Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অবৈধ প্ৰব্ৰজনকাৰী ঘুৰাই অনাৰ ক্ষেত্ৰত ভাৰত-ব্ৰিটেইন আৰু নৰ্দান আয়াৰলেণ্ডৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত অবৈধ প্ৰব্ৰজনকাৰী ঘুৰাই অনাৰ ক্ষেত্ৰত ভাৰত-ব্ৰিটেইন আৰু নৰ্দান আয়াৰলেণ্ডৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰত অনুমোদন জনায়।

লাভালাভঃ

এই বুজাবুজি চুক্তিখন স্বাক্ষৰ হোৱাৰ পাছত ইয়াৰ অধীনত কূটনৈতিক পাৰপত্ৰধাৰীসকলৰ বাবে ভিছামুক্ত চুক্তিৰ সমান্তৰালভাৱে যিসকলে বৈধভাৱে ব্ৰিটেইন ভ্ৰমণ কৰিছে তেওঁলোককো ব্ৰিটেইনৰ উদাৰ ভিছা ব্যৱস্থাৰ সুবিধা প্ৰদান কৰিব।

এই চুক্তিখনে ইয়াৰ সন্তুষ্টিৰ বাবে কৰা পৰীক্ষণৰ পাছত যিসকলে সেই দেশসমূহত অবৈধভাৱে বসবাস কৰিছে, তেওঁলোকৰ প্ৰত্যাৱৰ্তন নিশ্চিত কৰিব।

যিসকল লোকক সংশ্লিষ্ট দেশসমূহত অবৈধভাৱে বসবাস কৰা বুলি চিনাক্তকৰণ কৰিব, তেওঁলোকক নিৰ্দিষ্ট সময়ৰ ভিতৰত ঘুৰাই পথোৱাৰ প্ৰক্ৰিয়াটো এই চুক্তিয়ে সহায় কৰিব।

***

AKT/VBA/SH/DB