Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

৭ জুনত প্ৰধানমন্ত্ৰী জন ঔষধি পৰিয়োজনা আৰু সহজলভ্য কাৰ্ডিয়েক ষ্টেণ্ট আৰু আঠু সংৰোপনৰ সুবিধা লাভ কৰা হিতাধিকাৰীৰ সৈতে ‘সংবাদ’ অনুষ্ঠানত বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ জুনৰ পুৱা ৯.৩০ বজাত প্ৰধানমন্ত্ৰী জন ঔষধি পৰিয়োজনা (পিএমবিজেপি)আৰু সহজলভ্য কাৰ্ডিয়েক ষ্টেণ্ট আৰু আঠু সংৰোপনৰ সুবিধা লাভ কৰা হিতাধিকাৰীৰ সৈতে ‘সংবাদ’ অনুষ্ঠানত বাৰ্তালাপ কৰিব।

এই ‘সংবাদ’ অনুষ্ঠানৰ উদ্দেশ্য হৈছে কেনেকৈ এই প্ৰচেষ্টাসমূহে ৰোগী, বিশেষকৈ দুখীয়া লোকসকলৰ জীৱনলৈ পৰিৱৰ্তন আনিছে, সেই সম্পৰ্কে পোনপটীয়াকৈ সুবিধা লাভ কৰা লোকসকলৰ মন্তব্য জনা।

এই ‘সংবাদ’ অনুষ্ঠান বিভিন্ন ছ’চিয়েল মিডিয়া মঞ্চ যেনে-নমো এপ, ইউটিউব, ফেচবুক ইত্যাদিৰ জৰিয়তে সম্পন্ন হ’ব।

***

AKT/HS/DB