Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাইলৈ মিজোৰাম আৰু মেঘালয় ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী; উদ্বোধন কৰিব কেইবাটাও উন্নয়নমূলক প্ৰকল্প


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মিজোৰাম আৰু মেঘালয় ভ্ৰমণ কৰিব আৰু এই ভ্ৰমণকালত তেওঁ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব৷

‘’
“মনোৰম উত্তৰ-পূৰ্বাঞ্চলে ৰিঙিয়াই মাতিছে৷ কাইলৈ মিজোৰাম আৰু মেঘালয় ভ্ৰমণক লৈ মই অত্যন্ত আগ্ৰহী৷ তাত মই কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিম৷ এই প্ৰকল্পসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন যাত্ৰাক অধিক তৰাত্বিত কৰিব৷
এয়া মোৰ সৌভাগ্য যে কাইলৈ আইজলত এক অনুষ্ঠানত টুইৰিয়াল জলবিদ্যুৎ প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা কৰিব পাৰিম৷ এই প্ৰকল্পৰ সম্পূৰ্ণতা মিজোৰামবাসীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷

আমাৰ যুৱ শক্তিক উদগণি যোগাবলৈ ড’নাৰ মন্ত্ৰালয়ে ১০০ কোটিৰ নৰ্থ-ইষ্ট ভেনচাৰ কেপিটেল ফাণ্ড গঠন কৰিছে৷ কাইলৈ মই এই ফাণ্ডৰ পৰা যুৱ উদ্যোগীসকলক চেক বিতৰণ কৰিম৷

ইফালে, শ্বিলঙত এখ অনুষ্ঠানত মই শ্বিলং-নংষ্ট’ইন-ৰংজেং-তুৰা পথ মুকলি কৰিম৷ এই প্ৰকল্পই অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা সুচল কৰিব আৰু অৰ্থনৈতিক বিকাশ সাধন কৰিব৷ তাত মই এখন ৰাজহুৱা সভাতো সম্বোধন কৰিম৷
উত্তৰ-পূৰ্বাঞ্চলত আমি প্ৰচুৰ সম্ভাৱনা দেখিবলৈ পাইছো আৰু এই অঞ্চলটোৰ সামগ্ৰিক প্ৰগতিৰ বাবে আমি সকলো কৰিবলৈ সংকল্পবদ্ধ৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷

***

AKT/NT/SH/MS