Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

স্বচ্ছতা হি সেৱা অভিযানৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

স্বচ্ছতা হি সেৱা অভিযানৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

স্বচ্ছতা হি সেৱা অভিযানৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ


প্ৰতিটো প্ৰান্তৰ সৈতে জড়িত আপোনালোক সকলো স্বচ্ছগ্ৰহীসকলক হৃদয়েৰে অভিনন্দন জ্ঞাপন কৰিছোঁ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ৷ আজি ১৫ ছেপ্টেম্বৰৰ এই দিনটো এক ঐতিহাসিক দিন৷ ঐতিহাসিক এইবাবেই কিয়নো আজিৰ এই প্ৰভাতে এক নতুন প্ৰতিজ্ঞা, নতুন উৎসাহ, এক নতুন সপোন কঢ়িয়াই আনিছে৷ আজি আপোনালোক, মই, এশ পঁচিশ কোটি দেশবাসী, স্বচ্ছতা ই সেৱাৰ সংকল্প পুনৰ দোহাৰিব বিচাৰিছোঁ৷ আজিৰ পৰা আৰম্ভ কৰি ২ অক্টোবৰ পৰ্যন্ত অৰ্থাৎ পুজনীয় বাপুৰ জয়ন্তী পৰ্যন্ত সমগ্ৰ দেশতে আমি সকলোৱে নতুন শক্তিৰ সৈতে, নতুন উদ্দীপনাৰ সৈতে, আমাৰ ভাৰতখনক স্বচ্ছ কৰিবলৈ শ্ৰম দান কৰিম, যোগদান কৰিম৷

দিপাৱলীৰ সময়ত আমি দেখোঁ যে ঘৰ যিমানেই পৰিষ্কাৰ হৈ নাথাকক কিয়, দিপাৱলী অহাৰ মুহূৰ্তত পৰিয়ালৰ প্ৰত্যেকজনেই ঘৰ পৰিষ্কাৰ কৰাত ব্যস্ত হৈ পৰে৷ ঠিক সেইদৰে আমিও দেশৰ প্ৰতিটো কোণৰ পৰা স্বচ্ছতাৰ এই অভ্যাস প্ৰত্যেক মাহ, প্ৰত্যক বৰ্ষতেই পালন কৰিব লাগিব৷

চাৰি বছৰ পূৰ্বে যি অভিযান আৰম্ভ হৈছিল, স্বচ্ছতাৰ আন্দোলনে এই পৰ্যন্ত এক গুৰুত্বপূৰ্ণ স্থানত উপনীত হৈছে৷ আমি গৌৰৱেৰে ক’ব পাৰোঁ যে ৰাষ্ট্ৰৰ প্ৰতিটো সম্প্ৰদায়, প্ৰতিটো জাতি, সকলো বয়সৰ মোৰ বন্ধুয়ে এই মহা অভিযানক আগুৱাই লৈ গৈছে৷ গাঁৱেই হওক, পদূলিয়েই হওক, চহৰেই হওক, সকলোকে এই অভিযানে স্পৰ্শ কৰিছে৷

২০১৪ চনত ভাৰতৰ স্বচ্ছতাৰ ব্যাপ্তি আছিল ৪০ শতাংশ৷ আজি আপোনালোক সকলোৰে পুৰুষাৰ্থ তথা সংকল্পৰ পৰিণামস্বৰূপে স্বচ্ছতাৰ ব্যাপ্তি ৯০ শতাংশতকৈও অধিক হৈছে৷ কোনে ভাবিছিল যে যোৱা চাৰি বছৰত আমি স্বচ্ছতাৰ ব্যাপ্তিত ইমানেই প্ৰগতি কৰিছোঁ যে ইয়াৰ পূৰ্বে ৬০-৬৫ বছৰতো ইমান হোৱা নাছিল৷ কোনোবাই এয়া ভাবিব পাৰে নে ভাৰতত চাৰিটা বছৰত প্ৰায় ৯ কোটি শৌচালয়ৰ নিৰ্মাণ হৈছে৷ কোনোবাই কল্পনা কৰিছিল নে চাৰিটা বৰ্ষত প্ৰায় চাৰে চাৰিলাখ গাঁৱত মুক্ত মলত্যাগ বন্ধ হৈ পৰিব৷ কোনোবাই কল্পনা কৰিছিল নে চাৰিটা বৰ্ষত ৪৫০ খনত কৈও অধিক জিলাত মুক্ত স্থানত কৰা মলত্যাগ বন্ধ হৈ পৰিব৷ কোনোবাই কল্পনা কৰিছিল নে চাৰিটা বৰ্ষত ২০ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত মুক্ত স্থানত কৰা মলত্যাগ বন্ধ হৈ পৰিব৷

এয়া ভাৰতবাসীৰ, আপোনালোক সকলো স্বচ্ছগ্ৰহীৰ শক্তি৷ এই স্তৰৰ পৰিৱৰ্তন কেৱল চৰকাৰে অকলে কেতিয়াও কৰিব নোৱাৰে৷ সেয়া স্বাস্থ্যই হওক অথবা ধনৰেই হওক, স্বচ্ছতাই জনসাধাৰণৰ জীৱন উন্নত কৰাত বৃহৎ অৱদান আগবঢ়াইছে৷ বিশ্ব স্বাস্থ্য সংস্থা, ডব্লিউএইচঅ’ৰ এক অনুমান অনুসৰি তিনি লাখ লোকৰ জীৱন ৰক্ষা কৰাত স্বচ্ছতাৰ ভূমিকা থাকিব আৰু এক অধ্যয়নত প্ৰকাশ যে স্বচ্ছতাৰ দ্বাৰা ডায়েৰিয়া আদি ৩০ শতাংশ পৰ্যন্ত হ্ৰাস হ’ব৷

কিন্তু ভাই-ভনীসকল, কেৱল শৌচালয় নিৰ্মাণৰ দ্বাৰাই যে ভাৰত স্বচ্ছ হৈ পৰিব এনে নহয়৷ শৌচাগাৰৰ সুবিধা, জাৱৰ পাত্ৰৰ সুবিধা, জাৱৰৰ ব্যৱস্থাপনা কৰা এইসকলো ব্যৱস্থা এক মাধ্যমহে৷ স্বচ্ছতা এক অভ্যাস যাক দৈনন্দিন ব্যৱহাৰ্য কৰি তুলিব লাগিব৷ এয়া স্বভাৱৰ পৰিৱৰ্তনৰ যজ্ঞ য’ত দেশৰ জনসাধাৰণে নিজৰ ধৰণে সক্ৰিয় যোগদান প্ৰদান কৰিছে৷
মোৰ প্ৰয়াস এয়াই যে স্বচ্ছ ভাৰত অভিযানৰ সৈতে জড়িত আপোনালোকৰ অনুভৱ শুনো, আপোনালোকৰ পৰা কিছু শিকোঁ আৰু ইয়াৰ পিছত আমি সকলোৱে মিলি শ্ৰমদান কৰিম৷ আজি আমি হিন্দুস্তানৰ বিভিন্ন প্ৰান্তলৈ যোৱাৰ সুযোগ পাম৷ তাত যি প্ৰয়াস চলি আছে তাৰ জাননী পোনপটীয়াকৈ পাম৷

মই আজি পুনৰ বাৰ দেশবাসীক ক’ব বিচাৰিছোঁ যে সমগ্ৰ দেশৰ স্বচ্ছগ্ৰহীসকলৰ সংকল্প আৰু সমৰ্পণ মই প্ৰত্যক্ষ কৰিছোঁ, শুনিছোঁ, জানিছোঁ, অনুভৱ কৰিছোঁ, কেনে এক অভূতপূৰ্ব সহযোগিতা৷ দেশৰ ডাঙৰ ডাঙৰ গণ্য মান্য লোকে প্ৰায় দুঘণ্টা এইদৰে এই কাৰ্যৰ সমভাগী হোৱা, তেওঁলোকৰ অনুভৱ শুনা, মই ধাৰণা কৰিছোঁ যে হিন্দুস্তানৰ প্ৰতিটো কোণত কিদৰে স্বচ্ছতাৰ প্ৰতি এশ পঁচিশ কোটি দেশবাসীয়ে এই আন্দোলনক সমগ্ৰ বিশ্বৰ সন্মুখত প্ৰস্তুত কৰিছে৷ বিশ্বই প্ৰত্যক্ষ কৰি আছে৷
ভৱিষ্যতে এই জন-আন্দোলনৰ বিষয়ে যেতিয়াই লিখা হ’ব, পঢ়া হ’ব তেতিয়া আপোনালোক স্বচ্ছগ্ৰহীসকলৰ নাম সোণালী আখৰেৰে লিখা ৰ’ব৷ যিদৰে স্বাধীনতাৰ বাবে জীৱন ত্যাগ কৰা শ্বহীদক আজি আদৰৰ চকুৰে চোৱা হয়, আপোনালোকৰ যোগদানো সেই একে আদৰ আৰু সন্মানৰ সৈতে পুজনীয় বাপুৰ উপযুক্ত উত্তৰাধিকাৰীৰ ৰূপত বিশ্বই স্মৰণ কৰিব, এয়া মোৰ বিশ্বাস৷ কাৰণ আপোনালোক ৰাষ্ট্ৰৰ নৱ-নিৰ্মাণ, দুখীয়া, আৰু দুৰ্বলীৰ জীৱন ৰক্ষাৰ বাবে আৰু দেশৰ প্ৰতিষ্ঠাক বিশ্বত পুনঃস্থাপিত কৰা সেনানী হৈ পৰিছে৷ এশ পঁচিশ কোটিৰ শক্তি অসীম, অনন্ত, আমাৰ উৎসাহ বৰ্তমানে তুংগত আছে৷ আমাৰ বিশ্বাস চৰম সীমাত আছে আৰু আমাৰ সংকল্প সিদ্ধিৰ বাবে আছে৷ আপোনালোক সকলোৱে শ্ৰমদানৰ বাবে প্ৰস্তুত আৰু তৎপৰ৷ আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছোঁ, মই আপোনালোকৰ পৰা বিদায় লৈছোঁ কাৰণ মই নিজেও আপোনালোকৰ সৈতে কোনো স্থানত শ্ৰমদানৰ এই কৰ্মৰ সৈতে জড়িত হ’ম৷

মই পুনৰ বাৰ আপোনালোকৰ প্ৰেৰণাৰ বাবে, আপোনালোকৰ পুৰুষাৰ্থৰ বাবে, আপোনালোকক হৃদয়েৰে অভিনন্দন জনাইছোঁ৷ সকলো মহাপুৰুষক প্ৰণাম জনাই মই বিৰতি লৈছোঁ৷ অশেষ ধন্যবাদ৷

***

अतुल तिवारी, अभिनव प्रसून, ममता./MANN