পি এম ইণ্ডিয়া
মঞ্চত উপবিষ্ট মধ্যপ্রদেশৰ ৰাজ্যপাল শ্রীমতী আনন্দী বেন পেটেল, মুখ্যমন্ত্রী শ্রী শিবৰাজ সিং ডাঙৰীয়া, কেন্দ্রীয় মন্ত্রী পৰিষদৰ সতীৰ্থ শ্রী নৰেন্দ্র সিং টোমৰ ডাঙৰীয়া, শ্রী পুৰুষোত্তম ৰুপালা ডাঙৰীয়া, ৰাজ্য চৰকাৰৰ মন্ত্রী গোপাল জী, ওমপ্রকাশ জী, সঞ্জয় জী, সাংসদ শ্রী ফগ্গন সিং কুলাস্তে জী, শ্রীমতী সম্পত্তিয়া ভি.কে.জী আৰু ভাৰতীয় জনতা পার্টিৰ সদ্য নির্বাচিত অধ্যক্ষ আৰু আমাৰ জব্বলপুৰৰ সাংসদ শ্রী ৰাকেশ সিং জী, মণ্ডলা জিলা পঞ্চায়তৰ অধ্যক্ষা শ্রীমতী সৰস্বতী মৰাওয়ী ডাঙৰীয়ানি আৰু আজি মই অতি গৌৰৱেৰে আপোনালোকক চিনাকী কৰাব বিচাৰিছো আমাৰ মাজত উপস্থিত থকা ত্রিপুৰাৰ নব-নির্বাচিত উপ-মুখ্যমন্ত্রী জিষ্ণু দেববর্মা। ত্রিপুৰাৰ শেহতীয়া বিধানসভা নির্বাচনত এওঁ ঐতিহাসিক দায়িত্ব পালন কৰিলে। ৰাজ্যখনৰ সাধাৰণ লোকসকলে এনে এক ঐতিহাসিক সিদ্ধান্ত ল’লে যে ত্রিপুৰাত ভাৰতীয় জনতা পার্টিৰ সংখ্যাগৰিষ্ঠ চৰকাৰ গঠন কৰিলে।
ত্রিপুৰাত অধিকাংশ জনজাতি সম্প্রদায়ৰ লোকে বসবাস কৰে। আপোনালোকৰ ইয়াৰ গৌণ্ড পৰম্পৰাৰ ইতিহাসৰ দৰেই ত্ৰিপুৰাতো আদি জনজাতিসকলৰ ৰাজ্য শাসনৰ দীঘলীয়া ইতিহাস আছে। মই আজি অতি আনন্দিত যে আজি সেই ত্রিপুৰাৰ নবনির্বাচিত উপ-মুখ্যমন্ত্রী আমাৰ মাজত আছে, তেওঁ সেই জনজাতি সম্প্রদায়ৰ লোক, সেই ৰাজ পৰিয়ালৰ বংশধৰ, যিসকলে ইংৰাজৰ বিৰুদ্ধাচৰণ কৰিছিল; আজি ইয়াত এই মধ্যপ্রদেশৰ ভূমিত তেওঁক স্বাগতম জনাই মই গৌৰৱবোধ কৰিছো।
ভাই আৰু ভগ্নীসকল, আমি সকলোৱে আজি মা নর্মদাৰ কোলাত একত্রিত হৈছো। সৰ্বপ্ৰথমে মই প্রায় ১ হাজাৰ ৩০০ কিলোমিটাৰ দৈর্ঘ্যৰ মা নর্মদা, ইয়াৰ পৰা আৰম্ভ হৈ গুজৰাটৰ সমুদ্রপাৰ পর্যন্ত প্রবাহিত মা নর্মদা, আমাৰ কোটি কোটি মানুহৰ জীৱনক লালন-পালন কৰা মা নৰ্মদাক, আমাৰ পশুপালন, কৃষি, গ্রামীণ জীৱনত শতিকাৰ পাছত শতিকা জুৰি মা নর্মদাৰ স্পর্শত নতুন জীৱন লাভ কৰাৰ বাবে মই সেই মা নর্মদাক প্রণাম জনাইছো।
আগতেও এই অঞ্চললৈ কেইবাবাৰো অহাৰ মোৰ সৌভাগ্য হৈছে। ৰানী দুর্গাৱতীৰ পৰাক্রম গাঁথা, ত্যাগ আৰু বলিদানৰ গাঁথাই আমাক সকলোকে প্রেৰণা যোগাই থাকে। আমাৰ দেশৰ বৈশিষ্ট্য হ’ল ৰানী দুর্গাৱতী অথবা অৱন্তীবাঈয়ে সমাজৰ বাবে যুঁজ দিছিল, বিদেশী শাসকৰ সন্মুখত শিৰ নত কৰা নাছিল। এই পৰম্পৰাক শ্রদ্ধা জনাই আজি আমি এই ভূমিক পৰাই আদি জনজাতিসকলৰ স্বার্থত এটি সন্মানজনক আঁচনি আৰম্ভ কৰিছো।
ইফালে, আজি পঞ্চায়ত দিৱস। শ্রদ্ধাৰ বাপুৰ সপোন বাস্তবায়িত কৰাৰ এটি গুৰুত্বপূর্ণ সুযোগ আজি আমাৰ বাবে আহিছে কিয়নো মহাত্মা গান্ধীয়ে বাৰে বাৰে কৈছিল যে ভাৰতৰ পৰিচয় ভাৰতৰ গাওঁসমূহ। সেইবাবে তেওঁ গ্রাম স্বৰাজৰ কল্পনা কৰিছিল। মহাত্মা গান্ধীৰ গ্রামোদয়ৰ পৰা ৰাষ্ট্রোদয়ৰ পথ প্রশস্ত কৰাৰ বাবে প্রেৰণা যোগাইছ আহিছে। আজি পঞ্চায়তী ৰাজ দিৱসত মই প্রায় ২ লাখ ৪০ হাজাৰ পঞ্চায়তক আৰু এই পঞ্চায়তসমূহত বসবাস কৰা আমাৰ কোটি কোটি দেশবাসীক, এই পঞ্চায়তসমূহৰ পৰা নির্বাচিত ৩০ লাখৰো অধিক জনপ্রতিনিধিক যিসকল ভিতৰত এক-তৃতীয়াংতকৈও অধিক আমাৰ মা-ভনী আছে; যিসকলে আজি সফলতাৰে দেশৰ গ্রামীণ জীৱনৰ নেতৃত্ব প্রদান কৰিছে, তেওঁলোক সকলোকে আজি পঞ্চায়তী ৰাজ দিৱস উপলক্ষে প্রণাম জনোৱাৰ লগতে বহুক বহুত শুভেচ্ছা জনাইছো।
মই আপোনালোকক আশ্বাস দিব বিচাৰো যে আপোনালোকে নিজৰ গাঁৱৰ উন্নয়নত, গাওঁবাসীৰ সবলীকৰণৰ বাবে নিজৰ গাঁৱক সমস্যামুক্ত কৰাৰ বাবে আপোনালোকে যি কোনো সংকল্প গ্রহণ কৰিলে তাক বাস্তবায়িতৰ কৰাৰ স্বাৰ্থত কেন্দ্রীয় চৰকাৰেও আপোনালোকৰ সৈতে কান্ধে কান্ধ মিলাই কাম কৰিবলৈ আগ্রহী। আপোনালোকৰ সপোনৰ সৈতে আমাৰ সপোনবোৰ মিলি গ’লেই ১২৫ কোটি ভাৰতীয়ৰ সপোন বাস্তবায়িত কৰিব পাৰিব। এই চিন্তাৰে আহক আজি পঞ্চায়তী ৰাজ দিৱসত নিজৰ গাঁৱৰ বাবে কিবা এটা কৰাৰ সংকল্প লওঁ।
আগতে যেতিয়া এই মান্দলালৈ আহিছিলো, তেতিয়া দেখিছিলো ইয়াৰ লোকসকলে সেই দুর্গটোক লৈ, ইয়াৰ ৰাজ পৰিয়ালৰ ইতিহাসক লৈ গৌৰৱত বুকু ফুলাই কয় যে কেইবা শতিকাৰ আগতে গৌণ্ড ৰজাসকলে কিমান ডাঙৰ কাম কৰিছিল, কিমান ডাঙৰ ব্যৱস্থা গঢ়ি তুলিছিল, যিটো অতিশয় গণমুখী আছিল!
বৰ্তমান দেশত গণতান্ত্রিক পৰিৱেশত এটি নিশ্চিত অবধি পর্যন্ত গাঁৱৰ লোকসকলে আমাক যি দায়িত্ব দিছে, আমাৰ ওপৰত যি ভৰসা ৰাখিছে, সেয়া যেন আমি গাঁৱৰ বাবে নিজৰ কার্যকালৰ ভিতৰতে পাঁচটা ভাল কাম অথবা ১০-১৬টা ভাল কাম কৰিব পাৰো, যাতে ২০-৩০ বছৰ পাছত যেতিয়া আপোনালোক বৃদ্ধ হ’ব, তেতিয়া আপোনালোকে নাতি-নাতিনীক ক’ব পাৰিব যে ২৫ বছৰৰ আগতে মই যেতিয়া পঞ্চায়ত প্রধান আছিলো, তেতিয়া এই পুখুৰীটো খনন কৰিছিলো, স্কুলৰ মুৰত সেই গছজোপা ৰুইছিলো, খোৱা পানীৰ বাবে সেই কুঁৱাটো খান্দিছিলো। আপোনালো নিশ্চয় দেখিব যে নিজৰ কার্যকালৰ ভিতৰতে এনে কিছু কাম কৰি যাওঁক, যিবোৰে ভৱিষ্যতে নাতি-নাতিনীসকলৰ আগত বুকু ফুলাই ক’ব পাৰে।
মই আপোনালোকৰ মনৰ সেই ইচ্ছাক প্ৰবল কৰিব বিচাৰো। আপোনালোকে সবল সংকল্পৰে চহকী কৰিব বিচাৰো। গাঁৱৰ বাবে কিছু কৰাৰ ইচ্ছা আৰু যি ৫ বছৰ সময় আপোনালোকে পাব, সেই ৫ বছৰৰ প্রতিটো মুহূর্তত যদি জনগণৰ বাবে কাম কৰাৰ শপত লৈ কাম কৰি থাকে, তেতিয়াহ’লে বিশ্বৰ যি কোনো শক্তি, যি কোনো প্রত্যাহ্বান, যি কোনো বিপদত হেলাৰঙে অতিক্ৰম কৰি আপোনালোকে গাঁৱৰ জীৱন সলনি কৰি দিব পাৰিব।
কেতিয়াবা গাঁৱৰ উন্নয়নৰ প্রসংগ উঠিলে বহুকে বাজেট আবণ্টনৰ প্রসংগ উত্থাপন কৰে। এটা সময় আছিল যেতিয়া বাজেট আবণ্টন অপর্যাপ্ত থকাৰ পাছতো কাম কৰিবলৈ সমস্যা হয়, কিন্তু আজি বাজেটৰ সমস্যা নাই, এতিয়া সমস্যা হ’ল-প্রাপ্ত ধনৰ সদব্যৱহাৰ কেনেকৈ কৰা যাব! নির্দিষ্ট সময় ভিতৰত সঠিক লোকৰ বাবে কেনেকৈ উপযুক্তভাবে সৎ পথত টকা খৰচ কৰিব? সেই কামত স্বচ্ছতা থাকিব, গাঁৱৰ প্রত্যেকে জানিব পাৰিব যে-এই কাম ইমান, ইমান টকা খৰচ কৰা হৈছে, গাওঁবাসীৰ বাবে এই হিচাপ দিছে! এই স্বভাব গঢ়ি তুলিব পাৰিলে কেতিয়াও ধনৰ অভাৱ নহয়। আচলতে ধনৰ অভাব কেতিয়াও নহয়। আমাৰ অগ্রাধিকাৰেহে কেতিয়াবা কেতিয়াবা সমস্যাৰ সৃষ্টি কৰে।
মন কৰিব গাঁৱত এখন স্কুল আছে। স্কুলগৃহটো অতি সুন্দৰ, তাত শিক্ষিক নিযুক্তি দিয়া আছে, তেওঁ মাহেকত নিয়মীয়াকৈ দৰমহা পায়, প্রতিদিনে সঠিক সময়ত স্কুল হয়। কিন্তু তাৰ পাছতো আমাৰ গাঁৱৰ ৫-২৫টা শিশু স্কুললৈ নাযায়, লুকাই থাকে, নিৰক্ষৰ হৈ থাকি যায়। আপোনালোকে এই নিৰক্ষৰতাৰ আঁৰত বাজেট সমস্যা আছিল বুলি ভাবেনেকি? শিক্ষকে সমস্যা আছিল নেকি? মই ভাবো তেনেকুৱা নাছিল। আমাৰ গাওঁবাসীক বুজাব লাগিব যে স্কুল আছে, শিক্ষক আছে, চৰকাৰে অনুদান দি আছে, চৰকাৰৰ পৰা ল”ৰা-ছোৱালীক স্কুলৰ পোছাক দিয়া হয়, মধ্যাহ্ন ভোজনৰ ব্যৱস্থা আছে। আহক, আমি সকলোৱে মিলি এনে কাম কৰো, যাতে আমাৰ গাঁৱৰ এটি শিশুও আৰু স্কুল নোযোৱাকৈ নাথাকে। আমি এনেধৰণৰ সিদ্ধান্ত ল’ব নোৱাৰো নে?
আমাৰ মা-দেউতা হয়তো লিখা-পঢ়া নাজানে, তেওঁলোকৰ চাগে সেই সৌভাগ্য নহ’লেই। সেই সময়ত সকলো চৰকাৰী সুবিধা থকা সত্ত্বেও তেওঁলোকে লিখা-পঢ়াৰ সুযোগ নাপালে। কিন্তু এতিয়া আপোনালোকে পঞ্চায়তত নির্বাচিত হৈ আহিছে। ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰে আপোনালোকৰ সৈতে কান্ধে কান্ধ মিলাই কাম কৰিব বিচাৰে। তেওঁলোকে সন্তানক শিক্ষিত কৰিবলৈ আগ্রহী, বিশেষকৈ কন্যাসন্তানক; সেই শিশুটি ডাঙৰ হৈ ক’ব, ময়ো দুখীয়া মাতৃৰ সন্তান আছিলো, মাৰ সৈতে কাম কৰিবলৈ গৈছিলো, কিন্তু অমুক যেতিয়া গাওঁপ্ৰধান হ’ল, তেওঁ আমাক খেতি পথাৰৰ পৰা হাতত ধৰি আনি স্কুলত সুমুৱাই দি কয়, বাবা এয়া তোৰ খেতি পথাৰত কাম কৰাৰ বয়স নহয়, পঢ়া-শুনা কৰিব লাগিব। তেওঁৰ দয়াতে আজি মই ডাক্তৰ হৈছো, ইঞ্জিনিয়াৰ হৈছো অথবা আজি মই আইএএছ বিষয়া হৈছো, আমাৰ পৰিয়ালৰ জীৱন সলনি হৈ গৈছে। অর্থাৎ এজন গাওঁপ্ৰধানে এটি জীৱন সলনি কৰি দিব পাৰে, অসংখ্য লোকক প্রেৰণা যোগাব পাৰে, সমগ্ৰ ভাৰতীয়ৰ জীৱনৰ পৰিৱর্তনৰ সঠিক পথ দেখাব পাৰে।
সেইবাবে মোৰ প্রিয় প্রতিনিধিবৰ্গ, এই পঞ্চায়তী ৰাজ দিৱস আমাৰ বাবে সংকল্প দিৱস হৈ উঠক। আজি আৰোগ্য ক্ষেত্রত সুদিন আহিছে। সঠিক সময়ত শিশুসকলৰ পলিঅ’ৰ প্রতিষেধক খুৱাব পাৰিলে আমাৰ গাঁৱৰ সন্তান কেতিয়াও দিব্যাংগ নহয়, পলিঅ’ নির্মূল হ’ব। এই পলিঅ’ৰ প্রতিষেধক খুৱাওতে জানো বাজেট আবণ্টনৰ প্রয়োজন হয়? ডাক্তাৰ আহে, চৰকাৰী খৰচত প্রতিষেধক আহে, যি তাৰিখত খুওৱা হ’ব, টিভি আৰু বাতৰি কাকতত তাৰ আগৰ পৰাই জনোৱা হয়। মই নির্বাচিত পঞ্চায়ত প্রতিনিধিসকলক এই পলিঅ’ প্রতিষেধক খুওনাৰ ক্ষেত্ৰত সঠিক তদাৰক কৰাৰ অনুৰোধ জনালো।
আপোনালোকে ভাবিব পাৰে যে এয়া চৰকাৰী বিষয়াসকলৰ কাম, আমাৰ নহয়। আপোনালোক জনপ্রতিনিধি, জনতাৰ সেৱক। আপোনালোক চৰকাৰৰ সেৱক নহয়। আমি জনপ্রতিনিধিসকলে জনতাৰ সুখ-সুবিধা সুনিশ্চিত কৰাৰ বাবে নির্বাচিত হৈ আহিছো। আমাৰ সকলো শক্তি আৰু সময় যদি সেই কামত নিয়োজিত কৰো, তেতিয়াহ’লে আমি গাঁৱৰ জীৱন সলনি কৰিব পাৰিম।
মই আপোনালোকক আগত এই সৰু সৰু বিষয়বোৰকলৈ এই বাবেই কৈছও, কাৰণ সৰু সৰু বিষয়ত পৰিৱর্তন আনিব পাৰিলেই চকুৰ আগতে গাওঁ পৰিৱর্তিত হৈ যায়।
আমাৰ গাঁৱৰ কৃষকসকলে জানে যে শস্যৰ পথাৰত তেওঁলোকৰ অন্নদাতা সেই খেতিৰ মাটিৰ স্বাস্থ্য ভাল নাথাকিলে ধৰিত্রী মাই আজি যিমান ফচল দিছে, সিমান ফচল দিয়া বন্ধ কৰিব। সেই ক্ষেত্রত আমি ভোকত মৰিমেই, বাকীসকলো মৰিব। আমাৰ ভবিষ্যৎ প্রজন্ম দৰিদ্ৰ হৈ পৰিব। কেতিয়াবা ভাবিছেনে যে আমাৰ বহু লোকে পথাৰত ১২ বজালৈকে কাম কৰে। অমুকে যিমান ইউৰিয়া সিঁচিচে, মইও দিলো। চুবুৰীয়াই লাল ঔষধ দিলে, মইও দি দিলো। খেতিৰ প্রকৃতি নজনাকৈ এইদৰে অন্ধৰ দৰে কাম কৰিলে লাভৰ সলনি ক্ষতি হোৱাৰ সম্ভাৱনাই অধিক হয়।
গাঁৱৰ সকলো লোক মিলি যদি সিদ্ধান্ত লওঁ যে সমগ্ৰ গাঁৱতে ৫০ বেগ ইউৰিয়া আহিছিল, আমি সকলোৰে মাটিতে কম কম ইউৰিয়া মিলাই ৪০ বেগে কাম চৱাই দিম। তেতিয়া ১০ বেগৰ পইছা ৰাহী নহ’বনে? পইছাও ৰাহী হ’ব, ধৰিত্রীমাতাও সুখী হ’ব। লাহে লাহে খেতিও ভাল হ’ব। মই আপোনালোকক সুধিব বিচাৰো যে আমাৰ জনজাতি লোকসকলৰ পৰা জানিব বিচাৰো যে আমি এনেকৈ নিজৰ ধন আৰু ভূমিৰ স্বাস্থ্য ৰক্ষা কৰিব নোৱাৰোনে? এতিয়াতো চৰকাৰেও এটা অতি সুন্দৰ নিয়ম কৰি দিছে। মই আজি মণ্ডলাৰ অৰণ্যত আছো। ইয়াত বাঁহৰ খেতি কৰে। এটা সময় আছিল, যেতিয়া আমাৰ দেশত বাঁহকে গছ বুলি জ্ঞান কৰিছিল। মই নাজানো যে ইমান বছৰ কিয় আমাৰ আইনে বাঁহক গছ কৰি ৰখা হৈছিল? আমাৰ জনজাতি ভাই আৰু ভগ্নীসকলে যথেষ্ট বাঁহ কাটি বিক্রী কৰিবলৈ নোৱাৰিলেহেতেন। বন বিভাগৰ বিষয়াসকলৰ চকু পৰিলে জৰিমনা ভৰিব লাগিলহেতেন। আমাৰ চৰকাৰ আহিয়েই সেই আইন বদলি কৰিলো। এতিয়া যি বৈজ্ঞানিক সত্য, সেইটোৱে আইনত স্থান পাইছে। আইনগতভাৱে বাঁহ এতিয়া ঘাঁহ হিচাপে বিবেচিত হ’ব। আপোনালোক যিমান সুখী অনুভৱ কৰিছে আৰু বজাৰত বিক্রী কৰি লাভবান হওঁক।
আপোনালোকে শুনিলে আচৰিত হ’ব যে আমাৰ দেশত ইমান বাঁহ উৎপন্ন হোৱা সত্ত্বেও প্রতি বছৰত ১২ ৰ পৰা ১৫ হাজাৰ কোটি টকাৰ বাঁহ আমদানি কৰিব লাগে। ধূপকাঠি, দিয়াশলাই কাঠি বনোৱাৰ বাবে, বাৰী-ঘৰ নির্মাণৰ বাবে বাঁহ আমদানি কৰি ইমান হাজাৰ হাজাৰ কোটি টকা বিদেশলৈ গুচি যায়।
আজি মই জনজাতি ভাইসকলক অনুৰোধ জনাওঁ যে এতিয়া আপোনালোকে উৎকৃষ্ট প্রজাতিৰ বাঁহ নিজৰ খেতি লগাওঁক। দুই-তিনি বছৰৰ ভিতৰতে আপোনালোকৰ উপাৰ্জন আৰম্ভ হৈ যাব।
পঞ্চায়ত প্রতিনিধিসকলক অনুৰোধ জনাওঁ যে আমাৰ গাঁৱৰ কৃষকসকলক আত্মনির্ভৰ কৰি তোলক। আমাৰ ৰাজ্যপাল দেবব্রত ডাঙৰীয়াই নিজৰ পদমর্যাদা একাষৰীয়া কৰি শিল্পীসকলৰ সৈতে সময় কটাওক আৰু তেওঁলোকক শূন্য বাজেটত উন্নতমানৰ খেতিৰ সন্দৰ্ভত শিকাওক। এজন কৃষকৰ এটি গৰু আৰু দুই একৰ ভূমি থাকিলে কিদৰে বিনামূল্যে খেতি কৰিব পৰা যায়, তাক শিকাই তেওঁ অনেক কৃষকক আত্মনির্ভৰ কৰি তুলিছে। আমাৰ পঞ্চায়ত প্রতিনিধিসকলে এই পদ্ধতি শিকি নিজৰ গাঁৱৰ কৃষকসকলক সঠিক পথ দেখুৱাব নোৱাৰেনে?
সম্প্রতি আমি মধু উৎপাদন আৰু মৌ উৎপাদনৰ আন্দোলন আৰম্ভ কৰিছো। যি কোনো সৰু কৃষকক তেওঁৰ খেতিৰ চৌপাশে ৫০টি মৌমাখৰ বাকচ বহুৱাই এবছৰত ডেৰ-দুই লাখ টকাৰ মৌ বিক্রী কৰিব পাৰে। যদি বিক্রী নহয়, তেতিয়াহ’লে ঘৰত ৰাখি খালেও শৰীৰৰ জোৰ বাঢ়িব। আপোনালোকে কওঁকচোন ইয়াৰ দ্বাৰা কৃষকৰ ৰোজগাৰ বৃদ্ধি নাপাবনে? অথচ ইয়াৰ বাবে কোনো বাজেটৰো প্রয়োজন নাই, নিজেই হয়। কোৱল আমি সিদ্ধান্ত ল’লেই হ’ব।
এতিয়া গাঁৱত কেন্দ্রীয় চৰকাৰৰ ফালৰ পৰা এমজি এনৰেগাৰ টকা পঠোৱা হয়। আমি এপ্রিল, মে’ আৰু জুন-এই তিন মাহ গাঁৱত জল সংৰক্ষণৰ বাবে কিবা এটা কৰিব নোৱাৰো নে? পুখুৰীৰ গভীৰতা বৃদ্ধি কৰি অথবা সৰু সৰু ‘চেক বান্ধ’ গঢ়ি তুলি কেইমাহ মান পাছতে যেতিয়া বর্ষা আহিব, তেতিয়া যেন প্রত্যেক বিন্দু জল আপোনাৰ গাঁৱৰ মাটিতই ৰৈ যায়, অনায়াসে বৈ যাব নোৱাৰে, তাৰ ব্যৱস্থা কৰক।
আপোনালোকে কওঁক যে গাঁৱৰ পানী গাঁৱৰ পৰা গ’লে প্রত্যেক বৃষ্টিবিন্দুক গাঁৱৰ মাটিত ধাৰণ কৰিব পাৰিলে আমাৰ ভূ-গৰ্ভৰ তলৰ জলস্তৰ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে সংস্কাৰ কৰা জলস্রোতে গাঁৱৰ ভূমিক বহু পৰিমাণে উর্বৰ কৰি নুতুলিব নে? যদি বৃষ্টি ইমান নহয়, সেই ক্ষেত্রতো ভূ-গৰ্ভৰ জলস্তৰ আমাৰ খেতিৰ কামক অথলে যাবলে নিদিয়ে! গাওঁবাসীয়েও নাখায় মৰিব লগা নহয়।
এনে নহয় যে আঁচনি নাই, এনে নহয় যে ধনৰ অভাৱ হৈছে, মই গাওঁ প্রতিনিধিসকলক অনুৰোধ কৰো যে আপোনালোকে ঠিক কৰক-শিক্ষা, আৰোগ্য, জলসঞ্চয়, কৃষি ক্ষেত্ৰত পৰিৱর্তন-কিবা নহয় কিবা ক্ষেত্রত আপোনালোকে এইধৰণৰ কোনো নতুন বাজেট ধাৰ্য কৰাৰ কাম কৰি গাওঁসমূহক আগুৱাই নিব পাৰে।
প্ৰসংগক্ৰমে মই আন এটা কথা মই ক’ব বিচাৰিছো, সেয়া হৈছে আমি জন ধন যোজনা নামৰ এখন আঁচনি আৰম্ভ কৰিছিলো। এই আঁচনিৰ জৰিয়তে বেংক একাউন্ট খোলা আৰু আন এটি প্রকল্প আছিল মাত্র ৯০ টকাতে বীমা যোজনা। মই এই কথা বিশ্বাস নহয় যে দেশৰ অতি দৰিদ্র ব্যক্তিয়েও ৯০ টকা খৰচ কৰিবলৈ পাৰিব। কাৰোবাৰ যদি বিড়ি খোৱাৰ অভ্যাস আছে, তেতিয়াহ’লে সেই দিনত ২ টকাৰ বিড়ী নোখোৱাকৈ থাকক। ফলত ৯০ টকা জমা কৰাটো একো ডাঙৰ কথা নহয়।
আপোনালোকে দেখিছে, আজি এই মঞ্চৰ পৰা এজন জনজাতি সম্প্রদায়ৰ মাতৃক ২ লাখ টকা দিয়াৰ সৌভাগ্য হৈছে। তেওঁৰ স্বামীয়ে ৯০ টকাৰ বীমা কৰিছিল আৰু তেওঁৰ স্বামীৰ মৃত্যুত পৰিয়ালৰ বিপর্যয়ৰ সময়ত এইগৰাকী ভদ্রমহিলাই ২ লাখ টকা বীমাৰ ধন পাইছে। বিপদৰ সময়ত এগৰাকী দৰিদ্র মাতৃয়ে যদি হাতত ২ লাখ টকা পায়, এই টকাৰে তেওঁৰ পৰিয়ালটোক ৰক্ষাৰ ক্ষেত্রত কিমান কামত লগাব পাৰিব।
আমাৰ জনপ্রতিনিধিসকলে এইটো সুনিশ্চিত কৰিব নোৱাৰে নে যে আপোনালোকে গাঁৱত সকলো পৰিয়ালকে অতি কমেও ৯০ টকাৰ বীমাৰ সুবিধা লাভ কৰে। যদি তেনে পৰিয়াল আছে, তেতিয়াহ’লে তেওঁলোকক যিমান পাৰি শীঘ্রে ইয়াৰ আওতালৈ আনক! পাৰিবাৰিক বিপত্তিৰ সময়ত সেই পৰিয়ালে ২ লাখ টকা হাতত পাব। গাঁৱৰ বাবে সমস্যা হৈ নুঠে! আপোনালোকে এইটো কৰিব নোৱাৰিব নে?
ভাই আৰু ভনীসকল, মই তিনিটা বিষয়ৰ প্রতি আপোনালোকৰ দৃষ্টি আকর্ষণ কৰিব বিচাৰিছো! এক-জন ধন, দুই-বন ধন, তিন-গোবৰ ধন। এই তিনিটা বিষয় গাঁৱৰ অর্থব্যৱস্থাত এক বৃহৎ পৰিৱর্তন আনিব পাৰে! জনধন যোজনাৰ জৰিয়তে আমি গাঁৱৰ পৰিয়ালসমূহক, প্রত্যেক নাগৰিকক অর্থব্যৱস্থাৰ মুল সুঁতিলৈ লৈ যাব পাৰে!
বন ধন-আমাৰ দেশত যি বনজ সম্পদ, প্রাকৃতিক সম্পদ আছে, তাৰ মূল্য বুজিব লাগিব। গাঁৱত যি নিম গছ আছে, দৰিদ্র মহিলাসকলে সেই নিমৰ ফল একত্রিত কৰি, তাৰ পৰা তেল উলিয়াব পাৰে। সেই তেল ইউৰিয়াত নিম কোটিঙৰ বাবে কিনি নিব। মহিলাসকলেও সংস্থা পাব, তাৰ মানে যি নিমফল গছৰ পৰা সৰি মাটিত মিহলি হৈ যায়, সেইটোৱে আজি বন ধনত পৰিণত হ’ব পাৰে। মই অৰণ্যত বসবাস কৰা সকলো জনজাতি বন্ধুসকল ক’ব বিচাৰো, সংশ্লিষ্ট সকলো চৰকাৰকে ক’ব বিচাৰো-এইদৰে প্ৰচেষ্টা ল’লে আমি বহুত পৰিৱর্তন কৰিব পাৰিম। আজি ইয়াত মধ্যপ্রদেশ ৰাজ্য চৰকাৰ, জনজাতি সম্প্রদায়ৰ বাবে এটি বহুত ডাঙৰ প্রকল্প আৰম্ভ কৰিলো। এই প্রকল্প বন ধনৰ গুৰুত্ব উপলব্ধি কৰিয়েই গঢ়ি উঠিছে।
তৃতীয়তে, গোবৰ ধন। গাঁৱৰ জীৱ-জন্তুৰ গোবৰ বৈজ্ঞানিক পদ্ধতিৰে ব্যৱহাৰ কৰা নহয়। সেই গোবৰ আৰু গাঁৱৰ আৱর্জনাক যদি আমি সম্পত্তি বুলি ভাবো, তেতিয়াহ’লে সেইবোৰৰ পৰা গেছ উৎপাদন কৰাটো সম্ভৱ। সেই গেছেৰে বিদ্যুৎ উৎপাদন সম্ভৱ আৰু সেই গোবৰ আৰু আৱর্জনাৰ পৰা জৈৱিক সাৰো উৎপাদন কৰিব পৰা যায়। ইউৰিয়া প্রয়োগ নকৰাকৈ, সেই জৈৱিক সাৰ খেতিত প্রয়োগ কৰিলে ফচলো ভাল হয় আৰু সেইবোৰে আমাৰ স্বাস্থ্যও ভালে ৰখাৰ লগতে মাটিৰ স্বাস্থ্যও ভালে ৰাখে।
সেইবাবে ভাই-ভনীসকল, আজি মা নর্মদা পাৰৰ পৰা, মা দুর্বাৱতীৰ আশীর্বাদধন্য এই পুণ্যভূমিৰ পৰা দেশৰ ২ লাখ ৪০ হাজাৰ গাঁৱৰ মানুহক অনুৰোধ জনাইছো। আহক আমি সংকল্প গ্রহণ কৰো ২০২২ চনত যেতিয়া দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূর্তি পালন কৰিম আৰু তাৰ আগতে এই বছৰ ২ অক্টোবৰত মহাত্মা গান্ধী জয়ন্তীৰ শতবর্ষ পালন আৰম্ভ হ’ব। আহক, এই উপলক্ষে আমি সকলোৱে মিলি দেশৰ প্রতিখন গাঁৱক মহাত্মা গান্ধীৰ সপোনৰ গাঁৱত পৰিণত কৰো।
কিছুসময় আগতে একটি প্রকল্প মই উদ্বোধন কৰিছো, যাৰ মাধ্যমে যথাযথভাবে প্রযুক্তি ব্যৱহাৰ কৰি আপোনাৰ গাঁৱত কিমান চৰকাৰী টকা আহিছে, কি কামত আহিছে, সেই কাম কিমান হৈছে, ঠিতমতে হৈছে নে নাই, য’ত হোৱাৰ কথা আছিল, তাত হৈছে নে নাই-এই সকলো খুঁটিনাটি আপোনালোকে নিজৰ মোবাইল ফোনত চাব পাৰিব। আপোনালোকে বুজিব পাৰিব, গাঁৱৰ কূৱা খননৰ বাবে যি টকা আহিছে, তাৰে বেলেগ কাম কৰিছে নেকি, যদি মোবাইল ফোনত পোৱা তথ্যৰ সৈতে বাস্তৱৰ কোনো মিল নাথাকে, তেতিয়াহ’লে জনতাই জনপ্রতিনিধিসকলৰ ওপৰত হেঁচাৰ সৃষ্টি কৰিব পাৰিব, প্রশাসনেও ব্যৱস্থা ল’বলৈ বাধ্য হ’ব, কাম কৰিবলৈ বাধ্য হ’ব। আপোনালোকে কওঁক, এই স্পষ্টতাই সৎ পথত গাঁৱৰ উন্নয়ন সুনিশ্চিত নকৰিবনে? প্রত্যেকটো পইছাৰ হিচাব দিব নালাগিবনে?
সেইবাবে মোৰ প্রিয় ভাই-ভনীসকল, সঠিক সময়ত সঠিক কাম হৈছে নে নাই, সেইদিশত যদি আপোনালোকে লক্ষ্য ৰাখক, তেতিয়াহ’লে দেখিব, আপোনালোকৰ পাঁচ বছৰীয়া কার্যকাল এটি সোনালী সময় হিচাপে পৰিগণিত হ’ব। গাঁওবাসীয়ে আপোনালোকক মনত ৰাখিব যে অমুক যেতিয়া গাওঁপ্রধান আছিল অথবা তমুক যেতিয়া আমাৰ নির্বাচিত সদস্য আছিল, তেতিয়া তেওঁ গাঁৱৰ ছবি সলনি কৰিছিল। আজি ইয়াত মোৰ এটি এলপিজি প্ল্যান্টৰো উদ্বোধন কৰাৰ সৌভাগ্য হৈছে। ইয়াত ১২০ কোটি বিনিয়োগেৰে এটি গেছ চিলিণ্ডাৰ ভৰোৱা কাৰখানা গঢ়ি উঠিব। ফলত, পার্শ্ববর্তী পান্না, সৎনা, ৰিওয়া, সিংগৰৌলি, শেহডোল, উমৰিয়া, ডিণ্ডৰি, অনুপুৰ, মণ্ডলা, চিউয়ন, বালাঘাট, জব্বলপুৰ, কটনি, দমোহ জিলাসমূহত গেছ চিলিণ্ডাৰ পোৱাৰ কাম সৰল হৈ পৰিব। ইয়াৰ স্থানীয় লোকসকলৰ কর্মসংস্থাপন হ’ব আৰু আপোনালোকে এখন নতুন পৃথিৱী সোৱাদ লাভ কৰিব পাৰিব।
ভাই-ভনীসকল, আমি আৰু বিভিন্ন বিষয়ত আলোচনা কৰিব পাৰো। কিন্তু মই গাওঁকেন্দ্রিক জয় জোৱান, জয় কিষাণ, জয় বিজ্ঞান-এই মন্ত্রক আগুৱাই যোৱাতো বিচাৰিছো।
কিছুসময়ৰ আগতে শিৱৰাজ ডাঙৰীয়া কৈছে যে কেন্দ্রীয় চৰকাৰে কন্যাসকলৰ প্ৰতি যিসকলে অত্যাচাৰ কৰে সেই ৰাক্ষষ মনোবৃত্তিৰ লোকসকলক এতিয়া ফাঁচীৰ কাঠত ওলমোৱাৰ আইন প্রণয়ন কৰিছে। আৰু মুখ্যমন্ত্রীয়ে যেতিয়া এই প্রস্তাৱ ৰাখিছিল, তেতিয়া মই লক্ষ্য কৰিছিলো যে গোটেই মণ্ডপত হাততালিৰ শব্দ গুঞ্জৰিত হৈছে। সেই তালিৰ শব্দ বাজিয়েই আছিল। আজি দিল্লীত আপোনালোকৰ এনে চৰকাৰ আনিছে, যি আপোনালোকৰ অন্তৰৰ আৱাজ শুনিবলৈ পায় আৰু সেই অনুযায়ী সিদ্ধান্ত লয়।
মই কওঁ যে আমি পৰিয়ালে যেন কন্যাসকলক সম্মান দিবলৈ শিকো। প্রতিটো পৰিয়ালৰ কন্যাসকল গুৰুত্ব বাঢ়ক আৰু তাৰ সমান্তৰালভাৱে সন্তানক দায়িত্ব শিকাবলৈ আৰম্ভ কৰে। সন্তানক দায়িত্ব শিকাব পাৰিলে কন্যাক নিৰাপদে ৰখাটো কঠিন নহয়। আৰু যিসকলে বেইমানি কৰিব, অন্যায় কৰিব, তেওঁলোকক ফাঁচী কাঠত ওলমোৱা হ’ব। কিন্তু আমাৰ নিজৰ পৰিয়ালৰ কন্যাসকলক সম্মান প্রদর্শনৰ দায়িত্ব নিজেই ল’ব লাগিব। এটি সামাজিক আন্দোলন গঢ়ি তুলিব লাগিব। তেতিয়াহে আমি সকলোৱে মিলি দেশক এই লজ্জাজনক পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিব পাৰিব।
ভাই-ভনীসকল, চৰকাৰে এটি অতি গুৰুত্বপূর্ণ কামৰ কথা ভাবিছে, আমাৰ দেশৰ দুর্ভাগ্য যে স্বাধীনতা সংগ্ৰামৰ কৃতিত্ব দেশৰ কেইটা পৰিয়ালক দিয়া হয়। প্ৰকৃত অৱদান যিসকলৰ আছে, তেওঁলোকৰ নাম ইতিহাসেৰ পাতত তুলি ধৰাৰ পাছৰ পৰা আমি কি কি সমস্যাৰ সম্মুখীন হৈছো-সেয়া মই নাজানো!
১৮৫৭ চনৰ পৰাই যদি চাও, অৱশ্যে তাৰ আগতে ১০০ বছৰৰ দাসত্বৰ ইতিহাসো এনে কোনো বছৰ নাছিল, যেতিয়া ভাৰতে কিবা নহয় কিবা প্রান্তত সেই অঞ্চলৰ আত্ম-সম্মান আৰু সংস্কৃতি ৰক্ষাৰ বাবে আমাৰ পূর্বজসকলে স্বাধীনতাৰ স্পৃহাৰে আত্মবলিদান দিছিল। কিন্তু আমি যদি ১৮৫৭ চনৰ পৰাই চাওঁ, খুব কম লোকে জানে আমাৰ বিভিন্ন জনজাতিৰ পূর্বজসকলে স্বাধীনতাৰ বাবে দেশৰ প্রত্যেক প্রান্তত কিমান আত্মবলিদান দিলে। ভাৰতৰ সম্মানৰ বাবে কিমান ডাঙৰ ডাঙৰ যুদ্ধত যুঁজিছে, দুর্গাৱতী, অৱন্তীবাই, বিৰছা মুণ্ডাৰ নাম আমি জানো, তেওঁলোকক মই স্মৰণ কৰিছো, এনে আৰু অসংখ্য আছে, যাৰ নাম আমি নাজানো!
আমাৰ সপোন হ’ল, ভাৰতৰ প্রত্যেক ৰাজ্যত, য’ত য’ত আমাৰ বিভিন্ন জনজাতিৰ পূর্বজসকলে স্বাধীনতাৰ বাবে আত্মবলিদান দিছিল, সেই ৰাজ্যসমূহত তেওঁলোকৰ বীৰগাঁথা প্রদর্শনকাৰী আধুনিক মিউজিয়াম গঢ়ি তোলা! সেই ৰাজ্যসমূহৰ ছাত্র-ছাত্রীসকলক আমি সেই সংগ্রহালয়সমূহলৈ নিয়া হ’ব, তেওঁলোকক দেশৰ সংস্কৃতি আৰু ইতিহাসক তেওঁলোকে কিদৰে গৌৰবান্বিত কৰিছে, সেই বিষয়ে জনোৱা হ’ব।
ভাই-ভনীসকল, আহক, আজি আমি এই মণ্ডলাৰ ভূমিৰ পৰা মা দুর্গাৱতীক স্মৰণ কৰি সংকল্প গ্রহণ কৰো। তেতিয়াহে পঞ্চায়ত ৰাজৰ এই গুৰুত্বপূর্ণ পর্বত আমাৰ পঞ্চায়তসমূহৰ সবলীকৰণ সুনিশ্চিত হ’ব, আমাৰ গণতন্ত্রৰ শিকলি মজবুত হ’ব, আমাৰ জনপ্রতিনিধিসকলে দেশৰ কল্যাণাৰ্থে আমাৰ গাঁৱৰ কল্যাণাৰ্থে নিজক উৎসর্গা কৰিব-এই আশাৰে আপোনালোক সকলোকে বহুত বহুত আন্তৰিক শুভেচ্ছা জনাইছো। শ্রী টৌমাৰ ডাঙৰীয়া, শ্রীমতী ৰুপালা ডাঙৰীয়ানি আৰু তেওঁলোকৰ বিভাগৰ সকলো বিষয়াক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছো। কাৰণ, তেওঁলোকে সমগ্ৰ দেশত গ্রাম স্বৰাজ অভিযান আৰম্ভ কৰিছে।
অহা ৩০ এপ্রিলত আয়ুষ্মান ভাৰতৰ লোকজাগৰণ অনুষ্ঠিত হ’ব। অহা ২ মে’ত কৃষকসকলৰ বাবে কর্মশালা আয়োজিত হ’ব, গাঁৱত গ্রামীণ জীবনেৰ সৈতে জড়িত সকলো বিষয় তাত উত্থাপন হ’ব। আপোনালোক সকলোৱে অতি উৎসাহ আৰু উদ্দীপনাৰে সেই কাৰ্যসূচীত অংশগ্রহণ কৰিব। এই আশাৰে সকলোকে বহুত বহুত শুভেচ্ছা আৰু ধন্যবাদ জনাইছো।
***
অতুল তিৱাৰী/ চাহবাজ হছিবি/সতীশ শৰ্মা/ নিৰ্মল শৰ্মা/দিগন্ত বৈৰাগী
I am delighted to be in Madhya Pradesh on National Panchayati Raj Day. Bapu always highlighted the importance of villages and spoke about 'Gram Swaraj' : PM @narendramodi https://t.co/wF0M74Yg5n pic.twitter.com/wJma6E7qh7
— PMO India (@PMOIndia) April 24, 2018
Let us reaffirm our commitment to serving our villages: PM @narendramodi https://t.co/wF0M74Yg5n
— PMO India (@PMOIndia) April 24, 2018
While talking about rural development, Budgets are important. But, there is a shift in the discourse in the last few years. People are now talking about the need to ensure that money allocated for a project is utilised and it is done in a timely as well as transparent manner: PM pic.twitter.com/QYn8OmIPzJ
— PMO India (@PMOIndia) April 24, 2018
I urge people to focus on the education of their children. This is essential for the child's future: PM @narendramodi pic.twitter.com/4DyGZ7skzz
— PMO India (@PMOIndia) April 24, 2018
Our efforts are towards self-reliance in the agriculture sector: PM @narendramodi
— PMO India (@PMOIndia) April 24, 2018
Think about what you can do for water conservation in the villages. Every drop of water should be conserved: PM @narendramodi
— PMO India (@PMOIndia) April 24, 2018
As public representatives working across the villages, I appeal to you to focus on Jan Dhan, Van Dhan, Gobar Dhan.
— PMO India (@PMOIndia) April 24, 2018
Ensure that people have Jan Dhan accounts and insurance coverage under the Government schemes: PM @narendramodi pic.twitter.com/fBLtUGgT6U
When our villages are transformed, India will be transformed: PM @narendramodi pic.twitter.com/MABEBrcc5Q
— PMO India (@PMOIndia) April 24, 2018
The recent steps taken by the Government will be beneficial in furthering the safety of women: PM @narendramodi in Madhya Pradesh
— PMO India (@PMOIndia) April 24, 2018