পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নাৰী শক্তি পুৰস্কাৰপ্ৰাপকসকলক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ সৈতে মত-বিনিময় কৰে৷
এই মত-বিনিময় অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে আমাৰ দেশৰ সংস্কৃতিৰ এক অভিন্ন অংগ হিচাপে অভিহিত কৰে ‘সেৱাই পৰম ধৰ্ম’ক৷
প্ৰধানমন্ত্ৰীয়ে কয় যে বঁটাপ্ৰাপকসকলে অইনৰ সেৱাৰ বাবে তেওঁলোকৰ জীৱন সমৰ্পন কৰি দিছে৷ তেওঁ কয় যে তেওঁলোকৰ প্ৰচেষ্টাৰ দ্বাৰা লাভৱান্বিত হোৱা লোকসকলতকৈও তেওঁলোকৰ অৱদান বহু দূৰ আগুৱাই গৈছে, আৰু দেশৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস হিচাপে তেওঁলোকে সেৱা আগবঢ়াই গৈছে৷ তেওঁ উল্লেখ কৰে যে নিস্বাৰ্থ সেৱাৰ প্ৰতিভূস্বৰূপ ‘ছিষ্টাৰ নিবেদিতা’ৰ ১৫০ তম জন্মজয়ন্তী পালন কৰিবলৈ লৈছে সমগ্ৰ দেশে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে সমাজ সেৱাৰ প্ৰতি যি আগ্ৰহ সেয়া ভাৰতীয় বৈশিষ্টৰ এক অংশ, আৰু সেয়া ধৰ্মশালা, গোশালা আৰু আনকি দেশৰ বিভিন্ন শিক্ষা ব্যৱস্থাৰ মাজেৰেও স্পষ্ট ৰূপত প্ৰতিফলিত হয়৷
অনুষ্ঠানত মহিলা আৰু শিশু উন্নয়ন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী মানেকা গান্ধীও উপস্থিত থাকে৷
***
AKT/SH/SBP/Rang
Had a wonderful interaction with recipients of the Nari Shakti Puraskar. Congratulated them on their exemplary contribution to society. https://t.co/q2PTJVqbCD pic.twitter.com/ijtf7l62OP
— Narendra Modi (@narendramodi) March 9, 2018