Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আইএনএছভি তাৰিণীৰ নাৱিকাৰ দলক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

আইএনএছভি তাৰিণীৰ নাৱিকাৰ দলক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

আইএনএছভি তাৰিণীৰ নাৱিকাৰ দলক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

আইএনএছভি তাৰিণীৰ নাৱিকাৰ দলক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ


আইএনএছভি তাৰিণী নামৰ সমুদ্ৰ জাহাজেৰে সফলতাৰে পৃথিৱী পৰিভ্ৰমণ কৰা ৬ গৰাকী মহিলা নাৱিকাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সাক্ষাৎ কৰে৷

নাৱিকা সাগৰ পৰিক্ৰমা নামৰ এই অভিযান হ’ল ভাৰতীয় মহিলা নাৱিকাৰদ্বাৰা প্ৰথমটো বিশ্ব প্ৰদক্ষিণ যাত্ৰা৷

প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা আলোচনাকালত নাৱিকাৰ দলটোৱে অভিযানৰ বিভিন্ন দিশ, তেওঁলোকৰ প্ৰস্তুতি, প্ৰশিক্ষণ আৰু ভ্ৰমণৰ সময়ৰ অভিজ্ঞতাক লৈ এক প্ৰেজেণ্টেচন দাঙি ধৰে৷

প্ৰধানমন্ত্ৰীয়ে এই অভিযানৰ সফলতাৰ বাবে নাৱিকাৰ দলটোক অভিনন্দন জ্ঞাপন কৰে৷ ভ্ৰমণৰ সময়ছোৱাত লাভ কৰা অনন্য অভিজ্ঞতাসমূহ লিপিবদ্ধ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে নাৱিকাসকলক আহ্বান জনায়৷ নৌসেনা ষ্টাফৰ মুৰব্বী নৌসেনাপতি সুনীল লানবাও অনুষ্ঠানত উপস্থিত আছিল৷

উল্লেখ্য যে এই অভিযানৰ নেতৃত্ব দিছিল লেফটেনেণ্ট কমাণ্ডাৰ ভাৰ্টিকা যোশীয়ে৷ তেওঁৰ সৈতে আছিল লেফটেনেণ্ট কমাণ্ডাৰ প্ৰতিভা জামৱাল, পি স্বাতী আৰু লেফটেনেণ্ট এছ বিজয়া দেৱী, বি ঐশ্বৰ্য আৰু পায়েল গুপ্তা৷

******

AKT/VJ/SBP/MS