পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু মৰক্কোৰ মাজত প্রস্তাৱিত সংশোধিত বিমান সেৱা চুক্তিত অনুমোদন জনায়। এই নতুন চুক্তি কার্যকৰী হ’লে দুয়ো দেশৰ মাজত যোৱা ২০০৪ চনৰ বিমান চলাচল সংক্রান্তীয় পুৰণি চুক্তিখন বাতিল হ’ব।
এই বিমান সেৱা চুক্তিখনে ভাৰত আৰু মৰক্কোৰ অসামৰিক বিমান চলাচলৰ ক্ষেত্রত বিশেষ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। ইয়াৰ ফলত দুয়ো দেশৰ মাজত ব্যৱসায়-বাণিজ্য, বিনিয়োগ, পর্যটন আৰু সাংস্কৃতিক ক্ষেত্রত আদান-প্রদান আৰু অধিক বৃদ্ধি পাব। এই চুক্তিয়ে মসৃণ যোগাযোগৰ এক পৰিৱেশ গঢ় দিয়াৰ লগতে বাণিজ্যিক দিশৰ পৰাও ভাৰত আৰু মৰক্কোৰ বিমান সংস্থাসমূহ লাভান্বিত হ’ব।
এই চুক্তিৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল- দুয়ো দেশৰ বিমান সংস্থাসমূহে বিভিন্ন ধৰণৰ সেৱাৰ বাবে কোড বিনিময় কৰিব পাৰিব। ব্যৱসায় বৃদ্ধিত দুয়ো দেশৰ বিমান সংস্থাসমূহে সমবায়ৰ ভিত্তিত বিপণনৰ বাবে নিজৰ মাজত অথবা তৃতীয় পক্ষৰ সৈতে কাম কৰিব পাৰিব। তদুপৰি, দুয়ো দেশৰ ৬খনকৈ চহৰৰ যাতায়াতৰ বাবে বিমান সংস্থাসমূহে অসংখ্য বিমান চলাব পাৰিব। ভাৰতৰ বিমান সংস্থাসমূহে মৰক্কোৰ কাছাব্লাংকা, ৰাৱাট, মাৰাকেশ, আগাডিৰ, তাংগীয়েৰ আৰু ফেজত আৰু মৰক্কো বিমান সংস্থাসমূহে ভাৰতৰ দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, বাংগালুৰু আৰু হায়দৰাবাদত বিমান চলাচল কৰিব পাৰিব। বিমান সেৱা চুক্তিত লগতে এইটোও ব্যৱস্থা কৰা হৈছে যে যদিহে বিমান চলাচলৰ কৰ্তৃপক্ষই, সন্মত সেৱাৰ মুখ্য পৰিচালন ব্যৱস্থাৱলী, বাণিজ্যিক সুযোগ-সুবিধা, সুৰক্ষা াৰু নিৰাপত্তাজনিত কাৰণত ভাৰতীয় বিমান সেৱা চুক্তিৰ আৰ্হিত নপৰে, তেন্তে তেনে চুক্তি প্ৰত্যাহাৰ অথবা নিলম্বন কৰিব পাৰিব।
উল্লেখ্য যে ভাৰত আৰু মৰক্কোৰ মাজত অসামৰিক বিমাণ পৰিবহণ ক্ষেত্ৰৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি আৰু দুয়োখন সাৰ্বভৌম ৰাষ্ট্ৰৰ মাজত মসৃণ বিমান যোগাযোগ সুনিশ্চিত কৰিবলৈ পূৰ্বৰ চুক্তিত প্ৰাধান্য নোপোনা সুৰক্ষা, নিৰাপত্তা, বাণিজ্যিক কাম-কাজৰ লগতে ভাড়া ইত্যাদি দিশত আপডেট কৰি এই চুক্তিখন সংশোধিত ৰূপত স্বাক্ষৰ কৰা হৈছে।
*****
AKT/SNC/DB