Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মহাৰাষ্ট্ৰত আৱাসগৃহ আৰু নগৰীয়া উন্নয়ন বিষয়ক গুৰুত্বপূৰ্ণ প্ৰকল্প মুকলি প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰত আৱাসগৃহ আৰু নগৰীয়া উন্নয়ন বিষয়ক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প মুকলি কৰে৷

কল্যাণত এক ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে দুটা গুৰুত্বপূৰ্ণ মেট্ৰ’ কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰে এটা হ’ল থানে-ভিৱান্দী-কল্যাণ মেট্ৰ’ আৰু আনটো হ’ল দাহিছাৰ-মিৰা-ভায়ান্দাৰ মেট্ৰ’৷ এই ক’ৰিডৰ দুটাই অঞ্চলটোৰ ৰাজহুৱা পৰিবহণ সেৱা অধিক উন্নত কৰি তুলিব৷

কল্যাণত তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৯০,০০০ ইউনিটৰ ইডব্লিউএছ আৰু এলআইজি হাউচিং আঁচনি মুকলি কৰে৷ এই প্ৰকল্পৰ মুঠ ব্যয় হৈছে প্ৰায় ৩৩,০০০ কোটি৷

ইফালে, পুনেত প্ৰধানমন্ত্ৰীয়ে পুনে মেট্ৰ’ পৰ্যায়-৩ৰ আধাৰশিলা স্থাপন কৰে৷

কল্যাণত জনতাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দৃষ্টিগোচৰ কৰায় কিদৰে কেন্দ্ৰীয় চৰকাৰে আন্তঃগাথনি আৰু ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ উন্নয়নক গতি প্ৰদান কৰিছে৷ তেওঁ কেন্দ্ৰীয় চৰকাৰৰ ‘২০২২ৰ ভিতৰত সকলোৰে বাবে আৱাসগৃহ’ নীতিৰ কথা সোঁৱৰাই দিয়ে৷

পুনেত উপস্থিত জনসাধাৰণক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে যোগাযোগ ব্যৱস্থাৰ আন্তঃগাথনি উন্নয়নত অত্যন্ত গুৰুত্ব আৰোপ কৰিছে৷ ষ্টাৰ্ট আপ ইণ্ডিয়া আৰু অটল ইন’ভেচন মিছনৰ মাধ্যমেৰে ভাৰত এতিয়া হৈ পৰিছে প্ৰযুক্তিৰ কেন্দ্ৰস্থল৷

***

AKT/KP/SK/MS