Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভিডিঅ’ কনফাৰেন্সযোগে কৃষি কুম্ভ অনুষ্ঠানত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅকনফাৰেন্সযোগে লক্ষ্ণৌত আয়োজিত কৃষি কুম্ভ অনুষ্ঠানত ভাষণ আগবঢ়ায়৷

 

কৃষকসকলৰ এই সমাৱেশ নতুন প্ৰযুক্তি গ্ৰহণৰ ক্ষেত্রত সুদূৰপ্ৰসাৰী ভূমিকা পালন কৰিব আৰু কৃষিক্ষেত্রত অধিক সুযোগসুবিধাৰ সৃষ্টি কৰিব বুলি প্ৰধানমন্ত্রীয়ে আশা প্ৰকাশ কৰে।

 

খাদ্যশস্য সংগ্ৰহ ব্যৱস্থাৰ সুবিধা ধাৰাবাহিকভাবে বৃদ্ধি কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰপ্ৰদেশ চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়৷ তেওঁ কয় যে কৃষকসকল হৈছে সেইসকল ব্যক্তি যিসকলে দেশক আগুৱাই নিছে। ২০২২ চনত কৃষকসকলৰ উপার্জন দুগুণ কৰাৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথাও তেওঁ পুনৰ দোঁহাৰে। এই প্ৰসংগত তেওঁ কৃষকসকলৰ কল্যাণাৰ্থে উৎপাদন খৰচ হ্ৰাস কৰি লাভ বৃদ্ধিৰ লক্ষ্যৰে চৰকাৰৰ একাধিক পদক্ষেপৰ বিষয়ে উল্লেখ কৰে।অনাগত দিনত দেশজুৰি কৃষিক্ষেত্রত ব্যাপক হাৰত সৌৰশক্তিচালিত পাম্প স্থাপন কৰা হ বুলিও তেওঁ সদৰি কৰে। বিজ্ঞানৰ সুফল কৃষিক্ষেত্রত উপলব্ধ কৰোৱাৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। বাৰাণসীত ধান গৱেষণা কেন্দ্ৰ স্থাপনৰ লক্ষ্যৰে এয়া এক পদক্ষেপ বুলি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে।

কৃষিখণ্ডত মূল্য সংযোজনৰ প্ৰয়োজনীয়তাৰ কথাও প্ৰধানমন্ত্রীয়ে গুৰুত্ব সহকাৰে উল্লেখ কৰে। তেওঁ কয় যে সেউজ বিপ্লৱৰ পাছত এতিয়া দুগ্ধ উৎপাদন, মৌ উৎপাদনৰ সমান্তৰালভাৱে কুঁকুৰা উৎপাদন আৰপ মীনপালনৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে৷

 

কৃষি কুম্ভ অনুষ্ঠানত জলসম্পদৰ উপযুক্ত ব্যৱহাৰ, খাদ্যশস্য মজুত ৰখাৰ ক্ষেত্রত অত্যাধূনিক প্ৰযুক্তিৰ ব্যৱহাৰ আৰু কৃষিখণ্ডত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ দৰে গুৰুত্বপূর্ণ বিষয়ক লৈ প্ৰধানমন্ত্রীয়ে আলোচনা কৰাৰ আহ্বান জনায়। শস্য চপোৱাৰ পাছত গছবোৰৰ গুৰি পুৰি পেলোৱাৰ ক্ষেত্রত কৃষকসকলৰ প্ৰয়োজনীয় সাহায্য আগবঢ়োৱাৰ বাবে তেওঁ নতুন প্ৰযুক্তি আৰু পন্থা উদ্ভাৱনৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে৷

*****

AKT/KP/SK/DB