Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভিডিঅ’ কনফাৰেন্সযোগে হৰিদ্বাৰত উমিয়া ধাম আশ্ৰমৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে সমবেত ৰাইজক সম্বোধন প্ৰধানমন্ত্ৰীৰ


ভিডিঅ’ কনফাৰেন্সযোগে হৰিদ্বাৰত উমিয়া ধাম আশ্ৰমৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে সমবেত ৰাইজক সম্বোধন প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে হৰিদ্বাৰত উমিয়া ধাম আশ্ৰমৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়ায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ আধ্যাত্মিক প্ৰতিষ্ঠানসমূহে সামাজিক সংস্কাৰ তথা ইয়াৰ প্ৰসাৰৰ কেন্দ্ৰ হিচাপে ভূমিকা পালন কৰি আহিছে। তেওঁ পৰ্যটনক ভাৰতৰ এটা প্ৰাচীন ধাৰণা আৰু এক আধ্যাত্মিক পৰম্পৰা হিচাপে অভিহিত কৰে। আজি উদ্বোধন কৰা আশ্ৰমে হৰিদ্বাৰলৈ অহা তীৰ্থযাত্ৰীসকলক উপকৃত কৰিব বুলি কয় প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে ‘যাত্ৰা’ আমাৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। যাত্ৰাৰ জৰিয়তেহে আমি বিভিন্ন ঠাইৰ সৈতে পৰিচিত হ’ব পাৰো, অন্যথা আমি সেইবোৰ কেতিয়াও নেদেখিলোহেতেন।

প্ৰধানমন্ত্ৰীয়ে কয় যে মা উমিয়াৰ ভক্তসকলে কৰা কামে বহু লোকক ধন্য কৰিছে। তেওঁলোকে লিংগ সমতাৰ হকে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিছে। তেওঁ বিশেষকৈ মেহছানা জিলাৰ মহিলাসকলক ধন্যবাদ জনায়, যিসকলে “বেটী বচাও, বেটী পঢ়াও” বাৰ্তা বিভিন্ন লোকৰ মাজত বহন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে মা উমিয়াৰ সকলো ভক্তক স্বচ্চ ভাৰত অভিযানক সবল কৰি স্বচ্ছগ্ৰহী হ’বলৈ আহ্বান জনায়।

***

AKT/HS/DB