অমৰ হৈ ৰ’ল। ঠিক সেইদৰে, ভাৰতৰ পৰা ৰামায়ণ দক্ষিণ-পূব এছিয়ালৈ যাওঁতে সেই আদৰ্শসমূহকেই জোৰ দিলে। কম্বোডিয়াত ৰীমকেৰ ৰূপত ৰামকথাই তাত স্থানীয় সংস্কৃতি, পৰিবেশ্য কলা আৰু সাহিত্যত নিজৰ স্থান গঢ়ি তুলিলে।
বন্ধুসকল,, এই সাংস্কৃতিক বিনিময় বিজ্ঞান আৰু গণিতৰ ক্ষেত্ৰতো সিমানেই গুৰুত্বপূৰ্ণ আছিল। ভাৰতৰ মহান গণিতজ্ঞ ব্ৰহ্মগুপ্তৰ চিন্তাধাৰা বাগদাদলৈকে গৈ পাইছিল। তাত আল-খোৱাৰিজমীৰ দৰে পণ্ডিতসকলে গণিতৰ জ্ঞানক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।
বন্ধুসকল, স্থাপত্য কলাত আৰু সংগীতত এই উমৈহতীয়া যাত্ৰাৰ বহু প্ৰমাণ পোৱা যায়। মধ্য এছিয়াৰ মাকাম আৰু ভাৰতৰ ৰাগ পৰম্পৰাৰ মাজত গভীৰ সাংস্কৃতিক সংযোগ আছে। চুফী চিন্তাধাৰা আৰু সংগীত পৰম্পৰাসমূহে ভাৰতত কাৱালীৰ বিকাশক সমৃদ্ধ কৰিলে। মধ্য এছিয়াৰ সমৰকন্দ আৰু হেৰাটৰ বাগিচা পৰম্পৰাসমূহে ভাৰতত চাৰবাগ শৈলীক প্ৰভাৱিত কৰিছিল। এই বিনিময় আজিও যাতে মুক্তভাৱে চলি থাকে, তাৰ বাবে এই সন্মিলনৰ, এনে পদক্ষেপসমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হৈ পৰে।
বন্ধুসকল, আজি আমাৰ হাতত পূৰ্বতকৈও বহুত বেছি সুযোগ আছে। একবিংশ শতিকাৰ প্ৰযুক্তিয়ে বিশ্বত সাংস্কৃতিক সংযোগৰ নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে। যিবোৰ বাটত এসময়ত আমাৰ পূৰ্বপুৰুষসকলে মাহ মাহ ধৰি যাত্ৰা কৰিবলগীয়া হৈছিল, আজি সেই একেবোৰ দেশৰ মানুহ কেইছেকেণ্ডমানৰ ভিতৰতে ইজনে সিজনৰ লগত সংযোগ হ’ব পাৰে। ডিজিটেল প্লেটফৰ্মসমূহে জ্ঞান ভাগ-বতৰা, সাংস্কৃতিক বিনিময় আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাক পূৰ্বতকৈ অধিক সহজ কৰি তুলিছে। এছ চি অ’ দেশসমূহে এই নতুন সম্ভাৱনাসমূহৰ পূৰ্ণ সুযোগ ল’ব লাগে।
বন্ধুসকল, আপোনালোক সকলো সন্মানীয় অতিথিসকলৰ সন্মুখত আজি এই দিশত মোৰ কেইটামান পৰামৰ্শও আছে। আমাৰ দেশসমূহৰ সংগ্ৰহালয়, পুথিভঁৰাল আৰু অবিলেখাগাৰসমূহত হাজাৰ হাজাৰ বছৰৰ অমূল্য ঐতিহ্য সুৰক্ষিত হৈ আছে। প্ৰাচীন পাণ্ডুলিপি, দুষ্প্ৰাপ্য গ্ৰন্থ, ঐতিহাসিক নথিপত্ৰ আৰু কলাকৃতিসমূহে আমাৰ সংযোগৰ বহু দিশ সন্মুখলৈ আনে। আজি প্ৰযুক্তিৰ সহায়ত এই ঐতিহ্যক নতুন প্ৰজন্মৰ ওচৰলৈ লৈ যোৱাৰ অতি ভাল সুযোগ সৃষ্টি হৈছে। আমি প্ৰাচীন গ্ৰন্থসমূহৰ ডিজিটাইজেচন আৰু অনুবাদত সহযোগিতা কৰিব পাৰোঁ। যুটীয়া গৱেষণা প্ৰকল্পৰ জৰিয়তে আমি আমাৰ এই উমৈহতীয়া ইতিহাসৰ নতুন দিশসমূহ সন্মুখলৈ আনিব পাৰোঁ। ইয়াৰ ফলত বিশ্বৰ যিকোনো প্ৰান্তত বহি থকা এজন যুৱকে আন এখন দেশৰ সাংস্কৃতিক ঐতিহ্যক বহুত ভালদৰে বুজিব পাৰিব।
বন্ধুসকল, আমাৰ বহু মহান ৰচনা আজিও সীমিত ভাষাত উপলব্ধ। এআইৰ সহায়ত এইবোৰৰ অনুবাদক নতুন গতি দিব পাৰি। আজি আমাৰ হাতত পূৰ্বতকৈ অধিক সা-সঁজুলি আছে, গতিকে আমি এইবোৰৰ পূৰ্ণ ব্যৱহাৰ কৰিব লাগিব।
বন্ধুসকল, সাংস্কৃতিক বিনিময়ৰ এনে আৰু অলেখ সুযোগ আছে, যিবোৰৰ প্ৰতি আমি মনোযোগ দিব লাগিব। যেনে— আমাৰ দেশসমূহৰ সংগ্ৰহালয় আৰু সাংস্কৃতিক প্ৰতিষ্ঠানসমূহে যুটীয়া প্ৰদৰ্শনী আয়োজন কৰিব পাৰে। বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ মাজত পণ্ডিত আৰু গৱেষকসকলৰ বিনিময় কাৰ্যসূচীক উৎসাহিত কৰিব পাৰি। সাংস্কৃতিক পৰ্যটনও আমাৰ সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হৈ উঠিব পাৰে। ৰেচম পথ আৰু বৌদ্ধ ঐতিহ্যৰ সৈতে জড়িত বহু ঐতিহাসিক স্থান আমাৰ দেশসমূহত আছে। আমি এই স্থানসমূহক সংযোগ কৰি ঐতিহ্য চাৰ্কিট আৰু সাংস্কৃতিক পথ গঢ়ি তোলাৰ সম্ভাৱনা অনুসন্ধান কৰিব পাৰোঁ। ঠিক সেইদৰে, যুটীয়া সাংস্কৃতিক উৎসৱ আৰু শিল্পী বিনিময় কাৰ্যসূচীৰ জৰিয়তে আমাৰ কলা আৰু সাংস্কৃতিক পৰম্পৰাসমূহ নতুন মানুহৰ ওচৰলৈ যাব পাৰে। মোৰ বিশ্বাস যে এনে প্ৰচেষ্টাসমূহে আমাৰ নাগৰিকসকলক ইজনে সিজনৰ সংস্কৃতিক আৰু অধিক ঘনিষ্ঠভাৱে জানিবলৈ আৰু বুজিবলৈ সুযোগ দিব।
বন্ধুসকল, আজি আমি যি সভ্যতামূলক সংলাপক আগুৱাই লৈ গৈ আছোঁ, আগন্তুক দশকসমূহত তাক নতুন উচ্চতালৈ লৈ যোৱাৰ দায়িত্ব আমাৰ যুৱপ্ৰজন্মৰ। আজিৰ যুৱপ্ৰজন্ম প্ৰযুক্তিৰ লগত জড়িত, তেওঁলোকে বিশ্বখনক ভালদৰে বুজিব বিচাৰে। আমি আমাৰ যুৱসকলক ইজনে সিজনৰ ভাষা, সাহিত্য আৰু সাংস্কৃতিক পৰম্পৰাৰ সৈতে সংযুক্ত হোৱাৰ অধিক সুযোগ দিব লাগিব। আমাৰ যুৱ শিল্পী, লেখক আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলে ডিজিটেল মাধ্যম আৰু অন্যান্য সৃষ্টিশীল প্লেটফৰ্মৰ জৰিয়তে আমাৰ উমৈহতীয়া ঐতিহ্যক নতুন প্ৰজন্মৰ ওচৰলৈ লৈ যাব পাৰে। আমি স্থানীয় শিল্পী আৰু কাৰিকৰসকলকো এই প্ৰচেষ্টাসমূহৰ সৈতে সংযুক্ত কৰিবই লাগিব।
বন্ধুসকল,, ভাৰতত যেতিয়া আমি কোনো পূজা বা অনুষ্ঠান কৰোঁ, তেতিয়াও শেষত আমি প্ৰাৰ্থনা কৰোঁ— প্ৰাণীসকলৰ মাজত সদ্ভাৱ হওক! বিশ্বৰ কল্যাণ হওক! কাৰণ, আমাৰ সংস্কৃতিয়ে আমাক ‘বসুধৈৱ কুটুম্বকম’ৰ শিক্ষা দিছে। অৰ্থাৎ, এই সমগ্ৰ বিশ্বখনেই আমাৰ পৰিয়াল। সেয়েহে, আমাৰ ইয়াত নিজৰ কল্যাণৰ ইচ্ছা বিশ্ব কল্যাণৰ ভাৱনাৰ মাজতেই সাঙোৰ খাই থাকে। আমি পাৰস্পৰিক সদ্ভাৱকেই বিশ্বৰ কল্যাণৰ ভেটি বুলি মানোঁ।
বন্ধুসকল,, পাৰস্পৰিক সদ্ভাৱৰ বাবে আটাইতকৈ প্ৰয়োজনীয় হৈছে পাৰস্পৰিক বিশ্বাস! আৰু, পাৰস্পৰিক বিশ্বাস তেতিয়াই জন্ম হয়, যেতিয়া আমি নিজৰ মাজত কিবা উমৈহতীয়া অনুভৱ কৰোঁ। সেয়েহে, আজি প্ৰয়োজন হৈছে যে আমি এই কথাত গুৰুত্ব দিওঁ যে আমাৰ মাজত কি কি উমৈহতীয়া কথা আছে! আৰু মই ভাৰতৰ অভিজ্ঞতাৰ পৰা ক’ব পাৰোঁ, যেতিয়া আমি এই উদাৰ দৃষ্টিভংগী গ্ৰহণ কৰোঁ, তেতিয়া আমাৰ বৈচিত্ৰ্যই আমাৰ একতাৰ আধাৰ হৈ পৰে। সেয়েহে, আমি ভাৰতত ইমান ভিন্ন-ভিন্ন ভাষা, জীৱনশৈলী আৰু পৰম্পৰা থকাৰ স্বত্বেও ইমান গভীৰভাৱে সংযুক্ত হৈ আছোঁ। ভাৰতত আমি বৈচিত্ৰ্যক গ্ৰহণ কৰোঁ, আমি বৈচিত্ৰ্যক উদযাপন কৰোঁ। এই প্ৰেৰণা আমি আমাৰ সেই বেদসমূহৰ পৰা পাওঁ, যাৰ আবৃত্তি আমি আৰম্ভণিতে শুনি আছিলোঁ।
বন্ধুসকল, আমাৰ বেদে কয়— “সংগচ্ছধ্বং সংৱদধ্বং সং ৱো মনাংসি জানতাম্।” অৰ্থাৎ, আমি একেলগে খোজ কাঢ়োঁ, পৰস্পৰে কথা পাতোঁ আৰু আমাৰ চিন্তাসমূহৰ মাজত সামঞ্জস্য থাকক। এই ভাৱনাৰ সৈতে, মই আকৌ এবাৰ প্ৰথম গুৰুত্বপূৰ্ণ এছচিঅ’ সভ্যতামূলক আলোচনা মঞ্চৰ বাবে আপোনালোকক বহুত বহুত অভিনন্দন জনাইছোঁ। মই আপোনালোক সকলোকে সফল আৰু অৰ্থপূৰ্ণ আলোচনাসমূহৰ বাবে শুভেচ্ছা জনাইছোঁ।
আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।
নমস্কাৰ।
*****
MJPS/SS/KP/RK/DB
Speaking at the SCO Civilisational Dialogue Forum in Delhi. https://t.co/RzZCS5bjnd
— Narendra Modi (@narendramodi) November 20, 2026
साम्राज्यों ने दुनिया के नक्शे जरूर बदले हैं, लेकिन civilisational dialogues ने दुनिया के विचार बदले हैं, उन्हें समृद्ध किया है। इसीलिए, SCO civilisational summit केवल एक ceremonial platform नहीं है। ये विश्व को दिशा देने का एक मंच बन सकता है: PM @narendramodi
— PMO India (@PMOIndia) November 20, 2026
21वीं सदी की Technology ने दुनिया में Cultural Connectivity की नई संभावनाएं पैदा की हैं। जिन रास्तों पर कभी हमारे पूर्वजों को महीनों यात्रा करनी पड़ती थी, आज उन्हीं देशों के लोग कुछ ही सेकंड में एक-दूसरे से जुड़ सकते हैं। Digital Platforms ने Knowledge Sharing, Cultural Exchange और International Collaboration को पहले से आसान बना दिया है। SCO के देशों को इन नई संभावनाओं का पूरा लाभ उठाना चाहिए: PM @narendramodi
— PMO India (@PMOIndia) November 20, 2026
हमारे देशों के Museums, Libraries और Archives में हजारों वर्षों की अनमोल विरासत सुरक्षित है। प्राचीन Manuscripts, दुर्लभ ग्रंथ, ऐतिहासिक दस्तावेज और कलाकृतियां हमारे जुड़ाव के अनेक पहलुओं को सामने लाती हैं। आज Technology की मदद से इस विरासत को नई पीढ़ी तक पहुंचाने के बहुत अच्छे अवसर बने हैं। हम प्राचीन ग्रंथों के Digitisation और Translation में सहयोग कर सकते हैं। Joint Research Projects के माध्यम से हम अपने साझा इतिहास के नए पहलुओं को सामने ला सकते हैं। इससे दुनिया के किसी भी हिस्से में बैठा एक युवा, दूसरे देश की Cultural Heritage को कहीं बेहतर तरीके से समझ सकेगा: PM @narendramodi at the SCO Civilisational Dialogue Forum
— PMO India (@PMOIndia) November 20, 2026
हमारी संस्कृति ने हमें ‘वसुधैव कुटुंबकम्’ की सीख दी है। यानी, ये पूरा विश्व ही हमारा परिवार है। इसलिए, हमारे यहाँ अपने कल्याण की इच्छा विश्व कल्याण के भाव में ही रची बसी है। हम आपसी सद्भाव को ही global wellbeing का base मानते हैं: PM @narendramodi
— PMO India (@PMOIndia) November 20, 2026