Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মিছন সূৰ্য টীমৰ সদস্যক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

মিছন সূৰ্য টীমৰ সদস্যক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

মিছন সূৰ্য টীমৰ সদস্যক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ দহগৰাকী আদিবাসী শিক্ষাৰ্থীৰ এটি দলক সাক্ষাৎ কৰে৷ শিক্ষাৰ্থীকেইগৰাকী হ’ল মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰৰ আদিবাসী বিকাশ বিভাগৰ ‘মিছন সূৰ্য’ টীমৰ অংশ৷ ইয়াৰে ৫গৰাকী শিক্ষাৰ্থীয়ে ২০১৮ৰ মে’ত সফলতাৰে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছে৷

শিক্ষাৰ্থীসকলে প্ৰশিক্ষণ আৰু এভাৰেষ্ট অতিক্ৰমৰ সময়ছোৱাৰ বিভিন্ন অভিজ্ঞতা প্ৰধানমন্ত্ৰীৰ সৈতে ভাগ-বতৰা কৰে৷ এই সাফল্যৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰে৷ শিক্ষাৰ্থীৰ দলটোক নিয়মীয়াকৈ ক্ৰীড়া অনুশীলন কৰি যাবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়৷ তেওঁ গ্ৰুপৰ সকলো সদস্যক সম্বৰ্ধনা জনায়৷

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডনবিছ আৰু কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী শ্ৰী হংসৰাজ আহিৰো অনুষ্ঠানত উপস্থিত আছিল৷

***

AKT/VJ/SK/MS