Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দৰিদ্ৰতাৰ বিৰুদ্ধে ভাৰতৰ সংগ্ৰামে কেনেদৰে সমগ্ৰ দেশতে জীৱন সলনি কৰি আছে, সেই সন্দৰ্ভত প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰে, য’ত দৰিদ্ৰতাৰ বিৰুদ্ধে ভাৰতৰ যুঁজে কেনেদৰে সমগ্ৰ দেশতে জীৱন সলনি কৰি আছে সেই বিষয়ে আলোচনা কৰা হৈছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে লিখিছে কেনেদৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অস্থায়ী সাহায্য আগবঢ়োৱাৰ পৰিবৰ্তে দৰিদ্ৰতাক স্থায়ী কৰি ৰখা বাধাসমূহ দূৰ কৰিবলৈ গুৰুত্ব দিয়া হৈছে। ‘আবাস, স্বাস্থ্যসেৱা, বিশুদ্ধ পানী, বেংকিং আৰু উদ্যমিতাৰ সুবিধাৰ জৰিয়তে কোটি কোটি পৰিয়ালৰ অগ্ৰগতি আৰু গ্ৰাম্য মহিলাৰ বৰ্ধিত অৰ্থনৈতিক অংশগ্ৰহণৰ সন্ধান কৰিছে তেওঁ’, শ্ৰী মোদীয়ে উল্লেখ কৰে।

শ্ৰী মোদীয়ে এক্সত পোষ্ট কৰে;

প্ৰয়োজনীয় বস্তুৰ পৰা আৰম্ভ কৰি জীৱিকাৰ নতুন সুযোগলৈ, দৰিদ্ৰতাৰ বিৰুদ্ধে ভাৰতৰ যুঁজখনে সমগ্ৰ দেশতে জীৱন সলনি কৰি আছে!

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী শ্ৰীমতী ড০ @nsitharaman লিখিছে কেনেকৈ প্ৰধানমন্ত্ৰী @narendramodi ৰ নেতৃত্বই সাময়িক সকাহৰ সলনি দৰিদ্ৰতাক স্থায়ী কৰি ৰখা বাধাসমূহ আঁতৰোৱাৰ দিশটোত গুৰুত্ব আৰোপ কৰিছে।

আবাস, স্বাস্থ্যসেৱা, বিশুদ্ধ পানী, বেংকিং আৰু উদ্যমিতাৰ সুবিধাৰ জৰিয়তে কোটি কোটি পৰিয়ালৰ অগ্ৰগতি আৰু গ্ৰাম্য মহিলাৰ বৰ্ধিত অৰ্থনৈতিক অংশগ্ৰহণৰ সন্ধান তেওঁ কৰিছে।

 

****

MJPS/SS/VJ/HS