Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিহাৰৰ বৈশালীত ‘নীতিশ সেতু’ উদ্বোধন তথা অন্যান্য উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ


ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

মঞ্চত উপৱিষ্ট সন্মানীয় বিশিষ্ট ব্যক্তিসকলৰ লগতে ইয়াত বৃহৎ সংখ্যাত সমৱেত হোৱা বিহাৰৰ মোৰ মৰমৰ ভাই-ভনীসকলক মোৰ আন্তৰিক প্ৰণাম জনাইছোঁ।

আপোনালোকৰ মাজলৈ আহি আপোনালোকক ওচৰৰ পৰা চোৱাৰ আৰু আপোনালোকক প্ৰণাম জনোৱাৰ সুযোগ দিয়াৰ বাবে মই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু এনডিএৰ সকলো নেতাৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।

ইমান বিশাল জনসমাগম, মোৰ বিশ্বাস নহয় যে কেমেৰাত ইয়াক সম্পূৰ্ণৰূপে বন্দী কৰিব পৰা যাব। ইমান বিশাল  জন সমুদ্ৰ! উন্নয়নৰ প্ৰতি জনসাধাৰণৰ সজাগতা আৰু আগ্ৰহৰ এয়া এক জীৱন্ত প্ৰমাণ।

বন্ধুসকল,

লোকবিশ্বাস আৰু ভক্তিৰ মহাপৰ্ব ছট্ পূজা শেহতীয়াকৈ সামৰণি পৰিছে। আমাৰ মাতৃ আৰু ভগ্নীসকলে কঠোৰভাৱে নিৰ্জলা ব্ৰত পালন কৰি পৰিয়াল, সমাজ তথা সমগ্ৰ জগতৰ মংগল কামনা কৰিছে। এতিয়া ছটী মাইয়াৰ আশীৰ্বাদত আমি ইয়াত উন্নয়নৰ উৎসৱ উদযাপন কৰিবলৈ সমৱেত হৈছোঁ।

বন্ধুসকল,

বিহাৰৰ এই উন্নয়নৰ যাত্ৰাত আমি ‘সবকা সাথ, সবকা বিকাশ’ৰ মন্ত্ৰ সাৰোগত কৰি আগবাঢ়িছোঁ। আমি গণতন্ত্ৰৰ শক্তিক জনকল্যাণৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছোঁ। সেইবাবেই আজি এনডিএ চৰকাৰৰ  কাৰ্যকালৰ এটা বছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে আয়োজন কৰা অনুষ্ঠানৰ বাবে গণতন্ত্ৰৰ মহান ভূমি বৈশালীক নিৰ্বাচন কৰা হৈছে।

এই ক্ষণতে মই বৈশালী আৰু বিহাৰৰ পৱিত্ৰ মাটিক প্ৰণাম জনাইছোঁ। এনডিএৰ সকলো সহযোগী দল, লাখ লাখ কৰ্মকৰ্তা আৰু বিহাৰৰ প্ৰতিগৰাকী বাসিন্দালৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

বন্ধুসকল,

প্ৰায় তিনিটা দশক পূৰ্বে বিহাৰে আশা আৰু বিশ্বাসৰ এক নতুন পথ বাছি লৈছিল। দশক দশক ধৰি দুৰৱস্থাৰ সন্মুখীন হোৱা বিহাৰে আদৰণীয় নীতিশ কুমাৰৰ নেতৃত্বত সুশাসনৰ এক নতুন আশ্বাস লাভ কৰিছিল।নীতিশ কুমাৰে বহু বছৰ ধৰি মুখ্যমন্ত্ৰী হিচাপে বিহাৰৰ সেৱা আগবঢ়াই আহিছে। এতিয়া নীতিশ জীৰ আশীৰ্বাদ লৈ সম্ৰাট চৌধুৰী জী আৰু তেওঁৰ সমগ্ৰ দলে এই অভিযানক আগুৱাই নিছে। এই ধাৰাবাহিকতাৰ অংশ হিচাপে আজি ইয়াত কেইবাহাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰা হৈছে।মোৰ সম্পূৰ্ণ বিশ্বাস যে মোৰ বন্ধু ৰামবিলাস জীৰ আত্মা য’তেই নাথাকক কিয়, আজি তেওঁ আমাৰ ওপৰত নিশ্চয়কৈ পুষ্পবৃষ্টি কৰিছে। কিয়নো আমি তেওঁৰ সপোনসমূহো বাস্তৱায়িত কৰি আছোঁ।

বন্ধুসকল,

গংগা নদীৰ ওপৰত নিৰ্মিত দৰগাহ-বিদুপুৰ ছয়লেনযুক্ত কেব’ল দলংখন আজি জনসাধাৰণৰ বাবে উৎসৰ্গা কৰা হৈছে। এই আধুনিক দলংখন  নীতিশ জীৰ সন্মানাৰ্থে ‘নীতিশ সেতু’ নামেৰে নামকৰণ কৰা হৈছে। বিহাৰৰ জনসাধাৰণৰ তৰফৰ পৰা তেওঁৰ সেৱা আৰু সমৰ্পণৰ প্ৰতি এয়া এক সন্মানৰ প্ৰতীক। এই দলংখন হোৱাৰ  ফলত পাটনা আৰু বৈশালীৰ মাজৰ দূৰত্ব তথা যাতায়াতৰ অসুবিধা যথেষ্ট হ্ৰাস পাব। এতিয়া কৃষিজাত শস্য, ফল-মূল, শাক-পাচলি, গাখীৰ আৰু দৈ আদি বৃহৎ বজাৰসমূহলৈ নিয়াটো অধিক সহজ হ’ব। দলংখন হোৱাৰ  ফলত স্থানীয় যুৱক-যুৱতীসকলৰ শিক্ষাগ্ৰহণ তথা জ্যেষ্ঠ নাগৰিকসকলৰ চিকিৎসা সেৱা লাভৰ ক্ষেত্ৰতো যথেষ্ট সুবিধা হ’ব।

বন্ধুসকল,

বিহাৰত আধুনিক পথৰ এক বৃহৎ নেটৱৰ্কো দ্ৰুতগতিত গঢ়ি তোলা হৈছে। আজি ঔৰংগাবাদ-চোৰদাহা ছয়লেনযুক্ত ঘাইপথটো উদ্বোধন কৰা হৈছে।

বন্ধুসকল,

আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে মই আন্তৰিকভাৱে কৃতজ্ঞ। পৰৱৰ্তী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ মই  উত্তৰ প্ৰদেশলৈ যাব লাগিব। মোৰ হাতত সময় অতি কম। মই  আপোনালোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।

আজি এই অনুষ্ঠানত মই যুৱক-যুৱতীসকলক লক্ষ্য কৰিছো। তেওঁলোকৰ উপস্থিতিয়ে সঁচাকৈয়ে মোৰ মন আনন্দিত কৰি তুলিছে। মোৰ দেশৰ, মোৰ বিহাৰৰ যুৱ প্ৰজন্মই উন্নয়নৰ গুৰুত্ব কিমান, সেই কথা সম্পূৰ্ণৰূপে বুজি পাইছে। সেইবাবেই তেওঁলোকৰ মাজত ইমান উৎসাহ আৰু উদ্দীপনা দেখিবলৈ পাইছোঁ।

বন্ধুসকল,

আজি কেইবাটাও ঘাইপথ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰা হৈছে। এই প্ৰকল্পসমূহৰ বাবে শ শ কোটি টকা ব্যয় কৰা হ’ব।

বন্ধুসকল,

পথ যোগাযোগৰ নেটৱৰ্কৰ সমান্তৰালভাৱে বিহাৰৰ শক্তি আৰু নগৰ উন্নয়নৰ ছবিখনো দ্ৰুতগতিত সলনি হৈছে।এই দিশত বক্সাৰ তাপবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ, পীৰপৈণ্টি তাপবিদ্যুৎ প্ৰকল্পৰ বিদ্যুৎ সৰবৰাহ ব্যৱস্থাৰ আধাৰশিলা স্থাপন, ফুলৱাৰিয়া বান্ধ আৰু তাত সৌৰশক্তি প্ৰকল্প স্থাপনৰ দৰে বৃহৎ কামো সম্পন্ন কৰা হৈছে। এসময়ত বিহাৰৰ হাজাৰ হাজাৰ গাঁৱত বিদ্যুতৰ সংযোগ নাছিল। কিন্তু আজি সেই একেখন  বিহাৰেই বিদ্যুৎ উৎপাদনৰ এক বৃহৎ কেন্দ্ৰ হিচাপে পৰিগণিত হ’বলৈ আগবাঢ়িছে।

ভাই-ভনীসকল,

আজি নগৰাঞ্চলৰ যাতায়াত ব্যৱস্থা অধিক সুবিধাজনক কৰাৰ উদ্দেশ্যে ১০০খন আধুনিক প্ৰধানমন্ত্ৰী-ই-বাছৰো শুভাৰম্ভ কৰা হৈছে। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত আজি হাজাৰ হাজাৰ দৰিদ্ৰ পৰিয়ালক তেওঁলোকৰ পকী ঘৰৰ চাবি প্ৰদান কৰা হৈছে। এই সকলোবোৰ উন্নয়নমূলক কামৰ বাবে মই বিহাৰৰ জনসাধাৰণক অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

আমাৰ বিহাৰে এক দীঘলীয়া যাত্ৰা অতিক্ৰম কৰি আজি এই পৰ্যায়ত উপনীত হৈছে। বিহাৰত এনডিএই শাসনলৈ অহাৰ পূৰ্বৰ সময়ছোৱাৰ কথা আপোনালোকে এবাৰ মনত পেলাওকচোন। তেতিয়া কেৱল কেলেংকাৰিৰ হিচাপহে পোৱা গৈছিল। কিন্তু আজি বিহাৰত হোৱা বিনিয়োগৰ পৰিসংখ্যা পাই আছে। তেতিয়া অপৰাধৰ পৰিসংখ্যা চৰ্চালৈ আহিছিল। কিন্তু এতিয়া অপৰাধীসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থাৰ কথা চৰ্চা হয়। এনডিএৰ শাসনকালত উন্নয়নৰ ক্ষেত্ৰত প্ৰতিযোগিতাৰ পৰিৱেশ সৃষ্টি হৈছে। উত্তৰ বিহাৰেই হওক, নালন্দা-গয়াজী, শ্বাহাবাদ-কাইমুৰ অথবা ৰাজধানী পাটনাই হওক, প্ৰতিটো অঞ্চলতে উন্নয়নৰ নতুন অধ্যায় ৰচনা কৰা হৈছে।

বন্ধুসকল,

দ্বৈত ইঞ্জিনৰ চৰকাৰৰ অধীনত বিহাৰৰ উন্নয়নৰ গতি কিমান দ্ৰুত হৈছে তাৰ উদাহৰণ  হিচাবে ধৰিব পাৰি যোৱা এবছৰত সম্পন্ন হোৱা কামসমূহ। আপোনালোকে চাওক—

– এনডিএ চৰকাৰৰ কাৰ্যকালত বিহাৰত ২ লাখ কোটি টকাতকৈ অধিক মূল্যৰ বিনিয়োগ চুক্তি স্বাক্ষৰিত হৈছে।

– গয়াজীত ৬ হাজাৰ কোটি টকাৰ তীখা প্ৰকল্পৰ কাম আৰম্ভ হ’বলৈ গৈ আছে।

– মতিহাৰীকে ধৰি বন্ধ হৈ থকা চেনিকলসমূহ পুনৰ কাৰ্যক্ষম কৰাৰ বাবে নতুন কুঁহিয়াৰ উদগনি নীতি প্ৰৱৰ্তন কৰা হৈছে।

– কৃষকসকলক প্ৰতিখন পথাৰলৈ পানী যোগান ধৰাৰ লক্ষ্যৰে ১১ হাজাৰ নতুন নলীনাদ স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

– জলসিঞ্চনৰ বাবে ১২ ঘণ্টীয়া বিদ্যুৎ যোগান নিশ্চিত কৰাৰ এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

– এবছৰৰ ভিতৰতে ২০০খনতকৈও অধিক নতুন মহাবিদ্যালয় আৰম্ভ কৰা হৈছে।

– আমাৰ কন্যাসকলৰ বাবে ‘মা সীতা মহিলা বিশ্ববিদ্যালয়’ স্থাপনত অনুমোদন জনোৱা হৈছে।

বিহাৰৰ উন্নয়নৰ এই তালিকাখন ইমান দীঘল যে এখন মঞ্চৰ পৰা এই সকলোবোৰ উল্লেখ কৰাটো সম্ভৱ নহয়। বিহাৰৰ উন্নয়নৰ বাস্তৱ ছবি ইয়ালৈ আহিলেহে অনুভৱ কৰিব পাৰি।

বন্ধুসকল,

যেতিয়া সদিচ্ছাৰে কাম কৰা হয়, তেতিয়া তাৰ ফলাফলো স্পষ্টভাৱে দেখিবলৈ পোৱা যায়।যিখন দেশত কংগ্ৰেছে দশক দশক ধৰি ‘দৰিদ্ৰতা দূৰীকৰণ’ৰ শ্লোগান দি আহিছিল, দৰিদ্ৰ লোকসকলক বিভ্ৰান্ত কৰিছিল আৰু ভোট আদায় কৰিছিল, সেইখন  দেশতে আমি মাত্ৰ ১২ বছৰৰ ভিতৰত ৫০ কোটি লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছোঁ। এয়া চৰকাৰৰ দৃঢ় সংকল্পৰ ফল। এয়া দৰিদ্ৰৰ কল্যাণৰ বাবে গ্ৰহণ কৰা চৰকাৰী আঁচনিসমূহৰ সফলতাৰ পৰিণাম।

বন্ধুসকল,

দৰিদ্ৰতাৰ বিৰুদ্ধে দেশে এই যুঁজত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে,  আমি কোটি কোটি দৰিদ্ৰ লোকৰ জীৱন সহজ কৰি তোলা আৰু তেওঁলোকক বিভিন্ন সা-সুবিধা প্ৰদান কৰাত অগ্ৰাধিকাৰ দিছোঁ। আমি ৮০ কোটি লোকক বিনামূলীয়াকৈ খাদ্যশস্য প্ৰদান কৰিছোঁ। কোটি কোটি পৰিয়ালক পকী ঘৰ প্ৰদান কৰি নিৰাপত্তাৰ অনুভূতি দিছোঁ। বিনামূলীয়া চিকিৎসাৰ নিশ্চয়তা প্ৰদান কৰি ব্যয়বহুল চিকিৎসাৰ বোজাৰ পৰা তেওঁলোকক মুক্ত কৰিছোঁ। আমি শৌচাগাৰ, বিদ্যুৎ আৰু খোৱাপানীৰ সুবিধা প্ৰদান কৰি কোটি কোটি দৰিদ্ৰ লোকক সন্মানজনক জীৱন যাপনৰ সুযোগ দিছোঁ।ইয়াৰ ফলত দৰিদ্ৰ লোকসকলৰ মাজতো আত্মবিশ্বাসৰ সৃষ্টি হৈছে আৰু তেওঁলোকে দৰিদ্ৰতাক পৰাস্ত কৰি উন্নতিৰ দিশে আগবাঢ়িবলৈ সক্ষম হৈছে।

বন্ধুসকল,

দৰিদ্ৰতাৰ বিৰুদ্ধে দেশৰ এই অভিযানত আমাৰ বিহাৰৰো যথেষ্ট অৱদান আছে।যোৱা বছৰসমূহত দ্বৈত ইঞ্জিনৰ চৰকাৰে ইয়াত সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰিছে। কেন্দ্ৰীয় চৰকাৰে আঁচনিসমূহ প্ৰস্তুত কৰিছে আৰু ৰাজ্যৰ এনডিএ চৰকাৰে সেইসমূহ ৰূপায়ণ কৰিছে। জনকল্যাণমূলক আঁচনিসমূহ ঘৰে ঘৰে উপলব্ধ কৰোৱা হৈছে। আপোনালোকে চাওক, বিহাৰত ৪৩ লাখ পৰিয়ালে পকী ঘৰ লাভ কৰিছে। যোৱা আগষ্ট মাহতে নতুনকৈ আৰু ১১ লাখ ঘৰৰ বাবে অনুমোদন জনোৱা হৈছে। বিহাৰৰ প্ৰায় ৭৫ লাখ কৃষকৰ বেংক একাউণ্টলৈ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত হাজাৰ হাজাৰ কোটি টকা প্ৰেৰণ কৰা হৈছে। চৰকাৰে আত্মসহায়ক গোটসমূহক আগবঢ়োৱা সহযোগিতাৰ ফলত ইয়াৰ ৫০ লাখ গ্ৰাম্য মহিলা ‘লাখপতি দিদি’ হ’বলৈ সক্ষম হৈছে। এনে প্ৰচেষ্টাসমূহৰ ফলতেই আজি বিহাৰৰ কোটি কোটি লোক দৰিদ্ৰতাৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছে আৰু দেশেও এই সফলতা অৰ্জন কৰিছে।

বন্ধুসকল,

এতিয়া আৰু আমি ৰ’ব নালাগিব, ভাগৰি পৰিবও নালাগিব। এনডিএৰ সকলো সহযোগী দলে একেলগে মিলি এখন শক্তিশালী, সমৃদ্ধিশালী আৰু আত্মনিৰ্ভৰশীল বিহাৰ গঢ়ি তোলাৰ বাবে নিৰন্তৰ কাম কৰি যাব লাগিব। এই সংকল্পৰে এই অভূতপূৰ্ব উন্নয়নৰ যাত্ৰাৰ বাবে আপোনালোক সকলোকে পুনৰ এবাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।

আপোনালোক সকলোকে অশেষ ধন্যবাদ।

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

অশেষ ধন্যবাদ!

***

MJPS/SS/SS/DK/DM