Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আকাশবাণীত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ (২৫ মাৰ্চ, ২০১৮)


মোৰ শ্ৰদ্ধাৰ দেশবাসী,

আজি পবিত্ৰ ৰাম নৱমী। ৰাম নৱমীৰ এই পবিত্র দিনটোত দেশবাসীক বহুত বহুত শুভেচ্ছা জনাইছো। শ্ৰদ্ধাৰ বাপুজীৰ জীৱনত ৰাম নামৰ মাহাত্ম্য কিমান আছিল, তাক আমি তেওঁৰ জীৱনৰ প্রতিটো মুহূর্ততে দেখি আহিছো। যোৱা ২৬ জানুৱাৰীৰ কাৰ্যসূচীত আছিয়ানৰ সদস্য ৰাষ্ট্ৰসমূহৰ প্রতিনিধিসকলে ভাগ লৈছিল আৰু তেওঁলোকে লগত বিভিন্ন সাংস্কৃতিক দলো আনিছিল। অতি গৌৰৱৰ বিষয় এই যে তেওঁলোকৰ অধিকাংশ দেশেই আমাৰ সন্মুখত ‘ৰামায়ণ’কে উপস্থাপন কৰিছিল। অর্থাৎ কেৱল ভাৰতেই নহয়, পৃথিৱীৰ এই ভূখণ্ডত আছিয়ানৰ সদস্যভূক্ত দেশসমূহতো ৰাম আৰু ৰামায়ণৰ প্রেৰণা আৰু প্রভাৱ সমানেই আছে। মই পুনৰবাৰ আপোনালোক সকলোকে ‘ৰাম নৱমী’ৰ শুভকামনা জনাইছো!

মোৰ শ্ৰদ্ধাৰ দেশবাসী, প্রতিবাৰৰ দৰে এইবাৰো মই আপোনালোকৰ পৰা যথেষ্ট চিঠি, ই-মেইল, ফোন কল আৰু মতামত লাভ কৰিছো। মই সংস্কৃতৰ ‘অনলাইন পাঠ্যক্ৰম’ আৰম্ভ কৰাৰ বিষয়ে mygovত কোমল ঠাক্কৰে যি লিখিছিল সেয়া পঢ়িছো। তথ্যপ্রযুক্তি কর্মী হোৱাৰ সমান্তৰালভাৱে সংস্কৃতৰ প্রতি আপোনাৰ এই আগ্ৰহ দেখি মোৰ যথেষ্ট ভাল লাগিল। মই সংশ্লিষ্ট বিভাগক এই বিষয়ে আপোনাক যাৱতীয় তথ্য জনোৱাৰ বাবে আহ্বান জনাইছো। ‘মন কী বাত’ৰ যিসকল শ্রোতাই সংস্কৃতকলৈ কাম কৰিছে, মই তেওঁলোককো অনুৰোধ জনাওঁ, কোমল ঠাক্কৰেৰ এই প্রস্তাৱক কেনেদৰে আগুৱাই নিব পৰা যায়, সেই বিষয়ে চিন্তা-চৰ্চা কৰিব।

বিহাৰৰ নালন্দা জিলাৰ বৰাকৰ গাঁৱৰ শ্রী ঘণশ্যাম কুমাৰে ‘নৰেন্দ্র মোদী এপ’ত লিখা মতামত পঢ়িবলৈ পাইছো। ভূগর্ভৰ জলস্তৰ কমি যোৱাৰ প্রসংগত আপুনি যি উদ্বেগ প্রকাশ কৰিছে, সেয়া সচাই অতি চিন্তনীয়।

কর্ণাটকৰ শ্রী চকল শাস্ত্রীয়ে খুব সুন্দৰ ভাষাত লিখিছে, ‘আয়ুষ্মাণ ভাৰত’ তেতিয়াহে সম্ভৱ, যেতিয়া ‘আয়ুষ্মাণ ভূমি’ হ’ব। আৰু ‘আয়ুষ্মাণ ভূমি’ তেতিয়াহে সম্ভৱ, যেতিয়া আমি এই ভূমিত বসবাস কৰা প্রতিটো প্রাণীৰ প্ৰতি সজাগ হ’ম। আপুনি গ্রীষ্মকালত পশু-পক্ষীৰ বাবে পানীৰ ব্যৱস্থা কৰাৰ অনুৰোধ জনাইছে। চকল জী, আপোনাৰ চিন্তাধাৰাক মই সকলো শ্রোতা বন্ধুৰ ওচৰলৈ প্ৰেৰণ কৰিছো।

শ্রী যোগেশ ভদ্রেশাই মোক এইবাৰ যুবকসকলৰ স্বাস্থ্য প্রসংগত কিছু কোৱাৰ বাবে অনুৰোধ জনাইছিল। তেওঁৰ মতে অন্যান্য এছিয়া দেশসমূহৰ তুলনাত আমাৰ দেশৰ যুবকসকল শাৰীৰিকভাবে দুর্বল। যোগেশ জী, মই ভাবিলো এইবাৰ স্বাস্থ্য বিষয়ত সকলোৰে সৈতে বিশদভাৱে কথা ক’ম, ‘Fit India’ৰ কথা ক’ম আৰু আপোনালোকৰ দৰে উদীয়ামান যুবকসকলে ‘Fit India’ কার্যসূচীক আগুৱাই নিবলৈ সক্ষম হ’ব।

কিছুদিন আগতে ফ্রান্সৰ ৰাষ্ট্রপতি কাশীলৈ গৈছিল। বাৰাণসীৰ শ্রী প্রশান্ত কুমাৰ লিখিছে যে সেই যাত্রাৰ সকলো দৃশ্যই তেওঁৰ মন চুই যোৱাৰ লগতে ই অনুপ্রাণিত কৰিছে। তেওঁ আগ্রহ প্রকাশ কৰে গম পালে যে সেই ফটোবোৰ, ভিডিঅ’বোৰ ছ’চিয়েল মিডিয়াত প্রচাৰ কৰা উচিৎ। প্রশান্ত জী, ভাৰত চৰকাৰে সেই দিনাই সকলো ফটো ছ’চিয়েল মিডিয়া আৰু ‘নৰেন্দ্র মোদী এপ’ত শ্বেয়াৰ কৰিছে। আপোনালোকে সেইবোৰ ‘লাইক’ কৰি, ‘ৰি-টুইট’ কৰি আপোনালোকৰ চিনাকী লোকসকলৰ মাজত প্ৰচাৰ কৰিছে।

চেন্নাইৰ পৰা অংঘা আৰু জায়েশৰ লগতে কেইবাগৰাকী শিশুৱে ‘এক্সজাম ৱাৰিয়াৰ’ গ্ৰন্থখনিৰ শেষত যি Gratitude Cards দিয়া আছে, তাত তেওঁলোকে নিজৰ মনত যি যি ভাৱনা আহে, সেইবোৰত লিখি মোৰ ওচৰলৈ প্ৰেৰণ কৰিছে। অংঘা, জায়েশৰ দৰে সকলো শিশুক ক’ব খোজো যে তেওঁলোকে প্ৰেৰণ কৰা সকলো চিঠি পঢ়িলে মোৰ সমগ্ৰ দিনৰ ভাগৰ, পৰিশ্রম একেবাৰে ছু-মন্তৰ হৈ উৰি যায়। ইমানবোৰ চিঠি, ইমানবোৰ ফোন কল, মতামতৰ ভিতৰত যিবোৰ মই পঢ়িছো, যিবোৰ শুনিবলৈ পাইছে আৰু এইবোৰৰ মাজত বহুত বিষয় আছে, যি আমাৰ হৃদয়-মন চুঁই গৈছে। মই যদি কেৱল তেওঁলোকৰ বিষয়েই কথা কৈ থাকো, সম্ভৱতঃ কেইবা মাহ জুৰি ইয়াৰ উত্তৰকে দি থাকিব লাগিব।

এইবাৰৰ বেছিভাগ চিঠিয়েই শিশুসকলৰ পৰা লাভ কৰিছো। তেওঁলোকে তেওঁলোকৰ পৰীক্ষাৰ কথা লিখিছে, ছুটীৰ পৰিকল্পনা বিনিময় কৰিছে, এই গৰমত পশু-পক্ষীৰ পানীৰ ক্ষেত্ৰত হোৱা কষ্টৰ কথাও চিন্তা কৰিছে। ‘কিষাণ মেলা’ আৰু সমাৰোহক লৈ সমগ্ৰ দেশতে যি কাম-কাজ চলি আছে সেই বিষয়ে মোলৈ আমাৰ কৃষক ভাই-ভনীসকলে চিঠি প্ৰেৰণ কৰিছে। জলসংৰক্ষণৰ বিষয়ে একাংশ সচেতন নাগৰিকে মোলৈ পৰামর্শ প্ৰেৰণ কৰিছে। যেতিয়াৰ পৰা আকাশবাণীৰ জৰিয়তে মই এই জনপ্রিয় অনুষ্ঠান ‘মন কী বাত’ প্রচাৰ কৰিছো, তেতিয়াৰ পৰাই মই লক্ষ্য কৰিছো, এই গ্রীষ্মকাল আৰু গৰমৰ সংকটক লৈ অধিক হাৰত চিঠি আহে। পৰীক্ষাৰ আগতে পৰীক্ষার্থীসকলৰ পৰাও তেওঁলোকৰ পৰীক্ষাৰ দুশ্চিন্তাৰ চিঠিও মই লাভ কৰিছো। উৎসৱৰ বতৰত আমাৰ নানান উৎসৱ, আমাৰ সংস্কৃতি আৰু পৰম্পৰা সন্দৰ্ভত অনেক চিঠি আহিছে। অর্থাৎ এই ‘মন কী বাত’ বতৰ পৰিৱর্তনৰ সমান্তৰালভাৱে সলনি হৈছে। যি কি নহওঁক এই ‘মন কী বাতে’ একাংশ লোকৰ জীৱনৰ বতৰো সলনি কৰিছে। তদুপৰি, সলনি নহ’বই কিয়, আপোনালোকে পঠোৱা এই সকলো চিঠিৰ পাতে পাতে আপোনালোকৰ অনুভৱৰ কথা, আপোনালোকৰ প্রেৰণা, আপোনজনৰ ভাষা আৰু তাৰ লগতে নিজৰ মাতৃভূমিৰ প্রতি দায়বদ্ধতাৰ কথাও বাৰে বাৰে উচ্চাৰিত হৈছে। এই সকলো ভাৱনাই দেশৰ আমূল পৰিৱর্তনৰ শক্তি। যেতিয়া আপোনালোকে পঠোৱা চিঠি পঢ়ি মই জানিব পাৰো যে অসমৰ কৰিমগঞ্জ জিলাৰ আহমদ আলি নামৰ এগৰাকী ৰিক্সাচালকে নিজৰ ইচ্ছাশক্তিৰ বলত দুখীয়া শিশুসকলৰ বাবে নখন স্কুল গঢ়ি দিছে, তেতিয়াই এই দেশৰ অদম্য ইচ্ছাশক্তিৰ পৰিচয় পালো। যেতিয়া মই কানপুৰৰ ডা: অজিত মোহন চৌধুৰীৰ কাহিনী শুনো যে তেওঁ পদপথে পদপথে ঘুৰি পদপথৰ বসবাস কৰা ভাই-ভনীসকলৰ চিকিৎসা কৰে আৰু বিনামূলীয়াকৈ ঔষুধো দিয়ে-তেতিয়াই এই দেশৰ সহমর্মিতা আৰু মনুষ্যত্বক লৈ গৌৰৱ বোধ হয়। ১৩ বছৰ মান আগতে চিকিৎসাৰ অভাৱত কলকাতাৰ টেক্সীচালক ছাইদুল লস্কৰৰ ভনীয়েকৰ মৃত্যু হৈছিল। ছাইদুলে তেতিয়াই হাস্পতাল নিৰ্মাণৰ শপত লৈছিল, যাতে চিকিৎসাৰ অভাৱত কোনো দুখীয়া লোকে মৃত্যুক সাৱটিব লগা নহয়। এই প্রতিজ্ঞাৰ বাবে ছাইদুলে নিজৰ ঘৰৰ গহনা বিক্ৰী কৰাৰ লগতে মানুহৰ পৰা দান সংগ্রহ কৰে, আৰু টেক্সী আৰোহীসকলেও তেওঁক আর্থিক সাহায্য আগবঢ়ায়। এগৰাকী যুৱতী অভিযন্তাই তেওঁৰ প্রথম মাহৰ দৰমহা ছাইদুলৰ সৎ কামৰ বাবে প্ৰদান কৰে। এইদৰে অলপ অলপকৈ অর্থ সংগ্রহ কৰি ১২ বছৰ পাছত অসম্ভৱকো সম্ভৱ কৰি ছাইদুলে কলকাতাৰ সমীপৱৰ্তী পুনৰি গাঁৱত ৩০খন বিচনাযুক্ত এখন হাস্পতাল নির্মাণ কৰে। ইয়েই হ’ল ‘New India’ৰ শক্তি। যেতিয়া উত্তৰ প্রদেশৰ এগৰাকী মহিলাই নিজা অদম্য প্ৰচেষ্টাৰে ১২৫টা শৌচালয় নির্মাণ কৰে, তেতিয়া ওচৰ-পাজৰৰ অন্যান্য মহিলাইও অতিকে উৎসাহিত হয়। ইয়ে নতুন মাতৃশক্তিৰ প্রকাশ। এনেধৰণ বহুতো প্রেৰণাদায়ক ঘটনাই আমাৰ দেশৰ পৰিচয় বহন কৰে। আজি সমগ্ৰ বিশ্বই ভাৰতবর্ষক অন্য চকুৰে চায়। আজি যেতিয়া ভাৰতবর্ষৰ নাম অত্যন্ত সম্মানেৰে উচ্চাৰিত হয়, তেতিয়া ইয়াৰ অন্তৰালত এই দেশৰ সন্তান-সন্ততিসকলৰ উদ্যম লুকাই থাকে। আজি সমগ্ৰ দেশৰ যুৱক-যুৱতী, মহিলা, পিছপৰা শ্ৰেণীৰ লোক, দুখীয়া, মধ্যবিত্ত—সকলো শ্ৰেণীৰ লোকৰ মাজত এইটো বিশ্বাস জন্মিছে যে হয় আমি উন্নতিৰ পথত আগুৱাই যাব পাৰিম। আমাৰ দেশো প্রগতিৰ পথত আগুৱাই যাব পাৰে। দেশত আজি আশা-আকাংক্ষাৰে ভৰা আত্মবিশ্বাসৰ এক ইতিবাচক পৰিবেশ গঢ় লৈছে। এই আত্মবিশ্বাস, ইতিবাচক মানসিকতাই ‘New India’ৰ সংকল্পক বাস্তবায়িত কৰিব, ফলত সপোন সার্থক হ’ব।

মোৰ শ্ৰ্দ্বাৰ দেশবাসী, অহা কেইটামান মাহ কৃষক ভাই-ভনীসকলৰ বাবে যথেষ্ট গুৰুত্বপূর্ণ হৈ উঠিব। সেইকাৰণে কৃষি সম্পর্কীয় চিঠি প্রচুৰ পৰিমানে আহিছে। এই বাৰ মই দূৰদর্শনেৰ ‘ডি ডি কিষাণ’ চেনেলত কৃষক বন্ধুসকলৰ সৈতে যে আলোচনা কৰিছিলো, সেই অনুষ্ঠানৰ ভিডিঅ’ত মই দেখিছো, আৰু মোৰ বিশ্বাস এই যে দূৰদর্শনেৰ এই ‘ডি ডি কিষাণ’ চেনেল সকলো কৃষকেই চোৱা উচিৎ। তাত প্ৰদান কৰা কৃষি সম্পৰ্কীয় পৰামর্শসমূহ নিজৰ নিজৰ ক্ষেত্ৰত প্রয়োগ কৰা উচিৎ।

মহাত্মা গান্ধীৰ কথাই যদি ধৰা যায় বা লাল বাহাদুৰ শাস্ত্রী জী, লোহিয়া জী বা চৌধুৰী চৰণ সিং বা চৌধুৰী দেবীলাল জী—এওঁলোকৰ প্রত্যেকেই কৃষি আৰু কৃষক ভাই-ভনীসকলৰ এই দেশৰ অর্থ ব্যৱস্থা আৰু জনজীৱনৰ এক গুৰুত্বপূর্ণ অংশ বুলি ধাৰণা কৰিছিল। মাটি, খেতি-খোলা আৰু কৃষক ভাইসকলৰ প্রতি মহাত্মা গান্ধীৰ কিমান আগ্ৰহ আছিল, সেয়া তেওঁৰ বক্তব্যত জলজল পটপটকৈ ধৰা দিয়ে। তেওঁ কৈছিল, “To forget how to dig the Earth and to tend the soil is to forget ourselves” অৰ্থাৎ পৃথিৱীক কর্ষণ কৰা আৰ ভূমিৰ যত্ন ৰখা যদি আমি পাহৰি যাও, তেতিয়াহ’লে, এয়া নিজে নিজক পাহৰি যোৱাৰ দৰে হ’ব। শ্রী লালবাহাদুৰ শাস্ত্রীয়ে বৃক্ষ, উদ্ভিদ, অৰণ্য ইত্যাদিৰ সংৰক্ষণ আৰু উন্নত মানৰ কৃষি-পদ্ধতিৰ প্ৰয়োজনীয়তাৰ ওপৰত সদায় গুৰুত্ব দিছিল। ডঃ ৰাম মনোহৰ লোহিয়াই আমাৰ কৃষকসকলৰ বাবে উন্নতমানৰ উপার্জন, উন্নতমানৰ জলসিঞ্চন ব্যৱস্থা আৰু এই সকলো বিষয়ক সুনিশ্চিত কৰাৰ বাবে তথা খাদ্য আৰু দুগ্ধ উৎপাদন বৃদ্ধিৰ সন্দৰ্ভত সার্বিক জনজাগৰণৰ কথা কৈছিল। ১৯৭৯ চনত চৌধুৰী চৰণ সিঙে তেওঁৰ ভাষণত কৃষকসকলৰ নতুন প্রযুক্তিৰ প্রয়োগ আৰু নতুন আৱিষ্কাৰ কৰাৰ বাবে আবেদন জনাইছিল তথা ইয়াৰ আৱশ্যকতাৰ ওপৰত জোৰ দিছিল। মই কিছুদিন আগতে দিল্লীত আয়োজিত কৃষি উন্নতি মেলাত অংশ লৈছিলো। তাত কৃষক ভাই-ভনী আৰু বৈজ্ঞানিকসকলৰ সৈতে মই আলোচনা মিলিত হৈছিলো। কৃষি সংক্রান্তীয় বহু অভিজ্ঞতা জনা, বুজি উঠা, কৃষি সংক্রান্তীয় নতুন আৱিষ্কাৰৰ বিষয়ে জনা ইত্যাদি সকলো দিশেই মোৰ বাবে এক আনন্দদায়ক অনুভূতি প্ৰদান কৰিছিল। তদুপৰি, মেঘালয়ৰ কৃষকসকলৰ পৰিশ্রমৰ কাহিনীয়ে মোক আটাইতকৈ বেছি প্রভাৱিত কৰিছিল। কম পৰিসৰৰ ভূমিৰ ৰাজ্যখনত এক বিশাল কাম কৰি দেখুৱাইছে। আমাৰ মেঘালয়ৰ কৃষকসকলে ২০১৫-১৬ বর্ষত বিগত পাঁচ বছৰৰ তুলনাত অভিলেখ পৰিমাণ উৎপাদন কৰিছে। তেওঁলোক দেখুৱাইছে, যদি লক্ষ্য স্থিৰ থাকে, পূর্ণ আত্মবিশ্বাস থাকে, মনত প্রতিজ্ঞা থাকে, তেতিয়াহ’লে সকলো কামেই সম্ভৱ হয়। আজি কৃষকসকলৰ পৰিশ্রমৰ লগতে প্রযুক্তিৰ মিলন হৈছে। যাৰফলত কৃষি উৎপাদকসকলৰ যথেষ্ট শক্তি লাভ হৈছে। মোলৈ যি চিঠি আহিছে, সেইবোৰৰ ভিতৰত মই দেখিছো, বহু কৃষক বন্ধুৱে ন্যূনতম সমৰ্থিত মূল্য(MSP)ৰ বিষয়ে লিখিছিল আৰু মই এই বিষয়ত তেওঁলোকৰ সৈতে বিস্তাৰিতভাৱে আলোচনা কৰাটো বিচাৰে।

ভাই-ভনীসকল, এই বছৰৰ বাজেটত কৃষকসকলৰ শস্যৰ উচিৎ মূল্য দিয়াৰ বাবে এক ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। বাজেটত এইটো ঠিক কৰা হৈছে যে নির্দিষ্ট শস্যৰ বাবে MSP অতি কমেও ব্যয়ৰ ডেৰ গুণ কৰা হ’ব। যদি মই বিস্তৃতভাৱে কওঁ তেতিয়াহ’লে MSPৰ বাবে যি ব্যয় কৰা হ’ব, তাত অন্য শ্রমিক যিসকলে পৰিশ্রম কৰে, তেওঁলোকৰ পৰিশ্রম, পোহনীয়া জন্তুৰ ব্যয়, যন্ত্ৰ-পাতিৰ খৰচ অথবা ভাড়াত লোৱা যন্ত্ৰ, জন্তুৰ ব্যয়, বীজৰ মূল্য, ব্যৱহাৰ কৰা হৈছে এনে সকলো ধৰণৰ সাৰৰ দাম, জলসিঞ্চনৰ খৰচ, ৰাজ্য চৰকাৰক দিয়া ৰাজহ, কার্যকৰী মূলধনৰ ওপৰত দিয়া সুদ, যদি ভূমি লিজত লোৱা হয়, তেতিয়া হ’লে তাৰ ভাড়া ইত্যাদি। কেৱল ইমানেই নহয়, কৃষকে নিজে যি পৰিশ্রম কৰে, যদি তাৰ পৰিয়ালৰ কোনো কৃষিকাৰ্যত শ্রম দান কৰে, তাৰ মূল্যও উৎপাদন ব্যয় অন্তৰ্ভূক্ত কৰা হ’ব। তদুপৰি, কৃষকসকলক ফচলৰ উচিৎ দাম যাতে দিয়া হয়, তাৰ বাবে দেশত ‘Agriculture Marketing Reform’ৰ ওপৰত আৰু অধিক বিস্তাৰিতভাৱে কাম কৰা হৈছে। গাঁৱৰ স্থানীয় বজাৰ, পাইকাৰী বজাৰ যাতে বিশ্ব বজাৰৰ সৈতে সংযুক্ত হয়, তাৰো চেষ্টা চলিছে। কৃষকসকলৰ নিজৰ উৎপাদিত শস্য বিক্রী কৰাৰ বাবে যাতে বহু দূৰ যাবলগা নহয়-তাৰ বাবে দেশৰ ২২,০০০ গ্রামীণ হাটৰ ক্ষীপ্ৰ পৰিকাঠামোৰ সৈতে আপগ্ৰেড কৰি এপিএমচি আৰ ই-নাম মঞ্চৰ সৈতে সংযুক্ত কৰা হ’ব। অৰ্থাৎ ইয়াৰদ্বাৰা একপ্রকাৰ খেতিপথাৰৰ পৰাই দেশৰ যি কোনো বজাৰৰ সৈতে যাতে সংযোগ কৰিব পৰা যায়, তেনে এক ব্যৱস্থা গঢ়ি তোলা হৈছে।

মোৰ শ্ৰ্দ্বাৰ দেশবাসী, এইবছৰ মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তীৰ শুভাৰম্ভ হৈছে। দেশবাসীয়ে কেনেদৰে এই জয়ন্তী উদ্‌যাপন কৰিব? আমাৰ ‘স্বচ্ছ ভাৰত’ৰ সংকল্পৰ উপৰি ১২৫ কোটি ভাৰতীয়ই একেলগে কিদৰে গান্ধীজীক সৰ্বোচ্চ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰি, কি কি নতুন কার্যসূচী প্ৰস্তুত কৰিব পাৰি? কি কি নতুন উপায় ভাবিব পৰা যায়? আপোনালোকৰ ওচৰত অনুৰোধ, আপোনালোকে mygovৰ জৰিয়তে আপোনালোকৰ চিন্তা-ভাৱনাবোৰ বিনিময় কৰক। ‘গান্ধী ১৫০’ৰ ল’গ’ কি হ’ব পাৰে? শ্লোগান কি হ’ব পাৰে, এই সকলো বিষয়ত আপোনালোকৰ কি পৰামর্শ সেয়া জনাওক। আমি সকলোৱে মিলি বাপুজীৰ এক স্মৰণীয় শ্রদ্ধাঞ্জলিৰ আয়োজন কৰো আৰু বাপুজীৰ পৰা প্রেৰণা লৈ আমাৰ দেশক উন্নতিৰ শিখৰত উপনীত কৰো।

নমস্কাৰ, মাননীয় প্রধানমন্ত্রী ডাঙৰীয়া! মই গুৰগাঁৱৰ পৰা প্রীতি চতুর্বেদীয়ে কৈছো। আপুনি ‘স্বচ্ছ ভাৰত’ অভিযানক এক সফল অভিযানত পৰিণত কৰিছে। এতিয়া সময় হৈছে যে আমি ‘সুস্থ ভাৰত’ অভিযান’কো একেদৰেই সফল কৰি তুলিব। এই অভিযানৰ বাবে আপুনি মানুহ, চৰকাৰ, প্রতিষ্ঠানক কিদৰে উজ্জীৱিত কৰিছে, এই বিষয়ে আপুনি আমাক কিছু ক’ব, ধন্যবাদ!

ধন্যবাদ! আপুনি সঠিক কথা কৈছে। মই ‘স্বচ্ছ ভাৰত’ আৰ ‘সুস্থ ভাৰত’ দুয়োকে এটা আনটোৰ পৰিপূৰক বুলি বিশ্বাস কৰো। স্বাস্থ্যৰ ক্ষেত্রত আজি দেশে প্রচলিত পদ্ধতিক পাছ পেলাই আগুৱাই গৈছে। স্বাস্থ্যৰ সৈতে জড়িত সকলো কাম আগতে স্বাস্থ্য মন্ত্রালয়ৰ দায়িত্বত আছিল। এতিয়া সকলো বিভাগ আৰু মন্ত্রালয়—সেয়া স্বচ্ছতা মন্ত্রালয় হওঁক বা আয়ুষ মন্ত্রালয়েই হওঁক, ৰাসায়ণিক আৰু সাৰ মন্ত্রালয় হওঁক বা উপভোক্তা মন্ত্রালয়, মহিলা আৰু শিশুবিকাশ মন্ত্রালয়েই হওঁক অথবা বিভিন্ন ৰাজ্য চৰকাৰ—সকলোৱে ইয়াৰ সৈতে ‘সুস্থ ভাৰত’ৰ বাবে কাম কৰিছে। ‘প্ৰতিষেধকজনিত স্বাস্থ্য(Preventive Health)’ৰ সমান্তৰালভাৱে ‘সুলভ স্বাস্থ্য(Affordable Health)’ৰ ওপৰতো যথেষ্ট জোৰ দিয়া হৈছে। প্ৰতিষেধকজনিত চিকিৎসা যথেষ্ট সস্তীয়া আৰু সহজলভ্য। আমি প্ৰতিষেধকজনিত চিকিৎসাৰ সন্দৰ্ভত যিমান সচেতন হ’ব, ব্যক্তি, পৰিয়াল আৰু সমাজ—সকলোৱে ইয়াৰ দ্বাৰা লাভান্বিত হ’ব। জীৱন সুস্থ ৰখাৰ প্রথম চর্তই হৈছে পৰিচ্ছন্নতা। আমি সকলো এই ক্ষেত্ৰত বদ্ধপৰিকৰ। ফলস্বৰূপে বিগত চাৰি বছৰত ‘স্বচ্ছতা অভিযান’ দুগুণ হৈ ৮০ শতাংশ কাম প্রায় সম্পন্ন হৈছে। তদুপৰি, সমগ্ৰ দেশত ‘স্বাস্থ্যৰ আৰোগ্য কেন্দ্ৰ’ স্থাপন কৰাৰ দিশত জোৰদাৰ গতি কাম কৰা হৈছে। ‘Preventive Health Care’ হিচাপে যোগ চৰ্চাই বিশ্বত নতুনকৈ নিজৰ এটা চিনাকী বহন কৰিছে। যোগে সুস্থ আৰু সক্ষম, দুয়োটাই হোৱাৰ প্রতিশ্রুতি দিয়ে। সেয়েহে আমাৰ সকলোৰে দায়ৱদ্ধতাৰ ফলত যোগ চৰ্চাই আজি এক গণ আন্দোলন হিচাবে গঢ় লৈ উঠিছে আৰু ঘৰে ঘৰে পাইছেগৈ। এই বছৰ ২১ জুনৰ ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’লৈ আৰু ১০০ দিনো নাই। বিগত তিনিটা ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ত দেশ-বিদেশৰ প্রতিটো স্থানতে সকলো লোকে অতি উৎসাহেৰে অংশগ্রহণ কৰিছিল। এইবাৰো আমাৰ এইটো সুনিশ্চিত কৰিব লাগিব যে আমি নিজেই যোগ কৰিম আৰু পৰিয়াল-বন্ধু সকলোকে যোগ কৰাৰ বাবে উৎসাহ যোগাম। নতুন আৰু অভিনব ৰূপত শিশু, যুৱক আৰু বয়স্ক লোকসকলৰ ভিতৰত পুৰুষ হওঁক বা মহিলা—যোগক জনপ্রিয় কৰি তুলিব লাগিব। দেশৰ টিভি আৰু ইলেক্ট্রনিক মিডিয়াই যোগক লৈ বেলেগে বেলেগে অনুষ্ঠান আয়োজন কৰি থাকে। কিন্তু এতিয়াৰে পৰা ‘যোগ দিৱস’ পর্যন্ত এক অভিযান হিচাপে লৈ যোগৰ প্রতি সজাগতা সৃষ্টি কৰিব পৰা নাযায় নে?

মোৰ শ্ৰ্দ্বাৰ দেশবাসী, মই যোগৰ শিক্ষক নহয়। কিন্তু মই ‘যোগাভ্যাসী’, একাংশ লোকে তেওঁলোকৰ নিজা সৃষ্টিশীলতাৰে মোক যোগাসনৰ শিক্ষক হিচাপে প্ৰস্তুত কৰি মোৰ যোগাভ্যাসক থ্রি-ডি এনিমেটেড ভিডিঅ’ বনাইছে। মই আপোনালোকৰ সৈতে এই ভিডিঅ’ শ্বেয়াৰ কৰিব বিচাৰিছো, যাতে আমি একেলগে আসন আৰু প্রাণায়ামৰ অভ্যাস কৰিব পাৰো। স্বাস্থ্য সেৱা অবাধ হওঁক, সকলোৰে সহজলভ্য হওঁক, জনসাধাৰণৰ বাবে সস্তীয়া আৰ সুলভ হওঁক–তাৰ বাবে পর্যাপ্ত চেষ্টা কৰা হৈছে। আজি সমগ্র দেশত তিন হাজাৰতকৈ অধিক জন-ঔষধি কেন্দ্র খোলা হৈছে, য’ত ৮০০তকৈও অধিক ঔষুধ কম দামত বিক্রীৰ ব্যৱস্থা কৰা হৈছে। এনে আৰু কেইবাটাও নতুন কেন্দ্র খোলা হৈছে। ‘মন কী বাত’ অনুষ্ঠানৰ শ্রোতাসকলৰ প্ৰতি মোৰ অনুৰোধ, দুখীয়া লোকসকলক জন-ঔষধি কেন্দ্রৰ কথা জনাই দিয়ক, তেওঁলোকৰ ঔষুধৰ খৰচ বহুত কমি যাব। তেওঁলোকৰ যথেষ্ট উপকাৰ হ’ব। হৃদৰোগীসকলৰ বাবে Heart Stentৰ দাম ৮৫% পর্যন্ত কম কৰা হৈছে। কৃত্রিম আঠুৰ খৰচো নিয়ন্ত্রণ কৰি ৫০ৰ পৰা ৭০% পর্যন্ত কম কৰা হৈছে। ‘আয়ুষ্মান ভাৰত’ যোজনাৰ অন্তর্গত প্রায় ১০ কোটি পৰিয়াল অর্থাৎ প্ৰায় ৫০ কোটি লোকৰ চিকিৎসাৰ বাবে এবছৰত ৫ লাখ টকাৰ খৰচ ভাৰত চৰকাৰ আৰু বীমা কোম্পানী মিলি বহন কৰিব। দেশত বর্তমান ৪৭৯খন মেডিকেল কলেজত প্রায় ৬৮ হাজাৰ MBBSৰ আসন সংখ্যা বৃদ্ধি কৰা হৈছে। সমগ্র দেশৰ জনসাধাৰণৰ বাবে বিভিন্ন ৰাজ্যত নতুন এইমছ স্থাপন কৰি উন্নত চিকিৎসা আৰু স্বাস্থ্য–সেৱা আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে। প্রতি তিনিখন জিলাৰ মাজত এখনকৈ নতুন মেডিকেল কলেজ খোলা হ’ব। ২০২৫ চনৰ ভিতৰত দেশক যক্ষ্মা-মুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে। এয়া যথেষ্ট কঠিন কাম। প্রত্যেক মানুহৰ মাজত এই সজাগতা জাগ্ৰত কৰাৰ বাবে আপোনাৰ সাহায্য খুবেই দৰকাৰ। যক্ষ্মাৰ পৰা মুক্তি পোৱাৰ বাবে আমি সকলোৱে একেলগে চেষ্টা কৰিব লাগিব।

মোৰ শ্ৰ্দ্বাৰ দেশবাসী, ১৪ এপ্রিলত ড0 বাবাছাহেব আম্বেদকৰৰ জন্ম-জয়ন্তী। বহু বছৰৰ আগতে আম্বেদকাৰে ভাৰতত উদ্যোগীকৰণৰ কথা কৈছিল। তেওঁৰ চিন্তাত উদ্যোগ ইমানেই এক শক্তিশালী মাধ্যম, যাৰ প্রভাৱত দেশৰ দৰিদ্রতম লোকসকলৰ আয়ৰ ব্যৱস্থা সম্ভৱ হ’ব। আজি যেতিয়া সমগ্ৰ দেশে ‘মেক ইন ইণ্ডিয়া’ প্রকল্পৰ সাফল্যৰ সৈতে অগ্রসৰ হৈছে, তেতিয়া তেওঁৰ সেই স্বপ্নদর্শীতাই আমাৰ বাবে প্রেৰণা। বিশ্ব অর্থনীতিতে ভাৰতৰ অৱস্থান এক উজ্জ্বল নক্ষত্রৰ দৰে। আটাইতকৈ বেছি বিদেশী বিনিয়োগ ভাৰতবর্ষতে হৈছে। সমগ্ৰ বিশ্ব বাণিজ্যই এতিয়া ভাৰতৰ প্ৰতি নজৰ ৰাখিছে কাৰণ আমিয়েই এতিয়া বিনিয়োগ আৰ নতুন উদ্ভাৱনাৰ কেন্দ্র হৈ উঠিছো। উদ্যোগীকৰণৰ এই জোৱাৰ চহৰৰ পৰাই উঠিববে বুলি আম্বেদকাৰে বিশ্বাস কৰিছিল আৰু সেই দেশৰ নগৰীকৰণৰ ওপৰত বিশেষ কৈ ভৰসা কৰিছে। তেওঁৰ এই সপোনকে পাথেয় হিচাপে লৈ আজি দেশত ‘স্মার্ট চিটী অভিযান’ আৰু ‘নগৰীকৰণ অভিযান’ আঁচনি শুবাৰম্ভ কৰা হৈছে।

কেৱল ডাঙৰ চহৰ নহয়, আজি দেশৰ সৰু সৰু চহৰতো সকলো ধৰণৰ আধুনিক সুযোগ-সুবিধাৰ যেনে মসৃণ ৰাস্তা-ঘাট, ৰাজপথৰ পৰা পৰিষ্কাৰ খোৱা পানী, স্বাস্থ্য আৰু শিক্ষাৰ পৰা ডিজিটেল সংযোগ ইত্যাদি উপলব্ধ হৈছে। ড০ আম্বেদকাৰে স্বয়ংসম্পূর্ণতা আৰু আত্মনির্ভৰতাত গভীৰভাবে বিশ্বাস কৰিছিল। দেশৰ কোনো লোক যাতে দৰিদ্ৰ জীৱন নাথাকে, সেই বিষয়েও আম্বেদকাৰে চিন্তা কৰিছিল। দৰিদ্র লোকসকলক দান দিয়েই দাৰিদ্র্যতাৰ পৰা মুক্ত কৰা অসম্ভৱ, সেয়াও তেওঁ দৃঢ়ভাৱে বিশ্বাস কৰিছিল। আজি ‘মুদ্রা যোজনা’, ‘ষ্টার্ট-আপ ইণ্ডিয়া’, ‘ষ্টেণ্ড-আপ ইণ্ডিয়া’ৰ দৰে প্রকল্পসমূহে আমাৰ দেশত যুৱ-উদ্যোগী, যুব-উদ্ভাৱক সৃষ্টি কৰিছে। ১৯৩০ আৰু ১৯৪০ৰ দশকসমূহত যেতিয়া কেৱল পথ, ৰাজপথ আৰু ৰে’ল সম্প্রসাৰণৰ পৰিকল্পনা কৰা হৈছিল, সেইসময়তো ড০ আম্বেদকাৰে বন্দৰ আৰু জলপথ গঢ় দিয়াৰ কথা কৈছিল। বাবাচাহেব আম্বেদকাৰ জলশক্তিকে ৰাষ্ট্র-শক্তিৰ সমার্থক বুলি বিশ্বাস কৰিছিল। দেশৰ উন্নতি তেতিয়াই হ’ব, যেতিয়া পানীৰ ব্যৱহাৰ সঠিকভাৱে হ’ব। তেওঁৰ দৰে দূৰদর্শী ব্যক্তিয়ে সেইসময়তেই নদী আৰু উপত্যকা পৰিচালন সংসদৰ কথা কৈছিল। জলসংৰক্ষণ আৰু ব্যৱহাৰৰ বাবে নানান কার্যকৰী সমিতিৰ কথা কল্পনা কৰিছিল। আজি দেশত জলপথ আৰু বন্দৰৰ সম্প্রসাৰণৰ ঐতিহাসিক কাম-কাজ আৰম্ভ হৈছে। ভাৰতৰ বিভিন্ন সমুদ্রতীৰত নতুন নতুন বন্দৰ গঢ় দিয়া লগতে পুৰণি বন্দৰসমূহৰ শক্তিশালীকৰণৰ কামো কৰি থকা হৈছে।

৪০ৰ দশকত যেতিয়া সমগ্ৰ পৃথিৱীত দ্বিতীয় বিশ্বযুদ্ধ, দুই শক্তিশালী ক্ষমতাৰ মাজত শীতলযুদ্ধ আৰু দেশভাগৰ দুশ্চিন্তাত উদ্বিগ্ন হৈ আছিল, ঠিক সেই সময়ত ড০ আম্বেদকাৰে ‘টীম ইণ্ডিয়া’ অথবা ভাৰতৰ আত্মাৰ কল্পনা কৰিছিল। তেওঁ যুক্তৰাষ্ট্ৰীয়বাদ বা মৈত্রীতন্ত্রৰ গুৰুত্ব বুজিব পাৰিছিল আৰু সেয়েহে ভাবিছিল যে দেশৰ উন্নতিৰ বাবে কেন্দ্র আৰু ৰাজ্যসমূহক একেলগে হাতে হাত মিলাই কাম কৰিব লাগিব। আজি আমি দেশ-শাসনৰ প্রত্যেকটো স্তৰত সহযোগিতামূলক যুক্তৰাষ্ট্র বা cooperative federalism লগতে এঢাপ আগুৱাই প্রতিযোগিতামূলক সহযোগিতাসম্পন্ন যুক্তৰাষ্ট্রৰ মন্ত্রৰে দীক্ষিত হৈছো। আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল, দেশৰ পিছপৰা সম্প্রদায়ভুক্ত আমাৰ দৰে অসংখ্য লোকৰ বাবে ড০ আম্বেদকাৰ এক প্রেৰণা। এটি দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰিও যে নিজৰ সপোনক বাস্তৱ কৰিব পৰা যায়, তাৰ উদাহৰণো তেওঁ নিজেই। এনে সময়ত ড০ আম্বেদকাৰকলৈ বিদ্রুপ আৰু ঠাট্টা কৰা পৰিলক্ষিত হৈছে। বহুবাৰ হতাশ কৰাৰ চেষ্টা হৈছে, যাতে দুখীয়া পৰিয়ালৰ এটি ল’ৰাই জীৱন সফল হ’ব নোৱাৰে। কিন্তু‘ New India’ৰ ছবিখন একেবাৰেই পৃথক।

এইখন আম্বেদকাৰ, দুখীয়া লোক আৰু সকলো পিছপৰা লোকৰ ভাৰতবর্ষ। ড০ আম্বেদকাৰৰ জন্মজয়ন্তীক লৈ ১৪ এপ্রিলৰ পৰা ৫মে’লৈ সমগ্ৰ দেশতে ‘গ্রাম স্বৰাজ অভিযান’ৰ আয়োজন কৰা হৈছে। দেশজুৰি এই অভিযানত থাকিব গ্রামোন্নয়ন, দৰিদ্রকল্যাণ আৰু সামাজিক ন্যায়ৰ বিভিন্ন কার্যসূচী। আপোনালোকৰ প্রতি মোৰ অনুৰোধ এই যে এই ৰাষ্ট্ৰীয় অভিযানত সকলোৱে স্বতঃস্ফূর্তভাবে অংশ লওঁক।

মোৰ শ্ৰদ্ধাৰ দেশবাসী, কিছুদিনৰ ভিতৰতে ইটোৰ পিছত সিটোকৈ কেইবাটাও উৎসৱ-পার্বন আহিছে। সেইবোৰ হৈছে-মহাবীৰ জয়ন্তী, হনুমান জয়ন্তী, ইষ্টাৰ আৰু বৈশাখী। মহাবীৰ জয়ন্তী ভগবান মহাবীৰৰ ত্যাগ আৰু তপস্যাক স্মৰণ কৰাৰ দিন। অহিংসাৰ প্রচাৰক ভগবান মহাবীৰৰ জীৱন আৰু দর্শন আমাৰ বাবে প্রেৰণা। সকলো দেশবাসীকে মই মহাবীৰ জয়ন্তীৰ শুভেচ্ছা জনাইছো। ইষ্টাৰ আহিলেই আমাক যীশুখ্রীষ্টৰ কথা মনত পেলায়, যিগৰাকীয়ে মানৱতাৰ প্ৰতি শান্তি, সদ্ভাৱ, ন্যায়, দয়া আৰু কৰুণাৰ বাণী প্ৰেৰণ কৰিছিল। এপ্রিল মাহত পঞ্জাৱ আৰ পশ্চিম ভাৰতত বৈশাখীৰ উৎসৱ পালন কৰা হ’ব আৰু একে সময়তে বিহাৰত জুডশীতল আৰু সেতুৱাইন, অসমত বিহু আৰু পশ্চিমবংগত পহিলা বৈশাখৰ আনন্দ-উল্লাসত মতলীয়া হৈ থাকিব। এই সকলো উৎসৱ পার্বণ কিবা নহয় কিবা প্ৰকাৰে আমাৰ কৃষি-কাৰ্য আৰু অন্নদাতাসকলৰ সৈতে জডিত হৈ আছে। এই সকলো উৎসৱৰ জৰিয়তে আমি ফচল হিচাপে পোৱা অমূল্য উপহাৰৰ বাবে প্রকৃতিক ধন্যবাদ দিছো। পুনৰবাৰ আপোনালোকৰ সকলোকে আগন্তুক সকলো উৎসৱৰ বহুত বহুত শুভকামনা জনাইছো! বহুত বহুত ধন্যবাদ!

***

AKT/HS/DB