Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

লক্ষ্মণৰাও ইমানদাৰৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজিত সহকাৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ উপস্থিতি

লক্ষ্মণৰাও ইমানদাৰৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজিত সহকাৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ উপস্থিতি

লক্ষ্মণৰাও ইমানদাৰৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজিত সহকাৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ উপস্থিতি

লক্ষ্মণৰাও ইমানদাৰৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজিত সহকাৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ উপস্থিতি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত লক্ষ্মণৰাও ইমানদাৰৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজিত সহকাৰ সন্মিলনত উপস্থিত থাকে।

উপস্থিত ৰাইজৰ আগত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ দেশখন ‘বহুৰত্ন বসুধৰা’ য’ত বিভিন্ন সময়ত বিভিন্ন ব্যক্তিয়ে নিজৰ ধৰণে মহান বৰঙণি যোগাই থৈ গৈছে। যদিও তাৰে বহুতৰ কথা মিডিয়াত চৰ্চিত হৈ থাকে, বহুজন আকৌ মহান বৰঙণি স্বত্তেও ৰাইজৰ অগোচৰে থাকি যায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে উকীল চাহাৱ – লক্ষ্মণৰাও ইমানদাৰ তেনে এজন ব্যক্তি। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যদিও মানুহে নাজানিছিল, প্ৰথম সমবায় আন্দোলনৰ নীতি প্ৰতিষ্ঠাতা আছিল তেওঁ। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰী ইমানদাৰে এই নীতি মানি চলিছিল আৰু তেওঁৰ জীৱনটো বহুতৰে বাবে প্ৰেৰণাৰ উৎস।

প্ৰধানমন্ত্ৰীগৰাকীয়ে চহৰ আৰু গ্ৰাম্যাঞ্চলত সামঞ্জস্যপূৰ্ণ বিকাশ ঘটোৱাৰ লগতে ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্যৰ কথাও আলোচনা কৰে।তেওঁ কয় যে এই লক্ষ্যসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত সমবায় আন্দোলনে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সমবায় আন্দোলনৰ আত্মা এতিয়াও গ্ৰাম্যাঞ্চলৰ লগত জড়িত হৈ আছে আৰু তাক সংৰক্ষণ কৰা দৰকাৰ। তেওঁ শ্ৰী ইমানদাৰৰ মন্ত্ৰ ‘বিনা সংস্কাৰ, নাই সহকাৰ’ৰ কথাও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি কয় যে কৃষকসকলে ক্ৰয় কৰে খুচুৰা ব্যৱসায়ীৰপৰা, কিন্তু বিক্ৰী কৰে পাইকাৰী দৰত। মধ্যভোগী নোহোৱা কৰি আয় বৃদ্ধি কৰিবলৈ এইটো প্ৰক্ৰিয়া ওলোটা হোৱা অতি প্ৰয়োজন। দুগ্ধ সমবায়ৰ উদাহৰণ ডাঙি ধৰি তেওঁ কয় যে মানুহৰ সমস্যা সমাধানৰ ক্ষমতা সমবায় আন্দোলনৰ আছে। তেওঁ লগতে কয় যে সমবায় আন্দোলনৰ লগত ভাৰতীয় প্ৰকৃতি আৰু সমাজৰ সামঞ্জস্য আছে। তেওঁ ইউৰিয়াত নিমৰ প্ৰলেপ দিয়া, মৌ-পালন, সাগৰীয় গছৰ খেতি আদি ক্ষেত্ৰৰ কথা উল্লেখ কৰে য’ত সমবায় আন্দোলনে গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰী লক্ষ্মণৰাও ইমানদাৰৰ জীৱনভিত্তিক এখন আৰু ‘নাইন জেমছ অৱ ইন্দিয়ান কোপাৰেটিভ মুভমেন্ট’ নামৰ এখন গ্ৰন্থও উন্মোচন কৰে। উক্ত অনুষ্ঠানত তেওঁ সমবায় ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা বঁটাও প্ৰদান কৰে।

****

AKT/NT/PRK