পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰতৰ নিৰাপত্তা আৰু বিনিময় বোৰ্ড (SEBI) আৰু জিব্ৰাল্টাৰ বিত্তীয় সেৱা আয়োগৰ মাজত পাৰস্পৰিক সহযোগিতা আৰু কাৰিকৰী সহায়ৰ বাবে বুজাবুজি চুক্তিত অনুমোদন জনায়।
এই বুজাবুজি চুক্তিয়ে দুয়োটা নিয়ন্ত্ৰকৰ মাজত অধিক উন্নয়নমুলক অৰ্থনৈতিক কাম-কাজৰ সদচে সহযোগিতা বৃদ্ধি কৰিব আৰু দুয়ো দেশৰ নিৰাপত্তাজনিত বজাৰ ব্যৱস্থাৰ ফলপ্ৰসু উন্নয়নমুলক পৰিৱেশ সৃষ্টি কৰিব। তদুপৰি, এই বুজাবুজি চুক্তিয়ে দুয়ো দেশৰ মাজত তথ্য আদান-প্ৰদানৰ পৰিকাঠামো সৃষ্টিত শক্তিশালী বৰঙণি আগবঢ়াব। ইয়াৰ দ্বাৰা এইটো আশা কৰা হৈছে যে ছেবি আৰু জিব্ৰাল্টাৰ এফএছচিৰ বৈদেশিক পাৰস্পৰিক সহযোগিতা আৰু নিয়ামক গতিবিধিৰ মুল্য চামিল কৰা হ’ব।
***
AKT/VBA/SH/DB