Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেবিনেটে ৰাষ্ট্ৰসংঘৰ সকলো সদস্য দেশক আন্তৰ্জাতিক সৌৰ সহযোগিতা (আইএছএ)ৰ সদস্যতাৰ বাবে আইএছএৰ বুজাবুজিৰ পৰিকাঠামোৰ সংশোধনৰ উদ্দেশ্যৰে আন্তৰ্জাতিক সৌৰ সহযোগিতাৰ প্ৰথম বৈঠকত প্ৰস্তাৱনা প্ৰদানত অনুমোদন প্ৰদান কৰিছে


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ৰাষ্ট্ৰসংঘৰ সকলো সদস্য দেশক আন্তৰ্জাতিক সৌৰ সহযোগিতা (আইএছএ)ৰ সদস্যতাৰ বাবে আইএছএৰ বুজাবুজিৰ পৰিকাঠামোৰ সংশোধনৰ উদ্দেশ্যৰে আন্তৰ্জাতিক সৌৰ সহযোগিতাৰ প্ৰথম বৈঠকত এই প্ৰস্তাৱনা প্ৰদান কৰাৰ অনুমোদন প্ৰদান কৰিছে৷

লাভঃ

ৰাষ্ট্ৰসংঘৰ সদস্য দেশসমূহক আন্তৰ্জাতিক সৌৰ সহযোগিতাৰ সদস্য পদ প্ৰদানৰ ফলত সৌৰ শক্তি বিশ্বজনীন এজেণ্ডাৰ অংশ হৈ পৰিব আৰু সৌৰ শক্তিৰ বিকাশ তথা আৱণ্টনৰ বাবে সাৰ্বভৌমিকভাৱে আপীল কৰিব পৰা হব৷ ই আইএছএক সৰ্বব্যাপী কৰি তুলিব যাৰ অধীনত ৰাষ্ট্ৰসংঘৰ সকলো সদস্য দেশ আন্তৰ্জাতিক সৌৰ সহযোগিতাৰ সদস্য হব পাৰিব৷ সদস্যতাৰ বিস্তাৰৰ দ্বাৰা আইএছএয়ে বিশ্বজনীন পৰ্যায়ত লাভান্বিত কৰিব পাৰিব৷

*****

NW/AKT/SH/MANN