পি এম ইণ্ডিয়া
টেকানপুৰস্থিত বিএছএফ একাডেমীত অনুষ্ঠিত ডিজিপি আৰু আইজিপিৰ সন্মিলনৰ সামৰণি অনুষ্ঠানত আজি উপস্থিত থাকে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী৷
২০১৪ৰ পৰা দিল্লীৰ বাহিৰত পাতিবলৈ লোৱাৰ পাছতে সন্মিলনৰ ৰেহ-ৰূপ কিদৰে সলনি হ’ল, সেই কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই পৰিৱৰ্তনৰ বাবে বিষয়-ববীয়াসকলক প্ৰশংসা কৰে৷ তেওঁ কয় যে সন্মিলনখন এতিয়া অধিক প্ৰাসংগিক হৈ উঠিছে আৰু ইয়াৰ আলোচনাৰ মান উন্নত হৈছে৷
দেশৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত সুৰক্ষা বিষয়াসকলক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সন্মিলনত গোট খোৱা বিষয়াসকলে বেছিভাগ সময় নেতিবাচক পৰিৱেশৰ মাজত কাম কৰিও দক্ষতাৰে নেতৃত্ব দি আহিছে৷
এই সন্মিলনখনে শীৰ্ষ আৰক্ষী বিষয়াসকলক সমস্যা আৰু প্ৰত্যাহ্বানক এক সামগ্ৰিক দৃষ্টিকোণেৰে চোৱাৰ সুযোগ দিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ তেওঁ লগতে কয় যে সন্মিলনত আলোচিত বিষয়বস্তুৰ প্ৰসাৰ বিগত দুবছৰ ধৰি অধিক ব্যাপক হৈ পৰিছে৷ ইয়ে জেষ্ঠ আৰক্ষী বিষয়াসকলক এক নতুন দৃষ্টিভংগী প্ৰদান কৰিব৷
সন্মিলনৰ গুৰুত্ব ইয়াতকৈও অধিক বৃদ্ধি কৰাৰ বিষয়ত আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কৰ্ম গোটৰ জৰিয়তে গোচৰসমূহ নিষ্পত্তিৰ দিশে আগুৱাই নিয়া উচিত৷ এই সন্দৰ্ভত তেওঁ বিশেষকৈ যুৱ বিষয়াক জড়িত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে৷ ইয়ে আৰক্ষীৰ কাৰ্যকাৰিতা অধিক ফলপ্ৰসু কৰিব৷
অবৈধ ধনৰ লেনদেন ৰোধ কৰিবলৈ তথ্য-প্ৰযুক্তিৰ আমদানিৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বৰ সহমত বৃদ্ধি পাইছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই দিশত সফলতা অৰ্জনত ভাৰতে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে৷ সমগ্ৰ বিশ্বই এইক্ষেত্ৰত উদাৰতা প্ৰদৰ্শনৰ দৰে আমাৰ ৰাজ্যসমূহৰ মাজতো সুৰক্ষা বিষয়ত অধিক উদাৰতাৰ প্ৰয়োজন আহি পৰিছে৷ সুৰক্ষা বিষয়টো অকলে সমাধান কৰিব পৰা বিধৰ নহয় বুলিও তেওঁ কয়৷ সেইবাবে প্ৰচলিত ব্যৱস্থা ভংগ কৰি ৰাজ্যসমূহৰ মাজত তথ্যৰ আদান-প্ৰদান হ’লে সকলোৱে অধিক সুৰক্ষিত অনুভৱ কৰিব৷
প্ৰধানমন্ত্ৰীয়ে কয় যে চাইবাৰ সুৰক্ষাৰ সমস্যসমূহ তৎকালীনভাৱে মোকাবিলা কৰিব লাগে আৰু ই সৰ্বাধিক প্ৰাধান্য পোৱা উচিত৷ এই সন্দৰ্ভত তেওঁ ছ’চিয়েল মিডিয়াৰ গুৰুত্বৰ কথা বিশেষভাৱে উল্লেখ কৰে৷ অধিক কাৰ্যকাৰিতাৰ বাবে বাৰ্তাসমূহ স্থানীয় ভাষাৰ ওপৰত নিৰ্ভৰশীল হোৱা উচিত৷ মৌলবাদীৰ সমস্যা ৰোধ কৰিবলৈ প্ৰযুক্তি-কৌশল অৱলম্বন কৰিবলৈও প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়৷
দেশলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক লাভ কৰা আইবি বিষয়াসকলক প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত বঁটা প্ৰদান কৰে৷ পদকবিজয়ী বিষয়াসকলক অভিনন্দন জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ ত্যাগ আৰু সেৱাৰ শলাগ লয়৷
কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙৰ লগতে কেন্দ্ৰীয় গৃহ ৰাজ্যক মন্ত্ৰীদ্বয় শ্ৰী কিৰেণ ৰিজিজু আৰু শ্ৰী হংসৰাজ আহিৰো অনুষ্ঠানত উপস্থিত আছিল৷
AKT/HS/MS
Addressed the Valedictory Ceremony at the Conference of DGPs and IGPs in Tekanpur. Over the last three years, the nature and substance of these conferences has changed substantially. The new format has witnessed a marked improvement in the quality of ideas and discussions. pic.twitter.com/RjSOzBEmmF
— Narendra Modi (@narendramodi) January 8, 2018
The police conference has been very fruitful. We have got holistic perspectives on the problems and challenges as well as how to overcome them. Frank and broad based discussions are giving new vigour and vision to top police officials.
— Narendra Modi (@narendramodi) January 8, 2018
India will continue to play a strong role in furthering the emerging global consensus towards greater information sharing on illicit financial dealings. We are also committed to strengthening cyber security apparatus.
— Narendra Modi (@narendramodi) January 8, 2018
Urged police officers to break all silos that can affect policing. Also asked them to use social media effectively and increase communication in local languages.
— Narendra Modi (@narendramodi) January 8, 2018
Every Indian is proud of the bravery of our security apparatus. Their stupendous efforts keep our nation safe and secure. https://t.co/u0eA5zA2NJ
— Narendra Modi (@narendramodi) January 8, 2018