পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি মহামহিম জ’ক’ উইডোডোৰ সৈতে ফোনযোগে কথোপকথন কৰে।
প্ৰধানমন্ত্ৰী ভাৰতবাসীৰ হৈ ইণ্ডোনেছিয়াৰ ছুলাৱেছিত হোৱা ভূমিকম্প আৰু ছুনামিৰ ফলত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে।
ইণ্ডোনেছিয়াত ইমান ভয়ংকৰ প্রাকৃতিক দুর্যোগৰ ফলত হোৱা ব্যাপক ক্ষয়-ক্ষতিৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত ইণ্ডোনেছিয়াবাসীয়ে যি সাহস দেখুৱাইছে, তাৰ প্রশংসা কৰে প্রধানমন্ত্রীয়ে।
ইণ্ডোনেছিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সাহায্যৰ আহ্বান জনাই প্রধানমন্ত্রীয়ে কয় যে ভাৰতৰ উপকূলৱর্তী প্রতিবেশী আৰু বন্ধু ৰাষ্ট্ৰ ইণ্ডোনেছিয়াক ভাৰতে সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়াব।
ইণ্ডোনেছিয়াৰ দুর্যোগত প্রাণহানি হোৱাসকলৰ প্ৰতি শোক প্রকাশ আৰু ভাৰতে সাহায্যৰ আশ্বাস দিয়া বাবে ৰাষ্ট্রপতি উইডোডোৱে প্রধানমন্ত্রীক ধন্যবাদ জনায়।
ভাৰতৰ সাহায্য সম্পৰ্কীয় বিস্তৃত বিষয়, ভাৰত আৰু ইণ্ডোনেছিয়াৰ কূটনৈতিক আৰু চৰকাৰী পর্যায়ৰ বৈঠকৰ জৰিয়তে স্থিৰ কৰাৰ ক্ষেত্ৰত দুয়োগৰাকী নেতাই সহমত প্ৰকাশ কৰে।
***
AKT/SH/VK/DB
Telephone conversation between Prime Minister Shri @narendramodi and the President of the Republic of Indonesia H. E. Joko Widodo. @jokowihttps://t.co/0JIjSQBX2D via NaMo App pic.twitter.com/4RUmKaRdlM
— PMO India (@PMOIndia) October 1, 2018