Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

১৪ জুনত চত্তীশগড় ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে


১৪ জুনত চত্তীশগড় ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ জুন বৃহস্পতিবাৰে চত্তীশগড় ভ্ৰমণ কৰিব৷

ভিলাইত তেওঁ আধুনিকৃত আৰু সম্প্ৰসাৰিত ভিলাই ষ্টীল প্ৰকল্প দেশবাসীৰ বাবে মুকলি কৰিব৷ এই আধুনিকীকৰণে প্ৰকল্পটোৰ উৎপাদন বৃদ্ধি, সামগ্ৰীৰ মান উন্নত, ব্যয় হ্ৰাসৰ লগতে বিদ্যুতৰ ব্যৱহাৰ কম কৰিব আৰু পৰিৱেশ সুৰক্ষা নিশ্চিত কৰিব৷
উক্ত অনুষ্ঠানতে শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইআইটি ভিলাইৰ স্থায়ী চৌহদৰ আধাৰশিলা স্থাপন কৰে৷ তেওঁ লগতে এখন ফলক উন্মোচনেৰে ভাৰতনেটৰ দ্বিতীয় পৰ্যায় মুকলি কৰে৷ ভাৰতনেট প্ৰকল্পই আণ্ডাৰগ্ৰাউণ্ড অপ্টিকেল ফাইবাৰ নেটৱৰ্কেৰে গাঁও পঞ্চায়ক সংযুক্ত কৰিব৷

প্ৰধানমন্ত্ৰীয়ে জগদলপুৰ আৰু ৰায়পুৰৰ মাজত বিমান সেৱা উদ্বোধন কৰিব৷ বিভিন্ন আঁচনিৰ উপভোক্তাৰ মাজত তেওঁ লেপটপ, চাৰ্টিফিকেট আৰু চেকো বিতৰণ কৰিব৷ এখন ৰাজহুৱা সভাকো প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিব৷

ভিলাইত উপস্থিত হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে নয়া ৰায়পুৰ স্মাৰ্ট চিটী পৰিদৰ্শন কৰিব৷ তাত তেওঁ চহৰখনৰ বাবে ইণ্টিগ্ৰেটেড কোমাণ্ড এণ্ড ক’ণ্ট্ৰল চেণ্টাৰ উদ্বোধন কৰিব৷

***

AKT/HS/MS