Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিকশিত ভাৰত আৰু সমুন্নত নেপাল: অংশীদাৰিত্বৰ পুনৰ কল্পনা


ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণক্ৰমে নেপালৰ প্ৰধানমন্ত্ৰী মহামহিম বালেন্দ্ৰ শ্বাহে ২২ৰ পৰা ২৩ নৱেম্বৰ, ২০২৬লৈ ভাৰত ভ্ৰমণ কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত সৌহাৰ্দ্যপূৰ্ণ, ফলপ্ৰসূ আৰু ভৱিষ্যতমুখী আলোচনাত মিলিত হৈ দ্বিপাক্ষিক সম্পৰ্কৰ এক বিস্তৃত পৰ্যালোচনা আগবঢ়ায়।

 

দুয়োগৰাকী নেতাই স্বীকাৰ কৰে যে ভাৰত আৰু নেপালৰ মাজৰ যুগ-যুগান্তৰৰ সভ্যতাগত সম্পৰ্ক পাৰস্পৰিক সন্মান আৰু লাভালাভৰ নীতিৰ উপৰি দুয়োদেশৰ জনসাধাৰণৰ মাজৰ গভীৰ সম্পৰ্কৰ জৰিয়তে এক বহুমুখী অংশীদাৰিত্বলৈ বিকশিত হৈছে।

 

২০২৬ চনৰ আগষ্ট মাহত ৰছুৱা-ত্ৰিশূলী অৱবাহিকা আৰু অন্যান্য স্থানত হোৱা বান আৰু ভূমিস্খলনৰ পাছত ভাৰতে আগবঢ়োৱা তৎকালীন মানৱীয় তথা অনুসন্ধান আৰু উদ্ধাৰকাৰী সাহায্যৰ বাবে নেপালে কৃতজ্ঞতা প্ৰকাশ কৰে। নেপালৰ পুনৰ নিৰ্মাণৰ প্ৰচেষ্টাত আগবঢ়াবলগীয়া পৰৱৰ্তী সহায়-সহযোগিতা সন্দৰ্ভত নিৰন্তৰ যোগাযোগ  ৰাখিবলৈ দুয়োগৰাকী নেতাই সন্মতি প্ৰকাশ কৰে।

 

দুয়োগৰাকী নেতাই সহমত প্ৰকাশ কৰে যে দ্বিপাক্ষিক অংশীদাৰিত্বই সমসাময়িক ৰাজনৈতিক, অৰ্থনৈতিক আৰু প্ৰযুক্তিগত বাস্তৱতাক প্ৰতিফলিত কৰা উচিত আৰু ই এক উন্নীত তথা ভৱিষ্যতমুখী আইনী কাঠামোৰ ওপৰত আধাৰিত হ’ব লাগে, য’ত ১৯৫০ চনৰ শান্তি আৰু মৈত্ৰী চুক্তিকে ধৰি বৰ্তমানৰ দ্বিপাক্ষিক চুক্তিসমূহ পাৰস্পৰিক সন্মতিৰ ভিত্তিত পৰ্যালোচনা কৰিব পৰা যায়। জলসম্পদ, শক্তি, বেহা-বেপাৰ আৰু বাণিজ্য তথা সীমা সংক্ৰান্তীয় বিষয়সমূহকে ধৰি সকলো অমীমাংসিত বিষয় পাৰস্পৰিক আলোচনা আৰু বাৰ্তালাপৰ জৰিয়তে সমাধান কৰিব লাগিব।

 

ভাৰত আৰু নেপালৰ সম্পৰ্কক এক আধুনিক আৰু ফলাফলমুখী অংশীদাৰিত্বলৈ ৰূপান্তৰিত কৰি দুয়োখন দেশৰ জনসাধাৰণৰ বাবে বাস্তৱিক সুফল নিশ্চিত কৰাৰ লক্ষ্যৰে দুয়োগৰাকী নেতাই এই ‘যুটীয়া দৃষ্টিভংগী’ গ্ৰহণ কৰিছে। এই দৃষ্টিভংগীয়ে ভাৰত আৰু নেপালৰ জনসাধাৰণ, বিশেষকৈ যুৱপ্ৰজন্মৰ আকাংক্ষাক গুৰুত্ব দিয়াৰ লগতে নিম্নলিখিত দহটা স্তম্ভৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভৱিষ্যতৰ দ্বিপাক্ষিক অংশীদাৰিত্বৰ বাবে এক কৰ্মপন্থা নিৰ্ধাৰণ কৰিব:

 

১. সামগ্ৰিক অৰ্থনৈতিক আৰু উন্নয়নমূলক অংশীদাৰিত্ব:

ভাৰতৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগী ‘বিকশিত ভাৰত ২০৪৭’ আৰু নেপালৰ ৰাষ্ট্ৰীয় আকাংক্ষা ‘সমুন্নত নেপাল’ৰ মাজত কেইবাটাও পৰিপূৰক দিশ আছে, যিবোৰ দুয়োখন দেশৰ মাজৰ বিস্তৃত অৰ্থনৈতিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি।

ইয়াত অন্তৰ্ভুক্ত হ’ব:

(১) অধিক সামগ্ৰিক অৰ্থনৈতিক অংশীদাৰিত্বৰ সুবিধাৰ বাবে দুয়োখন দেশৰ মাজৰ বাণিজ্য আৰু বিনিয়োগ সম্পৰ্কীয় সহায়ক কাঠামো/চুক্তিসমূহৰ পৰ্যালোচনা কৰা।

(২) উন্নত প্ৰৱেশাধিকাৰ সক্ষম কৰিবলৈ আৰু যোগাযোগ ব্যৱস্থা শক্তিশালী কৰিবলৈ নতুন ট্ৰেনজিট সংযোগ আৰু বিমান পথ মুকলি কৰা।

(৩) উৎপাদন আৰু অন্যান্য প্ৰক্ৰিয়াকৰণ উদ্যোগসমূহৰ যোগান শৃংখলৰ সৈতে সংযোগ স্থাপন কৰাৰ লগতে তথ্য-প্ৰযুক্তি পাৰ্ক উন্নয়নত সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে ভাৰত-নেপাল সীমান্তৰ সমীপত ৰপ্তানিমুখী উৎপাদনৰ বাবে সীমামূৰীয়া বিশেষ অৰ্থনৈতিক মণ্ডল/পাৰ্ক স্থাপনৰ বাবে সহযোগিতা আগবঢ়োৱা।

(৪) বিনিয়োগকাৰীৰ আস্থা বৃদ্ধি কৰা আৰু ব্যৱসায়ৰ সুচলতা সুনিশ্চিত কৰা ব্যৱস্থাৱলী চূড়ান্ত কৰাকে ধৰি নেপালৰ অগ্ৰাধিকাৰপ্ৰাপ্ত খণ্ডসমূহত ভাৰতীয় বিনিয়োগক উৎসাহিত কৰা হ’ব।

(৫) ভাৰতে ১৫,০০০ কোটি ভাৰতীয় টকাৰ (২৪,০০০ কোটি নেপালী টকা) উন্নয়নমূলক সাহায্য আগবঢ়াব, যাৰ ভিতৰত নেপালত দুৰ্যোগ-পৰৱৰ্তী পুনৰ নিৰ্মাণ আৰু নতুন আন্তঃগাঁথনি প্ৰকল্পৰ বাবে ৩,৫০০ কোটি ভাৰতীয় টকাৰ (৫,৬০০ কোটি নেপালী টকা) অনুদান সাহায্য আৰু শক্তি খণ্ডৰ প্ৰকল্পসমূহৰ বাবে ১১,৫০০ কোটি ভাৰতীয় টকাৰ (১৮,৪০০ কোটি নেপালী টকা) ‘লাইন অৱ ক্ৰেডিট’ (ঋণ সাহায্য) অন্তৰ্ভুক্ত থাকিব। নিৰ্দিষ্ট প্ৰকল্পসমূহৰ লগতে উন্নয়নমূলক সাহায্য প্ৰদানৰ পদ্ধতিসমূহ পাৰস্পৰিক আলোচনাৰ জৰিয়তে চূড়ান্ত কৰা হ’ব।

 

২. ভৌতিক আৰু ডিজিটেল সংযোগ:

অৰ্থনৈতিক সহযোগিতা গভীৰ কৰাৰ লগতে জনসাধাৰণৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত সংযোগ ব্যৱস্থা এক অন্যতম প্ৰধান কাৰক। এই ক্ষেত্ৰত হোৱা উল্লেখযোগ্য অগ্ৰগতিৰ শলাগ লৈ দুয়োগৰাকী নেতাই অযোধ্যা (ভাৰত) আৰু জনকপুৰৰ (নেপাল) মাজত পোনপটীয়া এক্সপ্ৰেছ ৰে’ল সেৱা তথা ধাৰচুলা (ভাৰত) আৰু দাৰ্চুলাৰ (নেপাল) মাজত মহাকালী নদীৰ ওপৰত মটৰ চলাচল কৰিব পৰা দলঙৰ শুভাৰম্ভক আদৰণি জনায়। তেওঁলোকে লগতে নিম্নলিখিত দিশসমূহত সহমত প্ৰকাশ কৰে:

(১) ভৈৰাহাৱা (নেপাল) আৰু সোনৌলীত (ভাৰত) চলি থকা সংহত তালাচী চকীসমূহৰ (ICP) নিৰ্মাণ কাৰ্য খৰতকীয়া কৰা আৰু বনবাছা (ভাৰত) তথা দোধাৰা চান্দনীত (নেপাল) নতুন সংহত তালাচী চকী নিৰ্মাণ কৰা।

(২) জয়নগৰ-বৰ্দিবাস আৰু যোগবাণী-বিৰাটনগৰ ৰে’লপথৰ অন্তিম অংশৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰা। (৩) ৰক্সৌল-কাঠমাণ্ডু ৰে’ল সংযোগৰ চূড়ান্ত স্থান জৰীপ সমাপ্ত হোৱাটোক আদৰণি জনাই দুয়োগৰাকী নেতাই ভাৰত আৰু নেপালৰ মাজত এক আন্তঃকাৰ্যক্ষম ৰে’ল নেটৱৰ্ক গঢ়ি তুলিবলৈ নেপালত পূব-পশ্চিম ৰে’ল সংযোগৰ উন্নয়নত সহযোগিতা আগবঢ়াবলৈ সন্মত হয়, য’ত বৰ্দিবাস-নিজগড় শাখা আৰু বীৰগঞ্জ-নিজগড় সংযোগক অগ্ৰাধিকাৰ দিয়া হ’ব।

(৪) মটৰ চলাচল কৰিব পৰা নতুন দলং আৰু বাণিজ্যিক কেন্দ্ৰসমূহৰ জৰিয়তে ভাৰত আৰু নেপালৰ মাজত পথ সংযোগ অধিক উন্নত কৰা।

(৫) শিলিগুৰি (ভাৰত) আৰু ঝাপাক (নেপাল) সংযোগ কৰা নতুন পাইপলাইন নিৰ্মাণকে ধৰি সীমামূৰীয়া পেট্ৰ’লিয়াম যোগান আন্তঃগাঁথনি বৃদ্ধি কৰা আৰু ভাৰত আৰু নেপালৰ মাজত গেছ পাইপলাইনৰ সম্ভাৱনা অন্বেষণ কৰা।

(৬) নেপালৰ ৰাষ্ট্ৰীয় পৰিশোধ ব্যৱস্থাৰ সৈতে ভাৰতৰ ইউপিআই সংযোগৰ ভিত্তিত দুয়োপক্ষই সীমামূৰীয়া খুচুৰা পৰিশোধ ব্যৱস্থাৰ ৰূপায়ণ খৰতকীয়া কৰিবলৈ সন্মত হয়।

(৭) পিএম গতি শক্তিৰ দৰে মঞ্চৰ জৰিয়তে সংহত আন্তঃগাঁথনি পৰিকল্পনা আৰু সংযোগৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা, যাক নেপালে নিজৰ স্থানিক আৰু উন্নয়নমূলক অগ্ৰাধিকাৰৰ সৈতে খাপ খুৱাই গ্ৰহণ কৰাৰ বিষয়ে বিবেচনা কৰিব পাৰে।

(৮) ভাৰত আৰু নেপালৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত মুকলি, সুৰক্ষিত আৰু সু-নিয়ন্ত্ৰিত কৰি ৰখা, আৰু সীমা অতিক্ৰম কৰি সংঘটিত হোৱা অপৰাধ তথা অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে সহযোগিতা শক্তিশালী কৰা।

 

৩. শক্তি, জলসম্পদ আৰু জলবায়ু সুস্থিৰতা:

শক্তি, জলসম্পদ আৰু জলবায়ু স্থিতিস্থাপকতাৰ ক্ষেত্ৰত ভাৰত আৰু নেপালৰ মাজত সহযোগিতা গভীৰ কৰাৰ অপৰিসীম সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি দুয়োপক্ষই বহনক্ষম, সুস্থিৰ আৰু সৰ্বাংগীন উন্নয়নৰ দিশত প্ৰতিষ্ঠানিক সহযোগিতা শক্তিশালী কৰিবলৈ, পাৰস্পৰিকভাৱে লাভজনক অংশীদাৰিত্বৰ প্ৰসাৰ ঘটাবলৈ আৰু যৌথ প্ৰচেষ্টাক আগবঢ়াই নিবলৈ সন্মত হয়।

এই উদ্দেশ্যে:

(১) শক্তি খণ্ডৰ সহযোগিতা সম্পৰ্কীয় ভাৰত-নেপাল যুটীয়া দৃষ্টিভংগী নথিৰ সৈতে সংগতি ৰাখি ভাৰতে নেপালৰ জলবিদ্যুৎ আৰু সংবহন আন্তঃগাঁথনিত অধিক বিনিয়োগক উৎসাহিত কৰিব, আনহাতে নেপালে এনে বিনিয়োগৰ বাবে এক অনুকূল আৰু পাৰস্পৰিকভাৱে লাভজনক কাঠামোকে ধৰি উপযুক্ত সহযোগিতা আৰু সুবিধা প্ৰদান কৰিব। ভাৰত আৰু নেপালৰ মাজত বিদ্যুৎ বাণিজ্য সম্প্ৰসাৰণৰ লক্ষ্যৰে সংশ্লিষ্ট কৰ্তৃপক্ষসমূহে পাৰস্পৰিক লাভালাভ আৰু বজাৰৰ চাহিদাৰ ভিত্তিত বিদ্যুৎ বাণিজ্য অধিক বৃদ্ধি কৰাৰ সম্ভাৱনা অন্বেষণ কৰিব।

(২) পাৰস্পৰিক লাভালাভৰ বাবে জলসম্পদৰ সদ্ব্যৱহাৰ কৰিবলৈ আৰু বানৰ ফলত হোৱা বিৰূপ প্ৰভাৱ হ্ৰাস কৰিবলৈ দুয়োপক্ষই পঞ্চেশ্বৰ আৰু সপ্তকোশী তথা সোনকোশী বহুমুখী প্ৰকল্পকে ধৰি চলি থকা আৰু পৰিকল্পিত জলবিদ্যুৎ তথা বহুমুখী প্ৰকল্পসমূহৰ ৰূপায়ণৰ কাম ত্বৰান্বিত কৰিব।

(৩) জীৱন, জীৱিকা আৰু আন্তঃগাঁথনি সুৰক্ষিত কৰাৰ বাবে দুৰ্যোগৰ আশংকা হ্ৰাস, আগতীয়া সতৰ্কবাণী আৰু দুৰ্যোগোত্তৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত এক সক্ৰিয় অংশীদাৰিত্ব গঢ়ি তুলিবলৈ দুয়োপক্ষ সন্মত হয়।

(৪) জলবায়ু বিজ্ঞান সম্পৰ্কীয় তথ্যৰ সঠিক সময়ৰ দ্বিমুখী বিনিময়, হিমবাহ হ্ৰদ নিৰীক্ষণ আৰু আগতীয়া সতৰ্কবাণী ব্যৱস্থাক প্ৰতিষ্ঠানিক ৰূপ দিবলৈ তেওঁলোকে সন্মতি প্ৰকাশ কৰে। তেওঁলোকে যুটীয়া মানৱীয় সাহায্য আৰু দুৰ্যোগ প্ৰশমন অনুশীলন, সামৰ্থ্য বিকাশ, প্ৰশিক্ষণ আৰু মানৱীয় সহায়তাৰ ৰূপত দুয়োখন দেশৰ সংশ্লিষ্ট সংস্থাসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰিবলৈ সন্মত হয়। (৫) আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী (ISA), দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি মৈত্ৰী (CDRI), ইচিম’ড (ICIMOD) আৰু ইণ্টাৰনেচনেল বিগ কেট এলায়েন্সকে (IBCA) ধৰি বহুপাক্ষিক সংস্থাসমূহৰ ভিতৰত সহযোগিতা বৃদ্ধি কৰিবলৈ তেওঁলোকে সহমত প্ৰকাশ কৰে।

(৬) নেপালত সেউজ হাইড্ৰ’জেনৰ এক পাইলট প্ৰকল্পকে ধৰি সৌৰশক্তিৰ পৰা ভূ-গৰ্ভস্থ শক্তিলৈকে অতিৰিক্ত শক্তিৰ উৎসৰ উন্নয়নত সহযোগিতা আগবঢ়াবলৈ দুয়োপক্ষ সন্মত হয়।

(৭) ভাৰতে নীতি-নিৰ্ধাৰণ, নিয়ন্ত্ৰণ, মান, বনানীকৰণ, ক্ষতিশংকা মেপিং আৰু জলবায়ু সুস্থিৰতা কৃষিৰ দৰে পৰিৱেশ সম্পৰ্কীয় ক্ষেত্ৰসমূহত নেপালী যুৱ পেছাদাৰী, বিষয়া আৰু বিশেষজ্ঞসকলৰ প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰিব।

(৮) ভাৰতে জলভাণ্ডাৰসমূহৰ পুনৰুজ্জীৱিতকৰণ আৰু ভূ-গৰ্ভস্থ পানীৰ প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰতো নিজৰ দক্ষতা বিনিময় কৰিব।

 

৪. সুশাসন:

সুশাসন সম্পৰ্কীয় নেপালৰ অগ্ৰাধিকাৰসমূহ আৰু ভাৰতে গ্ৰহণ কৰা দৃষ্টিভংগীৰ মাজত যথেষ্ট সামঞ্জস্য আছে, বিশেষকৈ ডিজিটেল প্ৰযুক্তিৰ গ্ৰহণ আৰু নাগৰিক-চৰকাৰৰ মাজৰ সংযোগক অধিক স্বচ্ছ, সুবিধাজনক আৰু ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত। এই লক্ষ্যত উপনীত হ’বলৈ:

(১) ডিজিটেল সাৰ্বভৌমত্ব আৰু তথ্য সুৰক্ষাৰ গোলকীয় স্বীকৃত নীতিসমূহৰ অনুসৰি, ‘ডিজিটেল নেপাল ফ্ৰেমৱৰ্ক’ৰ ৰূপায়ণ সক্ষম কৰিবলৈ ডিজিটেল পৰিচয়, পৰিশোধ ব্যৱস্থা আৰু ই-প্ৰশাসনৰ ক্ষেত্ৰত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ কাৰিকৰী বিশেষজ্ঞতা আৰু উত্তম পদ্ধতিসমূহ বিনিময় কৰা হ’ব।

(২) নেচনেল চেণ্টাৰ ফৰ গুড গভৰ্নেন্সৰ জৰিয়তে ভাৰতত নেপালী অসামৰিক সেৱাৰ বিষয়াসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব।

(৩) দুয়োপক্ষই ৰাষ্ট্ৰীয় আৰু প্ৰাদেশিক পৰ্যায়ৰ বিধানমণ্ডলসমূহৰ মাজত অভিজ্ঞতা আৰু উত্তম পদ্ধতিসমূহ বিনিময় কৰিব।

(৪) ভাৰতৰ সংশ্লিষ্ট সংস্থাসমূহত ভ্ৰমণ বিনিময় আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে স্থানীয় শাসন ব্যৱস্থাত সহযোগিতা সুদৃঢ় কৰা হ’ব।

 

৫. প্ৰযুক্তি, মহাকাশ আৰু উদ্ভাৱন:

প্ৰযুক্তিৰ অধিক গ্ৰহণ আৰু ব্যৱহাৰক উৎসাহিত কৰিবলৈ, আৰু প্ৰযুক্তিৰ কেন্দ্ৰবিন্দু হৈ উঠাৰ নেপালৰ উদ্দেশ্যৰ সৈতে সংগতি ৰাখি তথা এই ক্ষেত্ৰসমূহত ভাৰতৰ সামৰ্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত-নেপাল অংশীদাৰিত্বই নিম্নলিখিত পদক্ষেপসমূহ ৰূপায়ণৰ চেষ্টা কৰিব:

(১) ভাৰতত নেপালী ষ্টাৰ্টআপসমূহৰ প্ৰশিক্ষণ আৰু পৰামৰ্শদানকে ধৰি ইণ্ডিয়ান-নেপাল ষ্টাৰ্টআপ পাৰ্টনাৰশ্বিপ নেটৱৰ্ক (IN-SPAN)-ৰ সম্প্ৰসাৰণ আৰু কাঠমাণ্ডুত এটা ষ্টাৰ্টআপ উৎকৰ্ষ কেন্দ্ৰ তথা পোখৰাত এটা ডিজিটেল ন’মেডছ এণ্ড ইন’ভেশ্যন হাব স্থাপন কৰা।

(২) ব্যক্তিগত বিনিয়োগৰ সুবিধা প্ৰদানকে ধৰি নেপালত ডিজিটেল পাৰ্ক আৰু ডে’টা চেণ্টাৰৰ বিকাশ সাধন।

(৩) অন্যান্য দিশৰ লগতে ‘ভাষিণী’ৰ সৈতে সহযোগিতাৰ জৰিয়তে নেপালী ভাষাৰ বাবে এটা লাৰ্জ লেংগুৱেজ মডেল (LLM) বিকশিত কৰাকে ধৰি কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰা।

(৪) উপগ্ৰহ উন্নয়ন, পৃথিৱী নিৰীক্ষণ, দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে ৰিম’ট চেন্সিং আৰু সামৰ্থ্য বিকাশৰ বাবে নেপাল একাডেমী অৱ ছায়েন্স এণ্ড টেকন’লজি আৰু সংশ্লিষ্ট নেপালী সংস্থাসমূহৰ সৈতে ইছৰো (ISRO) আৰু ইন-স্পেচ (IN-SPACE)-ৰ সহযোগিতাৰ জৰিয়তে মহাকাশৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰা।

(৫) ৫জি/৬জি আৰু অন্যান্য পৰৱৰ্তী প্ৰজন্মৰ নেটৱৰ্কৰ দৰে উদীয়মান দূৰসংযোগ প্ৰযুক্তিসমূহত সহযোগিতা বৃদ্ধি কৰা।

 

 

৬. শিক্ষা আৰু দক্ষতা বিকাশ:

দক্ষতা বিকাশ আৰু সামৰ্থ্য নিৰ্মাণৰ গুৰুত্ব স্বীকাৰ কৰি দুয়োখন দেশে প্ৰশিক্ষণ, মানৱ সম্পদ উন্নয়ন আৰু শৈক্ষিক বিনিময়ৰ ক্ষেত্ৰত শক্তিশালী সহযোগিতা গঢ়ি তুলিবলৈ কাম কৰিব, যাৰ ভিতৰত নিম্নলিখিত পদক্ষেপসমূহ অন্তৰ্ভুক্ত থাকিব:

(১) এখন আই আই টিৰে আৰম্ভ কৰি নেপালত ভাৰতৰ প্ৰতিষ্ঠিত উচ্চ শিক্ষানুষ্ঠানসমূহৰ শাখা/কেম্পাছ খোলাৰ সম্ভাৱনা অন্বেষণ কৰা হ’ব।

(২) চলিত অতি সফল জলপানি আঁচনিসমূহৰ ভিত্তিত নেপালী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আইন, প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে নতুন বিষয়ত জলপানি আৰু প্ৰশিক্ষণৰ সুযোগ সংযোজন কৰা হ’ব। (৩) শৈক্ষিক আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ মাজত অধিক শক্তিশালী সহযোগিতাৰ উপৰি অধ্যাপক আৰু বিশেষজ্ঞসকলৰ বিনিময়ক উৎসাহিত কৰা হ’ব আৰু ইয়াক প্ৰতিষ্ঠানিক ৰূপ দিয়া হ’ব।

(৪) উৎপাদন, সেৱা আৰু উদ্যমিতাৰ সৈতে জড়িত ক্ষেত্ৰসমূহত নেপালৰ যুৱক-যুৱতীসকলক দক্ষতা আৰু প্ৰশিক্ষণ প্ৰদানৰ বাবে ভাৰতীয় সাহায্যৰে এখন বৃত্তিমূলক প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপন কৰা হ’ব।

 

৭. ক্ৰীড়া:

ক্ৰীড়াৰ বিকাশ আৰু সংশ্লিষ্ট আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত নেপালে দিয়া গুৰুত্বক অধিক শক্তিশালী কৰিবলৈ ভাৰত আৰু নেপালে নিম্নলিখিত মূল পদক্ষেপসমূহৰ বাবে একেলগে কাম কৰিব:

(১) ৰাষ্ট্ৰীয় আৰু প্ৰাদেশিক পৰ্যায়ত ক্ৰিকেট আন্তঃগাঁথনিৰ উন্নয়নত সহায় আগবঢ়োৱাৰ উপৰি ভাৰতে নেপালত এখন ৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰশিক্ষণ একাডেমী স্থাপনত সমৰ্থন আগবঢ়াব।

(২) নেপালৰ প্ৰাদেশিক ক্ৰিকেট দলসমূহৰ খেলুৱৈসকলক ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষণ একাডেমীসমূহত প্ৰশিক্ষণ লোৱাৰ সুযোগ প্ৰদান কৰা হ’ব।

(৩) নেপালত আধুনিক মাল্টি-স্প’ৰ্টছ চেণ্টাৰ উন্নয়নকে ধৰি বেডমিণ্টন, টেনিছ, শ্বুটিং আৰু এথলেটিকছৰ দৰে অন্যান্য ক্ৰীড়াতো অনুৰূপ সুযোগসমূহ অন্বেষণ কৰা হ’ব।

(৪) যুটীয়া অভিযান গ্ৰহণকে ধৰি পৰ্বতাৰোহণ ক্ৰীড়াৰ ক্ষেত্ৰত সহযোগিতা অন্বেষণ কৰা হ’ব।

(৫) ক্ৰিকেট, ফুটবল আৰু অন্যান্য খেলত ভাৰত আৰু নেপালৰ খেলুৱৈসকলে ইখনে সিখন দেশৰ ক্ৰীড়া লীগসমূহত অংশগ্ৰহণ কৰাৰ সুযোগ অন্বেষণ কৰিবলৈ দুয়োখন দেশৰ সংশ্লিষ্ট ক্ৰীড়া সংস্থা/কৰ্তৃপক্ষসমূহক উৎসাহিত কৰা।

 

৮. সংস্কৃতি আৰু পৰ্যটন:

দুয়োখন দেশৰ মাজৰ সাংস্কৃতিক সম্পৰ্ক দ্বিপাক্ষিক সম্পৰ্কৰ অন্যতম গুৰুত্বপূৰ্ণ স্তম্ভ হৈ আহিছে। এই জীৱন্ত আদান-প্ৰদানক অধিক সমৃদ্ধ কৰিবলৈ:

(১) ভাৰত আৰু নেপালে ধৰ্মীয় পৰ্যটন চাৰ্কিট আৰু নতুন গন্তব্যস্থান বিকশিত কৰিবলৈ অংশীদাৰিত্ব গঢ়ি তুলিব। ইয়াত জনকপুৰ-অযোধ্যা, লুম্বিনী-বুদ্ধগয়া-সাৰনাথ-কুশীনগৰ আৰু কাঠমাণ্ডু (পশুপতিনাথ)-বাৰাণসীক সংযোগ কৰি তথা ভগ্নী-চহৰ চুক্তিৰ জৰিয়তে ৰামায়ণ, বৌদ্ধ আৰু শিৱ-শক্তি চাৰ্কিটৰ উন্নয়ন অন্তৰ্ভুক্ত থাকিব।

(২) তেওঁলোকে পৰ্যায়ক্ৰমে নেপাল আৰু ভাৰতত বাৰ্ষিক যুৱ সাংস্কৃতিক মহোৎসৱ অনুষ্ঠিত কৰিবলৈ আৰু চলচ্চিত্ৰ নিৰ্মাণ, নাট্যকলা তথা চাৰু কলাৰ শিল্পীসকলৰ বাবে প্ৰশিক্ষণ আৰু বিনিময় কাৰ্যসূচী সম্প্ৰসাৰিত কৰিবলৈ সন্মত হয়।

(৩) লুম্বিনী বৌদ্ধ বিশ্ববিদ্যালয়ত এটা নালন্দা কেন্দ্ৰ স্থাপনৰ জৰিয়তে নালন্দা বিশ্ববিদ্যালয় আৰু লুম্বিনী বৌদ্ধ বিশ্ববিদ্যালয়ৰ মাজৰ সহযোগিতা সুদৃঢ় কৰা হ’ব।

 (৪) তেওঁলোকে পৰ্যটন আৰু আতিথ্য খণ্ডৰ যুৱ উদ্যোগীসকলৰ মাজত সহযোগিতাৰ সুবিধা প্ৰদান কৰিবলৈ সন্মত হয়, আৰু দুয়োখন দেশৰ মাজত পৰ্যটনৰ প্ৰসাৰৰ বাবে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ আৰু কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ পৰিচিতিমূলক ভ্ৰমণক উৎসাহিত কৰে।

 

৯. স্বাস্থ্য:

সমগ্ৰ দেশতে প্ৰাথমিক স্বাস্থ্যসেৱাৰ এক সংহত আৰ্হিৰ ওপৰত নেপাল চৰকাৰে দিয়া গুৰুত্বৰ সৈতে স্বাস্থ্যৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীৰ যথেষ্ট সামঞ্জস্য আছে। বৰ্তমানৰ পৰিপূৰক দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি আৰু এই ক্ষেত্ৰত অধিক শক্তিশালী সহযোগিতা গঢ়ি তুলিবলৈ দুয়োপক্ষই:

(১) নেপাল চৰকাৰৰ প্ৰয়োজনীয়তা অনুসৰি স্বাস্থ্য উপকেন্দ্ৰ, প্ৰসূতি কেন্দ্ৰ আৰু চিকিৎসালয় নিৰ্মাণৰ বাবে ‘উচ্চ প্ৰভাৱশালী সামূহিক উন্নয়ন প্ৰকল্প’ (HICDP) পদ্ধতিৰ অধীনত প্ৰকল্প গ্ৰহণ অব্যাহত ৰাখি স্বাস্থ্যসেৱা আন্তঃগাঁথনি শক্তিশালী কৰিব।

(২) নেপালৰ ৰাষ্ট্ৰীয় চিকিৎসা পৰীক্ষাগাৰৰ উন্নীতকৰণৰ বাবে সহযোগিতা আগবঢ়াব।

(৩) সুলভ মূল্যত গুণগত মানৰ ঔষধৰ উপলব্ধতা উন্নত কৰিবলৈ ভাৰত-নেপাল জন ঔষধি কেন্দ্ৰ স্থাপন কৰিব।

(৪) নেপালৰ স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ সামৰ্থ্য বিকাশৰ বাবে ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা কাৰ্যসূচী (ITEC)-ৰ অধীনত স্বাস্থ্য সম্পৰ্কীয় ক্ষেত্ৰত বিশেষভাৱে প্ৰস্তুত কৰা প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰিব।

(৫) দুয়োখন দেশৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠানসমূহৰ মাজত সংযোগ স্থাপন কৰিব আৰু ছাত্ৰ-ছাত্ৰী তথা অধ্যাপকৰ বিনিময়ক উৎসাহিত কৰিব।

(৬) ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR) আৰু নেপাল স্বাস্থ্য গৱেষণা পৰিষদ (NHRC), লগতে ভাৰত (CDSCO) আৰু নেপালৰ (ঔষধ প্ৰশাসন বিভাগ) ঔষধ নিয়ন্ত্ৰক কৰ্তৃপক্ষসমূহৰ মাজত গৱেষণামূলক সহযোগিতা সুদৃঢ় কৰিব।

 

১০. কৃষি:

অভিজ্ঞতা বিনিময়, প্ৰশিক্ষণ আৰু কাঠামোগত নথি চূড়ান্ত কৰাকে ধৰি এই ক্ষেত্ৰত ভাৰত আৰু নেপালৰ মাজত যথেষ্ট বিনিময় হৈ আহিছে। এই খণ্ডত ভৱিষ্যতমুখী অংশগ্ৰহণ অধিক বৃদ্ধি কৰাৰ বাবে দুয়োপক্ষই:

(১) নেপালৰ কৃষিজাত সামগ্ৰীসমূহৰ মূল্য সংযোজনৰ বাবে ভাৰতৰ অনুদান সাহায্যৰে চিতৱানত এখন কৃষি-ঔদ্যোগিক পাৰ্ক স্থাপন কৰিব।

(২) ভাৰতীয় কৃষি গৱেষণা পৰিষদ (ICAR) আৰু নেপাল কৃষি গৱেষণা পৰিষদ (NARC)-ৰ মাজত ২০২৬-২০৩০ বৰ্ষৰ কাৰ্যপৰিকল্পনাৰ ৰূপায়ণ ত্বৰান্বিত কৰিব।

(৩) নেপালৰ বিষয়া, কৃষক আৰু অন্যান্য কৃষি সম্পৰ্কীয় পেছাদাৰীসকলৰ সামৰ্থ্য বিকাশৰ বাবে কৃষি আৰু পশুপালন সম্পৰ্কীয় ক্ষেত্ৰত বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰিব।

(৪) নেপালত এটা আই চি এ আৰ (ICAR) উৎকৰ্ষ কেন্দ্ৰ স্থাপন কৰিব, আগশাৰীৰ কৃষি বিশ্ববিদ্যালয়সমূহক সংযুক্ত কৰিব, আৰু কৃষি তথা পশুপালনৰ ক্ষেত্ৰত নেপালী বিষয়া, কৃষক আৰু উদ্যোগীসকলৰ বাবে উপযোগী প্ৰশিক্ষণৰ আয়োজন কৰিব।

 

ৰূপায়ণ পদ্ধতি:

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে নেপালৰ বৈদেশিক সচিব আৰু ভাৰতৰ ৰাষ্ট্ৰদূতৰ নেতৃত্বত উচ্চ-স্তৰীয় নিৰীক্ষণ গোট সক্ৰিয় কৰাৰ সিদ্ধান্ত লয়। এই নিৰীক্ষণ গোটে ছমাহত অন্ততঃ এবাৰকৈ বৈঠকত মিলিত হৈ পৰিকল্পিত প্ৰকল্প, ধাৰণা আৰু পদক্ষেপসমূহৰ খৰতকীয়া ৰূপায়ণ সুনিশ্চিত কৰিব আৰু সংশ্লিষ্ট অনুমোদনসমূহৰ সুবিধা প্ৰদান কৰিব।

 

দুয়োগৰাকী নেতাই সহমত প্ৰকাশ কৰে যে উচ্চ-স্তৰীয় নিৰীক্ষণ গোটে দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰীসকলৰ সহ-অধ্যক্ষতাত গঠিত ভাৰত-নেপাল যুটীয়া আয়োগৰ ওচৰত নিজৰ প্ৰতিবেদন দাখিল কৰিব। নেতাদ্বয়ে সিদ্ধান্ত লয় যে ভাৰত-নেপাল যুটীয়া আয়োগৰ পৰৱৰ্তী বৈঠক ২০২৭ চনত অনুষ্ঠিত হ’ব।

 

প্ৰধানমন্ত্ৰীদ্বয়ে আস্থা ব্যক্ত কৰে যে এই যুটীয়া দৃষ্টিভংগী নথিয়ে দুয়োখন বন্ধুৰাষ্ট্ৰৰ মাজত এক উচ্চাকাংক্ষী, আধুনিক আৰু পাৰস্পৰিকভাৱে লাভজনক অংশীদাৰিত্বৰ ৰূপৰেখা প্ৰদান কৰিছে, আৰু এই উমৈহতীয়া দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ দিশত কাম কৰিবলৈ তেওঁলোকে ভাৰত আৰু নেপাল দুয়োখন দেশৰ বিষয়াসকলক নিৰ্দেশ দিয়ে।

.

 

****

MJPS/SS/VJ/DB