Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মধ্য প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে, পঞ্চায়তী ৰাজ দিৱসত কাইলৈ মুকলি কৰিব ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযান


ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসত কাইলৈ প্ৰধানমন্ত্ৰীয়ে মধ্য প্ৰদেশৰ মান্দলা ভ্ৰমণ কৰিব৷ তেওঁ এখন ৰাজহুৱা সভাত ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযান মুকলি কৰিব আৰু দেশৰ ভিন্ন প্ৰান্তৰ পঞ্চায়তী ৰাজ প্ৰতিনিধিসকলক সম্বোধন কৰিব৷

এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে পৰবৰ্তী পাঁচ বছৰৰ বাবে জনজাতীয় লোকসকলৰ সামগ্ৰিক উন্নয়নৰ এক ৰোড মেপ মুকলি কৰিব৷ তেওঁ মান্দলা জিলাৰ মানেৰিত ইণ্ডিয়ান অইল কৰ্প’ৰেচনৰ এটি এলপিজি বটলিং প্ৰকল্পৰ অধাৰশিলাও স্থাপন কৰিব৷

স্বচ্ছ, স্বাস্থ্যৱান আৰু বৈদ্যুতিকৃত ভাৰতবৰ্ষ গঢ়াৰ সংকল্পৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়ে ১০০ শতাংশ ধোৱাবিহীন ৰান্ধনীঘৰ, মিছন ইন্দ্ৰধনুষৰ অধীনত ১০০ শতাংশ টিকাকৰণ আৰু সৌভাগ্য আঁচনিৰ অধীনত ১০০শতাংশ বৈদ্যুতিকৰণ হোৱা গাঁওৰ মূৰব্বীসকলক সম্বৰ্ধনা জ্ঞাপন কৰিব৷

ৰাষ্ট্ৰীয় ই-পঞ্চায়ত পুৰস্কাৰ আৰু সৰ্বশ্ৰেষ্ঠ পঞ্চায়ত পুৰস্কাৰ যোজনাৰ অধীনত গ্ৰাম পঞ্চায়ত বিকাশ পুৰস্কাৰসমূহ তেওঁ অনুষ্ঠানত প্ৰদান কৰিব৷

ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে মধ্য প্ৰদেশৰ আকাংক্ষিত জিলাসমূহৰ ডিষ্ট্ৰিক্ট কালেক্টৰৰ সৈতে বাৰ্তালাপত মিলিত হ’ব৷

AKT/VJ/SK/MS