পি এম ইণ্ডিয়া
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত ভাৰত আৰু বিদেশী বিত্তীয় অভিযোগ অনুসন্ধানকাৰী গোটসমূহৰ মাজত তথ্য বিনিময়ৰ বাবে সংশোধিত আদৰ্শ বুজাবুজি চুক্তিত অনুমোদন জনাইছে৷ এগমণ্ট গ্রুপ চেক্ৰেটেৰিয়েটৰ ২০১৪ৰ সংশোধিত আদৰ্শ বুজাবুজি চুক্তিৰ ওপৰত ভিত্তি কৰিয়েই এই সংশোধিত বুজাবুজি চুক্তিৰ খচৰা প্ৰস্তুত কৰা হৈছে৷
উল্লেখ্য যে বিদেশী বিত্তীয় অভিযোগ অনুসন্ধানকাৰী ইউনিটসমূহৰ সৈতে তথ্যৰ আদান-প্রদানৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ কৰা আৱশ্যক৷
***
AKT/SH/DB