পি এম ইণ্ডিয়া
ছৌদি আৰৱৰ মাননীয় শক্তি মন্ত্রী,
ভাৰতৰ পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রী,
আন্তঃৰা্ষ্ট্ৰীয় শক্তি ফ’ৰামৰ সচিবপ্ৰধান,
বিশিষ্ট প্রতিনিধিবৃন্দ,
উপস্থিত ভদ্ৰ পুৰুষ-মহিলাসকল,
মই আপোনালোকক ভাৰতলৈ স্বাগতম জনাইছো।
ষষ্ঠদশ আন্তঃৰা্ষ্ট্ৰীয় শক্তি ফ’ৰামৰ মন্ত্রী পর্যায়ৰ বৈঠকলৈ আদৰণী জনাইছো।
মই ইয়াত ইমান বৃহৎ সংখ্যক তেল উৎপাদক আৰু গ্রাহক দেশৰ শক্তি মন্ত্রীসকল আৰু আন্তঃৰা্ষ্ট্ৰীয় সংগঠন তথা বিভিন্ন সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক দেখি অতিশয় আনন্দিত হৈছো।
আপোনালোকে আজি ইয়াত বিশ্বজুৰি শক্তিৰ ভৱিষ্যতকৈ আলোচনাৰ বাবে সমবেত হৈছে। সমগ্র বিশ্বই বর্তমান শক্তি সৰবৰাহ আৰু ব্যয়ৰ ক্ষেত্রত এক বিৰাট পৰিবর্তনৰ সন্মুখীন হৈছে।
যোৱা মাহত মই এটি এজেন্সিয়ে প্রস্তুত কৰা শক্তি সংক্রান্তীয় পূর্বভাষ লাভ কৰিছিলো। এই পূর্বাভাসত কোৱা হৈছে যে অহা ২৫ বছৰত ভাৰত বিশ্বৰ শক্তি চাহিদাপ্রধান চালক হৈ উঠিব। অহা ২৫ বছৰত ভাৰতৰ শক্তি ব্যৱহাৰ বার্ষিক ৪.২ শতাংশ হাৰে বৃদ্ধি পাব। বিশ্বৰ প্রধান অর্থনীতিসমূহৰ ভিতৰত ভাৰত হৈছে আটাইতকৈ দ্রুতবিকাশশীল। এই ৰিপোর্টত আৰু জনোৱা হৈছে যে ২০৪০ চনৰ ভিতৰত প্রাকৃতিক গেছৰচাহিদা ৩ গুণ বৃদ্ধি পাবে। এছাড়া, বর্তমানেৰ ৩০ লক্ষ থেকে বৈদ্যুতিক যানবাহনৰ সংখ্যা ২০৩০ চনৰ ভিতৰত বৃদ্ধি পাই ৩২ কোটি হ’বগৈ।
আমি শক্তি প্রাচুর্যৰ এক যুগত প্রৱেশ কৰিবলৈ গৈ আছো। কিন্তু বিশ্বৰ প্রায় ১২০ কোটি লোকৰ ঘৰত এতিয়াও বিদ্যুৎ নাই। আৰু বহু লোকৰে স্বচ্ছ ৰন্ধন শক্তি নাই। আমি এইটো নিশ্চিত কৰিব লাগিব যে এই পৰিস্থিতিত যেন বঞ্চিত লোকসকলৰ ক্ষতি কৰাৰ বাবে ব্যৱহাৰ কৰা নহয়। সকলো লোকক স্বচ্ছ, সুলভ, সুষম আৰু সমতাৰ ভিত্তিত শক্তিৰ যোগান নিশ্চিত কৰা প্ৰয়োজন।
হাইড্রোকার্বন ক্ষেত্রত মই আমাৰ চিন্তাভাৱনা আপোনালোকৰ সৈতে বিনিময় কৰিব বিচাৰো আৰু আমাৰ শক্তি নিৰাপত্তা অর্জনত আমাৰ উদ্যোগৰ কথাও মই জনাব বিচাৰিছো। তেল আৰু প্রাকৃতিক গেছ কেৱল বাণিজ্যিক পণ্য নহয়, এইবোৰ অত্যন্ত প্রয়োজনীয় বস্তু। এইবোৰ কোনো সাধাৰণ লোকৰ ৰান্ধনিশালৰ বাবেই হওঁক অথবা বিমানৰ শক্তিয়েই হওঁক, সর্বত্রে প্রয়োজন।
বিশ্বত বহুদিন ধৰি শক্তিৰ মূল্য যথেষ্ট উত্থান-পতন পৰিলক্ষিত হৈছে। আমাৰ দায়িত্বশীল শক্তি মূল্যৰ দিশত আগুৱাই যাব লাগিব, যাতে উৎপাদক আৰু গ্রাহক উভয়ৰে স্বার্থ ৰক্ষা হয়। আমাৰ তেল আৰু গেছ-এই উভয় ক্ষেত্রতে স্বচ্ছ আৰু স্থিতিস্থাপক বজাৰ ব্যৱস্থাৰ দিশতো আগুৱাই যোৱা দৰকাৰ। তেতিয়াহে আমি যথাযথভাবে মানৱ সভ্যতাৰ শক্তিৰ প্রয়োজন পুৰণ কৰিবলৈ সক্ষম হ’ম।
সমগ্র বিশ্বই যদি অর্থনৈতিক বৃদ্ধি অর্জন কৰে, তেতিয়াহ’লে উৎপাদক আৰু গ্রাহকসকলৰ মাজত পাৰস্পৰিক সমর্থন-ভিত্তিক এক সম্পর্ক গঢ়ি তোলা প্রয়োজন। উৎপাদকসকলৰ স্বার্থতেই অন্যান্য অর্থনীতিৰো দ্রুত বিকাশৰ প্রয়োজন। ইয়াৰ ফলত শক্তি বজাৰে চাহিদাৰ বৃদ্ধিও নিশ্চিত কৰিব।
ইতিহাসে আমাক শিকাইছে যে কৃত্রিমভাবে তেলৰ দাম নিয়ন্ত্রণ কৰা উৎপাদকসকলৰ স্বার্থ হানিকৰ। তদুপৰি, উন্নয়নশীল আৰু অতি কম উন্নত দেশসমূহৰ একেবাৰে নিম্মগামী হোৱাৰ ফলত অনর্থক সমস্যাৰ সৃষ্টি হয়।
আহক, আমি এই মঞ্চ ব্যৱহাৰ কৰি ‘গ্ৰহণযোগ্য মূল্য’ নির্ধাৰণৰ বিষয়ত বিশ্বজুৰি ঐকমত গঢ়ি তোলো। ইয়াৰ ফলত উৎপাদক আৰু গ্রাহক উভয়ৰে স্বার্থ সুৰক্ষিত হ’ব।
বিশ্বজুৰি অনিশ্চয়তাৰ ভিতৰত ভাৰতৰো শক্তি নিৰাপত্তাৰ প্রয়োজন আছে। ভাৰতৰ শক্তিৰ ভৱিষ্যৎ সন্দৰ্ভত মোৰ দৃষ্টিভংগী ৪টি স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত।সেইবোৰ হ’ল-শক্তিৰ যোগান, শক্তিৰ দক্ষতা, শক্তিৰ বহনযোগ্যতা আৰু শক্তিৰ নিৰাপত্তা।
সাধাৰণতে শক্তি আৰু হাইড্রোকার্বন ভাৰতৰ ভৱিষ্যতৰ বাবে মোৰ দৃষ্টিভংগীত বিশেষভাৱে গুৰুত্বপূর্ণ। ভাৰতৰ দৰিদ্রসকলৰ বাবে সুলভশক্তিৰ প্রয়োজন। ভাৰতৰ শক্তি ব্যৱহাৰৰ দক্ষতাৰো বিশেষ প্রয়োজন।
বিশ্বৰ দেশসমূহৰ ভিতৰত এক দায়িত্বশীল সদস্য হিচাপে জলবায়ু পৰিৱর্তন, কার্বন গেছ নির্গমনৰ দৰে সমস্যাৰ বিপৰীতে যুঁজ দি এক সুষম ভৱিষ্যৎ নিশ্চিত কৰাৰ বিষয়ত ভাৰত প্রতিশ্রুতিবদ্ধ। এই লক্ষ্য পূৰণৰ অৰ্থে এক গুৰুত্বপূর্ণ পদক্ষেপ হৈছে আন্তঃৰা্ষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ শুভাৰম্ভ কৰা।
বন্ধুসকল,
বর্তমান ভাৰত বিশ্বৰ ভিতৰত দ্রুত বিকাশশীল বৃহৎ অর্থনীতিৰ অন্যতম দেশ হিচাপে পৰিণত হৈছে। আইএমএফ, বিশ্ব বেংক আৰু এছিয়া উন্নয়ন বেংকে প্ৰকাশ কৰা মতে অদূৰ ভবিষ্যতে ভাৰতৰ বৃদ্ধি হাৰ ৭-৮ শতাংশলৈ উন্নীত হ’ব বুলি অনুমান কৰা হৈছে। আমাৰ চৰকাৰে উচ্চহাৰত জাতীয় আয় বৃদ্ধি, কম মুদ্রাস্ফীতিৰ হাৰ, সুনিয়ন্ত্রিত ৰাজকোষীয় ঘাটি আৰু স্থিতিশীল মুদ্রা বিনিময় ব্যৱস্থা অর্জন কৰিবলৈ সক্ষম হৈছে। বৃহত্তৰ অর্থনৈতিক ক্ষেত্রত এই স্থিতিশীলতাই দেশৰ অর্থনীতিত ব্যয় আৰু বিনিয়োগ বৃদ্ধি কৰিছে।
ভাৰত জনসাখ্যিক বৈচিত্ৰৰে আশীশপুষ্ট। ইয়াৰ জনসংখ্যাৰ ভিতৰত কর্মক্ষম জনসংখ্যাৰ অনুপাত বিশ্বৰ ভিতৰতে সৰ্বাধিক। আমাৰ চৰকাৰে মেক ইন ইণ্ডিয়াৰ দৰে কার্যসূচীৰ জৰিয়তে উৎপাদন আৰু বস্ত্র শিল্প, পেট্রোকেমিকেল, ইঞ্জিনিয়াৰিং প্রভৃতি শিল্পৰ ক্ষেত্রত যুৱকসকলৰ কর্মদক্ষতা বৃদ্ধিৰ উদ্যোগ লোৱা হৈছে। ইয়াৰ ফলশ্ৰুতিত আমাৰ শক্তিৰ ব্যৱহাৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে।
আমি হাইড্রোকার্বনৰ অন্বেষণ আৰু লাইছেন্স নীতিৰ শুভাৰম্ভ কৰি এই ক্ষেত্রত স্বচ্ছতা আৰু প্রতিযোগিতাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ বাবে আমাৰ নীতি আৰু নিয়ম-কানুন পৰিৱর্তন কৰা হৈছে। নিলামত অংশগ্রহণৰ বৈশিষ্ট্য ৰাজহ ভাগ-বতৰাৰ পদ্ধতি সলনি কৰাৰ ফলত চৰকাৰৰ হস্তক্ষেপৰ প্রয়োজনীয়তা হ্ৰাস পাইছে। বর্তমান ২ মে’ পর্যন্ত বিভিন্ন তৈল ক্ষেত্রত নিলামৰ বাবে এটি ৰাউণ্ড চলিছে। আমাৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে এই উদ্যোগত আপোনালোকক অংশগ্রহণৰ অনুৰোধ জনাইছো। অপেন একাৰেজ এণ্ড নেচনেল ডাটা ৰিপোজেটৰীয়ে বিভিন্ন কোম্পানীক তেওঁলোকৰ আগ্রহৰ ক্ষেত্রত অংশগ্রহণত সহায় কৰিব আৰু ভাৰতীয় তৈল ক্ষেত্রত তেল অন্বেষণৰ আগ্রহ আৰু বৃদ্ধি কৰিব।
তেল উদ্ধাৰ সংক্রান্তীয় বর্ধিত নীতিয়ে আপষ্ট্ৰীম ক্ষেত্ৰত অত্যাধুনিক প্রযুক্তি ব্যৱহাৰক উৎসাহিত কৰিব।
আমাৰ ডাউন ষ্ট্ৰীম ক্ষেত্রত বজাৰৰ প্রৱণতা অনুযায়ী পেট্র’ল আৰু ডিজেলৰ মূল্য নির্ধাৰণ তথা অপৰিশোধিত খনিজ তেলৰ মূল্য পৰিৱর্তনৰ ওপৰত ভিত্তি কৰি সম্পূর্ণৰূপে উদাৰ কৰি তোলা হৈছে। ইন্ধনৰ খুচৰা আৰু আর্থিক লেনদেনৰ ক্ষেত্রত আমি ডিজিটেল মঞ্চৰ দিশত অগ্রসৰ হৈছো।
আমাৰ চৰকাৰে আপষ্ট্ৰীম তেল উৎপাদনৰ পৰা ডাউন ষ্ট্ৰীম খুচৰা ব্যৱসায় তেল আৰু প্ৰাকৃতিক গেছৰ মূল্য শৃংখলত ব্যক্তিগত অংশগ্রহণক উৎসাহিত কৰাৰ প্ৰচেষ্টা লৈছে।
আমাৰ চৰকাৰে শক্তি পৰিকল্পনাৰ ক্ষেত্রত এটি সু-সংহত দৃষ্টিভংগীত বিশ্বাস কৰে আৰু ভাৰতৰ শক্তি কার্যসূচী অন্তর্ভুক্ত, বজাৰভিত্তিক তথা জলবায়ুৰ প্রতি স্পর্শকাতৰ কৰি তোলা হৈছে। ইয়াৰ ফলত, আমাৰ বিশ্বাস, ৰাষ্ট্রসংঘৰ বহনক্ষম উন্নয়ন কার্যসূচীত শক্তি সংক্রান্তীয় তিনিটা প্রধান লক্ষ্য অর্জন কৰা সম্ভৱ হ’ব। সেইবোৰ হ’ল-
২০৩০ চনৰ ভিতৰত সকলোৰে বাবে আধুনিক শক্তিৰ যোগান;
পেৰিছ চুক্তি অনুসৰি জলবায়ু পৰিৱর্তনৰ সমস্যা সমাধানৰ ক্ষীপ্ৰ প্ৰচেষ্টা;
বায়ুৰ গুণমান উন্নয়নৰ ব্যৱস্থা।
বন্ধুসকল,
মই বিশ্বাস কৰো যে মানুহৰ মানসম্পন্ন জীৱন নিৰ্বাহত স্বচ্ছ ইন্ধনৰ যোগান বিশেষভাবে উল্লেখযোগ্য। মহিলাসকলে ইয়াৰ দ্বাৰা সৰ্বাধিক উপকৃত হয়। স্বচ্ছ ইন্ধন ব্যৱহাৰে গৃহৰ ভিতৰত প্ৰদূষণ কমোৱাৰ লগতে জৈৱ ইন্ধন আৰু ইন্ধন কাঠ সংগ্রহৰ কষ্টও লাঘৱ কৰে। ইয়াৰ ফলত, মহিলাসকলে তেওঁলোকৰ আত্মোন্নয়নৰ বাবে অধিক সময় পায় আৰু অতিৰিক্ত অর্থনৈতিক কাম-কাজত যুক্ত হ’ব পাৰে।
ভাৰতত উজ্জ্বালা যোজনাৰ জৰিয়তে আমি দৰিদ্র পৰিয়ালৰ মহিলাসকলক বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰিছো। দেশৰ ৮ কোটি দৰিদ্র পৰিয়ালত স্বচ্ছ ৰন্ধন গেছৰ সংযোগ দিয়াৰ লক্ষ্য হাতত লোৱা হৈছে। দুবছৰতকৈও কম সময়তে ইয়াৰে ৩.৫ কোটি মহিলাক গেছৰ সংযোগ প্ৰদান কৰা হৈছে।
আমি ২০২০ চনৰ এপ্রিল মাহৰ ভিতৰত ৬-ইউৰোৰ সমপৰিমানৰ বিএছ-৬ শ্রেণীৰ ইন্ধন ব্যৱহাৰৰ দিশে অগ্ৰসৰ হোৱাৰ প্রস্তাৱ গ্ৰহণ কৰিছো। আমাৰ তেল শোধনাগাৰসমূহৰ ব্যাপক উন্নয়নৰ প্ৰচেষ্টা লোৱা হৈছে। স্বচ্ছ ইন্ধন সৰবৰাহৰ লক্ষ্য পূৰণৰ দিশে অগ্ৰসৰ হৈছে। প্রকৃতাৰ্থত ইয়াত নতুন দিল্লীত আমি এই মাহৰ পৰাই বিএছ-৬ মানৰ ইন্ধন যোগানৰ ব্যৱস্থা কৰিছো। তদুপৰি, ইয়াৰে পুৰণি গাড়ী বাতিলৰ নীতিও গ্রহণ কৰিছো। ফলত স্বচ্ছ আৰু ইন্ধন ব্যৱহাৰৰ ক্ষেত্রত দক্ষ যানবাহনৰ প্রচলন হ’ব।
আমাৰ তেল সংস্থাসমূহে শক্তি ক্ষেত্রত বৈচিত্র্য অনাৰ কৌশলৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ বিনিয়োগৰ পুনৰ মূল্যায়ন কৰিছে। আজি আমাৰ তেল কোম্পানীসমূহে বায়ু আৰু সৌৰশক্তিৰ ক্ষেত্রত তথা গেছৰ আন্তঃগাঁথনিৰ ক্ষেত্রত বিনিয়োগ কৰিছে। তদুপৰি, তেওঁলোকে বৈদ্যুতিক যানবাহন তথা বিদ্যুৎ সঞ্চয়ৰ ক্ষেত্রতো বিনিয়োগ কৰাৰ চিন্তা কৰিছে।
বন্ধুসকল,
এইটো সকলোৰে জ্ঞাত যে আমি চতুর্থ উদ্যোগ বিপ্লৱৰ দিশে অগ্ৰসৰ হৈছো। নতুন প্রযুক্তি ব্যৱহাৰ কৰি ভৱিষ্যতৰ উদ্যোগ পৰিচালিত হ’ব। ইণ্টাৰনেট অফ থিংছ, কৃত্রিম বুদ্ধিমত্তা, ৰবটিক্স প্রচেছ অটোমেচন, মেচিন লার্নিং, প্রেডিকটিভ এনালিটিক্স তথা থ্রিডি প্রিন্টিঙৰ দৰে অত্যাধুনিক পদ্ধতি অনাগত দিনত উদ্যোগ ক্ষেত্রত ব্যৱহৃত হ’ব।
আমাৰ কোম্পানীসমূহেও অত্যাধুনিক প্রযুক্তি কামত লগাইছে। ইয়াৰ ফলত দক্ষতা আৰু নিৰাপত্তা বৃদ্ধি পাব তথা কেৱল ডাউন ষ্ট্ৰীম খুচৰা ব্যৱসায়ৰ ক্ষেত্রতে নহয়, আপ ষ্ট্ৰীম তেল উৎপাদন, সম্পদ পৰিচালন তথা দূৰ নিয়ন্ত্রিত নজৰদাৰিৰ দৰে কামৰ বাবেও ব্যয় হ্রাস কৰিব।
এনে পৰিপ্রেক্ষিতত ভাৰত এই ধৰণৰ অনুষ্ঠানৰ আটাইতকৈ উপযুক্ত স্থান, য’ত ভৱিষ্যতৰ শক্তি ক্ষেত্রক লৈ আলোচনা কৰিব পৰা যায়। এই ক্ষেত্রত কিদৰে বিশ্বজুৰি পৰিৱর্তন, নীতি আৰু নতুন প্রযুক্তি, বজাৰৰ সুস্থিৰতা তথা ভৱিষ্যৎ বিনিয়োগক প্রভাৱিত কৰিব পাৰি, তাক লৈ এই ধৰণৰ মঞ্চত আলোচনা হোৱা উচিৎ।
বন্ধুসকল,
আন্তঃৰা্ষ্ট্ৰীয় শক্তি ফ’ৰামৰ ষষ্ঠদশ সন্মিলন(IEF-16)ৰ মূল বিষয়বস্তু হৈছে ‘বিশ্বজুৰি শক্তি নিৰাপত্তাৰ ভৱিষ্যৎ’। মই জনামতে সন্মিলনৰ আলোচ্য সূচীতে উৎপাদক-গ্রাহক সম্পর্ক, সার্বজনীন শক্তিৰ যোগান, সুলভতা, শক্তি আৰু গেছৰ ক্ষেত্রত বিনিয়োগত উৎসাহ যোগানৰ জৰিয়তে শক্তিৰ ভৱিষ্যৎ চাহিদা পূৰণৰ বিষয়সমূহো আছে। শক্তি নিৰাপত্তা বজাই ৰখা তথা নতুন আৰু পুৰণি প্রযুক্তিৰে সহাৱস্থানক লৈও ইয়াত আলোচনা হ’ব। আমাৰ সমষ্টিগত শক্তি নিৰাপত্তাৰ ভৱিষ্যতৰ বাবে এইবোৰ বিশেষভাবে প্রাসংগিক।
মোৰ বিশ্বাস, এই মঞ্চত এইবোৰ বিষয়ত আলোচনা বিশ্বৰ নাগৰিকৰ স্বচ্ছ সুলভ আৰু বহনক্ষম শক্তি ব্যৱহাৰৰ সুবিধা দিয়াত আমিৰ বহুদূৰ আগুৱাই যাহ লাগিব।
মই এই মন্ত্রী পর্যায়ৰ সন্মিলনৰ সফলতা কামনা কৰিলো।
ধন্যবাদ।
***
AKT/HS/DB