পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰত আৰু মালটাৰ মাজত পৰ্যটনৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰাৰ বাবে প্ৰস্তাৱিত বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনায়।
ভাৰত আৰু মালটাৰ মাজত চুক্তি স্বাক্ষৰৰ মূল উদ্দেশ্য হৈছে দুয়োখন দেশক পর্যটনৰ উন্নত মানৰ গন্তব্যস্থল হিচাপে গঢ়ি উঠাত উৎসাহ যোগোৱা। ইয়াৰ ফলত সমগ্র বিশ্বৰ পৰা দুয়োখন দেশলৈ পর্যটকৰ আগমন বৃদ্ধি পাব। একেদৰে, ভাৰত আৰু মালটাত পর্যটন ক্ষেত্র আৰু পর্যটনৰ লগত জড়িত উদ্যোগৰ বাবে মানৱ সম্পদ গঢ়ি তোলাটো ইয়াৰ উদ্দেশ্য। এই চুক্তিৰ জৰিয়তে এক নতুন ধৰণৰ প্রাকৃতিক আৰু সাংস্কৃতিক পর্যটন উদ্যোগৰ বিকাশ সম্ভৱ হ’ব। দুয়ো দেশৰ সাধাৰণ লোকসকলৰ মাজত সুসম্পর্ক গঢ়ি উঠিব।
এই চুক্তিখনে পৰ্যটন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে প্ৰতিষ্ঠানগত পদ্ধতি গঢ়ি তোলাত দুয়ো দেশক সহায় কৰিব। তদুপৰি, মালটাৰ পৰা ভাৰতলৈ পৰ্যটনৰ আগমনত সহায় কৰিব। ইয়াৰ ফলস্বৰূপে, অৰ্থনৈতিক উন্নয়ন আৰু সংস্থাপন বৃদ্ধি পাব।
এই চুক্তিৰ ফলত দুয়ো দেশৰ মাজত পর্যটন ক্ষেত্রত দীর্ঘম্যাদী সহযোগিতা গঢ়ি তোলা সম্ভৱ হ’ব।
***
AKT/SH/DB