Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বাংগালুৰুত দশম সৌন্দর্য লহৰী মহাসমর্পণ অনুষ্ঠানত ভাগ ল’লে প্ৰধানমন্ত্ৰীয়ে


প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে দেওবাৰ বাংগালুৰুত দশম সৌন্দর্য লহৰী মহাসমর্পণ অনুষ্ঠানত উপস্থিত থাকে। 

সৌন্দর্য লহৰী হ’ল আদি শংকৰাচার্য ৰচিত শ্লোকৰ এক বিশেষ সংকলন। অনুষ্ঠানত উপস্থিত জনসাধাৰণে একেলগে সৌন্দর্য লহৰীৰ শ্লোক উচ্চাৰণ কৰে।
এই উপলক্ষে প্রধানমন্ত্রীয়ে কয় যে এই সামূহিক শ্লোক আৰু মন্ত্রোচ্চাৰণৰ পৰিৱেশত তেওঁ এক বিশেষ উৎসাহ আৰু উদ্যম লাভ কৰিছে। 

কেইদিনমানৰ আগতে তেওঁৰ কেদাৰনাথ ভ্ৰমণৰ অভিজ্ঞতাৰ স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অতি ভিতৰুৱা অঞ্চলৰ লগতে ভাৰতৰ অন্যান্য স্থানতো আদি শংকৰাচার্যই তেওঁৰ সীমিত জীৱনকালত যিবোৰ কাম কৰি গৈছে, সেয়া দেখি তেওঁ অভিভূত হৈ পৰিছে। বেদ আৰু উপনিষদৰ জৰিয়তে আদি শঙ্কৰাচার্যই ভাৰতক একতাৰ দোলেৰো বান্ধিছিল কয় প্ৰধানমন্ত্ৰীয়ে। 

প্রধানমন্ত্রীয়ে কয় যে আদি শংকৰাচাৰ্যৰ সৌন্দর্য লহৰীৰ সৈতে সাধাৰণ মানুহে অতি সহজতে নিজক খাপ খুৱাই ল’ব পাৰে। শংকৰাচার্যই সমাজৰ পৰা কুফল আৰু কুপ্রথাসমূহ দূৰ কৰিব পাৰিছিল। এইবোৰে যাতে ভৱিষ্যৎ প্রজন্মৰ জীৱনক দুর্বিষহ কৰি তুলিব নোৱাৰে, সেই বিষয়ে তেওঁ বিশেষ সজাগ আছিল।
প্রধানমন্ত্রী মোদীয়ে কয় যে আদি শংকৰাচার্যই বিভিন্ন মতাদর্শ আৰু চিন্তাভাৱনাৰ শ্রেষ্ঠ বিষয়সমূহ অনুসৰণ কৰিছিল। ভাৰতীয় সংস্কৃতিৰ বর্তমান ৰূপ আৰু আকাৰত আদি শংকৰাচাৰ্যৰ প্রভাৱ অনস্বীকার্য। এই সংস্কৃতি আজি সর্বজনগ্রাহ্য হৈ উঠিছে। কেৱল ইমানেই নহয়, সেইবোৰ বৰ্তমান ক্রমান্বয়ে প্রসাৰতা লাভ কৰিছে। এই সংস্কৃতিয়েই হ’ল প্রকৃততে নতুন ভাৰত গঠনৰ ভিত্তি। ‘সব কা সাথ, সব কা বিকাশ’–এই মন্ত্রকে সাৰোগত কৰি এক নতুন ভাৰত নিৰ্মাণৰ দিশে অগ্ৰসৰ হৈছে। 

ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ মাজত সকলো ধৰণৰ বৈশ্বিক সমস্যা সমাধান নিহিত আছে– বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে প্রকৃতিৰ ওপৰত কৰা শোষণৰ বিৰুদ্ধে ভাৰতৱর্ষ সদায় সৰৱ।
প্রধানমন্ত্রীয়ে কয় যে আগতে ৩৫০ টকাতকৈও অধিক দামত এলইডি বাল্ব বিক্রী হৈছিল। কিন্তু বর্তমানে ‘উজ্জ্বলা’ আঁচনিৰ অধীনত সেয়া ৪০-৪৫ টকাৰ বিনিময়তে পোৱা যায়। প্ৰধানমন্ত্ৰীয়ে দেশত বৰ্তমানলৈকে ২৭ কোটিতকৈও অধকি এলইডি বাল্ব বিতৰণ কৰা হৈছে বুলি ভাষণ প্রসংগত উল্লেখ কৰে। প্রধানমন্ত্রীয়ে কয় যে এলইডি বাল্ব ব্যৱহাৰৰ ফলত বিদ্যুতৰ বিলত উল্লেখনীয় ৰাহি হৈছে। 

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ‘উজ্জ্বলা’ যোজনাৰ অধীনত ৩ কোটিতকৈও অধিক এলপিজি সংযোগ দিয়া হৈছে। ইয়াৰ ফলত গ্রামাঞ্চলৰ মহিলাসকলৰ প্রাত্যহিক জীৱনত এক ইতিবাচক পৰিৱর্তন লক্ষ্য কৰা গৈছে। ইয়াৰ সমান্তৰালভাৱে প্ৰদূষণমুক্ত পৰিৱেশ গঢ়ি তোলাতো এই আঁচনিয়ে বিশেষভাবে সহায় কৰিছে। 

প্রধানমন্ত্রীয়ে কয় যে ভাৰতত বৰ্তমান নিৰক্ষৰতা, অজ্ঞতা, অপুষ্টি দুৰীকৰণ, ক’লা ধন তথা দুর্নীতিমুক্ত এখন সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে সর্বতো প্ৰকাৰৰ প্রচেষ্টা অব্যাহত ৰখা প্রয়োজন।

***

AKT/SH/DB