পি এম ইণ্ডিয়া
ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰীমতী দ্ৰৌপদী মুৰ্মু মহোদয়া, ৰাজ্যৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান ৰঘুবৰ দাস, কেন্দ্ৰৰ মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰীমান জগত প্ৰসাদ নড্ডা মহোদয়, কেন্দ্ৰৰ মন্ত্ৰী পৰিষগৰ মোৰ সহযোগী আৰু এই ভূমিৰ সন্তান শ্ৰীমান সুদৰ্শন ভগত মহোদয়, কেন্দ্ৰত মোৰ সহযোগী জয়ন্ত সিনহা মহোদয়, নিটি আয়োগৰ সদস্য ডাঃ বি কে পাল, ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰামচন্দ্ৰ চন্দ্ৰমুখী, সংসদৰ মোৰ সহযোগী শ্ৰীমান ৰামটহল চৌধুৰী মহোদয়, বিধায়ক শ্ৰীমান ৰামকুমাৰ পাহন মহোদয়, ইয়াত উপস্থিত সকলো মহানুভৱ আৰু বিশাল সংখ্যাত উপস্থিত ঝাৰখণ্ডৰ মোৰ মৰমৰ ভাতৃ–ভগ্নীসকল৷
বন্ধুসকল, আজি আমি সকলোৱে এক বিশেষ মুহূৰ্তৰ সাক্ষী হিচাপে সমবেত হৈছোঁ যাৰ আৰম্ভণি ভৱিষ্যতে মানৱতাৰ এক বৃহৎ সেৱাৰ ৰূপত বিবেচিত হ’ব৷ আজি মই ইয়াত কেৱল ঝাৰখণ্ডৰ বিকাশক গতি প্ৰদান কৰাৰ বাবে নহয়, সমগ্ৰ ভাৰতত যি সপোন আমাৰ ঋষি–মুনিসকলে দেখিছিল, যি সপোন এটা পৰিয়ালৰ হয় আৰু আমাৰ ঋষি–মুনিসকলে সপোন দেখিছিল ‘সৰ্বে ভৱনতু সুখিনঃ, সৰ্বে সনতু নিৰাময়ঃ’৷ আমাৰ এই শতিকা পুৰণি সংকল্পক এই শতাব্দীতে আমি পূৰণ কৰিব লাগিব আৰু আজি তাৰেই বহুমূল্য আৰম্ভ হৈছে৷
সমাজৰ আটাইতকৈ শেষৰ শাৰীটোত যিজন ব্যক্তি থিয় হৈ আছে৷ দৰিদ্ৰতকৈও দৰিদ্ৰতমজনে চিকিৎসাৰ সুবিধা পাওক, স্বাস্থ্যৰ উন্নত সুবিধা পাওক৷ আজি এই সপোনক বাস্তৱায়িত কৰাৰ এক বৃহৎ পদক্ষেপ এই বিৰছা মুণ্ডাৰ ধৰিত্ৰীৰ পৰা গ্ৰহণ কৰা হৈছে৷
আজি সমগ্ৰ ভাৰতৰ ধ্যান ৰাঁচীৰ ভূমিৰ ওপৰত আছে৷ দেশৰ ৪০০তকৈও অধিক জিলাত এনেকুৱাই বৃহৎ সমাৱেশ চলি আছে আৰু তাৰ পৰা সকলোৱে এই ৰাঁচীৰ ভব্য সমাৰোহ প্ৰত্যক্ষ কৰি আছে আৰু তেওঁলোকেও ইয়াৰ পিছত তাত এই কাৰ্যসূচী আগবঢ়াই নিব৷
আজি ইয়াত দুখন চিকিৎসা মহাবিদ্যালয় প্ৰাৰম্ভ কৰাৰ সুযোগ পালো৷ আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে স্বাধীনতাৰ পৰা ৭০ বছৰত তিনিখন চিকিৎসা মহাবিদ্যালয়, চাৰে তিনিশ বিদ্যাৰ্থী আৰু চাৰি বছৰত আঠখন চিকিৎসা মহাবিদ্যালয়, ১২০০ বিদ্যাৰ্থী৷ কাম কিদৰে হয়, কিমান ব্যাপক ৰূপত হয়, কিমান দ্ৰুত গতিৰে হয়, ইয়াৰ বাবে ডাঙৰ উদাহৰণ বিচাৰিবলৈ ক’ৰবালৈ যোৱাটো মই নামানো৷
ভাতৃ–ভগ্নীসকল, আজি আয়ুষ্মান ভাৰতৰ সংকল্পৰ সৈতে প্ৰধানমন্ত্ৰী জন–আৰোগ্য যোজনা পিএমজেএৱাই আজিৰ পৰা প্ৰণয়ন হৈছে৷ এই যোজনাক প্ৰত্যেকেই নিজৰ নিজৰ কল্পনা অনুসৰি নাম দিছে৷ কোনোবাই ইয়াক মোদী কেয়াৰ বুলি কৈছে, কোনোবাই ইয়াক দুখীয়াৰ বাবে যোজনা বুলি কৈছে৷ ভিন্ন ভিন্ন নামেৰে সম্বোধন কৰা হৈছে, কিন্তু মোৰ বাবেতো এয়া আমাৰ দেশৰ দৰিদ্ৰ নাৰায়ণৰ সেৱাক এক মহামূল্য উপলক্ষ হিচাপে বিবেচিত হৈছে৷ দুখীয়াক সেৱা কৰাৰ কাম, মই জানো যে ইয়াতকৈ ডাঙৰ কাৰ্যসূচী একো নাই, অভিযান নাই, যোজনা নাই৷
দেশৰ ৫০ কোটিতকৈও অধিক ভাতৃ–ভগ্নীক পাঁচ লাখ টকাৰ স্বাস্থ্য নিশ্চিতি প্ৰদান কৰিবলগীয়া এয়া বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ যোজনা৷ সমগ্ৰ বিশ্বত চৰকাৰী ধনেৰে ইমান ডাঙৰ যোজনা কোনো দেশতে নাই৷
এই যোজনাৰ লাভাৰ্থীৰ সংখ্যা, যেতিয়া আমি ইয়াত বহোঁ, কল্পনাই কৰিব নোৱাৰোঁ৷ সমগ্ৰ ইউৰোপীয়ান ইউনিয়ন, ২৭–২৮খন দেশ, সমগ্ৰ ইউৰোপীয়া ইউনিয়ন, তাৰ যিমান জনসংখ্যা, সিমান লোকে ভাৰতত আয়ুষ্মান ভাৰতৰ সুবিধা লাভ কৰিব৷
সমগ্ৰ আমেৰিকাৰ জনসংখ্যা, সমগ্ৰা কানাডাৰ জনসংখ্যা, সমগ্ৰ মেক্সিকোৰ জনসংখ্যা, এই তিনিওখন দেশৰ জনসংখ্যা মিলাই যিমান সংখ্যা হয়, তাতোকৈ অধিক সংখ্যাৰ লোকে আয়ুষ্মান ভাৰত যোজনাৰ দ্বাৰা লাভান্বিত হ’ব৷
আৰু সেইবাবে এতিয়া আমাৰ স্বাস্থ্য মন্ত্ৰী নড্ডা মহোদয়ে কৈছিল যে স্বাস্থ্য জগতৰ যি মান্যতা প্ৰাপ্ত মেগাজিন আছে, তেওঁলোকেও বঢ়াই–মিলি কৈছে যে ভাৰতে এক গেম চেঞ্জাৰ, এক বৃহৎ মহত্বকাংক্ষী যোজনাক আগবঢ়াই লৈ যোৱাৰ সিদ্ধান্ত লৈছে৷
আৰু মোৰ বিশ্বাস, মোৰ সম্পূৰ্ণ বিশ্বাস যে অনাগত দিনত বিশ্বত চিকিৎসা ক্ষেত্ৰত কাম কৰা লোকে স্বাস্থ্য সম্বন্ধত ভিন্ন ভিন্ন যোজনাৰ সম্বন্ধত চিন্তা কৰা লোক, স্বাস্থ্য আৰু অৰ্থশাস্ত্ৰৰ আলোচনা কৰা লোক, স্বাস্থ্য আৰু আধুনিক সংসাধনৰ চিন্তা কৰা লোক, স্বাস্থ্য আৰু সামান্য মানৱৰ জীৱন পৰিৱৰ্তনৰ দ্বাৰা জীৱন হোৱা প্ৰভাৱৰ বিষয়ে আলোচনা কৰা লোক, লাগিলে তেওঁ সমাজ বিজ্ঞানীয়েই হওক, লাগিলে তেওঁ চিকিৎসা বিজ্ঞানৰ মানুহেই হওক, লাগিলে তেওঁ অৰ্থশাস্ত্ৰৰ লোকেই হওক; বিশ্বৰ সকলোৱে ভাৰতৰ এই আয়ুষ্মান ভাৰত যোজনাৰ বিষয়ে অধ্যয়ন কৰিব লাগিব, চিন্তা কৰিব লাগিব আৰু ইয়াৰ ভিত্তিত বিশ্বৰ বাবে কেনেকুৱা মডেল প্ৰস্তুত কৰিব পাৰি তাৰ বাবে কেতিয়াবা নহয় কেতিয়াবা চিন্তা কৰি যোজনা প্ৰস্তুত কৰিব লাগিব৷
এই যোজনাৰ মূৰ্তৰূপ দিয়াত যিটো দলে কাম কৰিছে, মোৰ বন্ধুসকলে যি কাম কৰিছে, এই কাম সৰু নহয়৷ ছমাহৰ ভিতৰত বিশ্বৰ সৰ্ববৃহৎ যোজনা, যাৰ কল্পনাৰ পৰা আৰম্ভ কৰি বাস্তৱায়িত কৰি দেখুৱালৈ এই যাত্ৰা শেষ কৰিছে মাত্ৰ ছমাহত৷ কেতিয়াবা ভাল শাসনৰ যিসকল লোকে চৰ্চা কৰে, এটা দল হৈ, এটা দৃষ্টিকোণেৰে, এটা ৰোড মেপ লৈ, সময়মতে সেয়া সমাপ্ত কৰি আৰু ৫০ কোটি লোকক জড়িত কৰি, ১৩ হাজাৰ চিকিৎসালয়ক জড়িত কৰি, ছমাহৰ ভিতৰত ইমান ডাঙৰ যোজনা আজি বাস্তৱায়িত কৰা, এয়া নিজৰ মাজতেই এক ডঙৰ আচৰিত কথা৷
আৰু সেইবাবে মই মোৰ সমগ্ৰ দলটোক আজি সাৰ্বজনিক ৰূপত এশ পঁচিশ কোটি দেশবাসীৰ সন্মুখত হিয়া ভৰাই অভিনন্দন জনাইছোঁ, হৃদয়েৰে অভিনন্দন জনাইছোঁ৷ আৰু মোৰ বিশ্বাস যে এই দলে আৰু অধিক শক্তিশালী ৰূপত, অধিক সমৰ্পিত ৰূপত কাম কৰিব কাৰণ এতিয়ালৈ প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক তাগিদা দি আছিল, কিন্তু এতিয়া ৫০ কোটি দুখীয়াৰ আশীৰ্বাদ তেওঁলোকৰ সৈতে আছে৷ আৰু যেতিয়া ৫০ কোটি দুখীয়াৰ আশীৰ্বাদ এই দলৰ সৈতে থাকে, গাঁৱৰ আশা কৰ্মীসকলেও যেতিয়া হৃদয়েৰে এই কাম সম্পূৰ্ণ কৰাৰ বাবে জড়িত হৈ পৰিব, ইয়াক যশস্বী কৰি তুলিব, এয়া মোৰ সম্পূৰ্ণ বিশ্বাস৷
বন্ধুসকল, দুখীয়াসকলৰ স্বাস্থ্যৰ এয়া যি সুৰক্ষা কৱচ প্ৰাপ্ত হৈ আছে, তাক সমৰ্পিত কৰি মই প্ৰভুক প্ৰাৰ্থনা কৰিছোঁ, যোজনাতো ভালেই, সকলোৰে বাবে, কিন্তু কোনো চিকিৎসালয় উদঘাটন কৰিবলৈ যাওঁতে এনেকৈ ক’ব পাৰেনে যে আপোনাৰ চিকিৎসালয় সদায়েই ভৰ্তি হৈ থাকক? কোনেও ক’ব নোৱাৰে৷ মইতো যেতিয়াই চিকিৎসালয় উদঘাটন কৰিবলৈ যাওঁ তেতিয়া কওঁ যে আপোনাৰ চিকিৎসালয় সদায়েই খালী হৈ থাকক৷
আজি আয়ুষ্মান ভাৰত যোজনা আৰম্ভ কৰাৰ সময়তো মই ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা কৰিম যে মোৰ দেশৰ কোনো দুখীয়াৰ পৰিয়াললৈ যাতে এনে বিপত্তি নাহে যাতে তেওঁলোকে এই যোজনাৰ বাবে চিকিৎসালয়ৰ ওচৰলৈ যোৱাৰ বাবে বাধ্য হৈ পৰে৷ কাৰো জীৱনলৈ এনেকুৱা বেয়া অৱস্থা আহিব নালাগে৷ আৰু ইয়াৰ বাবেও উত্তম স্বাস্থ্যৰ বাবে আমি পৰমাত্মাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ৷ আৰু যদি বিপত্তি আহেও তেতিয়া আয়ুষ্মান ভাৰত আপোনাৰ চৰণত হাজিৰ আছে৷
যদি দুৰ্ভাগ্য ক্ৰমে আপোনাৰ জীৱনলৈ বেমাৰৰ দুচক্ৰ আহে তেতিয়া ধনী মানুহে যিদৰে স্বাস্থ্যৰ সেৱা লাভ কৰে সেইদৰে মোৰ দেশৰ দুখীয়াৰ বাবেও সেই সেৱা উপলব্ধ হ’ব লাগে৷ মোৰ দেশৰ দুখীয়াৰ বাবেও সেই সেৱা উপলব্ধ হ’ব লাগে যিবোৰ ধনী মানুহৰ বাবে উপলব্ধ হয়৷
ভাতৃ–ভগ্নীসকল, এই যোজনা আজিৰ পৰা প্ৰণয়ন হৈছে কিন্তু ইমান ডাঙৰ যোজনাৰ এটা পৰীক্ষণ কৰাৰো আৱশ্যক আছিল৷ প্ৰযুক্তিয়ে কাম কৰিব নে নকৰিব, যি আৰোগ্য মিত্ৰ বনোৱা হৈছে সেয়াই ঠিকমতে কাম কৰিব পাৰিব নে নোৱাৰিব, চিকিৎসালয়ে প্ৰথমে যি কাম কৰিছিল, সেই পৰিৱৰ্তন কৰি ঠিক কৰা হ’ব নে নহয়৷ আৰু সেইবাবে বিগত কিছুদিনৰ পৰা দেশৰ ভিন্ন ভিন্ন জিলাত ইয়াৰ পৰীক্ষণ চলি আছিল৷ আৰু মোৰ বিশ্বাস যে দেশক সঁচা অৰ্থত স্বাস্থ্যৰ অধিকাৰ প্ৰদান কৰাৰ এই অভিযান নিজৰ সকলো উদ্দেশ্যত সফল হ’ব৷ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰখনক আৰু অধিক শক্তিশালী কৰিব৷
বন্ধুসকল, আয়ুষ্মান ভাৰতৰ যোজনাৰ সৈতে এক বিশেষ উপলক্ষও জড়িত হৈ আছে৷ যেতিয়া ১৪ এপ্ৰিলত ছট্টিশগড়ৰ বাস্তাৰৰ জংগলৰ পৰা মই ইয়াৰ প্ৰথম চৰণ আৰম্ভ কৰিছিলো, কল্যাণ কেন্দ্ৰ কাম আৰম্ভ কৰিছিলো, তেতিয়া বাবা চাহেব আম্বেদকাৰৰ জয়ন্তী আছিল৷ আজি যেতিয়া ইয়াৰ দ্বিতীয়টো চৰম আৰম্ভ কৰিছোঁ, পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম জয়ন্তী ২৫ ছেপ্টেম্বৰৰ কথা মনত ৰাখি দুদিন পূৰ্বে আজি এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে৷ আজি দেওবাৰ আছিল, মোৰো সুবিধা হ’ল আৰু সেইবাবে দুদিন পূৰ্বে ইয়াক আৰম্ভ কৰিলো৷ কিন্তু আজি আৰু এটা গুৰুত্বপূৰ্ণ দিন৷ আজি যি ধৰিত্ৰী, যি নাম লৈ শক্তিৱন্ত হয়, চেতনাৱদ্ধ হয়, যাৰ প্ৰতিটো শব্দই জাগ্ৰত কৰি তুলিব পাৰে, এনেকুৱা ৰাষ্ট্ৰকবি দিনকৰৰ জয়ন্তী হয়৷
আৰু সেইবাবে সেই মহাপুৰুষৰ আশীৰ্বাদৰ সৈতে সমাজৰ সকলো প্ৰকাৰৰ ভেদ–ভাৱ নাশ কৰাৰ বাবে আৰু যিসকলে সমগ্ৰ জীৱন দুখীয়াৰ বাবে চিন্তা কৰিলে, দুখীয়াৰ বাবে জীৱন অতিবাহিত কৰিলে, দুখীয়াৰ গৰিমাৰ বাবে নিজকে সমৰ্পিত কৰিলে, এনেকুৱা মহাপুৰুষক সমৰ্পিত কৰি আজি দেশক এই যোজনা আমি প্ৰদান কৰিছোঁ৷
দেশত উন্নত চিকিৎসা মাত্ৰ কিছুমান লোকৰ মাজতেই সীমিত নাথাকক৷ সকলোৱে উত্তম চিকিৎসা পাওক৷ এই ভাৱনাৰ সৈতে আজি এই যোজনা দেশক সমৰ্পণ কৰা হৈছে৷
ভাতৃ আৰু ভগ্নীসকল, আমাৰ দেশৰ স্বাস্থ্য খণ্ডৰ যেতিয়াই কথা কোৱা হয়, তেতিয়া কোৱা হয় যে ভাৰতত যদি কোনো চিকিৎসাৰ বাবে ১০০ টকা খৰচ হয় তেন্তে তাৰে ৬০ টকাৰ ভাৰ সেই পৰিয়াল আৰু সেই ব্যক্তিজনৰ ওপৰত পৰে৷ তেওঁ যি সঞ্চয় কৰিছিল, সেই সকলোবোৰ বেমাৰত খৰচ হৈ যায়৷ উপাৰ্জনৰ অধিকাংশ এনেদৰেই খৰত হোৱাৰ ফলত প্ৰতিবছৰে লক্ষাধিক লোকে দৰিদ্ৰতাৰ পৰা মুক্ত হোৱাৰ দুৱাৰদলিতে পুনৰ বেমাৰৰ বাবে দৰিদ্ৰ অৱস্থালৈ গুচি যায়৷ এই অৱস্থা পৰিৱৰ্তনৰ বাবেই আমি এই পদক্ষেপ গ্ৰহণ কৰিছোঁ৷
ভাতৃ–ভগ্নীসকল, গৰীবি হটাওৰ ধ্বনি আমি দেশে স্বাধীনতা প্ৰাপ্ত হোৱাৰে পৰা শুনি আহিছোঁ৷ দুখীয়াৰ চকুত ধূলি মৰা, দুখীয়াৰ নামৰ মালা জপা লোকে যদি আজিৰ পৰা ৩০–৪০–৫০ বৰ্ষ পূৰ্বে দুখীয়াৰ নামৰ ৰাজনীতি কৰাৰ পৰিৱৰ্তে দুখীয়াৰ সৱলীকৰণৰ বাবে জোৰ দিলেহৈ, আজি যি ভাৰত দেখা গৈছে তেনে নহ’লহেঁতেন৷ তেওঁলোকে দুখীয়াৰ বিষয়ে ভবাত ভুল কৰিলে৷ সেই ভুলৰ পৰিণাম আজি দেশে ভুগিবলগীয়া হৈছে৷ তেওঁলোকে এয়া চিন্তা নকৰিলে যে দুখীয়াই কিবা নহয় কিবা বিচাৰে৷ দুখীয়াক কিবা বিনামূলীয়াকৈ দি দিয়া, তেওঁলোকে বিচাৰে, এয়াই তেওঁলোকৰ আটাইতকৈ ডাঙৰ ভুল আছিল৷ দুখীয়া যিমান স্বাভিমানী হয় সেই স্বাভিমান জোখাৰ বোধহয় কোনো দগাপাল্লা নাই৷
মই দুখীয়াৰ জীৱন অতিবাহিত কৰিছোঁ, মই দৰিদ্ৰতাৰ মাজেৰে পাৰ হৈছোঁ৷ মই দুখীয়াৰ ভিতৰৰ স্বাভিমান অনুভৱ কৰিছোঁ৷ সেই স্বাভিমানেই দুখীয়াক যুঁজিবলৈ শক্তি প্ৰদান কৰে৷ দুখীয়া অৱস্থাতো জীয়াই থকাৰ শক্তি প্ৰদান কৰে৷ কিন্তু তেওঁলোকে না দুখীয়াৰ স্বাভিমান বুজাৰ কাৰণে চেষ্টা কৰিলে, না দুখীয়াৰ সপোন বাস্তৱায়িত কৰাৰ বাবে তেওঁলোকৰ উদ্দেশ্য বুজা চেষ্টা কৰিলে৷ আৰু সেইবাবে প্ৰতিটো নিৰ্বাচনত উচিষ্ট দলিওৱা, নিজৰ ৰাজনৈতিক উল্লু চিধা কৰা, এয়াই খেল চলি আছে৷
আমি ৰোগৰ কাৰণ গম পাইছোঁ৷ দেশক দৰিদ্ৰতাৰ পৰা মুক্তি দিয়াৰ কাম দ্ৰুত গতিত আগবাঢ়িছে৷ কিছুদিন পূৰ্বে এক আন্তঃৰাষ্ট্ৰীয় সংস্থাই কৈছে– দুই তিনি বছৰৰ ভিতৰত দেশত পাঁচ কোটি পৰিয়াল অতি দৰিদ্ৰ অৱস্থাৰ পৰা মুক্তি পাব৷
ভাতৃ–ভগ্নীসকল, এয়া এইবাবেই সম্ভৱ হৈছে কাৰণ আমি দুখীয়াৰ সৱলীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছোঁ৷ আৰু সেইবাবে দুখীয়াই যদি ঘৰ পাইছে তেন্তে তেওঁলোকৰ জীৱনৰ প্ৰতি বিচাৰধাৰা পৰিৱৰ্তন হৈছে৷ যদি দুখীয়া মাতৃয়ে গেছৰ সংযোগ লাভ কৰিছে তেন্তে সেই মাতৃয়ে জীৱনত আত্মবিশ্বাসৰ সৈতে অন্যৰ সৈতে সমানে থিয় দিব পাৰিছে৷
যেতিয়া দুখীয়াৰ বেংক একাউণ্ট খোলা হয় তেতিয়া তেওঁও আত্মসন্মান অনুভৱ কৰে৷ টকা বচোৱাৰ লক্ষ্য নিৰূপণ কৰি লয়৷ যেতিয়া দুখীয়াৰ টীকাকৰণ হয়, পোষণ অভিযানৰ সুবিধা লাভ কৰে তেতিয়া দুখীয়াও সৱলীকৰণৰ দিশে আগবাঢ়ে৷
আপোনালোকে দেখিছে, অলপ আগেয়ে এছিয়ান গেমছ অনুষ্ঠিত হ’ল, এছিয়ান গেমছত বঁটা লাভ কৰোতাসকল কোন আছিল? সোণৰ পদক বিজেতাসকল কোন আছিল? ভাৰতক নতুন সন্মানজনক স্থিতি প্ৰদান কৰা সকল কোন আছিল?অধিকাংশ ল’ৰা–ছোৱালী, ল’ৰাই হওক অথবা ছোৱালী গাঁৱত জন্ম হোৱা, দুখীয়াৰ ঘৰত জন্ম হোৱা, কুপোষণৰ জীৱন অতিবাহিত কৰি ডাঙৰ–দীঘল হোৱা, কিন্তু সুবিধা পোৱাত ভাৰতৰ নাম উজ্বলাই থৈ আহিলে৷
দুখীয়াৰ ওচৰতো সেয়া শক্তি আছে, সেয়া চিনি পোৱাটো জৰুৰী৷ আৰু সেইবাবে আমাৰ সকলো যোজনা দুখীয়াৰ সৱলীকৰণৰ উদ্দেশ্যে কৰা হৈছে৷ দেশত আৰু এটা বৃহৎ পৰিৱৰ্তন হৈছে৷ দেশৰ সকলো নীতি কেৱল ভোট বেংকৰ আধাৰত নিৰ্মাণ কৰা হৈছে৷ কোনটো জাতি লাভান্বিত হ’ব, যিটো জাতিৰ পৰা নিৰ্বাচন জয় হোৱাৰ সম্ভাৱনা থাকিব৷ কোনটো সম্প্ৰদায়ৰ লোক লাভান্বিত হ’ব, যিটো সম্প্ৰদায়ৰ লোকৰ পৰা ভোট বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব৷ কোনটো এলেকা লাভান্বিত হ’ব, যিটো এলেকাৰ পৰা নিৰ্বাচনত জয় হোৱাৰ সম্ভাৱনা হ’ব৷ সেয়া লাগিকে ক্ষেত্ৰীয় বিকাশৰ মানদণ্ডই হওক, লাগিলে সামাজিক পৰিৱৰ্তনৰ মানদণ্ডই হওক, লাগিলে সাম্প্ৰদায়িক সমস্যাৰ পৰা মুক্তি পোৱাৰ পথেই হওক, পূৰ্বৰ চৰকাৰে কেৱল ভোট বেংকৰ ৰাজনীতিৰ অধীনত সমাজৰ শক্তি বৃদ্ধি কৰাৰ পৰিৱৰ্তে ৰাজনৈতিক দলৰ শক্তি বৃদ্ধিৰ বাবে চৰকাৰী ধনৰ ব্যৱহাৰ কৰিছিল৷ আৰু চৰকাৰী ধন নিৰন্তৰে লুটা হৈছিল৷
আমি সেই পথ পৰিহাৰ কৰিলো৷ আমি বিচাৰো যে দেশ পুনৰ তেনে পথলৈ ঘূৰি নাযাওক৷ আমাৰ মন্ত্ৰ হ’ল ‘সবকা সাথ–সবকা বিকাশ’৷ সম্প্ৰদায়ৰ আধাৰত আয়ুষ্মান ভাৰত যোজনা নহ’ব৷ জাতিৰ আধাৰত আয়ুষ্মান ভাৰত নহ’ব৷ উচ্চ–নীচৰ ভেদভাৱৰ আধাৰত আয়ুষ্মান ভাৰত নহ’ব৷ ‘সবকা সাথ–সবকা বিকাশ’ যি জাতিৰেই হওক, যি সম্প্ৰদায়ৰেই হওক, যি স্থানৰেই হওক, ঈশ্বৰক মানক বা নামানক, মন্দিৰত যোৱা, মছজিদত যোৱা, গুৰুদ্বাৰত যোৱা, গীৰ্জাত যোৱাই হওক, কোনো ভেদ–ভাৱ নাই৷ সকলোৱে আয়ুষ্মান ভাৰতৰ দ্বাৰা লাভান্বিত হ’ব৷ এয়াই হ’ল ‘সবকা সাথ–সবকা বিকাশ’৷
বন্ধুসকল, এই যোজনা কিমান ব্যাপক–ইয়াৰ অনুমান এই কথাৰ পৰা কৰিব পাৰি যে কৰ্কট, হৃদৰোগ, কিডনী আৰু লিভাৰৰ ৰোগ, ডায়েবেটিছ সহিতে ১৩০০ত কৈ অধিক ৰোগৰ, সেই ৰোগসমূহৰ চিকিৎসাক এই যোজনাৰ সৈতে সংবদ্ধ কৰা হৈছে৷ এক হাজাৰ তিনিশ–এই গম্ভীৰ ৰোগসমূহৰ চিকিৎসা কেৱল চৰকাৰী চিকিৎসালয়তেই নহয়, ব্যক্তিগত চিকিৎসালয়তো উপলব্ধ হ’ব৷
পাঁচ লাখ টকাৰ যি খৰচ তাত চিকিৎসালয়ত ভৰ্তি হোৱাৰ উপৰিও পৰীক্ষা, দৰৱ, চিকিৎসা, ভৰ্তিৰ পূৰ্বে খৰচ আৰু চিকিৎসা সম্পূৰ্ণ হোৱা পৰ্যন্ত খৰচ এইসকলো অন্তৰ্ভুক্ত কৰা হৈছে৷ যদি কোনোবা পূৰ্বৰে পৰা বেমাৰত আক্ৰান্ত হৈ আছে তেন্তে সেই বেমাৰৰ খৰচো এই যোজনাৰ দ্বাৰা প্ৰাপ্ত হ’ব৷
এয়াই নহয়, দেশৰ সকলো হিতাধিকাৰীয়ে উপযুক্ত ধৰণে ইয়াৰ লাভ যাতে পায়, তাৰো প্ৰভাৱী ব্যৱস্থা কৰা হৈছে৷ আপুনি চিকিৎসাৰ বাবে ঘূৰি ফুৰিব নালাগে, এই কথাত গুৰুত্ব প্ৰদান কৰি ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ সকলো প্ৰযুক্তিৰ জৰিয়তে সুনিশ্চিত কৰাৰ প্ৰয়াস কৰা হৈছে৷ কোনো প্ৰয়োজনপ্ৰাৰ্থী যাতে ৰৈ নাযায় তাৰ বাবে সৰ্বেক্ষণ নিৰন্তৰে চলি আছে৷
আপোনালোকে এই যোজনাৰ অধীনত কোনো ধৰণৰ পঞ্জীয়ন কৰাৰ আৱশ্যক নাই৷ আপোনালোকে যি ই–কাৰ্ড লাভ কৰিছে সেয়াই যথেষ্ট৷ ই–কাৰ্ডত আপোনাৰ সকলো তথ্য উপলব্ধ হ’ব৷ ইয়াৰ বাবে আপুনি কাগজ–পত্ৰৰ মেৰপেচত পৰাৰ প্ৰয়োজন নাই৷
ইয়াৰোপৰি এটা টেলিফোন নম্বৰ, মই ভাবো ইয়াক আপোনালোকে মনত ৰাখিব লাগিব৷ মই সকলো দুখীয়া পৰিয়ালক বিশেষকৈ কৈছোঁ, এই নম্বৰটোক ভালদৰে মনত ৰাখক– ১৪৫৫৫, ওৱান ফ’ৰ ত্ৰিপল ফাইভ, এই নম্বৰত ফোন কৰি আপোনালোকে গম পাব যে এই যোজনাত আপোনাৰ নাম আছে নে নাই৷ আপোনাৰ পৰিয়ালৰ নাম আছে নে নাই৷ আপোনাৰ কি সমস্যা আছে, কি লাভ পাব, এই সকলো তথ্য অথবা আপোনাৰ নিকটৱৰ্তী সাধাৰণ সেৱা কেন্দ্ৰত, আজি দেশ তিনি লাখ সাধাৰণ সেৱা কেন্দ্ৰ আছে, সেই তিনি লাখ কেন্দ্ৰৰ বাবে কোনেও দুই তিনি কিলোমিটাৰৰ দূৰলৈ যাব নালাগে৷ তালৈ গৈ নিজৰ তথ্যসমূহ লাভ কৰিব পাৰে৷
বন্ধুসকল, এই ব্যৱস্থাসমূহৰ সৈতে দুটা আৰু ডাঙৰ সহায়ক লগতে থাকিব৷ এটা হ’ল আপোনাৰ গাঁৱৰ আশা আৰু এএনএম ভগ্নীসকল আৰু দ্বিতীয়টো প্ৰত্যেক চিকিৎসালয়ত আপোনাক সহায় কৰাৰ বাবে প্ৰধানমন্ত্ৰী আৰোগ্য মিত্ৰ৷ এই প্ৰধানমন্ত্ৰী আৰোগ্য মিত্ৰ চিকিৎসালয়ত ভৰ্তি হোৱাৰ পূৰ্বৰ পৰা আৰম্ভ কৰি চিকিৎসা সম্পূৰ্ণ হোৱাৰ পিছতো আপোনাক যোজনাৰ সুবিধা লাভ কৰোৱাত সহযোগিতা প্ৰদান কৰিব৷ দেশক আয়ুষ্মান বনোৱাৰ ক্ষেত্ৰত আমাৰ এই সমৰ্পিত সহযোগী সকলো উপযুক্ত তথ্য আপোনাক প্ৰদান কৰিব৷
বন্ধুসকল, আয়ুষ্মান ভাৰতৰ এই অভিযান সঁচা অৰ্থত এক ভাৰত, সকলোকে একে ধৰণৰ উপচাৰৰ চিন্তাধাৰাক শক্তিশালী কৰে৷ যি ৰাজ্য এই যোজনাৰ সৈতে জড়িত, তাত থকা ব্যক্তিসকল যদি সেই ৰাজ্যৰ পৰা বাহিৰলৈ গৈ আছে আৰু তাত হঠাতে হোৱা প্ৰয়োজন অনুসাৰে আনখন ৰাজ্যতো এই সুবিধা গ্ৰহণ কৰিব পাৰে৷
এই পৰ্যন্ত এই যোজনাত দেশৰ ১৩ হাজাৰতকৈও অধিক চিকিৎসালয় পঞ্জীকৃত হৈছে৷ অনাগত সময়ত আৰু বহুতো চিকিৎসালয় এই অভিযানৰ সহযোগী হ’ব৷ কেৱল এয়াই নহয়, যি চিকিৎলায়ে উত্তম সেৱা প্ৰদান কৰিব, বিশেষকৈ গাঁৱৰ চিকিৎসালয়, তেওঁলোকক চৰকাৰে সাহাৰ্য প্ৰদান কৰিব৷
ভাতৃ–ভগ্নীসকল, আয়ুষ্মান ভাৰত যোজনাৰ লক্ষ্য আৰ্থিক সুবিধা প্ৰদান কৰাটো হয়েই লগতে এনেকুৱা ব্যৱস্থা কৰা হৈছে যাৰ দ্বাৰা আপুনি ঘৰৰ ওচৰতেই যাতে চিকিৎসাৰ উত্তম সুবিধা লাভ কৰিব পাৰে৷
বন্ধুসকল, আজি ইয়াত ১০ টা কল্যাণ কেন্দ্ৰৰো শুভাৰম্ভ কৰা হৈছে৷ এতিয়া ঝাৰখণ্ডত এনেকুৱা প্ৰায় ৪০টা কেন্দ্ৰই কাম কৰি আছে আৰু দেশত এনেকুৱা কেন্দ্ৰৰ সংখ্যা দুই–আঢ়ৈ হাজাৰ পৰ্যন্ত হৈছে৷ অনাগত চাৰিটা বৰ্ষত দেশত এনেকুৱা কল্যাণ কেন্দ্ৰ ডেৰ লাখটা খোলাৰ পৰিকল্পনা কৰা হৈছে৷
ভাতৃ আৰু ভগ্মীসকল, এই স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ আয়ুষ্মান ভাৰতৰ এক বৃহৎ অংশ৷ এই কেন্দ্ৰসমূহত সৰু ৰোগৰ চিকিৎসা, সেই ৰোগৰ দৰৱটো উপলব্ধ হ’বই লগতে ইয়াত নিঃশুল্ক অনেক পৰীক্ষাও কৰাৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ দ্বাৰা গম্ভীৰ ৰোগৰ লক্ষণসমূহৰ চিনাক্তকৰণ কৰাত সহায়ক হ’ব৷
বন্ধুসকল, চৰকাৰে দেশৰ স্বাস্থ্য খণ্ডৰ উন্নতিৰ বাবে খণ্ড খণ্ডকৈ নহয়, এটা সামূহিক ৰূপত এই কাৰ্য কৰি আছে৷ প্ৰতিটো সিদ্ধান্ত, প্ৰতিটো নীতি পৰস্পৰে পৰস্পৰৰ সৈতে জড়িত৷ এফালে চৰকাৰে ব্যয়সাধ্য স্বাস্থ্য সেৱাৰ ওপৰত গুৰুত্ব দি আছে, আনফালে প্ৰতিৰোধমূলক স্বাস্থ্য সেৱাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰি আছে৷ যোগ হওক, স্বচ্ছ ভাৰত অভিযান হওক, open defecation free গাঁও অভিযান হওক, এইসমূহৰ দ্বাৰা সেই কাৰকসমূহ দূৰ কৰাৰ প্ৰয়াস কৰা হৈছে যাৰ দ্বাৰা গম্ভীৰ ৰোগসমূহ হয়৷ আপোনালোকে অলপতে পঢ়িছে বোধহয় যে স্বচ্ছ ভাৰত অভিযানৰ ফলত তিনি লাখ শিশুৰ জীৱন ৰক্ষা কৰা সম্ভাৱনা উদ্ভৱ হৈছে৷ নৱজাত শিশুৰ জীৱন ৰক্ষাৰ সৈতে জড়িত বিষয়েই হওক অথবা প্ৰসূতি মাতৃৰেই হওক, দেশে আজি দ্ৰুত গতিৰে সুস্থ ভাৰত নিৰ্মাণৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছে৷
চৰকাৰে ৰাষ্ট্ৰীয় পোষণ অভিযান আৰম্ভ কৰিছে যাতে আৰম্ভণিৰ দিনৰ পৰা শৰীৰক কুপোষণৰ পৰা মুক্ত কৰা হয়৷ ঠিক সেইদৰে চিকিৎসা ক্ষেত্ৰতো মানৱ সম্পদ বৃদ্ধিৰ বাবে নিৰন্তৰ কাম চলি আছে৷ অনুমান কৰা হৈছে যে আয়ুষ্মান ভাৰতৰ দ্বাৰা অনাগত তিনিটা বৰ্ষত দেশত প্ৰায় আঢ়ৈ হাজাৰ নতুন ভাল গুণগতমানৰ চিকিৎসালয় নিৰ্মাণ হ’ব৷ ইয়াৰ মাজত অধিকাংশই টায়াৰ–২, টায়াৰ–৩, সৰু সৰু অংশত নিৰ্মাণ হ’ব৷ আৰু তাৰ ফলত মধ্যবিত্ত পৰিয়ালসমূহৰ বাবে এক নতুন ব্যৱসায়ৰ ক্ষেত্ৰ মুকলি হ’ব৷ নিয়োজনৰ নতুন সুবিধা মুকলি হ’ব৷
এয়াই নহয়, এই সমগ্ৰ প্ৰক্ৰিয়াৰ দ্বাৰা চিকিৎসা সেৱাৰ সৈতে বীমা, প্ৰযুক্তিগত কৌশল, কল চেণ্টাৰ, ব্যৱস্থাপনা, দৰৱ উৎপাদন, উপকৰণ নিৰ্মাণৰ দৰে অনেক ক্ষেত্ৰত লক্ষাধিক নিয়োজনৰ সুবিধা উৎপন্ন হ’ব৷ পেৰামেডিকেল কৰ্মীৰ পৰা আৰম্ভ কৰি প্ৰশিক্ষিত চিকিৎসকৰ বৃহৎ চাহিদা উদ্ভৱ হ’ব৷ ইয়াৰ সৈতে চিকিৎসা ক্ষেত্ৰৰ সৈতে জড়িত ষ্টাৰ্ট আপৰ বাবে নতুন অৱকাশৰো সৃষ্টি হ’ব৷ লক্ষাধিক সংখ্যাত চিকিৎসক, নাৰ্চ, চিকিৎসালয় ব্যৱস্থাপনাৰ সৈতে জড়িত লোক, এওঁলোকক জড়িত কৰোৱাৰ সুবিধা সৃষ্টি হ’ব৷ অৰ্থাৎ দেশৰ নিম্ন মধ্যবিত্ত, মধ্যবিত্ত সকলৰ বাবে এক বৃহৎ সুযোগৰ সৃষ্টি হ’ব৷
দেশৰ গাঁও, টায়াৰ–১, টায়াৰ–২ চহৰত স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে, তাক আধুনিক কৰাৰ বাবে চৰকাৰে নিৰন্তৰ কাম কৰি আছে৷ বিগত চাৰিটা বৰ্ষত দেশত ১৪খন নতুন এইমচৰ অনুমোদন জনোৱা হৈছে৷ প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত প্ৰতিখন ৰাজ্যত অতিকমেও এখন এইমচ নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ ইয়াৰ লগতে দেশত ৮২খন নতুন চৰকাৰী চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছে৷ চৰকাৰে দেশৰ তিনি সংসদীয়া অথবা চাৰি সংসদীয় আসনৰ মাজত অতিকমেও এখন চিকিৎসা মহাবিদ্যালয় স্থাপনত গুৰুত্ব প্ৰদান কৰিছে৷
এই প্ৰয়াসৰ অধীনত আজি ইয়াত ৬০০ কোটিতকৈও অধিক ব্যয়েৰে নিৰ্মাণ কৰা দুখন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছে৷ কোডৰমা আৰু চায়বাসাত নিৰ্মাণ হ’বলগীয়া এই চিকিৎসা মহাবিদ্যালয়ত প্ৰায় ৪০০খন বিচনাৰ নতুন সুবিধা সংযোজিত হ’ব৷
ভাতৃ–ভগ্নীসকল, বিগত চাৰিটা বৰ্ষত দেশত চিকিৎসা বিজ্ঞানৰ প্ৰায় ২৫ হাজাৰ আণ্ডাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰ আসন বৃদ্ধি কৰা হৈছে৷ চৰকাৰৰ লক্ষ্য এয়াই যে অনাগতা চাৰি–পাঁচ বছৰত দেশত এক লাখ নতুন চিকিৎসক প্ৰস্তুত কৰাৰ ক্ষমতা বিকশিত হওক৷ অৰ্থাৎ ভৱিষ্যতৰ আৱশ্যকতাসমূহ লক্ষ্য কৰি আন্তঃগাঁথনি আৰু মানৱ সংসাধন, এই দুয়োটা ক্ষেত্ৰতে গুৰুত্ব প্ৰদান কৰা হৈছে৷
বন্ধুসকল, দীনদয়াল উপাধ্যায় মহোদয়ে কৈছিল যে শিক্ষাৰ দৰেই স্বাস্থ্যত হোৱা ব্যয়ো একপ্ৰকাৰৰ বিনিয়োগেই৷ ভাল শিক্ষা আৰু কৌশলৰ অভাৱত সমাজ আৰু দেশৰ বিকাশ সম্ভৱ নহয়৷ সেইদৰে নাগৰিত অসুস্থ হ’লে সশক্ত ৰাষ্ট্ৰৰ নিৰ্মাণ নহয়৷
বন্ধুসকল, মই সম্পূৰ্ণৰূপে আশ্বস্ত যে এই যোজনাৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিৰ প্ৰয়াসৰ দ্বাৰা আৰোগ্য মিত্ৰ আৰু আশা, এএনএম ভগ্নীসকলৰ সহযোগিতা, প্ৰতিজন চিকিৎসক, প্ৰতিগৰাকী নাৰ্চ, প্ৰত্যেক কৰ্মচাৰী, প্ৰতিজন সেৱা প্ৰদানকাৰীৰ সমৰ্পিত ভাৱনাৰ দ্বাৰা আমি এই যোজনাক সফল কৰি তুলিব পাৰিম, এক সুস্থ ৰাষ্ট্ৰৰ নিৰ্মাণ কৰিব পাৰিম৷ নতুন ভাৰত সুস্থ হওক, নতুন ভাৰত সশক্ত হওক, আপোনালোক সকলো ৰোগমুক্ত হওক, আয়ুষ্মান হওক৷
এই কামনাৰ সৈতে মই প্ৰধানমন্ত্ৰীয়ে জন–আৰোগ্য যোজনা আজি ৰাঁচীৰ ভূমিৰ পৰা, ভগৱান বিৰছা মুণ্ডাৰ ভূমিৰ পৰা এশ পঁচিছ কোটি দেশবাসীৰ চৰণত সমৰ্পিত কৰিছোঁ৷
আপোনালোক সকলোকে অশেষ ধন্যবাদ৷
ভাৰত মাতা কী – জয়
ভাৰত মাতা কী – জয়
ভাৰত মাতা কী – জয়
মই কম আয়ুষ্মান, আপোনালোকে ক’ব ভাৰত৷
আয়ুষ্মান – ভাৰত
আয়ুষ্মান – ভাৰত
আয়ুষ্মান – ভাৰত
আয়ুষ্মান – ভাৰত
আয়ুষ্মান – ভাৰত
বহুত বহুত ধন্যবাদ৷
***
अतुल तिवारी/ वंदना जाटव/ निर्मल शर्मा/MANN
समाज की आखिरी पंक्ति में खड़े व्यक्ति को,
— PMO India (@PMOIndia) September 23, 2018
गरीब से भी गरीब को इलाज मिले,
स्वास्थ्य की बेहतर सुविधा मिले,
आज इस विजन के साथ बहुत बड़ा कदम उठाया गया है।
आयुष्मान भारत के संकल्प के साथ, प्रधान मंत्री जन आरोग्य योजना आज से लागू हो रही है: PM
देश के 50 करोड़ से ज्यादा भाई-बहनों को 5 लाख रुपए तक का हेल्थ-एश्योरेंस देने वाली ये दुनिया की सबसे बड़ी योजना है।
— PMO India (@PMOIndia) September 23, 2018
पूरी दुनिया में सरकारी पैसे से इतनी बड़ी योजना किसी और देश में नहीं चल रही है।
इस योजना के लाभार्थियों की संख्या पूरे यूरोपियन यूनियन की कुल आबादी के बराबर है: PM
अगर आप अमेरिका, कनाडा और मैक्सिको,
— PMO India (@PMOIndia) September 23, 2018
इन तीनों देशों की आबादी को भी जोड़ दें,
तो उनकी कुल संख्या इस योजना के लाभार्थियों की संख्या के करीब ही होगी: PM
आयुष्मान भारत योजना से दो महापुरुषों का नाता जुड़ा है।
— PMO India (@PMOIndia) September 23, 2018
अप्रैल में जब योजना के पहले चरण शुरु हुआ था तो उस दिन बाबा साहेब अंबेडकर का जन्मदिन था।
अब इसी कड़ी में, प्रधानमंत्री जन आरोग्य योजना, दीन दयाल उपाध्याय जी के जन्मदिवस से दो दिन पहले शुरु हुई है: PM
ये योजना कितनी व्यापक है इसका अनुमान इसी बात से लगाया जा सकता है कि
— PMO India (@PMOIndia) September 23, 2018
कैंसर,
दिल की बीमारी,
किडनी और लीवर की बीमारी,
डायबटीज समेत 1300 से अधिक बीमारियों का इलाज शामिल है।
इन गंभीर बीमारियों का इलाज सरकारी ही नहीं बल्कि अनेक प्राइवेट अस्पतालों में भी किया जा सकेगा: PM
5 लाख तक का जो खर्च है उसमें अस्पताल में भर्ती होने के अलावा जरुरी जांच, दवाई, भर्ती से पहले का खर्च और इलाज पूरा होने तक का खर्च भी शामिल है।
— PMO India (@PMOIndia) September 23, 2018
अगर किसी को पहले से कोई बीमारी है तो उस बीमारी का भी खर्च इस योजना द्वारा उठाया जाएगा: PM
आप 14555, इस नंबर पर फोन करके,
— PMO India (@PMOIndia) September 23, 2018
या फिर अपने नजदीकी कॉमन सर्विस सेंटर पर भी योजना के बारे में जान सकते हैं: PM
आयुष्मान भारत का ये मिशन सही मायने में एक भारत, सभी को एक तरह के उपचार की भावना को मज़बूत करता है।
— PMO India (@PMOIndia) September 23, 2018
जो राज्य इस योजना से जुड़े हैं, उनमें रहने वाले व्यक्ति किसी भी राज्य में जाएं, उन्हें इस योजना का लाभ मिलता रहेगा।
अभी तक देशभर के 13,000 से अधिक अस्पताल जुड़ चुके हैं: PM
आज ही यहां पर 10 वेलनेस-सेंटर्स का भी शुभारंभ किया गया है।
— PMO India (@PMOIndia) September 23, 2018
अब झारखंड में करीब 40 ऐसे सेंटर्स काम कर रहे हैं और देशभर में इनकी संख्या 2300 तक पहुंच चुकी है।
अगले 4 वर्षों में देशभर में ऐसे डेढ़ लाख सेंटर्स तैयार करने का लक्ष्य है: PM
सरकार देश के स्वास्थ्य क्षेत्र को सुधारने के लिए Holistic तरीके से कार्य कर रही है।
— PMO India (@PMOIndia) September 23, 2018
एक तरफ सरकार Affordable Healthcare पर ध्यान दे रही है, तो साथ ही Preventive Healthcare पर भी जोर दिया जा रहा है: PM
मैं आश्वस्त हूं कि इस योजना से जुड़े हर व्यक्ति के प्रयासों से,
— PMO India (@PMOIndia) September 23, 2018
आरोग्य मित्रों और आशा-एनएम बहनों के सहयोग से,
हर डॉक्टर, हर नर्स, हर कर्मचारी, हर सर्विस प्रोवाइडर की समर्पित भावना से,
हम इस योजना को सफल बना पाएंगे, एक स्वस्थ राष्ट्र का निर्माण कर पाएंगे: PM
Today is a historic day for India! We are launching the Pradhan Mantri Jan Arogya Yojana (PMJAY), which is a big step towards providing good quality and accessible healthcare to the poor of India. Over 10 crore families will benefit from this scheme.
— Narendra Modi (@narendramodi) September 23, 2018
I will be in Ranchi to mark the launch of PMJAY- Ayushman Bharat. During the programme, foundation stones for medical colleges in Chaibasa and Koderma will be laid. Health and wellness centres will also be inaugurated.
— Narendra Modi (@narendramodi) September 23, 2018
We are committed to building a healthy and fit India!
The launch of PMJAY- #AyushmanBharat will have a positive impact on the lives of 50 crore people of India.
— Narendra Modi (@narendramodi) September 23, 2018
Such an initiative is unparalleled in terms of scale and extent. It shows our unwavering commitment to create a healthy India. https://t.co/ju6TK2pHrl
Glad that #AyushmanBharat, one of the largest healthcare initiatives globally, is associated with two greats- Dr. Babasaheb Ambedkar and Pandit Deendayal Upadhyaya.
— Narendra Modi (@narendramodi) September 23, 2018
On Ambedkar Jayanti, wellness centres were launched and just before Deendayal Ji’s Jayanti, PMJAY begins. pic.twitter.com/9svdAvFOY7
Expensive healthcare adversely affects the poor. Through PMJAY-Ayushman Bharat, we want to strengthen the hands of the poor and stand shoulder to shoulder with them in pursuit of good health.
— Narendra Modi (@narendramodi) September 23, 2018
That is why the scope of PMJAY-Ayushman Bharat is extensive. https://t.co/LEvVjO0Nnz
Along with affordable healthcare, the Government of India is also focussing on preventive healthcare.
— Narendra Modi (@narendramodi) September 23, 2018
Emphasis is also being given towards enhancing human resource capabilities in the healthcare sector. pic.twitter.com/4G6rtQv7HO