Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিহাৰৰ বৈশালীত প্ৰায় ৩৪,৪৭০ কোটি টকা ব্যয়সাপেক্ষ উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু দেশবাসীৰ নামত উছৰ্গা কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ বৈশালীত প্ৰায় ৩৪,৪৭০ কোটি টকা ব্যয়সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন  আৰু বহুকেইটা  প্ৰকল্প দেশবাসীৰ নামত উছৰ্গা কৰে।

এই উপলক্ষ্যে  অনুষ্ঠিত সভাত দিয়া ভাষণত  প্ৰধানমন্ত্ৰীয়ে কয় যে জনবিশ্বাসৰ মহান উৎসৱ ছট্ পূজা কিছুদিন পূৰ্বে সমাপ্ত হৈছে। এই উৎসৱৰ সময়ত মাতৃ আৰু ভগ্নীসকলে পৰিয়াল, সমাজ তথা সমগ্ৰ বিশ্বৰ কল্যাণৰ কামনাৰে কঠোৰ নিৰ্জলা ব্ৰত পালন কৰিছিল।

“এতিয়া ছটী মাইয়াৰ আশীৰ্বাদত ইয়াত আমি উন্নয়নৰ উৎসৱ উদযাপন কৰিছোঁ”, প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয়।

‘সবকা সাথ, সবকা বিকাশ’ৰ মন্ত্ৰৰে উদ্ধুদ্ধ হৈ  গণতন্ত্ৰৰ শক্তিক জনকল্যাণৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰি বিহাৰৰ উন্নয়নৰ যাত্ৰা আগবাঢ়িছে বুলি প্ৰধানমন্ত্ৰীয়ে  উল্লেখ কৰে।  প্ৰধানমন্ত্ৰীয়ে কয় যে গণতন্ত্ৰৰ মহান ভূমি বৈশালীত চৰকাৰৰ বৰ্তমানৰ কাৰ্যকালৰ এবছৰ পূৰ্ণ হোৱা উপলক্ষ্যে এই অনুষ্ঠানৰ আয়োজন কৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে। তেওঁ বৈশালী আৰু বিহাৰৰ পৱিত্ৰ ভূমিক প্ৰণাম জনাই এই উল্লেখযোগ্য সফলতাৰ সৈতে জড়িত সকলোকে অভিনন্দন জ্ঞাপন কৰে।

প্ৰায় তিনি দশক পূৰ্বে বিহাৰে কেনেদৰে আশা আৰু বিশ্বাসৰ এক নতুন পথ বাছি লৈছিল সেই কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নীতিশ কুমাৰৰ দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰিত্বৰ সময়ত ৰাজ্যখনত সুশাসনৰ এক নতুন আশ্বাস গঢ় লৈ উঠিছিল। এতিয়া তেওঁৰ আশীৰ্বাদত সম্ৰাট চৌধুৰীয়ে সেই যাত্ৰা আগুৱাই নিছে।প্ৰধানমন্ত্ৰীয়ে হাজাৰ হাজাৰ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰাৰ  কথা উল্লেখ কৰি কয় যে ইয়াৰ ভিতৰত মা গংগাৰ ওপৰত নিৰ্মিত ছয়লেনযুক্ত দৰগাহ -বিদুপুৰ কেবল দলংখনো অন্তৰ্ভুক্ত হৈ আছে। নীতিশ কুমাৰৰ প্ৰতি সন্মান জনাই দলংখনৰ নাম ‘নীতিশ সেতু’ ৰখা হৈছে আৰু ইয়াক জনসাধাৰণৰ নামত উৎসৰ্গা কৰা হৈছে।

তেওঁ উল্লেখ কৰে যে এই দলংখনে পাটনা আৰু বৈশালীৰ মাজৰ দূৰত্ব তথা  যাতায়াতৰ অসুবিধা হ্ৰাস কৰিব। লগতে কৃষিজাত সামগ্ৰী, ফল-মূল, শাক-পাচলি, গাখীৰ আৰু দৈ আদি বৃহৎ বজাৰসমূহলৈ পৰিবহণ কৰাটো অধিক সহজ কৰি তুলিব।

দলংখনৰ সামাজিক গুৰুত্বৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “ইয়াৰ ফলত যুৱক-যুৱতীসকলৰ বাবে শিক্ষাৰ সুবিধা লাভ কৰাটো সহজ হ’ব আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবেও চিকিৎসা সেৱা লাভ কৰাটো সহজ হ’ব।”

বিহাৰত আধুনিক পথ যোগাযোগ ব্যৱস্থাৰ দ্ৰুত সম্প্ৰসাৰণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ঔৰংগাবাদ-চোৰদাহা ছয়লেনযুক্ত ঘাইপথ উদ্বোধনৰ লগতে আন কেইবাটাও ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ কথা উল্লেখ কৰে। “এই প্ৰকল্পসমূহৰ বাবে শ শ কোটি টকা ব্যয় কৰা হ’ব”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

পথ যোগাযোগ ব্যৱস্থাৰ সমান্তৰালভাৱে শক্তি আৰু নগৰ উন্নয়নৰ ক্ষেত্ৰতো বিহাৰত দ্ৰুত পৰিৱৰ্তন ঘটিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে বক্সাৰ তাপবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ, পীৰপেইণ্টি তাপবিদ্যুৎ প্ৰকল্পৰ বিদ্যুৎ সৰবৰাহ  ব্যৱস্থাৰ আধাৰশিলা স্থাপন আৰু ফুলৱাৰিয়া বান্ধত সৌৰশক্তি প্ৰকল্প স্থাপনৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা উল্লেখ কৰে।

ৰাজ্যখনৰ অতীত আৰু বৰ্তমানৰ তুলনা কৰি তেওঁ কয়, “এটা সময়ত বিহাৰৰ হাজাৰ হাজাৰ গাঁৱত  বিদ্যুৎ সংযোগ হোৱা নাছিল। কিন্তু আজি বিহাৰ বিদ্যুৎ উৎপাদনৰ এক বৃহৎ কেন্দ্ৰত পৰিণত হৈছে।”

নগৰীয়া যাতায়াত ব্যৱস্থা অধিক সুবিধাজনক কৰি তোলাৰ উদ্দেশ্যে আজি ১০০খন প্ৰধানমন্ত্ৰী-ই-বাছ সেৱাৰো শুভাৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত হাজাৰ হাজাৰ দৰিদ্ৰ পৰিয়ালক পকী ঘৰৰ চাবি প্ৰদানৰ কথাও সদৰী কৰে। “এই সকলোবোৰ উন্নয়নমূলক কামৰ বাবে মই বিহাৰৰ জনসাধাৰণক অভিনন্দন জনাইছোঁ”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

বিহাৰৰ পৰিৱৰ্তনৰ দীঘলীয়া যাত্ৰাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ৰাজ্যখনত বিনিয়োগৰ পৰিমাণ, অপৰাধীৰ বিৰুদ্ধে গ্ৰহণ কৰাৰ ব্যৱস্থা আৰু উন্নয়নৰ ক্ষেত্ৰত এক সুস্থ প্ৰতিযোগিতাৰ পৰিৱেশ গঢ় লৈ উঠিছে।

“উত্তৰ বিহাৰেই হওক, নালন্দা-গয়া, শ্বাহাবাদ-কাইমুৰেই হওক অথবা ৰাজধানী পাটনাই হওক, ৰাজ্যখনৰ প্ৰতিটো অঞ্চলতে উন্নয়নৰ এক নতুন অধ্যায়ৰ সূচনা হৈছে”, প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয়। বৰ্তমানৰ চৰকাৰৰ যোৱা এবছৰৰ সাফল্যসমূহ বিহাৰৰ দ্ৰুত উন্নয়নৰ প্ৰমাণ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কেইবাটাও পদক্ষেপৰ কথা প্ৰকাশ কৰে।

তেওঁ কয় যে ৰাজ্যখনত দুই লাখ কোটি টকাৰো অধিক বিনিয়োগৰ বাবে চুক্তি স্বাক্ষৰিত হৈছে। গয়াত ৬,০০০ কোটি টকা ব্যয়সাপেক্ষ তীখা প্ৰকল্পৰ কাম আৰম্ভ হৈছে। বন্ধ হৈ থকা চেনিকলসমূহ পুনৰুজ্জীৱিত কৰাৰ বাবে নতুন কুঁহিয়াৰ প্ৰোৎসাহন নীতি গ্ৰহণ কৰা হৈছে, যাৰ ভিতৰত মটিহাৰীৰ চেনিকলসমূহো অন্তৰ্ভুক্ত।

ইয়াৰ উপৰি পথাৰত পানী যোগান ধৰাৰ উদ্দেশ্যে ১১,০০০টা নতুন নলীনাদ স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। জলসিঞ্চনৰ বাবে দৈনিক ১২ ঘণ্টীয়া বিদ্যুৎ যোগান ধৰাৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এবছৰৰ ভিতৰতে ২০০খনৰো অধিক নতুন মহাবিদ্যালয় মুকলি কৰা হৈছে আৰু কন্যাসকলৰ বাবে ‘মা সীতা মহিলা বিশ্ববিদ্যালয়’ স্থাপনত অনুমোদন জনোৱা হৈছে।

“বিহাৰৰ উন্নয়নৰ এই তালিকা ইমানেই দীঘল যে  এখন মঞ্চৰ পৰা ইয়াৰ সম্পূৰ্ণ বিৱৰণ দাঙি ধৰাটো সম্ভৱ নহয়। বিহাৰৰ উন্নয়ন অনুভৱ কৰিবলৈ হ’লে ইয়ালৈ আহিব লাগিব”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

সৎ উদ্দেশ্য থাকিলে তাৰ ফলাফল স্পষ্টভাৱে দেখা যায় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে ১২ বছৰৰ ভিতৰত ৫০ কোটি লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছে।

“এয়া চৰকাৰৰ দৃঢ় সংকল্পৰ ফল আৰু দৰিদ্ৰ লোকসকলৰ কল্যাণৰ বাবে গ্ৰহণ কৰা চৰকাৰী আঁচনিসমূহৰ ফল”, শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।

কোটি কোটি দৰিদ্ৰ আৰু বঞ্চিত নাগৰিকৰ জীৱন-যাত্ৰা সহজ কৰি তোলা তথা তেওঁলোকক অত্যাৱশ্যকীয় সা-সুবিধা প্ৰদান কৰাত অগ্ৰাধিকাৰ দিয়াৰ ফলত ভাৰতে দৰিদ্ৰতাৰ বিৰুদ্ধে দিয়া  যুঁজত সফলতা লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

তেওঁ কয় যে ৮০ কোটি লোকক বিনামূলীয়া খাদ্যশস্য যোগান ধৰা হৈছে। কোটি কোটি পৰিয়ালক পকী ঘৰ প্ৰদান কৰি নিৰাপত্তাৰ অনুভূতি দিয়া হৈছে। বিনামূলীয়া প্ৰদান কৰা  চিকিৎসা সেৱাৰ নিশ্চয়তাই ব্যয়বহুল চিকিৎসাৰ বোজা হ্ৰাস কৰিছে। একেদৰে শৌচাগাৰ, বিদ্যুৎ আৰু খোৱাপানীৰ সুবিধাই মানুহক মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰাৰ সুযোগ প্ৰদান কৰিছে।

এই পৰিৱৰ্তনৰ ফলত দৰিদ্ৰ লোকসকলৰ মনতো আত্মবিশ্বাসৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “ইয়াৰ ফলত দৰিদ্ৰ হৈ থকা লোকসকলৰ  মনতো আত্মবিশ্বাস জাগ্ৰত হৈছে আৰু তেওঁলোকে দৰিদ্ৰতাক পৰাভূত কৰি আগুৱাই যাবলৈ সক্ষম হৈছে।”

দৰিদ্ৰতাৰ বিৰুদ্ধে দেশৰ এই অভিযানত বিহাৰৰ গুৰুত্বপূৰ্ণ অৱদান আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ কঠোৰ পৰিশ্ৰমৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ ৰাজ্যখনত সঠিকভাৱে ৰূপায়ণ কৰাৰ লগতে প্ৰতিটো পৰিয়ালৰ দুৱাৰডলিলৈকে এই সুবিধাসমূহ লৈ গৈছে।  তেওঁ কয় যে বিহাৰৰ ৪৩ লাখ পৰিয়ালে পকী ঘৰ লাভ কৰিছে আৰু চলিত বৰ্ষৰ আগষ্ট মাহত অতিৰিক্ত ১১ লাখ ঘৰৰ বাবে অনুমোদন জনোৱা হৈছে।

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত প্ৰায় ৭৫ লাখ কৃষকে হাজাৰ হাজাৰ কোটি টকাৰ সাহায্য লাভ কৰিছে। আনহাতে, আত্মসহায়ক গোটসমূহক প্ৰদান কৰা সহায়ৰ জৰিয়তে গ্ৰামাঞ্চলৰ ৫০ লাখ মহিলাক ‘লাখপতি দিদি’ হিচাপে গঢ়ি তোলা হৈছে। “এনে প্ৰচেষ্টাৰ ফলতেই আজি বিহাৰৰ কোটি কোটি লোক দৰিদ্ৰতাৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছে আৰু দেশেও সফলতা লাভ কৰিছে”, প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয়।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ অভূতপূৰ্ব উন্নয়নৰ যাত্ৰাৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে আৰু মিত্ৰজোঁটৰ সকলো অংশীদাৰক এই গতি অব্যাহত ৰাখিবলৈ আহ্বান জনায়। “এতিয়া আমি ৰৈ যাব নোৱাৰোঁ, ভাগৰি পৰিব নোৱাৰোঁ। এখন সক্ষম, সমৃদ্ধিশালী আৰু আত্মনিৰ্ভৰশীল বিহাৰ গঢ়ি তুলিবলৈ আমি সকলোৱে একেলগে নিৰন্তৰ কাম কৰি যাব লাগিব”, প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয়।

*****

MJPS/SS/VJ/PRK/DM