Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২৯ নৱেম্বৰত ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬  চনৰ ২৯ নৱেম্বৰত সন্ধিয়া ৬ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই উপলক্ষে তেওঁ সমবেত ৰাইজক সম্বোধন কৰিব।

১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত অসমৰ শদিয়াত ড০ ভূপেন হাজৰিকাৰ জন্ম হৈছিল । ‘সুধাকান্ত’ আৰু ‘ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাৰণ কবি’ ( বাৰড অব ব্ৰহ্মপুত্ৰ)  হিচাপে খ্যাত ড০ হাজৰিকাৰ অসম আৰু ৰাষ্ট্ৰৰ সাংস্কৃতিক ইতিহাসত  আছে এক বিশেষ স্থান। এজন কিংবদন্তি কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু লেখক হিচাপে তেখেতে নিজৰ সৃষ্টিশীল কৰ্মৰাজিৰ জৰিয়তে সাধাৰণ মানুহৰ আশা-আকাংক্ষা আৰু আৱেগক ভাষা দিছিল। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ লোক-পৰম্পৰাৰ সৈতে গভীৰভাৱে জড়িত তেখেতৰ সংগীতে ভাষা আৰু ভৌগোলিক সীমা অতিক্ৰম কৰি অঞ্চলটোৰ চহকী সাংস্কৃতিক ঐতিহ্যক ভাৰতৰ লগতে বিশ্বৰ দৰ্শক-শ্ৰোতাৰ মাজলৈ লৈ গৈছিল।

তেওঁৰ শৈল্পিক অৱদানৰ বাহিৰেও, ড০ হাজৰিকা এৰাকী মানৱতাবাদী আৰু সামাজিক চিন্তাবিদ আছিল। তেওঁৰ কৰ্মই সমতা, মানৱ মৰ্যাদা, সামাজিক সম্প্ৰীতি আৰু বিশ্ব ভাতৃত্ববোধক উৎসাহিত কৰিছিল। অসমৰ সাংস্কৃতিক পৰিচয় শক্তিশালী কৰা আৰু ভাৰতৰ বৈচিত্ৰ্যময় সাংস্কৃতিক ঐতিহ্য সমৃদ্ধ কৰাৰ ক্ষেত্ৰত তেওঁ বিশেষ অৰিহণা যোগাইছিল। ভাৰতীয় সংগীত, চলচ্চিত্ৰ আৰু সংস্কৃতিলৈ ব্যতিক্ৰমী অৱদানৰ বাবে তেওঁ দাদাচাহেব ফাল্কে বঁটাকে ধৰি কেইবাটাও সন্মানীয় বঁটা লাভ কৰিছিল। ২০১৯ চনত তেওঁক মৰণোত্তৰ ভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল।

সংগীত, সাহিত্য, চলচ্চিত্ৰ আৰু সমাজলৈ ড০ হাজৰিকাৰ অৱদানক পুনৰ দৰ্শন আৰু পুনৰ আৱিষ্কাৰ কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে ২০২৫ চনৰ ৮ ছেপ্টেম্বৰত জন্ম শতবাৰ্ষিকী উদযাপন আৰম্ভ হয়। এই কাৰ্যসূচীসমূহে তেওঁৰ আদৰ্শৰ প্ৰাসংগিকতা, সৃষ্টিশীল প্ৰতিভাৰ কালজয়ী আবেদন আৰু মানৱতা, সম্প্ৰীতি তথা বিশ্ব ভাতৃত্ববোধৰ বাৰ্তাৰ ওপৰত আলোকপাত কৰিছে।

******

NKRM/SS/SS/MK