Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ হাতত অৰ্পণ কৰিলে আই এন এচ কালৱেৰি

প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ হাতত অৰ্পণ কৰিলে আই এন এচ কালৱেৰি

প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ হাতত অৰ্পণ কৰিলে আই এন এচ কালৱেৰি

প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ হাতত অৰ্পণ কৰিলে আই এন এচ কালৱেৰি


প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ হাতত অৰ্পণ কৰিলে আই এন এচ কালৱেৰি

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইত অনুষ্ঠিত এক অনুষ্ঠানত দেশবাসীৰ হাতত অৰ্পণ কৰিলে নৌসেনাৰ ছাৱমেৰিণ আই এন এচ কালৱেৰি।

ভাৰতবাসীক অভিনন্দন জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ই ‘মে’ক ইন ইণ্ডিয়া’ পদক্ষেপৰ সফল উদাহৰণ।তেওঁ ইয়াৰ লগত জড়িত সকলোকে অভিনন্দন জনায়। তেওঁ কয় যে এইখন ছাৱমেৰিণে ভাৰত আৰু ফ্ৰান্সৰ কূটনৈতিক সম্পৰ্কক অধিক শক্তিশালী কৰাৰ লগতে ভাৰতীয় নৌসেনাক অধিক দক্ষ কৰি তুলিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ২১ শতিকা হ’ল এচিয়াৰ শতিকা। তেওঁ লগতে কয় যে ২১ শতিকাত উন্নয়নৰ পথ সমূদ্ৰৰ যোগেৰে হ’ব। সেয়ে ভাৰতীয় সমূদ্ৰসমূহক চৰকাৰে বিশেষ গুৰুত্ব দিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অঞ্চলটোৰ সকলোৰে সুৰক্ষা আৰু শ্ৰীবৃদ্ধিতেই তেখেতৰ লক্ষ্য আৰু দৃষ্টি নিৱদ্ধ হৈ আছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত মহাসাগৰৰ বিশ্বামনৰ কূটনৈতিক আৰু অৰ্থনৈতিক আগ্ৰহ সম্পৰ্কে ভাৰত চৰকাৰ অতিশয় সজাগ হৈ আছে।তেওঁ লগতে কয় যে অঞ্চলটোৰ শান্তি সমৃদ্ধি অক্ষুন্ন ৰখাৰ ক্ষেত্ৰত ভাৰতীয় নৌসেনাই প্ৰধান ভূমিকা গ্ৰহণ কৰি আহিছে।

তেওঁ কয় যে সমূদ্ৰৰ ভিতৰত দেশৰ অৰ্থনৈতিক উন্নয়নৰ সঁচাৰ কাঠি লুকাই আছে। সেয়ে ভাৰতে সমূদ্ৰৰ পৰা সৃষ্টি হ’ব পৰা সন্ত্ৰাসবাদ, পাইৰেচি, ড্ৰাগচৰ বে-আইনী বেহা আদি সমস্যা যি কেৱল ভাৰতৰে নহয় আন আন ৰাষ্ট্ৰকো প্ৰভাৱিত কৰে, সেই প্ৰত্যাহ্বানসমূহৰ বিষয়ে অতিশয় সজাগ হৈ আছে।এই প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

তেওঁ কয় যে বিশ্বৰ দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বই এটা পৰিয়ালৰ দৰে কাম কৰিব লাগিব। বিপদৰ সময়ত ভাৰতে অংশীদাৰ দেশসমূহৰ ভিতৰত প্ৰথম সঁহাৰি দিওঁতাৰ ভূমিকা গ্ৰহণ কৰি আহিছে। ভাৰতীয় সুৰক্ষা ব্যৱস্থাৰ মানৱীয় মূল্যবোধ আমাৰ বিশেষত্ব। মানৱীয় মূল্যবোধ বজাই ৰাখিবলৈ ভাৰত শক্তিশালী আৰু দক্ষ হৈ উঠিব লাগিব।তেওঁ কয় যে বিশ্বৰ সকলো দেশে শান্তি, সমৃদ্ধি আৰু সুস্থিৰতাৰ বাবে ভাৰতৰ সৈতে লগ হ’ব খোজে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সুৰক্ষা ব্যৱস্থাৰ লগত জড়িত এই সমগ্ৰ পৰিস্থিতিতন্ত্ৰটো যোৱা তিনিটা বছৰত সলনি হৈছে। আই এন এচ কালৱেৰি সাজি উলিয়াওতে যি ধৰণৰ দক্ষতা ব্যৱহৃত হৈছে সি ভাৰতৰ বাবে সম্পদ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ‘এক স্থিতি, এক স্থান’ বিষয়ৰ বহুদিনৰ পৰা পৰি থকা সমস্যা চৰকাৰৰ সহযোগত সমাধান হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ নিৰ্মূল কৰাৰ বাবে সশস্ত্ৰ সেনাৰ ব্যৱহাৰ কৰাৰ চৰকাৰী নীতি সুনিশ্চিত কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ সুৰক্ষাৰ বাবে উছৰ্গিত সকলো জীৱনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

***

AKT/HS/PRK