Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দীনদয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকীৰ উপলক্ষে অ’এনজিচিক প্ৰত্যাহ্বান প্ৰধানমন্ত্ৰীৰ


দীনদয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকীৰ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেল আৰু প্ৰাকৃতিক গেছ নিগম, চমুকৈ অ’এনজিচিক প্ৰত্যাহ্বান গ্ৰহণৰ বাবে আহ্বান জনায়। এই উপলক্ষে আয়োজিত সৌভাগ্য যোজনাৰ (SAUBHAGYA Yojana) এক অনুষ্ঠানত অ’এনজিচিৰ বিষয়া-কৰ্মচাৰীসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে বিদ্যুতৰ দ্বাৰা চলাব পৰা এক ইলেক্ট্ৰিক চুলা নিৰ্মাণৰ বাবে আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই অভিনৱ উদ্ভাৱনে ইন্ধনৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব। তেওঁ কয় যে যিসময়ত বিশ্বই বৈদ্যুতিক গাড়ীৰ নিৰ্মাণৰ প্ৰতি আগবাঢ়িছে, ভাৰতত বৈদ্যুতিক গাড়ীৰ পৰিৱৰ্তে ইলেক্ট্ৰিক চুলা নিৰ্মাণে দেশবাসীৰ অভাৱ পুৰণ কৰিব। তেওঁ অ’এনজিচিক ষ্টাৰ্ট-আপ আৰু তৰুণ উদ্ভাৱকসকলক এই ক্ষেত্ৰত নতুনত্ব উদ্ভাৱনৰ প্ৰতি আহ্বান জনাবলৈ কয়।

*****

AKT/HS/DB