পি এম ইণ্ডিয়া
ৰাষ্ট্ৰসংঘৰ মহাসচিব মাননীয় এণ্ট’নিঅ’ গুৰ্টেছ মহোদয়, মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী সুষমা স্বৰজা মহোদয়া, ডাঃ হৰ্ষবৰ্ধন ডাঙৰীয়া, ডাঃ মহেশ শৰ্মা, ৰাষ্ট্ৰসংঘৰ পৰিবেশ কাৰ্যসূচীৰ কাৰ্যকৰী সঞ্চালক এৰিক ছ’লহেম, দেশ–বিদেশৰ আমন্ত্ৰিত অতিথিগণ৷
ভদ্ৰপুৰুষ আৰু ভদ্ৰমহিলাসকল৷ মই সন্মানৰ বাবে ৰাষ্ট্ৰসংঘক হৃদয়েৰে কৃতজ্ঞতা জ্ঞাপন কৰিছো৷ আমাৰ বাবে এয়া বিশেষ গৰ্বৰ কথা যে এই কাৰ্যসূচীৰ আয়োজন ভাৰতৰ ভূমিৰ পৰা হৈছে আৰু ইয়াৰ বাবে ৰাষ্ট্ৰসংঘৰ মহাসচিব স্বয়ং ইয়ালৈ আহিছে, এৰিক আৰু তেওঁৰ দলটো ইয়ালৈ আহিছে৷ আৰু মই পূৰ্বেই কোৱা অনুসৰি এই সন্মান হ’ল পৰিবেশৰ সুৰক্ষাৰ বাবে ভাৰতৰ এশ পঁচিশ কোটি জনতাৰ প্ৰতিবদ্ধতাৰ পৰিণাম৷ চেম্পিয়নছ অব্ দা আৰ্থ বঁটা হ’ল ভাৰতৰ সেই নিত্য নতুন চিৰ পুৰাতন পৰম্পৰাৰ সন্মান যিয়ে প্ৰকৃতিত পৰমাত্মাক প্ৰত্যক্ষ কৰিছে, যিয়ে সৃষ্টি মূল পঞ্চতত্ব; পৃথিৱী, আকাশ, অগ্নি, জল, বায়ুৰ স্থিতিক আহ্বান জনাইছে৷ এয়া ভাৰতৰ অৰণ্যত বাস কৰা সেই আদিবাসী ভাই–ভনীসকলৰ প্ৰতি সন্মান যিয়ে নিজৰ জীৱনতকৈও অৰণ্যক প্ৰেম কৰে৷ এয়া ভাৰতৰ সেই মাছুৱৈসকলৰ প্ৰতি সন্মান যিয়ে সাগৰ আৰু নদীৰ পৰা সিমানেহে গ্ৰহণ কৰে যিমানখিনি অৰ্থ উপাৰ্জনৰ বাবে আৱশ্যক৷ এইলোকসকলে বোধহয় বিদ্যালয়–মহাবিদ্যালয়ৰ মুখ দেখা নই, কিন্তু এওঁলোকে মাছৰ প্ৰজননৰ সময়ত মৎস্যৰ কাম, সাগৰলৈ যোৱা বন্ধ কৰে৷ নিজৰ কাম বন্ধ কৰি দিয়ে৷ এয়া ভাৰতৰ সেই কোটি কোটি কৃষকৰ প্ৰতি সন্মান যাৰ বাবে ঋতু চক্ৰ জীৱনৰ চক্ৰ স্বৰূপ৷ যিয়ে এই ভূমিক নিজৰ প্ৰাণতকৈ প্ৰিয় বুলি বিবেচনা কৰে৷ এয়া ভাৰতৰ সেই মহান নাৰীৰ প্ৰতি সন্মান যাৰ বাবে সম্পদসমূহৰ পুনৰ ব্যৱহাৰ আৰু ৰিচাইকল জীৱনৰ নিতৌ অংশস্বৰূপ৷ যিয়ে গছৰ পুলিত পৰমাত্মাৰ ৰূপ প্ৰত্যক্ষ কৰে, যিয়ে তুলসীৰ পাত ছিঙোতেও গণনা কৰিহে ছিঙে৷ যিয়ে পৰুৱাকো অন্ন প্ৰদান কৰাটো পুণ্য বুলি ভাবে৷ এয়া হ’ল ভাৰতত প্ৰকৃতি আৰু পৰিবেশৰ সুৰক্ষাৰ বাবে নিজৰ জীৱন সমৰ্পিত কৰা অনামী চেহেৰাৰ সন্মান যিয়ে লাভ, হানি, সুখ, সমৃদ্ধিৰ চিন্তা নকৰি দূৰৰ কোনো গাঁও, কোনো বস্তি, কোনো পাহাৰ, কোনো আদিবাসী এলেকাত বৰ্ষজুৰি কাম কৰি আছে৷ মই এই সন্মানৰ বাবে আপোনালোক সকলোকে হৃদয়েৰে পুনৰ বাবে ধন্যবাদ প্ৰদান কৰিছো৷
ভাৰতৰ বাবে এয়া দুগুণ সন্মানৰ সময় কিয়নো কোচি বিমানবন্দৰেও বঁটা লাভ কৰিছে৷ এয়া বহনক্ষম শক্তিৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিৰ প্ৰতীক৷ এই উপলক্ষে মই সেই সকলো বন্ধু, সংস্থাসমূহক অভিনন্দন জ্ঞাপন কৰিছো যিয়ে বিভিন্ন শিতানত এই পুৰষ্কাৰ লাভ কৰিছে, বিশ্বৰ বিভিন্ন দেশত পুৰষ্কাৰ লাভ কৰিছে৷ বন্ধুসকল, মই পৰিবেশ আৰু প্ৰকৃতিক লৈ ভাৰতীয় দৰ্শনৰ কথা এইবাবেই কৰোঁ কাৰণ জলবায়ু আৰু প্ৰলয়ৰ সৈতে সংস্কৃতিৰ প্ৰত্যক্ষ সম্বন্ধ আছে৷ জলবায়ুৰ চিন্তা যেতিয়ালৈ সংস্কৃতিৰ অংগ হৈ নপৰে সেই পৰ্যন্ত প্ৰলয়ৰ পৰা ৰক্ষা পোৱাটো অসম্ভৱ হৈ পৰে৷ পৰিবেশৰ প্ৰতি ভাৰতৰ সংবেদনা আজি সমগ্ৰ বিশ্বই স্বীকাৰ কৰিছে৷ কিন্তু মই পূৰ্বেই কৈ অহা মতে এয়া হাজাৰ বৰ্ষ ধৰি আমাৰ জীৱন–শৈলীৰ অংশ হৈ আহিছে আৰু এতিয়া অলপ আগেয়ে সুষমা মহোদয়াও এই কথাৰ উল্লেখ কৰিছে৷ আমি সেই সমাজৰ অংশ য’ত পুৱা শুই উঠিয়েই সৰ্বপ্ৰথমে ভূমি মাতৃৰ পৰা ক্ষমা খোজা হয় কিয়নো আমি তেওঁৰ ওপৰত ভৰি ৰাখিম৷ এক প্ৰকাৰে আমাৰ বোজা ভূমিৰ ওপৰত ৰাখিবলৈ ওলাইছো৷ আমাৰ ইয়াত কোৱা হয়–
সমুদ্ৰ বসনে দেৱী পৰ্বন স্তন মণ্ডিতে৷
বিষ্ণু পত্নী নমস্তম্ভু পাদ স্পৰ্শ ক্ষমশ্বমেৱ৷৷
অৰ্থাৎ সমুদ্ৰৰূপী বস্ত্ৰ ধাৰণ কৰোঁতা, পৰ্বতৰূপী শৰীৰ ধাৰণ কৰোঁতা ভগবান বিষ্ণুৰ পত্নী, হে ভূমিদেৱী, মই আপোনাক নমস্কাৰ জনাইছো৷ মোক ক্ষমা কৰিবা, কিয়নো মই নিজৰ ভৰিৰে আপোনাক স্পৰ্শ কৰিবলৈ ওলাইছো৷ এই সংবেদনা আমাৰ জীৱনৰ অংশস্বৰূপ৷ তৰু–বৃক্ষক পুজা কৰা, বতৰ, ঋতুক ব্ৰত আৰু উৎসৱ হিচাপে পালন কৰা৷ নিচুকনি গীত, লোকগাঁথাসমূহত প্ৰকৃতিৰ সম্বন্ধৰ কথা কোৱা৷ আমি প্ৰকৃতিক সদায়েই সজীৱ হিচাপে স্বীকাৰ কৰি আহিছো৷ কেৱল সজীৱেই নহয়, আমি সেই লোক যিয়ে প্ৰকৃতিক সজীৱ বুলি স্বীকাৰ কৰিছে, সহজীৱ বুলিও স্বীকাৰ কৰিছে৷ প্ৰকৃতিৰ সৈতে এই সম্বন্ধৰ সৈতেই সম্পূৰ্ণ ব্ৰহ্মাণ্ডৰ কামনাক আমাৰ ইয়াত সৰ্বোপৰি বুলি স্বীকাৰ কৰা হৈছে৷ যজুৰ্বেদক সেয়ে কোৱা হৈছে–
ঔম দ্যৌঃ শান্তিৰন্তৰিক্ষং শান্তিঃ,
পৃথ্বী শান্তিৰাপঃ শান্তিৰোষধয়ঃ শান্তিঃ৷
বনস্তপতয়ঃ শান্তিৰ্বিশ্ব দেৱাঃ শান্তিব্ৰহ্ম শান্তিঃ,
সৰ্ব শান্তিঃ, শান্তিৰেৱ শান্তিঃ, সা মা শান্তিৰেধি৷৷
ঔম শান্তিঃ শান্তিঃ শান্তিঃ৷৷
বন্ধুসকল, সংস্কৃতৰ এই শ্লোকত পৰমাত্মাক প্ৰাৰ্থনা কৰা হৈছে যে বায়ুত শান্তি হওক, মহাকাশত শান্তি হওক, পৃথিৱীত শান্তি হওক, জলত শান্তি হওক, ঔষধিত শান্তি হওক, বনস্পতিত শান্তি হওক, বিশ্বত শান্তি হওক, সকলো দেৱতাগণৰ শান্তি হওক৷ সমগ্ৰ বিশ্বৰ শান্তিৰ বাবে এই মন্ত্ৰৰ আহ্বান নকৰা পৰ্যন্ত আমাৰ কোনো যজ্ঞ–অনুষ্ঠান সম্পূৰ্ণ নহয়, যেতিয়ালৈকে এয়া উচ্চাৰণ কৰা নহয়৷ আৰু যেতিয়া স্বয়ং ঈশ্বৰে নিজৰ পৰিচয় দিবলগীয়া হৈছিল, নিজৰ বিস্তাৰৰ বৰ্ণনা কৰিবলৈ স্বয়ং ঈশ্বৰে এইদৰে কয়–
শ্ৰীতস্য অসমী জাহ্নৱী
সংসাৰ অসমী সাগৰ
অৰ্থাৎ ময়েই জলাশয়, ময়েই নদী আৰু ময়েই সমুদ্ৰ৷ সেইবাবে যি সন্মান আপোনালোকে প্ৰদান কৰিছে সেয়া ভাৰতৰ জনতা আৰু তেওঁলোকৰ প্ৰতি এই আস্থাৰ সন্মান হিচাপে বিবেচিত হৈছে৷
বন্ধুসকল, ভাৰতৰ অৰ্থব্যৱস্থা আজি দ্ৰুত গতিত আগবাঢ়িবলৈ ধৰিছে৷ প্ৰতি বৰ্ষতে কোটি কোটি লোক অত্যাধিক দৰিদ্ৰতাৰ পৰা মুক্তি পাইছে৷ বিকাশৰ এই গতিক আৰু ক্ষীপ্ৰ কৰিবলৈ আমি সমৰ্পিত হৈছো৷ এইবাবেই নহয় যে আমি কাৰোবাৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছো, অথবা আমাৰ কোনো সন্মানৰ প্ৰতি লোভ আছে, এইবাবেই কৰা হৈছে যে আবাদীৰ এটা অংশক দৰিদ্ৰতাৰ গ্নানি সহিবলৈ আমি এনেয়ে এৰি নিদিওঁ৷ তেওঁলোকক গৰিমাপূৰ্ণ জীৱন প্ৰদান কৰাটো আমাৰ সকলোৰে দায়িত্ব৷ বিশ্বৰ অনেক দেশত কেৱল দৰিদ্ৰই প্ৰকৃতিক অন্ধভাৱে কৰা দহনৰ দুঃপৰিণাম ভুগি আছে৷ খৰাং আৰু বানপানীৰ গম্ভীৰ স্থিতি বছৰে বছৰে বৃদ্ধি হ’বলৈ ধৰিছে৷ আৰু ইয়াৰ ফল ভুগিব ধৰিছে, যাৰ আটাইতকৈ কম সংসাধন থাকে, অৰ্থাৎ দুখীয়াই৷ অৱশ্যেই এই বৃহৎ আবাদীক পৰিবেশত, প্ৰকৃতিত অতিৰিক্ত চাপ প্ৰয়োগ নকৰালৈ বিকাশৰ গতিত জড়িত কৰাৰ বাবে সাহায্যৰ আৱশ্যক৷ হাতত হাত ৰখাৰ আৱশ্যক৷ সেইবাবে পেৰিছতো মই এই কথাৰ উকালতি কৰিছিলো আৰু মই এটা শব্দ বিশ্বৰ সন্মুখত দাঙি ধৰিছিলো৷ আৰু মই উকালতি কৰিছিলো জলবায়ু নায্যতাৰ, জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ দ্বাৰা জলবায়ু নায্যতা সুনিশ্চিত কৰা অবিহনে আমি এই পৰিস্থিতিৰ পৰা ওলাই আহিব নোৱাৰোঁ৷ মই সুখী যে পেৰিছ চুক্তিত এই কথা বিশ্বই মানি ল’লে আৰু জলবায়ু নায্যতাক লৈ আশ্বাসো প্ৰদান কৰিলে৷ কিন্তু ইয়াক ধৰালৈ নমাই অনাৰ বাবে আমি এতিয়াও বহু কাম কৰিবলৈ বাকী আৰু ইয়াক ক্ষীপ্ৰতাৰে কৰাটো আৱশ্যক হৈ পৰিছে৷
ইয়াত উপস্থিত মাননীয় এণ্ট’নিঅ’ গুটেৰ্ছ মহোদয়ক বিশেষভাৱে কৃতজ্ঞতা প্ৰকাশ কৰিছো কিয়নো তেওঁ সময়ৰ এই প্ৰয়োজনীয়তাক বুজি পাইছে, তেওঁ কিয়’ট’ প্ৰট’ক’লৰ দ্বিতীয় আশ্বাস পৰ্যায়ৰ পুনঃ সংশোধনী প্ৰক্ৰিয়া আৰু বহনক্ষম উন্নয়নৰ লক্ষ্য প্ৰণয়ন কৰাৰ বাবে ভৰপক প্ৰয়াস কৰিছে৷ আৰু সেইবাবে আমি ভাৰতত সকলোৰে, সকলোৰে বিকাশৰ মন্ত্ৰ উচ্চাৰি আগবাঢ়িছোঁ৷ যেতিয়াই মই সকলোৰে বিকাশৰ কথা কওঁ তেতিয়া তাত প্ৰকৃতিও অন্তৰ্ভুক্ত হয় আৰু তাত সকলোৰে বিকাশ অৰ্থাৎ এশ পঁচিশ কোটি ভাৰতীয়ৰ সক্ৰিয় অংশগ্ৰহণৰো আহ্বান কৰা হয়৷
বন্ধুসকল, আমাৰ অৰ্থব্যৱস্থাৰ বাবে গাঁও আৰু চহৰ, দুয়োটাই গুৰুত্বপূৰ্ণ স্তম্ভ৷ আমাৰ ইয়াত নিয়োজনৰ এক বৃহৎ অংশ গাঁও আৰু খেতিৰ সৈতে জড়িত, আমাৰ চহৰ সেৱা আৰু নিৰ্মাণ অৰ্থাৎ উদ্যোগৰ কেন্দ্ৰস্বৰূপ৷ আৰু সেইবাবে চৰকাৰে সামূহিক অভিগমনৰ সৈতে কাম কৰি আছে৷ দেশৰ বৰ্তমান আৰু ভবিষ্যতৰ বাবে চৰকাৰৰ সকলো নীতিৰ আধাৰ হ’ল সেউজীয়া আৰু স্বচ্ছ পৰিবেশ৷ বন্ধুসকল, আমাৰ গাঁও সদায়েই পৰিবেশৰ প্ৰতি সচেতন, প্ৰকৃতিৰ সৈতে জড়িত৷ বিগত চাৰিটা বৰ্ষত আমাৰ ইয়াৰ গাঁৱে নিজৰ এই শ্বাস্বত শক্তিক অধিক বিস্তাৰিত কৰিছে৷ গাঁৱতো জাবৰৰ পৰা সম্প আৰু জাবৰৰ পৰা শক্তিৰ দৰে পদক্ষেপৰ দ্বাৰা জৈৱ বৰ্জ্যসমূহক শক্তিলৈ পৰিৱৰ্তন কৰা প্ৰয়াস আৰম্ভ হৈছে৷ জৈৱিক ফাৰ্মৰ পৰা আৰম্ভ কৰি ভূমি স্বাস্থ্য কাৰ্ড আৰু ‘প্ৰতিটো টোপালত অধিক শস্য’ক উৎসাহিত কৰা হৈছে৷ ইয়াৰ দ্বাৰা আমাৰ ভূমি আৰু জলস্ৰোতক বিষাক্ত ৰাসায়নিক পদাৰ্থৰ পৰা মুক্ত কৰা হৈছে আৰু পানীৰ উচিত ব্যৱহাৰৰ ভাৱনা প্ৰবল হৈ উঠিছে৷ য’ত আমি উদ্যোগ আৰু নিৰ্মাণৰ কথা কওঁ তেতিয়া আমাৰ মূলমন্ত্ৰ হৈ পৰে ‘শূন্য ক্ষতি, শূন্য প্ৰভাৱ’৷ যেতিয়া আমি কৃষিৰ কথা কওঁ তেতিয়াৰ আমাৰ মূলমন্ত্ৰ হৈ পৰে ‘প্ৰতিটো টোপালত অধিক শস্য’৷
বন্ধুসকল, আজি ভাৰত বিশ্বৰ সেইসমূহ দেশৰ মাজত অন্তৰ্ভুক্ত হৈছে যি দ্ৰুত গতিত নগৰীকৰণৰ দিশত আগবাঢ়িছে৷ সেয়ে নগৰীয়া জীৱনক স্মাৰ্ট আৰু বহনক্ষম কৰি তোলাৰ বাবেও আমি গুৰুত্ব প্ৰদান কৰিছো৷ আজি সমগ্ৰ দেশতে যি পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনিৰ আৱশ্যক হৈছে আৰু সেয়া বহনক্ষম পৰিবেশ আৰু সমাপন বিকাশৰ লক্ষ্যৰ সৈতে প্ৰস্তুত কৰা হৈছে৷ আজি ভাৰতত এশ স্মাৰ্ট চিটীৰ কাম দ্ৰুত গতিত সম্পন্ন হ’বলৈ ধৰিছে৷ নৰ্দমাৰ পৰা নিৰীক্ষণ পৰ্যন্ত প্ৰণালীসমূহক স্মাৰ্ট কৰাৰ দিশত আগবঢ়া হৈছে৷ স্থানীয় লোকৰ প্ৰস্তাৱৰ ভিত্তিত কাটিং এডজ প্ৰযুক্তি আৰু পুনৰ ব্যৱহাৰযোগ্য শক্তিক এই ব্যৱস্থাৰ আধাৰ হিচাপে ব্যৱহাৰ কৰা হৈছে৷ দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ এক্সপ্ৰেছৱে’ক পৰিবেশ অনুকূল হিচাপে গঢ়ি তোলা হৈছে৷ ইয়াৰ লগে লগে সেউজ কৰিড’ৰৰো বিকাশ কৰা কৰা হৈছে৷ নতুন ঘাইপথৰ সৈতে বিকশিত হোৱা অন্য সুবিধাসমূহৰ সকলো শক্তি সৌৰ শক্তিৰ দ্বাৰা পূৰণ কৰা সম্পূৰ্ণ প্ৰয়াস কৰা হৈছে৷ মেট্ৰ’ৰ দৰে নগৰ পৰিবহণ নেটৱৰ্ককো সৌৰ শক্তিৰ সৈতে সংলগ্ন কৰা হৈছে৷ ৰে’লৱেতো জৈৱ ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷
বন্ধুসকল, আজি ভাৰতত ঘৰৰ পৰা আৰম্ভ কৰি সৰু গলিলৈ, কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি পথলৈ আৰু বন্দৰৰ পৰা আৰম্ভ কৰি বিমানবন্জৰলৈ জল আৰু শক্তি সংৰক্ষণৰ বিভিন্ন পদক্ষেপ তীব্ৰ গতিত ৰূপায়ন কৰা হৈছে৷ এলইডি বাল্বৰ পৰা আৰম্ভ কৰি বৰষুণৰ পানী সংৰক্ষণলৈ প্ৰতিটো স্তৰতে প্ৰযুক্তিক উৎসাহ প্ৰদান কৰা হৈছে৷ ঘৰৰ পাকঘৰৰ পৰা আৰম্ভ কৰি পৰিবহণ খণ্ডলৈ পৰিষ্কাৰ ইন্ধনযুক্ত কৰাৰ দিশত আমি আগবাঢ়িছোঁ৷ বিগত চাৰিটা বৰ্ষত দহ কোটিতকৈও অধিক ঘৰত এলপিজিৰ সংযোগ প্ৰদান কৰা হৈছে, য’ত চাৰে পাঁচ কোটিতকৈও অধিক উজ্বলা যোজনাৰ মাধ্যমৰ জৰিয়তে বিনামূলীয়া গেছৰ সংযোগ প্ৰদান কৰা হৈছে৷ ঘৰৰ সৈতে ম’বিলিটীকো ধোঁৱা মুক্ত কৰাৰ অভিযান আৰম্ভ কৰা হৈছে৷ বায়ুৰ গুণগতমান উন্নত কৰাৰ বাবে এনচিএপি অৰ্থাৎ ৰাষ্ট্ৰীয় পৰিষ্কাৰ বায়ু কাৰ্যসূচীৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ বাহনসমূহৰ বাবে ধোঁৱা নিৰ্গমণ সুনিশ্চিত কৰাৰ বাবে আমি বিএছ–৪ৰ পৰা পোনে পোনে বিএছ–৬ মানক প্ৰণয়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ৷
বন্ধুসকল, আজি ভাৰতে যেতিয়া ইজ অব্ লিভিঙত গুৰুত্ব প্ৰদান কৰিছে, সকলোৰে বাবে ঘৰ, বিদ্যুৎ, ভোজন, শিক্ষা, নিয়োজন, এয়াই হৈছে আমাৰ গুৰুত্বপূৰ্ণ পদক্ষেপ৷ আৰু যেতিয়াই পৰিবেশক লৈ আমাৰ প্ৰতিবদ্ধতা বৃদ্ধি হ’ল, আমি ইয়াত কোনো ধৰণৰ মানকৰ হ্ৰাস হ’বলৈ নিদিলো৷ আমাৰ প্ৰয়াস এয়াই যে অনাগত দুটা বৰ্ষৰ ভিতৰত নিৰ্গমণ মাত্ৰা ২০০৫ৰ তুলনাত ২০ৰ পৰা ২৫ শতাংশ কম হওক৷ আমাৰ প্ৰয়াস এয়াই যে ইয়াত ২০৩০ পৰ্যন্ত ৩০ৰ পৰা ৩৫ শতাংশলৈ হ্ৰাস কৰিব লাগিব৷ এই সকলো প্ৰয়াসৰ মাজতো যদি আমি সকলোতকৈ অধিক সফলতা লাভ কৰিছোঁ সেয়া হ’ল জনতাৰ আচৰণৰ পৰিৱৰ্তন, জনতাৰ চিন্তা–ভাৱনাৰ পৰিৱৰ্তন৷ পৰিবেশ প্ৰতি প্ৰেম আমাৰ আস্থাৰ সৈতে এতিয়া আমাৰ আচৰণো শক্তিশালী হ’বলৈ ধৰিছে৷ এইবাবে ভাৰতে আজি এই সংকল্প গ্ৰহণ কৰিছে ২০২২ পৰ্যন্ত ভাৰতে নিজকে একক ব্যৱহৃত প্লাষ্টিকৰ পৰা মুক্ত কৰিব৷ মোৰ বিশ্বাস যে মহাত্মা গান্ধীৰ বিশাল ব্যক্তিত্বৰ পৰা প্ৰেৰণা লৈ নতুন ভাৰে এই সংকল্পসমূহ পূৰণ কৰিব আৰু বিশ্বৰ বাবে এক আদৰ্শ হৈ উজ্বলি উঠিব৷ ভাৰতৰ এই প্ৰয়াসক সন্মান প্ৰদান কৰাৰ বাবে মই পুনৰ বাৰ ৰাষ্ট্ৰসংঘক হৃদয়েৰে কৃতজ্ঞতা প্ৰদান কৰিছো৷
আপোনালোকে সময় উলিয়াই এই গুৰুত্বপূৰ্ণ অৱকাশত কায়িকভাৱে উপস্থিত হ’ল, ব্যক্তিগত ৰূপত মোৰ এই দায়িত্ব বৃদ্ধি কৰিলে যে যিবোৰ সংকল্প লৈ আমি আগবাঢ়িছোঁ সেয়া পূৰণ কৰাত যাতে আমি থমকি নৰওঁ আৰু আগলৈ গৈ যাতে আমাৰ উৎসাহ আৰু অধিক বৃদ্ধি হয়৷
মই সেইবাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো৷ ধন্যবাদ৷
***
AKT/VJ/KT/RSB/AK/MANN
ये सम्मान पर्यावरण की सुरक्षा के लिए भारत की सवा सौ करोड़ जनता की प्रतिबद्धता का है।
— PMO India (@PMOIndia) October 3, 2018
चैंपियंस ऑफ द अर्थ अवॉर्ड, भारत की उस नित्य नूतन चीर पुरातन परंपरा का सम्मान है, जिसने प्रकृति में परमात्मा को देखा है।
जिसने सृष्टि के मूल में पंचतत्व के अधिष्ठान का आह्वान किया है: PM
ये भारत के जंगलों में बसे आदिवासी भाई-बहनों का सम्मान है,जो अपने जीवन से ज्यादा जंगलों से प्यार करते हैं
— PMO India (@PMOIndia) October 3, 2018
ये भारत के मछुआरों का सम्मान है, जो समंदर से उतना ही लेते हैं,जितना अर्थ उपार्जन के लिए आवश्यक होता है
ये भारत के किसानों का सम्मान है, जिनके लिए ऋतुचक्र ही जीवनचक्र है: PM
ये भारत की उस महान नारी का सम्मान है, जिसके लिए सदियों से Reuse और Recycle रोजमर्रा की जिंदगी का हिस्सा रहा है।
— PMO India (@PMOIndia) October 3, 2018
जो पौधे में भी परमात्मा का रूप देखती है।
जो तुलसी की पत्तियां भी तोड़ती है, तो गिनकर।
जो चींटी को भी अन्न देना पुण्य मानती है: PM
Climate और Calamity का Culture से सीधा रिश्ता है।
— PMO India (@PMOIndia) October 3, 2018
Climate की चिंता जब तक Culture का हिस्सा नहीं होती तब तक Calamity से बच पाना मुश्किल है।
पर्यावरण के प्रति भारत की संवेदना को आज विश्व स्वीकार कर रहा है, लेकिन ये हज़ारों वर्षों से हमारी जीवन शैली का हिस्सा रहा है: PM
ये संवेदना है जो हमारे जीवन का हिस्सा है।
— PMO India (@PMOIndia) October 3, 2018
पेड़-पौधों की पूजा करना, मौसम, ऋतुओं को व्रत और त्योहार के रूप में मनाना,
लोरियों-लोकगाथाओं में प्रकृति से रिश्ते की बात करना,
हमने प्रकृति को हमेशा सजीव माना है, सहजीव माना है: PM
आबादी को पर्यावरण पर, प्रकृति पर अतिरिक्त दबाव डाले बिना, विकास के अवसरों से जोड़ने के लिए सहारे की आवश्यकता है, हाथ थामने की ज़रूरत है।
— PMO India (@PMOIndia) October 3, 2018
इसलिए मैं Climate Justice की बात करता हूं।
Climate Change की चुनौती से Climate Justice सुनिश्चित किए बिना निपटा नहीं जा सकता: PM
आज भारत दुनिया के उन देशों में है जहां सबसे तेज़ गति से शहरीकरण हो रहा है।
— PMO India (@PMOIndia) October 3, 2018
ऐसे में अपने शहरी जीवन को Smart और Sustainable बनाने पर भी बल दिया जा रहा है।
Infrastructure को Sustainable Environment and Inclusive Growth के लक्ष्य के साथ बनाया जा रहा हैं: PM
देश के नेशनल हाईवे, एक्सप्रेसवे को इको फ्रेंडली बनाया जा रहा है, उनके साथ-साथ Green Corridor विकसित किया जा रहा है।
— PMO India (@PMOIndia) October 3, 2018
मेट्रो जैसे सिटी ट्रांसपोर्ट नेटवर्क को भी Solar Energy से जोड़ा जा रहा है। वहीं रेलवे की Fossil Fuel पर निर्भरता को हम तेज़ी से कम कर रहे हैं: PM
आज भारत में घरों से लेकर गलियों तक,
— PMO India (@PMOIndia) October 3, 2018
दफ्तरों से लेकर सड़कों तक,
पोर्ट्स से लेकर और एयरपोर्ट्स तक,
Water और Energy Conservation की मुहिम चल रही है।
LED बल्ब से लेकर Rain Water Harvesting तक, हर स्तर पर टेक्नॉलॉजी को promote किया जा रहा है: PM
इन सारे प्रयासों के बीच, अगर सबसे बड़ी सफलता हमें मिली है, तो वो है लोगों के behaviour, लोगों के thought process में बदलाव।
— PMO India (@PMOIndia) October 3, 2018
पर्यावरण के प्रति लगाव हमारी आस्था के साथ-साथ अब आचरण में भी और मजबूत हो रहा है: PM
I thank the @UN for honouring me with the ‘Champions of the Earth Award.’
— Narendra Modi (@narendramodi) October 3, 2018
This award is for the 130 crore people of India and India’s value systems, which accord topmost priority towards living in harmony with nature and caring for our surroundings. pic.twitter.com/OzM2PccJbD
Care towards the climate must be a part of culture. Otherwise, we run the risk of making ourselves prone to frequent calamities.
— Narendra Modi (@narendramodi) October 3, 2018
Indian culture offers effective lessons in caring for the environment. pic.twitter.com/tJDOxO6WH4
Yes, we are working to mitigate climate change but at the same time, we are also talking about climate justice. pic.twitter.com/izHBy2Y6WY
— Narendra Modi (@narendramodi) October 3, 2018
At the core of our vision of ‘Sabka Saath, Sabka Vikas’ is ensuring our nation develops, and our environment becomes cleaner and greener. pic.twitter.com/vV10rBCAxF
— Narendra Modi (@narendramodi) October 3, 2018