Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল শ্ৰীযুত এম.এম. জেকবৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল শ্ৰীযুত এম.এম. জেকবৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল শ্ৰীযুত এম.এম. জেকবৰ বিয়োগত দুঃখিত হৈছো। একেধাৰে এগৰাকী সাংসদ, মন্ত্ৰী আৰু ৰাজ্যপাল হিচাপে তেওঁ দেশৰ প্ৰতি উল্লেখযোগ্য অৱদান আগবঢ়ালে। কেৰেলাৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁ ব্যাপক হাৰত কাম কৰিছিল। এই দুখৰ মুহূৰ্তত তেওঁৰ পৰিয়াল আৰু শুভাকাংক্ষীসকললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো।”

*****

AKT/KP/DB