পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু ইৰাণৰ মাজত কৃষি তথা ইয়াৰ সম্পৰ্কীয় ক্ষেত্ৰসমূহত সহযোগিতাৰ বুজাবুজি পত্ৰৰ বাবে পূৰ্বৱৰ্তী প্ৰস্তাৱৰ অনুমোদন প্ৰদান কৰিছে৷
এই বুজাবুজি পত্ৰখনে কৃষি শস্য, কৃষি বিস্তাৰ, উদ্যান-পালন, যান্ত্ৰিক, পচ্ছাদ ফচল প্ৰযুক্তি, উদ্ভিদ সংযোজন ব্যৱস্থা, ঋণ আৰু সহযোগিতাৰ ক্ষেত্ৰত সমৰ্থন প্ৰদান কৰিব৷ তাৰোপৰি ই ভূমি সংৰক্ষণ আৰু জল ব্যৱস্থাপনা, সংবদ্ধ পুষ্টি ব্যৱস্থাপনা, বীজ প্ৰযুক্তি আৰু কৃষি বিপণন, লাইভষ্টক উত্তৰণ, দুগ্ধ উন্নয়ন, পশু স্বাস্থ্য আৰু অন্যান্য ক্ষেত্ৰসমূহ যেনে এই বুজাবুজি পত্ৰৰ অধীনত পাৰস্পৰিকভাৱে সন্মত হোৱা অংশসমূহৰ বাবেও সহযোগিতা প্ৰদান কৰে৷
এই সহযোগিতা বিশেষজ্ঞ, সামগ্ৰী আৰু তথ্যৰ বিনিময়, অধ্যয়ন পৰিদৰ্শন/প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰশিক্ষাৰ্থী তথা বিজ্ঞানীৰ বিনিময়, প্ৰাসংগিক কৰ্মশালাৰ ব্যৱস্থা আৰু অন্যান্য পাৰস্পৰিকভাৱে সন্মত হোৱা বিষয়সমূহৰ জৰিয়তেও প্ৰভাৱান্বিত হ’ব৷
এই বুজাবুজিৰ অধীনত, বুজাবুজি পত্ৰখন সম্পূৰ্ণ কৰাৰ বাবে পালন কৰিবলগীয়া কৰ্মসমূহ নিৰীক্ষণ কৰাৰ বাবে এখন সংবদ্ধ কৰ্ম গোট (জেডব্লিউজি) গঠন কৰা হ’ব৷ এই জেডব্লিউজেয়ে প্ৰতি দুই বছৰৰ মূৰে মূৰে বৈকল্পিকভাৱে ভাৰত আৰু ইৰাণত সন্মিলন অনুষ্ঠিত কৰিব৷ প্ৰাৰম্ভিক অৱস্থাত এই বুজাবুজি পত্ৰখন পাঁচ বছৰৰ বাবে বৈধ হ’ব আৰু ই এটা পক্ষই আনটো পক্ষক ইয়াক বন্ধ কৰিবলৈ নোকোৱা পৰ্যন্ত স্বয়ংক্ৰিয়ভাৱে পৰৱৰ্তী পাঁচ বছৰৰ বাবে সংবৰ্ধিত হ’ব৷
****
AKT/VBA/SH/MANN