Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিশ্ব তেল আৰু প্ৰাকৃতিক বিশেষজ্ঞ/চিইঅ’ৰে প্ৰধানমন্ত্ৰীৰ বৈঠক

বিশ্ব তেল আৰু প্ৰাকৃতিক বিশেষজ্ঞ/চিইঅ’ৰে প্ৰধানমন্ত্ৰীৰ বৈঠক

বিশ্ব তেল আৰু প্ৰাকৃতিক বিশেষজ্ঞ/চিইঅ’ৰে প্ৰধানমন্ত্ৰীৰ বৈঠক

বিশ্ব তেল আৰু প্ৰাকৃতিক বিশেষজ্ঞ/চিইঅ’ৰে প্ৰধানমন্ত্ৰীৰ বৈঠক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত আৰু বিদেশী ৰাষ্ট্ৰৰ তেল আৰু প্ৰাকৃতিক গেছ বিশেষজ্ঞসকলৰ সৈতে এক বৈঠকত মিলিত হয়।

এই উপলক্ষে বৈঠকত ছৌদি আৰৱ আৰু ইউএইৰ মন্ত্ৰীবৰ্গ তথা ছৌদি এআৰএএমচিঅ’, এডিএনঅ’চি, বিপি, ৰোজনেফট, আইএইচএছ মাৰকিট, পায়’নিয়াৰ নেচাৰেল ৰিছ’ৰ্চ কোম্পানী, এমাৰ্ছন ইলেক্ট্ৰিক কোম্পানী, টেল্লুৰিয়ান, মুবাদলা ইনভেষ্টমেণ্ট কোম্পানী, শ্লামবাৰ্গাৰ লিমিটেড, উড মেকেঞ্জি, বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় শক্তি অভিকৰণ(আইইএ), এনআইপিএফপি, ব্ৰুকিং ইণ্ডিয়া আৰু ভূ-গৰ্ভৰ তলে-ওপৰে কাৰ্য সম্পাদন কৰাৰ সৈতে জড়িত বিভিন্ন ভাৰতীয় কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞ উপস্থিত থাকে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অৰুণ জেটলী আৰু শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান; নিটী আয়োগৰ উপাধ্যক্ষ ড০ ৰাজীৱ কুমাৰ আৰু কেন্দ্ৰীয় চৰকাৰ আৰু নিটী আয়োগৰ একাংশ জ্যেষ্ঠ বিষয়াও অনুষ্ঠানত উপস্থিত থাকে।

মত-বিনিময় অনুষ্ঠানত বিশ্বৰ চিইঅ’ আৰু বিশেষজ্ঞসকলে বিগত চাৰি বছৰত ভাৰতত সহজে ব্যৱসায় কৰিব পৰা পৰিৱেশ সৃষ্টিত, বিশেষকৈ শক্তি খণ্ডৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ প্ৰশংসা কৰে। বিশেষজ্ঞসকলে উৰ্ধ্বমুখী বিনিয়োগৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ প্ৰতিযোগিতামূলক বজাৰত স্থান ৫৬ৰ পৰা ৪৪ লৈ উন্নীত হোৱাৰ দিশটো বিশেষভাৱে উল্লেখ কৰে। আলোচনাত ভাৰতত তেল আৰু প্ৰাকৃতিক গেছৰ আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ; অন্বেষণ আৰু উৎপাদন বৃদ্ধি; সৌৰ শক্তি আৰু জৈৱ ইন্ধন সম্ভাৱনীয়তাৰ লগতে শক্তি খণ্ডৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কেতবোৰ সামূহিক পদক্ষেপৰ বিষয়ে গুৰু্ত্ব লাভ কৰে। বিশেষজ্ঞসকলে বিভিন্ন অংশীদাৰ একেলগে সমবেত হৈ নীতিগত দিশত আলোচনা কৰাৰ সূযোগ প্ৰদান কৰা এনে ধৰণৰ ব্যতিক্ৰমী আলোচনা-চক্ৰ আয়োজনৰ ক্ষেত্ৰত লোৱা প্ৰচেষ্টাৰ বাবে ভাৰত চৰকাৰৰ শলাগ লয়।

শক্তি খণ্ডৰ বিশ্বৰ নেতৃস্থানীয় ব্যক্তিসকলৰ সৈতে হোৱা বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে তেল আৰু প্ৰাকৃতিক গেছৰ বজাৰত ভাৰতৰ গুৰুত্বপূৰ্ণ স্থানৰ দিশটো আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে তেলৰ বজাৰখন উৎপাদনকাৰী দেশসমূহৰ দ্বাৰা চালিত; পৰিমাণ আৰু মূল্য দুয়োটাই তেল উৎপাদনকাৰী দেশসমূহে নিৰ্ধাৰণ কৰে। সেয়েহে, পৰ্যাপ্ত উৎপাদন থকা সত্ত্বেও, তৈল খণ্ডৰ বজাৰৰ এই বিশেষ বৈশিষ্ট্যৰ বাবে তেলৰ দাম বৃদ্ধি পায়। প্ৰধানমন্ত্ৰী মোদীয়ে অন্যান্য বজাৰৰ দৰে তেলৰ বজাৰতো উৎপাদনকাৰী আৰু উপভোক্তাৰ মাজত শক্তিশালী সহযোগিতাৰ পোষকতা কৰে। এইটোৱে পুনৰুত্থানৰ দিশে গতি কৰা বিশ্ব অৰ্থনীতিৰ সুস্থিৰতা অনাত সহায় কৰিব।

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ সৈতে প্ৰাসংগিক কেতবোৰ মুখ্য নীতিগত সমস্যাৰ প্ৰতি বিশেষজ্ঞসকলৰ মনোযোগ আকৰ্ষণ কৰে। প্ৰথমতে, তেওঁ খনিজাত তেলৰ মূল্য বৃদ্ধিৰ ফলত উপভোক্তা দেশসমূহে সম্পদৰ ব্যাপক সংকটকে ধৰি অন্যান্য অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ কথা আলোকপাত কৰে। এই শূন্যতা পুৰণ কৰাৰ ক্ষেত্ৰত তেল উৎপাদনকাৰী দেশসমূহৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। তেওঁ তেল উৎপাদকাৰী দেশসমূহক নিজৰ বিনিয়োগযোগ্য ৰাহি ধনৰাশি উন্নয়নশীল দেশসমূহৰ তৈল খণ্ডৰ বাণিজ্যিক শোষণৰ ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ অনুৰোধ জনায়। দ্বিতীয়তে, অন্বেষণমূলক কাম-কাজ বৃদ্ধিৰ লগতে উন্নয়নশীল দেশসমূহত প্ৰযুক্তি আৰু পৰিসৰ বৃদ্ধি ইত্যাদি দুয়োটা ক্ষেত্ৰত সহযোগিতা কামনা কৰে। তৃতীয়তে, প্ৰধানমন্ত্ৰীয়ে গেছ বিতৰণৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণত বিশেষ গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰযুক্তিৰ কথা উল্লেখ কৰি সেইবোৰৰ ক্ষেত্ৰত সহায় কৰাৰ আহ্বান জনায়, য’ত উচ্চ চাপ আৰু উচ্চ উষ্ণতাৰ সৈতে জড়িত প্ৰযুক্তি ব্যৱহাৰ প্ৰাকৃতিক গেছৰ বাণিজ্যিক শোষণৰ বাবে প্ৰাসংগিক বুলি বিবেচনা কৰিব পৰা যায়। শেষত, প্ৰধানমন্ত্ৰীয়ে ধনাদায়ৰ চৰ্তাৱলীক পৰ্যালোচনা কৰাৰ বাবে আহ্বান জনায়, যাতে স্থানীয় মুদ্ৰাই অস্থায়ী সাহায্য পাব পাৰে।

প্ৰধানমন্ত্ৰীয়ে এই খণ্ডৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন নীতিগত প্ৰচেষ্টা আৰু উন্নয়নমূলক ব্যৱস্থাৰ সন্দৰ্ভতো বৈঠকত সদৰি কৰে। তেওঁ প্ৰাকৃতিৰ গেছৰ মূল্য নিৰ্ধাৰণ আৰু বিপণনৰ উদাৰীকৰণ ব্যৱস্থাৰ আলোকপাত কৰে, য’ত গভীৰ জলস্তৰত সমস্যাৰ মোকাবিলা কৰা আৰু ইয়াৰ বাবে উচ্চ চাপ আৰু উচ্চ উষ্ণতা শোষণৰ সৈতে জড়িত প্ৰযুক্তিৰ আৱশ্যক হয়। তেওঁ মুকলি ক্ষেত্ৰফল অনুজ্ঞা নীতি, ক’ল বেড মিথেনৰ তাৎক্ষণিক মূদ্ৰীকৰণ কৰা, সৰু সৰু স্থানসমূহত তেল অন্বেষণৰ বাবে উৎসাহিত কৰা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ভূমিকম্প সম্পৰ্কীয় সমীক্ষা কৰাৰ সন্দৰ্ভত উল্লেখ কৰে। বৰ্তমান চলিত বাণিজ্যিক শোষণ তথা ব্যৱহাৰ সন্দৰ্ভত উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উৎপাদনৰ সহযোগিতা সম্পৰ্কীয় চুক্তিৰ সম্প্ৰসাৰিত কৰিবলৈ বিশেষভাৱে আহ্বান জনায়।

***

AKT/VJ/SK/DB