Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নৱম পৰ্যায়ৰ চিটী গেছ বিতৰণৰ কামৰ শুভাৰম্ভণি উপলক্ষে আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনৰ পৰা ভিডিঅ’ কনফাৰেসিঙৰ জৰিয়তে চিটী গেছ বিতৰণ প্ৰকল্পৰ নৱম পর্যায়ৰ কামৰ শুভাৰম্ভণি উপলক্ষে আধাৰশিলা স্থাপন কৰে৷ তেওঁ চিটী গেছ বিতৰণ ব্যৱস্থাৰ দশম নিলাম প্ৰক্রিয়াৰো শুভাৰম্ভ কৰে৷

অনুষ্ঠানত ভাষণ প্ৰসংগত প্ৰধানমন্ত্রীয়ে কয় যে নৱম পর্যায়ত ১২৯খন জিলাৰ চহৰাঞ্চলত গেছ বিতৰণ নেটৱর্ক আৰম্ভ কৰা হৈছে। দশম পৰ্যায়ৰ নিলাম প্ৰক্রিয়াৰ শেষত ৪০০খন জিলা এই প্ৰকল্পৰ অন্তর্ভুক্ত হ’ব বুলি তেওঁ অৱগত কৰে৷ ইয়াৰ জৰিয়তে মুঠ জনসংখ্যাৰ প্রায় ৭০ শতাংশ এই প্ৰকল্পৰ আওতাত অন্তৰ্ভুক্ত হ’ব৷

প্ৰধানমন্ত্রীয়ে কয় যে আমাৰ দেশ বর্তমান গেছভিত্তিক অর্থনীতিৰ দিশে অগ্ৰসৰ হৈছে। কেন্দ্রীয় চৰকাৰে এই অর্থনীতিৰ উন্নয়নত সকলো দিশত দৃষ্টি দিয়া বুলিও কয় প্ৰধানমন্ত্ৰীয়ে৷ দেশৰ গেছখণ্ডৰ আন্তঃগাঁথনি উন্নয়নত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও তেওঁ উল্লেখ কৰে৷ প্ৰধানমন্ত্রীয়ে কয় যে চৰকাৰে এল এন জি টার্মিনেলৰ সংখ্যা বৃদ্ধি কৰাৰ সমান্তৰালভাৱে গেছৰ গ্রিড আৰু গেছ বিতৰণ ব্যৱস্থা আৰু অধিক কার্যক্ষম কৰি তুলিছে৷

স্বচ্ছ শক্তি খণ্ডত গেছ নির্ভৰ অর্থনীতিৰ ভূমিকাৰ কথা ব্যাখ্যা কৰি প্ৰধানমন্ত্রীয়ে কয় যে স্বচ্ছ শক্তি খণ্ডৰ ক্ষেত্ৰত সামগ্রিক সমাধান দিয়াত চিটী গেছ বিতৰণ ব্যৱস্থাই গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। কেন্দ্রীয় চৰকাৰে স্বচ্ছ শক্তি খণ্ডৰ সম্প্ৰসাৰণৰ লাভৰ বাবে কাম কৰিছে। এই প্ৰসংগত তেওঁ চৰকাৰে গ্ৰহণ কৰা ইথানল মিহলি জৈৱ গেছ কাৰখানাৰ দৰে বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰে৷

প্ৰধানমন্ত্রীয়ে কয় যে বিগত চাৰি বছৰত দেশত ১২ কোটিৰো অধিক ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰা হৈছে। চহৰাঞ্চলত গেছৰ নেটৱর্কে এক নতুন পৰিস্থিতিতন্ত্ৰৰ সৃষ্টি কৰিছে বুলি তেওঁ উল্লেখ কৰে। গেছ নির্ভৰ উদ্যোগ গঢ়ি উঠাৰ লগতে যুৱ সম্প্ৰদায়ৰ বাবে কর্মসংস্থাপনৰ সৃষ্টি হৈছে আৰু নাগৰিকসকলৰ জীৱনযাত্রাৰ মানো সহজ কৰি তুলিছে৷

প্ৰধানমন্ত্রীয়ে কয় যে চৰকাৰে স্বচ্ছ শক্তি আৰু গেছ ভিত্তিক অর্থনীতিৰ লক্ষ্য পূৰণৰ দিশত কাম কৰি আহিছে। এই লক্ষ্যত কেৱল নিজৰ বাবে নহয় সমগ্ৰ মানৱ জাতি আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে উপনীত হ’ব লাগিব৷

***

AKT/KP/SK/DB