Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আই আই টি খড়গপুৰৰ মহাৰজত জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ


 পশ্চিমবংগৰ আই আই টি খড়গপুৰৰ মহাৰজত জয়ন্তী উদযাপন অনুষ্ঠানত  আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে । এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত  সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ সন্মুখত ভাৰতৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সৈতে সংযুক্ত এক প্ৰতিভাশালী তথা  উচ্চাকাংক্ষী প্ৰজন্ম উপস্থিত আছে। প্ৰতিষ্ঠানখনৰ ৭৫ বছৰীয়া যাত্ৰা উদযাপন আৰু ইয়াৰ গৌৰৱোজ্জ্বল ঐতিহ্যক সন্মান জনোৱাৰ উদ্দেশ্যে তেওঁলোক একত্ৰিত হৈছে। আই আই টি খড়গপুৰে ৭৫ বছৰত অৰ্জন কৰা অসংখ্য মাইলৰ খুঁটিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই সময়ছোৱাত ভাৰত গৰুগাড়ীৰ পৰা বুলেট ট্ৰেইনলৈ আৰু ডাকযোগে প্ৰেৰণ কৰা চিঠিৰ পৰা সামাজিক মাধ্যমৰ বাৰ্তালৈকে ব্যাপক পৰিৱৰ্তনৰ সাক্ষী হৈছে।  তেওঁ লগতে কয় যে দেশৰ প্ৰথমখন আই আই টি হিচাপে প্ৰতিষ্ঠানখনে এই পৰিৱৰ্তনৰ প্ৰতিটো পৰ্যায়তে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

“ইয়াত উপস্থিত থকা সকলো শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী, প্ৰতিষ্ঠানখনৰ কৰ্মচাৰী আৰু আই আই টি খড়গপুৰৰ সকলো প্ৰাক্তন শিক্ষাৰ্থীলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ”, শ্ৰী মোদীয়ে কয়।

কেম্পাছৰ জীৱনৰ কিছুমান স্মৃতি যে মানুহৰ মনত চিৰদিনলৈ সজীৱ হৈ থাকে, সেই কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বহু প্ৰাক্তন শিক্ষাৰ্থীয়ে হয়তো কেইবা দশকৰ পাছতো ‘ছেডিছ’ত চাহৰ কাপৰ জুতি লৈ মৰা আড্ডাৰ কথা  স্মৰণ কৰে। আন শিক্ষানুষ্ঠানৰ ছাত্ৰাবাসৰ তুলনাত আই আই টি খড়গপুৰৰ নিজস্ব বিশেষত্ব থকা ‘হল’সমূহৰ কথা উল্লেখ কৰি তেওঁ কয় যে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে এই হলসমূহক লৈ  গৌৰৱ অনুভৱ কৰে।

শেহতীয়াকৈ অনুষ্ঠিত দীপাৱলী উদযাপনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ জানিব পাৰিছে যে  আই আই টি খড়গপুৰত দীপাৱলীৰ উৎসাহ-উদ্দীপনা এক অনন্য মাত্ৰাৰ হয়। ইয়াৰ আলোকসজ্জাৰ এক সুকীয়া আকৰ্ষণ আছে আৰু বিভিন্ন হলৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাই ইয়াক অধিক বিশেষ কৰি তোলে।

“এইবাৰৰ প্ৰতিযোগিতাত কোনটো হল বিজয়ী হ’ল?”, প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰশ্ন কৰে।

বংগক এনে এক বিশেষ ভূমি বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই ভূমিতে চিন্তাধাৰাই শক্তি লাভ কৰিছিল আৰু ৰাষ্ট্ৰীয় আন্দোলনৰ জন্ম হৈছিল। তেওঁ উল্লেখ কৰে যে আই আই টি খড়গপুৰ প্ৰতিষ্ঠা কৰা স্থানডোখৰ এসময়ত স্বাধীনতা সংগ্ৰামীসকলৰ বাবে ব্যৱহাৰ কৰা এটা বন্দী শিবিৰ আছিল।

কেইবা দশক পূৰ্বে এই স্থানতে স্ব-শাসনৰ আকাংক্ষা পুহি ৰখা আৰু ভাৰতক বিশ্বৰ শীৰ্ষস্থানত উপনীত হোৱা দেখাৰ সপোন দেখা ভাৰতীয়সকলৰ অদম্য সাহসৰ নিদৰ্শন দেখা গৈছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে সেই একেটা চৌহদতে আজি এনে এক যুৱ প্ৰজন্মক প্ৰস্তুত কৰা হৈছে, যাৰ উদ্ভাৱনী চিন্তা আৰু ধাৰণাই ভাৰতক আত্মনিৰ্ভৰ কৰি তোলাৰ ক্ষেত্ৰত শক্তি যোগাইছে। তেওঁ অতীতৰ স্ব-শাসনৰ আকাংক্ষা আৰু স্বাধীনতাৰ সপোনৰ সৈতে বৰ্তমানৰ আত্মনিৰ্ভৰশীলতাৰ সংকল্প তথা ভৱিষ্যৎ গঢ়াৰ সুযোগৰ তুলনা কৰে। “আকাংক্ষাৰ পৰা আত্মনিৰ্ভৰশীলতালৈ এই যাত্ৰাই হৈছে বিকশিত ভাৰত নিৰ্মাণৰ প্ৰকৃত শক্তি”, শ্ৰী মোদীয়ে কয়।

স্বাধীনতাৰ পাছত নতুনকৈ ঠন ধৰি   উঠা ভাৰতত আই আই টি খড়গপুৰৰ যাত্ৰাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বেই এই প্ৰতিষ্ঠানৰ জন্ম হৈছিল। সেই সময়ত দেশৰ উদ্যোগ আৰু আন্তঃগাঁথনিৰ বিকাশৰ বাবে অভিযন্তাৰ প্ৰয়োজন আছিল।

তেওঁ কয় যে ভাৰতৰ বৈজ্ঞানিক সামৰ্থ্য বৃদ্ধি পোৱাৰ লগে লগে এই প্ৰতিষ্ঠানৰ স্নাতকসকলে দেশৰ মহাকাশ আৰু পাৰমাণৱিক শক্তি কাৰ্যসূচীক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পৰৱৰ্তী সময়ত তথ্য-প্ৰযুক্তিৰ যুগ আৰু বিশ্ব অৰ্থনীতিৰ বিকাশৰ সময়ত তেওঁলোকে ভাৰতৰ ছফ্টৱেৰ উদ্যোগক শক্তিশালী কৰাৰ লগতে বিশ্বৰ বহু আগশাৰীৰ কোম্পানীৰ নেতৃত্বও গ্ৰহণ কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিটো যুগতে ৰাষ্ট্ৰ নিৰ্মাণৰ দায়িত্ব পালনৰ বাবে এই প্ৰতিষ্ঠান আগবাঢ়ি আহিছে। বিকশিত ভাৰতৰ লক্ষ্যৰে দেশ আগবাঢ়ি যোৱাৰ সময়ত আই আই টি খড়গপুৰৰ ৭৫ বছৰৰ অভিজ্ঞতাই দেশৰ উন্নয়ন আৰু উদ্ভাৱনৰ ক্ষেত্ৰত এক বৃহৎ ভূমিকা পালন কৰিব।

তেওঁ শিক্ষাৰ্থীসকলৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰি কয়, “মই নিশ্চিত যে আজিৰ আকাংক্ষী ভাৰতৰ সপোন পূৰণৰ বাবে আপোনালোকে কোনো ধৰণৰ ত্ৰুটি নাৰাখিব।”

এজন ব্যক্তিৰ সামৰ্থ্য যে তেওঁ কিমান সন্তুষ্ট হৈ ক্ষান্ত হয় তাৰ ওপৰত নহয়, বৰং বাধা-বিঘিনিক প্ৰত্যাহ্বান জনোৱাৰ সাহসৰ ওপৰত নিৰ্ভৰ কৰে, সেই কথা ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মানুহে প্ৰায়ে নিজৰ চিন্তাধাৰাৰ ওপৰত নিজেই সীমা আৰোপ কৰে। এই সীমাবদ্ধ ধাৰণাক ‘লিমিটিং বিলিফছ’ বুলি কোৱা হয়, যিয়ে মানুহৰ সপোন, প্ৰতিভা আৰু দেশৰ সামৰ্থ্যকো সীমাবদ্ধ কৰি পেলায়। ইয়াৰ ফলত মানুহে নিজেই নিৰ্ধাৰণ কৰি লয় যে কি সম্ভৱ আৰু কি অসম্ভৱ। “আমি নিজৰ চিন্তাৰ সীমাকেই পৃথিৱীৰ সীমা বুলি গণ্য কৰিবলৈ আৰম্ভ কৰোঁ”, শ্ৰী মোদীয়ে মন্তব্য কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশসমূহেও নিজৰ চিন্তাৰ সীমা অতিক্ৰম কৰিলেহে প্ৰকৃত সামৰ্থ্য উপলব্ধি কৰিব পাৰে। যোৱা কেইবছৰমানত ভাৰতে এই কথা প্ৰমাণ কৰি দেখুৱাইছে। “ভাৰতে সাহসেৰে ঘোষণা কৰিছে—সীমা ভাঙক, সম্ভাৱনাৰ দুৱাৰ মুকলি কৰক”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

যোৱা ১২ বছৰত চৰকাৰে এই মানসিকতা সলনি  কৰি দৰিদ্ৰ লোকসকলক শক্তিশালী কৰা  তথা সবল কৰি তোলাৰ লগতে তেওঁলোকৰ জীৱন-যাপন সহজ কৰাৰ উদ্দেশ্যে বিভিন্ন আঁচনি আৰম্ভ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।তেওঁ কয় যে এই পদক্ষেপসমূহৰ ফলাফল আজি স্পষ্টভাৱে দেখা গৈছে।

 বিশ্ব বেংকৰ শেহতীয়া প্ৰতিবেদনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মাত্ৰ ১২ৰ পৰা ১৩ বছৰৰ ভিতৰতে ভাৰতৰ ৫০ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে।

তেওঁ এই সাফল্যৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰি কয়, “এয়া কোনো সাধাৰণ পৰিৱৰ্তন নহয়; এয়া হৈছে ‘সীমা ভাঙক’ বুলি কোৱা সেই মানসিকতাৰেই ফলাফল।”

ছেমিকণ্ডাক্টৰ অভিযানক আন এক উদাহৰণ হিচাপে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই অভিযান আৰম্ভ কৰাৰ সময়ত বহু প্ৰশ্ন উত্থাপন হৈছিল। আন দেশসমূহে যোৱা ৫০ বছৰ ধৰি ছেমিকণ্ডাক্টৰ নিৰ্মাণ কৰি আহিছে, তেনেক্ষেত্ৰত ভাৰতৰ এতিয়া ইয়াৰ প্ৰয়োজন কি আৰু ভাৰতে এতিয়া কি কৰিব পাৰিব বুলি প্ৰশ্ন কৰা হৈছিল। “সেয়েহে মই যেতিয়া ছেমিকণ্ডাক্টৰ অভিযানৰ কথা কৈছিলোঁ, তেতিয়া কোৱা হৈছিল যে এতিয়া বহু পলম হৈ গ’ল”, শ্ৰী মোদীয়ে কয়।কিন্তু তেওঁ নিজৰ সংকল্পত অটল আছিল বুলি উল্লেখ কৰি প্ৰশ্ন কৰে যে পূৰ্বতে পলম হৈছিল বুলিয়েই ভাৰতে হাত সাবটি বহি থাকিব লাগিব নেকি? প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে তেওঁ নিজেই বিষয়াসকলক একত্ৰিত কৰি এই ক্ষেত্ৰত পৰিকল্পনা প্ৰস্তুত কৰাৰ কাম আৰম্ভ কৰিছিল। তেওঁ কয় যে মাত্ৰ চাৰি বছৰৰ ভিতৰতে দেশৰ বিভিন্ন প্ৰান্তত কেইবাটাও ছেমিকণ্ডাক্টৰ উৎপাদন কেন্দ্ৰ স্থাপন কৰিবলৈ আৰম্ভ কৰা হৈছে। ভাৰতে চিপ ৰপ্তানিও আৰম্ভ কৰিছে আৰু আই আই টি খড়গপুৰৰ বহু প্ৰাক্তন শিক্ষাৰ্থীয়ে এই উৎপাদন কেন্দ্ৰসমূহৰ নেতৃত্ব দিয়াৰ লগতে ইয়াৰ কাম-কাজ ৰূপায়ণ কৰি আছে।

“কিন্তু এবাৰ ভাবি চাওকচোন, যদি আমি এই কথা মানি ল’লোহেঁতেন যে আন দেশত এই কাম ইতিমধ্যে হৈ গৈছে আৰু আমি এতিয়া কিয় ছেমিকণ্ডাক্টৰ নিৰ্মাণ কৰিব লাগে, তেন্তে একোৱেই সম্ভৱ নহ’লহেঁতেন”, প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে। মহাকাশ খণ্ডক আন এক শক্তিশালী উদাহৰণ হিচাপে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বতে ভাৰতৰ মহাকাশ ব্যৱস্থা মূলতঃ ইছৰোৰ মাজতে সীমাবদ্ধ আছিল। এই ক্ষেত্ৰত প্ৰৱেশৰ সুযোগ যথেষ্ট সীমিত আছিল আৰু প্ৰতিটো উৎক্ষেপণ অথবা অভিযানৰ বাবে পৃথক ব্যৱস্থা অনুসৰণ কৰা হৈছিল। ইয়াৰ ফলত ইছৰোৰ বাহিৰত থকা যুৱ প্ৰতিভাসম্পন্ন লোকসকলৰ বাবে বিশেষ সুযোগ নাছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ সংশ্লিষ্ট মন্ত্ৰালয়ক যুৱ উদ্ভাৱকসকলকো সুযোগ দিয়াৰ প্ৰয়োজনীয়তাৰ কথা কৈছিল আৰু ভাৰতৰ মহাকাশ খণ্ড যুৱ প্ৰজন্মৰ বাবে মুকলি কৰি দিছিল। তেওঁ কয় যে আই আই টি খড়গপুৰৰ প্ৰাক্তন শিক্ষাৰ্থী পৱনে ‘স্কাইৰুট এৰ’স্পেচ’ প্ৰতিষ্ঠা কৰি ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট উৎক্ষেপণৰ গৌৰৱ অৰ্জনৰ পথ প্ৰশস্ত কৰিছিল। ইয়াৰ লগতে আজি বহু মহাকাশ-সম্পৰ্কীয় নতুন প্ৰতিষ্ঠানে ভাৰতৰ মহাকাশ কাৰ্যসূচীক অধিক ত্বৰান্বিত কৰিছে আৰু এসময়ত অসম্ভৱ যেন লগা কথাবোৰ বাস্তৱত পৰিণত কৰিছে।

“মই গৌৰৱেৰে ক’ব পাৰোঁ যে অসম্ভৱক সম্ভৱ কৰি তোলাৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰাক্তন শিক্ষাৰ্থীসকলে এক বৃহৎ অৱদান আগবঢ়াইছে”, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে  শিক্ষাৰ্থীসকলৰ পৰা  দেশে যথেষ্ট আশা-কৰে। আগন্তুক দুটা দশক তেওঁলোকৰ জীৱনৰ আটাইতকৈ উৎপাদনশীল সময় হোৱাৰ লগতে ভাৰতৰ উন্নয়নৰ বাবেও আটাইতকৈ নিৰ্ণায়ক সময় হিচাপে বিবেচিত হ’ব। তেওঁ উল্লেখ কৰে যে ২০৪৭ চনৰ ভিতৰত তেওঁলোকৰ বহুতেই দেশৰ বিভিন্ন ক্ষেত্ৰত নেতৃত্বৰ দায়িত্বত অধিষ্ঠিত হ’ব। সেয়েহে তেওঁলোকৰ প্ৰতিটো সফলতাই দেশৰ বাবে বিশেষ গুৰুত্ব বহন কৰিব। প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলক সদায় নিজকে প্ৰশ্ন কৰিবলৈ আহ্বান জনাই কয়  যে দেশৰ কোনটো প্ৰত্যাহ্বান সমাধানৰ ক্ষেত্ৰত তেওঁলোকে অৱদান আগবঢ়াব বিচাৰে সেয়া থিৰাং কৰিব লাগে। তেওঁ লগতে ‘ৰাষ্ট্ৰ প্ৰথম’ মন্ত্ৰ সদায় মনত ৰাখিবলৈ আহ্বান জনায়। “যেতিয়া আপোনালোকে এই মনোভাৱেৰে আগবাঢ়িব, তেতিয়া নিশ্চিতভাৱে আপোনালোকৰ বাবেও নতুন সুযোগৰ সৃষ্টি হ’ব আৰু দেশো যথেষ্ট উপকৃত হ’ব”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

যোৱা ৭৫ বছৰত প্ৰতিষ্ঠানখনে আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে সকলোকে দৃঢ় সংকল্প আৰু কঠোৰ পৰিশ্ৰমেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়।

তেওঁ আশা প্ৰকাশ কৰে যে আই আই টি খড়গপুৰৰ ১০০ বছৰীয়া প্ৰতিষ্ঠা দিৱস বিকশিত ভাৰতৰ পৰিৱেশত উদযাপন কৰা হ’ব।শেষত প্ৰধানমন্ত্ৰীয়ে স্বামী বিবেকানন্দৰ অমৰ বাণী স্মৰণ কৰি তেওঁৰ ভাষণৰ সামৰণি মাৰে—‘উঠা, জাগা আৰু লক্ষ্যত উপনীত নোহোৱালৈকে থমকি নৰ’বা।’

*****

MJPS/SS/VJ/PRK/DM