পি এম ইণ্ডিয়া
আপোনালোকৰ মাজত উপস্থিত হোৱাৰ সুযোগ লাভ কৰি মই নিজকে সৌভাগ্যৱান বুলি গণ্য কৰিছো। ২০১৬ বৰ্ষত আবু-ধাবিৰ সন্মানীয় ৰাজকুমাৰে ভাৰত ভ্ৰমণলৈ গৈছিল। ২০১৭ বৰ্ষত তেওঁ মূখ্য অতিথিৰূপে আমাৰ দেশৰ গণৰাজ্য দিৱসত ভাগ লৈছিল। যোৱা কিছু দশকৰ অন্তত উপ-সাগৰীয় দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক ইমান গভীৰ, ব্যাপক আৰু গতিশীল হোৱা পৰিলক্ষিত হৈছে।
বৰ্তমান উপ-সাগৰীয় দেশসমূহৰ সৈতে আমাৰ সম্পৰ্ক ‘ক্ৰেতা-বিক্ৰতা’ৰ মাজতেই সীমাবদ্ধ নাথাকি, ইয়াতকৈও ব্যাপক হোৱা পৰিলক্ষিত হৈছে। ভাৰতবৰ্ষ প্ৰায় ত্ৰিশ লাখতকৈও অধিক ভাৰতীয়ক লৈ গৌৰবান্বিত যিসকলে উপ-সাগৰীয় দেশসমূহত বসবাস কৰি দেশখনৰ উন্নয়নৰ অংশীদাৰ হৈছে। মই সেই উপ-সাগৰীয় সেশসমূহলৈ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ৩০ লাখতকৈও অধিক ভাৰতীয়ক ভাৰতৰ বাহিৰত দ্বিতীয় গৃহত বসবাস কৰাৰ এক অনূকুল পৰিৱেশ প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো।
এই ঠাইক নিজৰ বুলি গণ্য কৰি স্থানীয় লোকসকলৰ দৰেই ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলেও ইয়াৰ লোকসকলৰ সপোনবোৰ বাস্তবায়িত কৰাৰ ক্ষেত্ৰত সমান পৰিশ্ৰমেৰে প্ৰতিজ্ঞাবদ্ধ হোৱা দেখা গৈছে। এইদৰেই, আমি মানৱ জাতিৰ একতা আৰু সম্প্ৰীতিৰ এক উত্তম উদাহৰণ উপ-সাগৰীয় দেশসমূহত অনুভৱ কৰিবলৈ সমৰ্থৱান হৈছো। বিগত বৰ্ষত আবু-ধাবিৰ সন্মানীয় ৰাজকুমাৰে আবু-ধাবিত মন্দিৰ নিৰ্মাণৰ অভিমত ব্যক্ত কৰা বিষয়ত ভাৰতীয় লোকসকলে আশ্বৰ্য প্ৰকাশ কৰিছে।। মই ১.২৫ বিলিয়ন ভাৰতীয়ৰ হৈ সন্মানীয় ৰাজকুমাৰলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো। মই নিজেই আশ্বৰ্য্য প্ৰকাশ কৰিছো যে, ইমান সদভাৱনাৰে মন্দিৰ নিৰ্মাণকাৰ্য ! আমি এনেকুৱা এক সংস্কৃতি-পৰম্পৰাৰ মাজত ডাঙৰ-দীঘল হৈছো য’ত মন্দিৰক মানৱীয়তাৰ মাধ্যমৰূপে গণ্য কৰা হয় আৰু য’ত পৱিত্ৰ ঠাই এটুকুৰাক মানৱীয়তা আৰু সংহতিৰ বিশ্বজনীন বাহকৰূপে স্বীকাৰ কৰা হয় আৰু মোৰ বিশ্বাস আছে যে এই মন্দিৰটোও স্থাপত্য আৰু প্ৰযুক্তিৰ ফালৰপৰা তথা যিকোনো ঘটনাৰ বাহকৰূপে এক অনুপম আৰ্হিত নিৰ্মাণ কৰা হ’ব।
মই আপোনালোকক এইটো বিষয় অৱগত কৰাব বিচাৰিছো যে, ইয়াৰ শাসকসকলে ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতি ইমান সন্মান প্ৰদৰ্শন কৰিছে যে এতিয়া আমি প্ৰতিজ্ঞাবদ্ধ হোৱাটো আমাৰ দায়িত্ব যাতে আমাৰদ্বাৰা কোনোধৰণৰ ক্ৰুতি-বিচ্যুতি নঘটে।
যিসকল লোক এই মন্দিৰ নিৰ্মাণকাৰ্যৰ সৈতে জড়িত আৰু যিসকল লোক ভৱিষ্যতে এই মন্দিৰৰ দৰ্শনাৰ্থী হ’ব তেওঁলোকৰপৰা মোৰ এইটো প্ৰত্যাশা আছে যে, তেওঁলোকে উমৈহতীয়া প্ৰচেষ্টা হাতত ল’ব লাগিব যাতে মানৱীয়তাৰ উচ্চ আৰ্দশ আৰু নীতিত কোনোধৰণৰ ব্যাঘাত নজন্মে৷
বৰ্তমান দেশখনে উন্নয়নৰ নতুন পৰ্যায়ত আৰোহন কৰা পৰিলক্ষিত হৈছে। এইটো ভাৰতবাসীৰ বাবে গৌৰৱৰ বিষয় যে, দেশখনে সাৰ্বজনীন সন্মিলনৰ উচ্চ পৰ্যায়ত এক বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। মই সন্মিলনখন সম্বোধন কৰাৰ বাবে আমন্ত্ৰণ লাভ কৰো। ইয়াত, ভাৰতবৰ্ষৰ বিষয়ে তথ্য সংগ্ৰহ কৰোতে আপোনালোকৰ কোনো কঠিনতাৰ সন্মুখীন নহ’ব। আপোনালোকৰ হাতত ভাৰতবৰ্ষৰ বিষয়ে ইমান তথ্য থাকিব যে, যদি মই এটা বিষয় অৱগত কৰাওঁ, আপোনালোকে দহটা বিষয় অৱগত কৰাব পাৰিব আৰু এনেদৰেই আপোনালোকে এখন ক্ষুদ্ৰ ভাৰতবৰ্ষৰ মাজত বাস কৰিব পাৰিব। এই দেশখনত এনেকুৱা এটুকুৰাও ঠাই পৰিলক্ষিত হোৱা নাই য’ত ভাৰতবৰ্ষক চিত্ৰিত কৰা হোৱা নাই আৰু এনেদৰেই আপোনালোকে অনুভৱ কৰিব পাৰিব যে, কিমান কম সময়ৰ ভিতৰত ভাৰতবৰ্ষ পৰিৱৰ্তিত হৈছে আৰু ১.২৫ বিলিয়ন ভাৰতীয়ৰ সপোন সাৰ্থক কৰাৰ ক্ষেত্ৰত আত্মবিশ্বাসেৰে কিদৰে আগুৱাইছে৷
মানুহবিলাকৰ নিৰাশা, ভয়, শংকাসমূহৰ আমি সন্মুখীন হোৱাৰ লগতে সেই দিনবিলাকৰো সাক্ষী যেতিয়া মানুহে কৈছিল-‘বন্ধু একো আশা কৰিব নোৱাৰি, এৰা, বিচনা-পাতি বান্ধা আৰু বেলেগ ক’ৰবালৈ যাওঁ ব’লা’।
এসময়ত সাধাৰণ মানুহে প্ৰায়েই আশংকাৰে প্ৰশ্ন কৰিছিল যে- ‘এইটো সম্ভৱ নে’? ‘এইটো আমাৰ দেশত হ’ব নে’? আৰু পৰৱৰ্তী চাৰি বছৰৰ ভিতৰতে দেশখনৰ জনসাধাৰণৰ মানসিক অৱস্থা এই পৰ্যায়ত উপনীত হৈছে যে আজি দেশবাসীয়ে এইটো সম্ভৱ হ’ব নে নহয় বুলি অভিযোগ কৰাৰ পৰিৱৰ্তে আত্মবিশ্বাসেৰে সোধে যে-‘মোডীজী কওঁক কেতিয়ালৈকে সমাপ্ত হ’ব’?
২০১৪ চনত আমি সাৰ্বজনীন পৰ্যায়ত ব্যৱসায়ৰ সৰলীকৰণ কৰাৰ ক্ষেত্ৰত ১৪২ নম্বৰ স্থানত অৱস্থান কৰিছিলো যিটো অতি সৰলভাৱে শেষৰফালৰ পৰা গণনা কৰিব পৰা গৈছিল যদিও আৰম্ভণিৰ ফালৰ পৰা বহু সময় লোৱা পৰিলক্ষিত হৈছিল। বিশ্ব বেংকৰ প্ৰতিবেদন মতে, ইমান কম সময়ৰ ভিতৰত বিশ্বৰ কোনো এখন ৰাষ্ট্ৰই ৪২ টা স্থান অতিক্ৰম কৰি ১০০ নম্বৰ স্থানত উপনীত হ’বলৈ সক্ষম হোৱা নাই। কিন্তু, কোনোৱেই যাতে নাভাবে আমি এই স্থানতেই থমকি ৰ’ম৷ ইয়াতকৈও উন্নত পৰ্যায়লৈ যোৱাৰ বাবে আমি যদি নীতিগত পৰিৱৰ্তন সাধন কৰিব লগাও হয় বা কৌশলো পৰিৱৰ্তন কৰিব লগা হয় বা তাৰবাবে যদি ৰোড মেপৰ ৰূপায়ন প্ৰক্ৰিয়াৰো পৰিৱৰ্তন কৰিবলগা হয় বা সংশোধন প্ৰক্ৰিয়াও পৰিৱৰ্তন কৰিব লগা হয় সেই সকলোবোৰ কাম কৰিবলৈ আমি সাজু আছো যাতে ভাৰতবৰ্ষ সাৰ্বজনীন শিখৰৰ এক প্ৰতীক হ’ব পাৰে।
গোলকীয়কৰণ হৈছে এনে এক বিষয় য’ত প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ নিজৰ দায়িত্ব পালন কৰি, প্ৰত্যেকৰে লগত সম্পৰ্ক স্থাপন কৰি, প্ৰত্যেকৰেপৰা জ্ঞান আহৰণ কৰি, একত্ৰিতভাৱে সেই উচ্চ শিখৰত অৱস্থান কৰা য’ত বিশ্বৰ চৰম পৰ্যায়ত অৱস্থান কৰা দেশসমূহৰ নাইবা লোকসমূহৰ কল্যাণৰ বাবে কাম কৰিব পৰা যায় আৰু তেতিয়াহে “বসুধাইবা কুতুম্বকম” অৰ্থাৎ গোটেই বিশ্ব-ব্ৰহ্মাণ্ড এক পৰিয়াল—এই মন্ত্ৰ ফলপ্ৰসূ হ’ব।
সাৰ্বজনীন ভূমিকা পালন কৰাৰ বাবে নিয়তিয়ে ভাৰতবৰ্ষক কিছুমান দায়িত্ব অৰ্পন কৰিছে। বৰ্তমান সমগ্ৰ বিশ্বই কয় য়ে ২১ শতিকাৰ সৃষ্টি এছিয়াৰপৰা হৈছে। কিন্তু, এইটো নহয় যে, ইয়াৰ উদ্ভাৱন নিজে নিজেই হৈছে নাইবা ই নিজেই আহি আমাৰ হাতত পৰিছে।
যদিওবা আমি তৎকালীন ফল পোৱা নাই, তথাপি আমাৰ অতিশয় পৰিশ্ৰমৰ পিছতহে ২১ শতিকা এছিয়াৰ শতিকা ৰূপে পৰিগণিত হৈছে। দীৰ্ঘম্যাদি ফল লাভ কৰিবলৈ আমি কঠোৰ পৰিশ্ৰম কৰিবই লাগিব। মহাত্মা গান্ধীয়ে ‘শ্ৰেয়’ অৰ্থাৎ ‘আমি কি কৰা উচিত’ আৰু ‘প্ৰিয়’ অৰ্থাৎ ‘আমি কি কৰিবলৈ ভালপাওঁ’ সেই সম্পৰ্কে কৈছিল। আমি সেই কামৰ প্ৰতি পদক্ষেপ আগবঢ়াব লাগিব যিটো কাম কৰিবলৈ আমি ভাল নাপালেও আমি কৰা উচিত কাৰণ ভৱিষ্যতে ই ভাললগা কামত পৰিণত হ’বও পাৰে।
কিছুসংখ্যক লোকে অতি সোনকালে আমাৰ পদক্ষেপ ধৰিব পাৰিছে। কিন্তু আন কিছুমান লোকৰ বাবে এই বিষয়টো বুজা অলপ কঠিন হৈছে। বিমুদ্ৰাকৰণ ব্যৱস্থাটো দুখীয়া লোকসকলে তৎক্ষণাত ধৰিব পাৰিছে যে সঠিক পথ অভিমূখে গতি কৰা ই এক শক্তিশালী পদক্ষেপ। কিন্তু, যিসকলে ইয়াৰবাবে উজাগৰী নিশা কটাইছিল তেওঁলোক এতিয়াও কান্দি থাকিব লগা হৈছে।
বিগত সাত বছৰৰপৰা জি.এছ.টি আইনখন ৰূপায়ন হোৱা-নোহোৱাৰ ওপৰত এক বিবাদ হৈ আছিল। এতিয়া আইনখন কাৰ্যকৰী কৰা হৈছে। কিন্তু, যেতিয়া আমি বহু বছৰ ধৰি বাসকৰা পুৰণি ঘৰ এটাৰপৰা নতুন ঘৰ এটালৈ স্থান পৰিৱৰ্তন কৰো, নিশাটো আনন্দমনে নতুন ঘৰটোত কটালেও ৰাতিপুৱা স্বভাৱগতভাৱে বাওঁফালে পুৰণি ঘৰৰ গা-ধোৱা ঘৰটো থকা দিশতহে গতি কৰো আৰু আমি বেৰত খুন্দা মাৰো। পিছতহে আমি অনুভৱ কৰো যে আমি বৰ্তমান নতুন ঘৰতহে আছো আৰু গা-ধোৱা ঘৰৰ অৱস্থান সোঁ-ফালেহে। আমি সকলোৱে এনেকুৱা ঘটনাৰ সন্মুখীন হৈছো, নহয় নে ? ৭০ বছৰীয়া শাসন-ব্যৱস্থাৰ পৰিৱৰ্তনে যেতিয়া এজন ব্যক্তিৰ জীৱনলৈ বিভিন্নধৰণৰ পৰিৱৰ্তন আনে তেতিয়া তেওঁ কিছুমান সমস্যাৰ সন্মুখীন হোৱাটো স্বাভাৱিক আৰু এনেকুৱা এখন দেশত যিখন দেশৰ জনসংখ্যা ১.২৫ বিলিয়ন আৰু সেই লোকসকলে দুই-তিনি প্ৰজন্ম ধৰি এই অভ্যাসবোৰৰ লগতে অভ্যস্ত হৈ পৰিছে, যেতিয়া বস্তুবোৰ সলনি হ’ল সেইবোৰ গ্ৰহণ কৰা তেওঁলোকৰ বাবে কিছু কঠিন হৈ পৰিছে। কিন্তু যি হৈছে, সেয়া ভালৰ বাবেই হৈছে।
মহাত্মা গান্ধীয়ে যিটো পথ প্ৰদৰ্শন কৰিছিল আমি সেই পথত গতি কৰি আছো। এক ব্যৱস্থাৰূপে জি.এছ.টিক গ্ৰহণ কৰি ইয়াৰ ক্ৰুটিবিলাক নাশ কৰি দেশখন পৰিৱৰ্তনৰ পথত আগবাঢ়ি আছে।
মই যোৱাকালি আবু-ধাবিত আছিলো আৰু কেবাখনো চুক্তিত স্বাক্ষৰ কৰিছো। ইয়াৰ ভিতৰত ‘ল’ৱাৰ ঝাকুম ৰাহি চুক্তি’ খন হৈছে ভাৰতীয় কোম্পানীৰ মধ্য-পূৱ অঞ্চলৰ প্ৰগতি অভিমূখে গতি কৰা প্ৰথমখন বিনিয়োগ চুক্তি। মোৰ চকুয়ে গোটেইখিনি ঠাই আগুৰিবলৈ সক্ষম হোৱা নাই তথাপিও আপোনালোকৰ বহু সংখ্যক লোকৰ উপস্থিতিৰ বাবে আৰু আপোনালোকৰ মৰমৰ বাবে মই আপোনালোক সকলোৰে ওচৰত অত্যন্ত কৃতজ্ঞ। মই আপোনালোকৰ অধিক সময় অপচয় নকৰো যিহেতু মই পৰৱৰ্তী কাৰ্যসূচীৰ বাবে প্ৰস্থান কৰিব লাগিব।
জেটৰ গতিৰ দৰে মই এই ভ্ৰমণ সামৰিব লগা হৈছে। ৭০-৮০ ঘণ্টাৰ ভিতৰত ৫ খন দেশ ভ্ৰমণ কৰি মই উভতিব লাগিব। জৰ্দান, পেলেষ্টাইন, আবু-ধাবি ভ্ৰমণৰ পিছত বৰ্তমান মই ডুবাইত আছো আৰু ইয়াৰপৰা মই ওমানলৈ ৰাওনা হ’ম। আজি সন্ধিয়া প্ৰৱাসী ভাৰতীয় সমূদায়ৰ বহুসংখ্যক লোকৰ মাজত উপস্থিত থাকি মোৰ ভাৱ-ধাৰা ব্যক্ত কৰাৰ সৌভাগ্য লাভ কৰিছো।
পুনৰ এবাৰ আপোনালোকক মই অন্তৰৰপৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো। মই আপোনালোকক আশ্বাস প্ৰদান কৰিছো যে, আপোনালোকে যিবোৰ সপোন দেখি আছে আৰু ভাৰতবৰ্ষত আপোনালোকৰ আপোন মানুহসকলে যিবোৰ সপোন দেখি আছে, সেইবোৰ নিজৰ সপোন বুলি গণ্য কৰি আমি একেলগে সময়সীমাৰ পূৰ্বে পূৰ্ণ কৰিম।
ধন্যবাদ।
****
AKT/SH/KT/DG/AK/MS
I want to thank His Highness Crown Price on behalf of 125 crore Indians for the grand temple which will be constructed: PMhttps://t.co/QTw9jeXzce
— PMO India (@PMOIndia) February 11, 2018
I believe this temple will not be only unique in terms of architecture & splendour, but will also give a message of 'Vasudhaiva Kutumbakam' to people across the world: PM @narendramodi
— PMO India (@PMOIndia) February 11, 2018
India's leap in World Bank's Ease of Doing Business Rankings from 142 to 100 is unprecedented. But we are not satisfied at this, we want to do better. We will do whatever it takes to make it possible: PM @narendramodi
— PMO India (@PMOIndia) February 11, 2018
Indian community gives a warm welcome to PM @narendramodi at the community reception in Dubai. pic.twitter.com/IRUgCAJZ4x
— PMO India (@PMOIndia) February 11, 2018