Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আন্তঃৰাষ্ট্ৰীয় ন্যায়িক আদালতলৈ পুনৰ নিৰ্বাচিত হোৱাৰ বাবে ন্যায়িক দলবীৰ ভাণ্ডাৰীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় ন্যায়িক আদালতলৈ পুনৰ নিৰ্বাচিত হোৱা ন্যায়িক দলবীৰ ভাণ্ডাৰীক অভিনন্দন জনাইছে।

এক শুভ বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “আন্তঃৰাষ্ট্ৰীয় ন্যায়িক আদালতলৈ পুনৰ নিৰ্বাচিত হোৱা ন্যায়িক দলবীৰ ভাণ্ডাৰীক মই অভিনন্দন জনাইছো। তেওঁৰ পুনৰ নিৰ্বাচিত হোৱা বিষয়টোৱে আমাক গৌৰৱান্বিত কৰিছে।

আইচিজেলৈ ভাৰত পুনৰ নিৰ্বাচিত হোৱাৰ ক্ষেত্ৰত লোৱা কূটনৈতিক অভিযান আৰু নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী সুষমা স্বৰাজৰ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সম্পূ্ৰ্ণ দলটোলৈ অভিনন্দন জ্ঞাপন কৰিছো। ইউএনজিএৰ লগতে ইউএনএছচিৰ সকলো সদস্যই জনোৱা সমৰ্থন আৰু ভাৰতৰ প্ৰতি তেওঁলোকৰ বিশ্বাসৰ বাবে তেওঁলোকক কৃতজ্ঞতা জনাইছো।”

***

AKT/AK/DB