Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সমগ্ৰ দেশতে ভিডিঅ’ ব্ৰীজযোগে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমগ্ৰ দেশতে ভিডিঅ’ ব্ৰীজযোগে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে৷ এইটোকে ধৰি তৃতীয় বাৰলৈ প্ৰধানমন্ত্ৰীয়ে চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে ভিডিঅ’ ব্ৰীজযোগে বাৰ্তালাপ কৰিলে৷

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰি সন্তোষ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এনেধৰণৰ আলোচনাৰ জৰিয়তে আঁচনিৰ বিভিন্ন দিশসমূহ তথা উত্তৰণ কৰিবলগীয়া দিশসমূহৰ বিষয়েও জানিব পাৰি৷ ইয়াৰোপৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা কেৱল ইটা আৰু ম’ৰ্টাৰৰ সৈতে জড়িত নহয়, ই উন্নত গুণগতমানৰ জীৱন প্ৰদান কৰাৰ লগতে সপোনসমূহো পূৰণ কৰে৷

হিতাধিকাৰীসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ৪টা বছৰত চৰকাৰে সকলোকে গৃহ প্ৰদানৰ বাবে মিছন ম’ড পদক্ষেপ গ্ৰহণ কৰিছে৷ চৰকাৰে ২০২২ চনত যেতিয়া স্বাধীনতাৰ ৭৫ বৰ্ষ সম্পূৰ্ণ হ’ব, সেই সময়ৰ ভিতৰত প্ৰত্যেক ভাৰতীয়ৰে যাতে নিজাকৈ একোটা ঘৰ হয়, তাৰ নিশ্চয়তা প্ৰদানৰ বাবে কাম কৰি আছে৷

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰে গ্ৰামাঞ্চলত প্ৰায় তিনি কোটি আৰু নগৰাঞ্চলত এক কোটি গৃহ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰিছে৷ এতিয়ালৈ চৰকাৰে নগৰাঞ্চলত ৪৭ লাখতকৈ অধিক গৃহ নিৰ্মাণৰ অনুমোদন প্ৰদান কৰিছে যি পূৰ্বৰ চৰকাৰৰ ১০ বছৰীয়া শাসন কালৰ অনুমোদনতকৈ চাৰি গুণ অধিক৷ ঠিক সেইদৰে পূৰ্বৰ চৰকাৰৰ শেহতীয়া চাৰি বছৰৰ ২৫ লাখ অনুমোদনৰ তুলনাতা গ্ৰামাঞ্চলত এক কোটিতকৈও অধিক গৃহ নিৰ্মাণৰ অনুমোদন প্ৰদান কৰা হৈছে৷
বৰ্তমানৰ চৰকাৰৰ পিএমএৱাইত অনা পৰিৱৰ্তনক গুৰুত্ব প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গৃহসমূহৰ আকাৰ ২০ বৰ্গ মিটাৰৰ পৰা ২৫ বৰ্গ মিটাৰলৈ বৃদ্ধি কৰা হৈছে৷ তাৰোপৰি পূৰ্বৰ ৭০,০০০ টকা-৭৫,০০০ টকাৰ বিত্তীয় সাহায্য আৱণ্টনৰ বিপৰীতে ১,২৫,০০০ টকালৈ বৃদ্ধি কৰা হৈছে৷

বাৰ্তালাপৰ সময়চোৱাত, প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা নাগৰিকসকলৰ সন্মানৰ সৈতে জড়িত আৰু যোজনাটোৰ মূল উদ্দেশ্য হ’ল যাতে অধিক সংখ্যক মহিলা, দিব্যাংগ ভাতৃ-ভগ্নীসকল, এছচি, এছটি, অ’বিচি আৰু সংখ্যালঘূ সম্প্ৰদায়ৰ লোকে ইয়াৰ সুবিধা প্ৰাপ্ত কৰিব পাৰে৷

হিতাধিকাৰীসকলৰ সৈতে সংবদ্ধ হৈ প্ৰধানমন্ত্ৰীয়ে কয় যে পিএমএৱাইয়ে সকলোৰে বাবে নিয়োজনৰ সুবিধাৰ সৃষ্টি কৰিছে৷ আঁচনিটোক শক্তিশালী কৰিবলৈ চৰকাৰে ঘৰসমূহৰ ক্ষীপ্ৰ আৰু গুণগত নিৰ্মাণৰ বাবে দক্ষতা উন্নয়নৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিছে৷ ইয়াৰ অংশ হিচাপে চৰকাৰে এক লাখ ৰাজমিস্ত্ৰীক প্ৰশিক্ষণ প্ৰদানৰ কাম আৰম্ভ কৰিছে৷ তাৰোপৰি চৰকাৰে কিছুমান ৰাজ্যত মহিলা মিস্ত্ৰীকো প্ৰশিক্ষণ প্ৰদান কৰি মহিলা সৱলীকৰণ বৃদ্ধি কৰিছে৷

প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰি হিতাধিকাৰীসকলে ঘৰৰ মালিকীস্বত্ব প্ৰাপ্তিৰ সন্তোষ প্ৰকাশ কৰে, যি তেওঁলোকৰ বাবে সদায়েই এটা সপোন আছিল৷ ইয়াৰ জৰিয়তে তেওঁলোকৰ জীৱন পৰিৱৰ্তন হোৱা তথা জীৱনৰ গুণগততা বৃদ্ধি পোৱাৰ বিষয়েও উল্লেখ কৰে৷

***

AKT/HS/MANN