মহামান্য প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহ,
দুয়োখন দেশৰ প্ৰতিনিধিসকল,
সংবাদ মাধ্যমৰ বন্ধুসকল,
নমস্কাৰ!
নেপালৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত বালেন্দ্ৰ শ্বাহৰ প্ৰথম ভাৰত ভ্ৰমণকালত তেওঁক স্বাগতম জনাবলৈ পাই মই অতি আনন্দিত হৈছো।
কেইমাহমান পূৰ্বে যেতিয়া তেওঁ ৰাষ্ট্ৰসংঘক বিশ্বৰ কনিষ্ঠতম প্ৰধানমন্ত্ৰী হিচাপে সম্বোধন কৰিছিল, আমি তেওঁৰ দৃষ্টিভংগীৰ এক স্পষ্ট আভাস পাইছিলো। আৰু আজি কেইঘণ্টামানৰ কথোপকথনত মই নেপালৰ ভৱিষ্যত আৰু ভাৰত-নেপাল সম্পৰ্কৰ প্ৰতি তেওঁৰ স্পষ্ট দৃষ্টিভংগী আৰু দায়বদ্ধতাক উপলব্ধি কৰিছো। এই বছৰ নেপালৰ জনসাধাৰণে তেওঁক দিয়া ঐতিহাসিক জনাদেশে নেপালৰ নতুন প্ৰজন্মৰ আকাংক্ষা আৰু আশা প্ৰতিফলিত কৰিছে।
শক্তিশালী আৰু সমৃদ্ধিশালী নেপালৰ উন্নয়ন যাত্ৰাত ভাৰত সদায়ে অংশীদাৰ হৈ আহিছে। এই মনোভাবেৰে আজি আমি আমাৰ সম্পৰ্কক নতুন শিখৰলৈ লৈ যোৱাৰ বাবে বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছো।
বন্ধুসকল,
ভাৰত আৰু নেপালৰ মাজৰ সম্পৰ্ক কেৱল চুবুৰীয়াৰ সম্পৰ্কই নহয়, বৰং ই হৈছে আত্মীয়তা আৰু অটল বিশ্বাসৰ সম্পৰ্ক। আমাৰ আনন্দৰ লগতে প্ৰত্যাহ্বানবোৰো ভাগ-বাটোৱাৰা কৰা হয়। আমি ইপক্ষই সিপক্ষৰ অগ্ৰগতিৰ অংশীদাৰ আৰু লগতে কঠিন সময়ত পৰস্পৰৰ সংগী।
আগষ্ট মাহত নেপালত হোৱা ভয়ংকৰ বানত হোৱা প্ৰাণহানিৰ ঘটনাত আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছো। আৰু আজি নেপালৰ পুনৰ্গঠন আৰু দীৰ্ঘম্যাদী উন্নয়নক নতুন শক্তি প্ৰদান কৰিবলৈ, আমি চৌব্বিশ হাজাৰ বিলিয়ন নেপালী টকাৰ উন্নয়ন সহযোগিতা পেকেজ ঘোষণা কৰিছো।
আমাৰ সংকল্প হ’ব ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ জীৱন পুনৰুদ্ধাৰ কৰা, নতুন সুযোগ সৃষ্টি কৰা আৰু ভৱিষ্যতৰ দুৰ্যোগৰ সৈতে মোকাবিলা কৰাত নেপালৰ ক্ষমতাকো শক্তিশালী কৰা।
বন্ধুসকল,
ভাৰত আৰু নেপালৰ মাজৰ সম্পৰ্কৰ ইতিহাস, বিশ্বাস, সংস্কৃতি আৰু জনসাধাৰণৰ মাজৰ গভীৰ সম্পৰ্কৰ সৈতে জড়িত। ভগৱান ৰাম আৰু মাতৃ সীতা হৈছে আমাৰ অংশীদাৰী সভ্যতা আৰু বিশ্বাসৰ বৈশিষ্ট্য। ২০১৮ চনত পবিত্ৰ জনকপুৰত মই কৈছিলো, ‘নেপাল অবিহনে আমাৰ ধাম অসম্পূৰ্ণ, নেপাল অবিহনে আমাৰ ৰামো অসম্পূৰ্ণ।’
২০২৪ চনত অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হৈছিল। এই ঐতিহাসিক মুহূৰ্তটোৱে আমাৰ অংশীদাৰী বিশ্বাসক নতুন শক্তি প্ৰদান কৰিছিল। তেতিয়াৰ পৰা কোটি কোটি ভক্তই ৰামলালাক দৰ্শন কৰিবলৈ অযোধ্যাত উপস্থিত হৈছে। কেৱল ২০২৫ চনত সমগ্ৰ দেশ আৰু বিশ্বৰ পৰা প্ৰায় ৩০ কোটি ভক্তই অযোধ্যা ভ্ৰমণ কৰিছে।
আজি ‘সৰযু-কমলা এক্সপ্ৰেছ’ ৰে’ল সেৱা আৰম্ভ হোৱাৰ লগে লগে আমি এই পবিত্ৰ সম্পৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰিছো। ইয়াৰ ফলত অযোধ্যালৈ অহা ভক্তসকলৰ বাবে জনকপুৰ ভ্ৰমণ আৰু মাতা সীতাৰ দৰ্শনো সূচল হৈ পৰিব।
আমি লুম্বিনী আৰু বুদ্ধগয়াকে ধৰি দুয়োখন দেশৰ বৌদ্ধ আৰু শিৱ-শক্তিৰ সৈতে সম্পৃক্ত পবিত্ৰ স্থানসমূহৰ মাজত সংযোগ বৃদ্ধিৰ বাবেও একেলগে কাম কৰিম।
বন্ধুসকল,
আজি আমি উত্তৰাখণ্ড আৰু নেপালৰ মাজত ধাৰচুলা পথ সেতু উদ্বোধন কৰিছো আৰু বনবসাত সংহত চেক পোষ্টৰ আধাৰশিলা স্থাপন কৰিছো। ইয়াৰ লগতে আমি নেপালৰ ফালে থকা দোধাৰা-চান্দনী সংহত চেক পোষ্টৰ কামো ত্বৰান্বিত কৰিম। এই পদক্ষেপসমূহে উত্তৰাখণ্ড আৰু নেপালৰ মাজত বাণিজ্য আৰু জনসাধাৰণৰ আহ-যাহ অধিক সূচল কৰি তুলিব।
একে সময়তে আমি বিহাৰ, উত্তৰ প্ৰদেশ তথা ভাৰতৰ অন্যান্য ৰাজ্য আৰু নেপালৰ মাজত পথ, ৰে’ল আৰু সীমান্ত সংযোগী প্ৰকল্পসমূহকো নতুন গতি প্ৰদান কৰিম। নেপালৰ পৰিবহণ বাণিজ্য অধিক সূচল কৰি তুলিবলৈ আমি কাণ্ডলা আৰু পাৰাদ্বীপ বন্দৰলৈ প্ৰৱেশাধিকাৰ প্ৰদান কৰিম। মই আত্মবিশ্বাসী যে উন্নত বাণিজ্য, সংযোগ আৰু বিনিয়োগৰ বাবে এই সকলো প্ৰচেষ্টাই নেপালৰ অৰ্থনৈতিক উন্নয়নত এক নতুন গতি প্ৰদান কৰিব।
বন্ধুসকল,
নেপালৰ নদীসমূহত প্ৰদূষণহীন শক্তিৰ অপৰিসীম সম্ভাৱনা আছে। ভাৰতৰ বিশাল শক্তি বজাৰে এই সম্ভাৱনাবোৰক নেপালৰ অৰ্থনৈতিক সমৃদ্ধিৰ বাবে এক শক্তিশালী ভেটি হিচাপে গঢ়ি তুলিব পাৰে।
আজি নামনি অৰুণ জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু সময়মতে অৰুণ-৩ সম্পূৰ্ণ কৰাৰ বাবে আমাৰ প্ৰতিশ্ৰুতি হৈছে এই দৃষ্টিভংগীৰ অংশ।
বন্ধুসকল,
ভাৰত বহু বছৰ ধৰি নেপাললৈ পেট্ৰ’লিয়াম সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ এক নিৰ্ভৰযোগ্য যোগানকাৰী হৈ আহিছে। আমাৰ ‘চুবুৰীয়া প্ৰথম নীতি’ৰ ধাৰণা অনুসৰি আমি এই বছৰ তেল যোগানৰ সৈতে জড়িত গুৰুতৰ প্ৰত্যাহ্বান সত্বেও নেপাললৈ ইন্ধন, সাৰ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান অব্যাহত ৰাখিছো।
আজি মোতিহাৰী-আমলেখগঞ্জ পাইপলাইনৰ ‘দ্বিতীয় পৰ্যায়’ৰ উদ্বোধন আৰু ঝাপা পেট্ৰ’লিয়াম টাৰ্মিনেলৰ আধাৰশিলা স্থাপনে এই অংশীদাৰিত্ব অধিক শক্তিশালী কৰিব।
বন্ধুসকল,
নেপালৰ যুৱ প্ৰজন্ম প্ৰতিভা, শক্তি আৰু বৃহৎ সপোনৰে পৰিপূৰ্ণ। ভাৰতে তেওঁলোকৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত এক প্ৰতিশ্ৰুতিবদ্ধ অংশীদাৰ হ’ব বিচাৰে।
এই সংকল্পক বাস্তৱায়িত কৰিবলৈ আমি নেপালত ষ্টাৰ্ট-আপ ইনকিউবেটৰ, উদ্ভাৱন কেন্দ্ৰ আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ এক বিদেশী চৌহদ স্থাপন কৰিম।
আমি নেপালী শিক্ষাৰ্থীসকলৰ বাবে ভাৰতত আইন আৰু প্ৰযুক্তিত জলপানি লাভৰ সুযোগ বৃদ্ধি কৰিম। আৰু খাদ্য সংসাধন আৰু মূল্য সংযোজনৰ প্ৰসাৰৰ বাবে আমি নেপালত কৃষি-ঔদ্যোগিক উদ্যানৰ বিকাশত সহযোগিতা কৰিম।
বন্ধুসকল,
আজি ৰামায়ণৰ কাহিনী চলচ্চিত্ৰ আৰু আধুনিক প্ৰযুক্তিৰ জৰিয়তে নতুন প্ৰজন্ম তথা সমগ্ৰ বিশ্বলৈ বিয়পি গৈছে। আমি বিচাৰো যে ভাৰত আৰু নেপালৰ তৰুণ ক্ৰিয়েটৰসকলে একেলগে নতুন উপায়ৰ জৰিয়তে তেওঁলোকৰ অংশীদাৰী ঐতিহ্য বিশ্বলৈ কঢ়িয়াই নিয়ক। এই দিশত আমি পৰৱৰ্তী ৱেভছ সন্মিলনত নেপালৰ এক বৃহৎ প্ৰতিনিধি দলক আদৰণি জনাম।
ক্ৰীড়াত, বিশেষকৈ ক্ৰিকেটত আমি নেপালৰ খেলুৱৈসকলৰ বাবে আন্তঃগাঁথনিৰ বিকাশ আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰতো সহযোগিতা বৃদ্ধি কৰিম।
মহামান্য,
আজি আমি আমাৰ অংশীদাৰী ভৱিষ্যতক এক নতুন দিশ প্ৰদান কৰিবলৈ এক যুটীয়া ‘ভিজন ডকুমেণ্ট’ মুকলি কৰিছো। এয়া হৈছে ‘উন্নত ভাৰত আৰু সমৃদ্ধিশালী নেপাল’ৰ আমাৰ নিজ নিজ প্ৰতিশ্ৰুতিসমূহ একেলগে বাস্তৱায়িত কৰাৰ পৰিকল্পনা।
আমাৰ স্পষ্ট লক্ষ্য আছে, পাৰস্পৰিক বিশ্বাস আৰু সেইবোৰ উপলব্ধি কৰাৰ ক্ষমতা আছে। আৰু সৰ্বোপৰি আমাৰ সৈতে মাতা সীতা, ভগৱান ৰাম আৰু ভগৱান বুদ্ধৰ আশীৰ্বাদ আছে।
মই বিশ্বাসী যে এই মনোভাবৰ জৰিয়তে আমি আমাৰ অংশীদাৰী দৃষ্টিভংগীক দৃঢ় সাফল্যলৈ ৰূপান্তৰিত কৰিম। একেলগে ভাৰত-নেপালৰ সম্পৰ্কত এক নতুন সোণালী অধ্যায় লিখিম।
ভাৰত-নেপালৰ বন্ধুত্ব দীৰ্ঘজীৱী হওক!
বহুত ধন্যবাদ।
****
MJPS/SS/VJ/HS
Sharing my remarks during the joint press meet with PM Balendra Shah of Nepal. @ShahBalen @PM_nepal_ https://t.co/dySgHsBGe2
— Narendra Modi (@narendramodi) November 23, 2026
भारत और नेपाल का रिश्ता केवल पड़ोस का नहीं, बल्कि अपनेपन और अटूट विश्वास का रिश्ता है। हमारी खुशियाँ साझी हैं और हमारी चुनौतियाँ भी। हम एक-दूसरे की प्रगति में साथी हैं और मुश्किल समय में एक-दूसरे का सहारा भी: PM @narendramodi
— PMO India (@PMOIndia) November 23, 2026
अगस्त में नेपाल में आई भीषण बाढ़ से हुई जनहानि के लिए हम गहरी संवेदना व्यक्त करते हैं। और आज, नेपाल के पुनर्निर्माण और दीर्घकालिक विकास को नई मजबूती देने के लिए हम 24 हजार करोड़ नेपाली रुपये के Development Cooperation Package की घोषणा करते हैं: PM @narendramodi
— PMO India (@PMOIndia) November 23, 2026
भारत और नेपाल के संबंध साझा इतिहास, आस्था, संस्कृति और गहरे people-to-people ties के धागों से बुने हैं। भगवान राम और माता सीता हमारी साझा सभ्यता और आस्था की पहचान हैं: PM @narendramodi
— PMO India (@PMOIndia) November 23, 2026
भारत कई वर्षों से नेपाल के लिए पेट्रोलियम पदार्थों और अन्य आवश्यक वस्तुओं का विश्वसनीय supplier रहा है। हमारी Neighbourhood First Policy की भावना के अनुरूप, इस वर्ष oil supply से जुड़ी गंभीर चुनौतियों के बावजूद, हमने नेपाल को fuel, fertilizers और अन्य आवश्यक वस्तुओं की supply बनाए रखी: PM @narendramodi
— PMO India (@PMOIndia) November 23, 2026
हम नेपाल में Start-up Incubator, Innovation Hub और Indian Institute of Technology का एक offshore campus स्थापित करेंगे। हम नेपाली students के लिए भारत में Law और Technology में scholarships के अवसर बढ़ाएँगे। और Food processing और value-addition को बढ़ावा देने के लिए हम नेपाल में Agro-Industrial Park विकसित करने में भी सहयोग करेंगे: PM @narendramodi
— PMO India (@PMOIndia) November 23, 2026