Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

উত্তৰ প্ৰদেশৰ ৰায়বাৰেলীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

উত্তৰ প্ৰদেশৰ ৰায়বাৰেলীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

উত্তৰ প্ৰদেশৰ ৰায়বাৰেলীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

উত্তৰ প্ৰদেশৰ ৰায়বাৰেলীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ


ভাৰত মাতাৰ জয়, ভাৰত মাতাৰ জয়, ভাৰত মাতাৰ জয়, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান ৰাম নায়ক মহোদয়, উত্তপ প্ৰদেশৰ যশস্বী তথা লোকপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ মহোদয়, কেন্দ্ৰত মোৰ সহযোগী ৰেল মন্ত্ৰী শ্ৰীমান পীযুষ গোৱেল মহোদয়, প্ৰদেশ ভাজপাৰ অধ্যক্ষ তথা সাংসদ আৰু মোৰ সহযোগী শ্ৰীমান মহেন্দ্ৰ পাণ্ডে মহোদয়, উত্তৰ প্ৰদেশৰ মন্ত্ৰী পৰিষদৰ মাননীয় মন্ত্ৰীগণ, ইয়াত উপস্থিত বিধায়কসকল, স্পীকাৰ মহোদয় আৰু বৃহৎ সংখ্যাত উপস্থিত ৰায়বাৰেলীৰ মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল৷

আজি মই সেই ভূমিত উপস্থিত আছোঁ যিয়ে আধ্যাত্মিকতাৰ পৰা আৰম্ভ কৰি স্বতন্ত্ৰতা সংগ্ৰামৰ আন্দোলনলৈ আৰু সাহিত্যৰ পৰা আৰম্ভ কৰি ৰাজনীতিলৈ দেশৰ সকলো ক্ষেত্ৰতে দিশ প্ৰদৰ্শিত কৰিছে৷ এয়া মহৰ্ষি জমদগ্নি সহিতে অনেক ঋষিমুনিৰ তপভূমি তথা বীৰা পাসী, ৰাণা বেণী মাধৱ বক্স সিঙৰ বলিদান ভূমি৷ এই ভূমি জায়সীৰ পৰ্যায় হোৱাৰ লগতে মহাবীৰ প্ৰসাদৰ দ্বিবেদীৰ ৰচনাসমূহেও এই ভূমিতেই জন্ম লাভ কৰিছে৷ এই ভূমিতেই কৃষক আন্দোলনৰ প্ৰণেতা অমোল শৰ্মাৰ জন্ম হৈছে, এই ভূমিয়েই ৰাজনাৰায়ণ মহোদয়কো আশীৰ্বাদ প্ৰদান কৰিছে৷ মই ৰায়বাৰেলীৰ এই মহান আৰু পুণ্য ভূমিক, ইয়াৰ জনতাৰ আদৰেৰে নমস্কাৰ জনাইছোঁ৷

বন্ধুসকল, গৌৰৱময় ইতিহাসৰ সৈতে জড়িত এই ক্ষেত্ৰৰ বিকাশৰ প্ৰতি কেন্দ্ৰ আৰু উত্তৰ প্ৰদেশৰ ভাজপা চৰকাৰ সম্পূৰ্ণৰূপে সমৰ্পিত৷ এই বিচাৰধাৰাৰ অধীনত কিছু দেৰী পূৰ্বে ইয়াত এক হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু জনতালৈ উচৰ্গা কৰা হৈছে৷ পথ, ঘৰ, চিকিৎসা মহাবিদ্যালয়ৰ দৰে যিমানবোৰ আঁচনিৰ কিছু দেৰী পূৰ্বে জনতালৈ উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰা হৈছে, এই সকলোবোৰে আপোনালোকৰ জীৱন সৰল আৰু সুগম কৰাত সহায়ক হিচাপে বিবেচিত হব৷ এই সুবিধাসমূহৰ বাবে মই আপোনালোকক হৃদয়েৰে অভিনন্দন জ্ঞাপন কৰিছোঁ৷

বন্ধুসকল, ইয়ালৈ অহাৰ পূৰ্বে মই আধুনিক দবা কাৰখানাত উপস্থিত আছিলো৷ এই কাৰখানাটোত এইটো বৰ্ষত নিৰ্মিত ৯০০তম দবাক সেউজীয়া পতাকা প্ৰদৰ্শনৰ সুবিধা লাভ কৰিলো৷ যি গতিৰে এতিয়া তাত কাম হবলৈ ধৰিছে সেয়া সঁচাকৈয়ে প্ৰশংসনীয়৷ পূৰ্বৰ চৰকাৰৰ যি কাৰ্যসংস্কৃতি আছিল, সাধনসংসাধনৰ সৈতে যি অন্যায় হৈছিল, তাৰে সাক্ষী ৰায়বাৰেলীৰ এই ৰেলৰ দবাৰ কাৰখানাটোও৷ আপোনালোকে চিন্তা কৰক এই কাৰখানা ২০০৭ চনত অনুমোদিত হৈছে৷ বছৰত ১০০০টা নতুন দবা নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল৷ ২০১০ চনত এই কাৰখানাৰ নিৰ্মাণ সম্পূৰ্ণ হল৷ কিন্তু তাৰ পিছত চাৰি বছৰ পৰ্যন্ত এই কাৰখানাত কাপুৰথালাৰ পৰা দবা আনি নটস্ক্ৰু লগোৱা আৰু ৰং কৰাৰ কাম হল৷ যি কাৰখানা নতুন দবা নিৰ্মাণৰ বাবে প্ৰস্তুত কৰা হৈছিল তাত সেই কাম কৰা নহল৷ তাৰে ফলস্বৰূপে ২০১৪ চন পৰ্যন্ত ইয়াৰ কেৱল ৩ শতাংশ যন্ত্ৰহে সক্ষম হৈ থাকিল৷

আমি এই স্থিতিৰ পৰিৱৰ্তন কৰিলো, আমাৰ চৰকাৰ অহাৰ তিনি মাহৰ ভিতৰত ইয়াৰ পৰা দবা নিৰ্মাণ হৈ ওলাল৷ ভাজপা চৰকাৰৰ প্ৰয়াসৰ দ্বাৰা এতিয়া সকলো যন্ত্ৰই পুৰ্ণ ক্ষমতাৰ সৈতে কাম কৰি আছে৷ নতুন আৰু আধুনিক যন্ত্ৰ স্থাপনৰ কাৰো দ্ৰুত গতিত হবলৈ ধৰিছে৷ ইয়াৰ ফলস্বৰূপে যোৱা বছৰত এই দবা কাৰখানাৰ পৰা……..ভাইসকল আপোনালোকৰ মৰম মই শিৰত তুলি লৈছোঁ, আপোনালোকৰ উৎসাহক মই সেৱা জনাইছোঁ, কিন্তু আপোনালোকক অনুৰোধ কৰিছোঁ যে আনকো শুনিবলৈ দিয়ক৷ ইমান বৃহৎ সংখ্যাত ইয়ালৈ মানুহ আহিছে৷ আপোনালোকৰ, উৎসাহ মৰম এই সকলোবোৰ মই শিৰত তুলি লৈছোঁ, আপোনালোকে অনুমতি দিলে মই কোৱা আৰম্ভ কৰিব পাৰোঁ. আপোনালোকৰ অনুমতি অবিহনে মই কোনো কাম নকৰোঁ৷ চাওক ইমান মৰম, ইমান আশীৰ্বাদ, এয়া মোৰ সৌভাগ্য আৰু সেইবাবে মই আপোনালোকৰ ওচৰত কৃতজ্ঞ৷ কিন্তু ইমান বৃহৎ সংখ্যাত যিবোৰ লোক আহিছে, তেওঁলোকেও কিবা শুনাৰ আশাত আহিছে৷ সেয়ে আপোনালোকে কিছু সময়ৰ বাবে নিজৰ উৎসাহক চম্ভালি ৰাখিবনে? সঁচাকৈয়েনে….প্ৰতিজ্ঞা কৰক…..বঢ়িয়া৷ ৰায়বাৰেলীৰ যুৱসমাজ সঁচাকৈয়ে বহু ভাল৷ ইয়াৰ ফলস্বৰূপেই যোৱা বছৰ এই দবা কাৰখানাৰ পৰা ৭১১টা নতুন দবা নিৰ্মাণ হৈ ওলাইছে৷ অহা বছৰত ইয়াৰ সংখ্যা ১৪০০ অতিক্ৰম কৰাটো মই বিচাৰিম৷

বন্ধুসকল, এই দবা নিৰ্মাণ কাৰখানাৰ আধুনিকীকৰণৰ কাম চলি আছে আৰু অনাগত দুইতিনিটা বছৰৰ ভিতৰত দবা নিৰ্মাণৰ ক্ষমতা ৩ হাজাৰলৈ বৃদ্ধি কৰা হব আৰু আপোনালোকক মই এয়াও কব বিচাৰিছোঁ যে ইয়াক প্ৰতি বৰ্ষত ৫০০০ দবালৈ বৃদ্ধি কৰাৰ দিশত প্ৰয়াস কৰা হব৷ এই দবা কাৰখানাৰ বাবে এতিয়া যি কাম চলি আছে তাৰ জৰিয়তে ই কেৱল ভাৰতৰেই নহয়, সমগ্ৰ বিশ্বৰে সবাতোকৈ বৃহৎ ৰেলৰ দবা নিৰ্মাণৰ কাৰখানা হিচাপে প্ৰসিদ্ধ হব৷ আৰু ভাইভনীসকল, মই সৰু কথা চিন্তা কৰা মানুহেই নহয়৷ অতি সোনকালে এই কাৰখানাত দেশৰ মেট্ৰসমূহৰ দবা নিৰ্মাণ হব৷ ছেমি হাইস্পীড ৰেলৰ দবা নিৰ্মাণ হব৷ এলুমিনিয়ামৰ আধুনিক আৰু কম ওজন তথা শক্তিশালী দবা ইয়াত নিৰ্মাণ হব৷

ভাই আৰু ভনীসকল, এই প্ৰসাৰণ কেৱল ইয়াত নিৰ্মিত দবাৰ সংখ্যাই নহয়৷ এই প্ৰসাৰণৰ দ্বাৰা ইয়াৰ জনতাৰ জীৱনো প্ৰসাৰিত হব৷ যদি দবা নিৰ্মাণ কাৰখানাৰ ক্ষমতা বৃদ্ধি হব তেতিয়া যুৱপ্ৰজন্মৰ বাবেও বিভিন্ন ধৰণৰ চাকৰিৰ সৃষ্টি হব৷ সেই দিনটোৰ কথা ভাব যেতিয়া প্ৰতিদিনেই দহবাৰটা নতুন দবা নিৰ্মাণ হব৷ এই কাৰখানাৰ ক্ষমতাৰ প্ৰসাৰণে কাৰিকৰ, অভিযন্তা, প্ৰযুক্তিবিদ, ডিপ্লমাধাৰীসকলৰ বাবেও নিয়োজনৰ নতুন অৱকাশৰ সৃষ্টি হব৷ এয়াই নহয়, ৰায়বাৰেলীৰ লঘূ আৰু মজলীয়া উদ্যোগসমূহেও ইয়াৰ পৰা লাভান্বিত হব৷

ভাই আৰু ভনীসকল, ২০১৪ চনৰ পূৰ্বে এই ৰেল দবা কাৰখানাৰ বাবে ৰায়বাৰেলীৰ স্থানীয় বজাৰৰ পৰা, স্থানীয় ব্যৱসায়ীৰ পৰা এক কোটি টকাতকৈও কম মূল্যৰ সামগ্ৰী ক্ৰয় কৰা হৈছিল৷ এয়া এক আচৰিত কথা মই আপোনালোকক কবলৈ ওলাইছোঁ৷ কওঁনে আপোনালোকককওঁনেআমাৰ চৰকাৰ শাসনলৈ অহাৰ পূৰ্বে এই কাৰখানাক যিবোৰ সামগ্ৰীৰ প্ৰযোজন হৈছিল, ইয়াৰে স্থানীয় বাসিন্দাৰ পৰা কেৱল এক কোটি টকাৰ সামগ্ৰী ক্ৰয় কৰা হৈছিল৷ তেনেহলে শুনক, ভাজপাৰ চৰকাৰ হোৱাৰ পিছত এই বছৰত এতিয়ালৈ এশ পঁচিশ কোটি টকাৰ সামগ্ৰী ৰেলৰ দবা নিৰ্মাণৰ কাৰখানাৰ বাবে ইয়াৰে স্থানীয় ব্যৱসায়ীৰ পৰা ক্ৰয় কৰা হৈছে৷

এতিয়া কাৰখানাৰ প্ৰসাৰ হলে ক্ৰয়ৰ পৰিমাণো বৃদ্ধি হব৷ মোক কোৱা হৈছে যে এতিয়া ৰেল মন্ত্ৰালয়ে উত্তৰ প্ৰদেশৰ চৰকাৰৰ সহযোগিতাত ইয়াত এক ৰেল ঔদ্যোগিক উদ্যানৰ নিৰ্মাণ কৰিব৷ এই ঔদ্যোগিক উদ্যানৰ জৰিয়তে ৰেল কাৰখানাক সামগ্ৰী যোগান ধৰা হব আৰু ইয়াৰ প্ৰত্যক্ষ লাভ লঘু আৰু মজলীয়া বৰ্গৰ উদ্যোগসমূহে লাভ কৰিব৷

বন্ধুসকল, আজি আৰু এটা তথ্য মই ৰায়বাৰেলীৰ জনসাধাৰণৰ সন্মুখত প্ৰকাশ কৰিবলৈ ওলাইছোঁ৷ যেতিয়া পূৰ্বৰ চৰকাৰে ইয়াত ৰেলৰ দবা নিৰ্মাণ কাৰাখানা স্থাপন কৰিছিল, তেতিয়া ৫ হাজাৰ কৰ্মীক নিয়োজন প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছিল৷ এয়া যোৱা চৰকাৰৰ সিদ্ধান্ত আছিল আৰু ঘোষণা কৰা হৈছিল, মালা পিন্ধোৱা হৈছিল, জিন্দাবাদৰ ধ্বনি উচ্চাৰিত হৈছিল৷ কিন্তু আপোনালোকে এয়া জানি আচৰিত হব যে ইয়াৰ অৰ্ধেক পদকহে স্বীকৃতি প্ৰদান কৰা হল৷ ঘোষণা ৫ হাজাৰৰ কৰা হল আৰু স্বীকৃতি আধাৰ দিয়া হ, এয়াই নহয়, আমাৰ চৰকাৰ অহাৰ পিছত দেখিলো যে ইয়াৰ দবা কাৰখানাত এটাও নতুন নিযুক্তি প্ৰদান কৰা হোৱা নাই৷ আপোনালোকক কি কি কোৱা হৈছিল আৰু আপোনালোকেও কি কি জয়ধ্বনি দিলে৷ এটাইও নিযুক্তি পোৱা নাছিল৷ যিবোৰ কৰ্মচাৰীয়ে ইয়াত কাম কৰি আছিল তেওঁলোকক কাপুৰথালাৰ পৰা ইয়ালৈ লৈ অনা হৈছিল৷

আজি প্ৰায় ২ হাজাৰ নতুন কৰ্মচাৰী আমাৰে চৰকাৰে নিযুক্তি দিছে৷ কেৱল এয়াই নহয়, অস্থায়ী কৰ্মচাৰীৰ সংখ্যাও ২০১৪ চনৰ কেৱল ২০০ জনৰ তুলনাত আজি এয়া বৃদ্ধি হৈ প্ৰায় ১৫০০ হৈছে৷ আজি এয়া মই গৰ্বেৰে ঘোষণা কৰিছোঁ যে অনাগত সময়ত ৰায়বাৰেলী ৰেলৰ দবা নিৰ্মাণৰ ক্ষেত্ৰত বিশ্বজনীন কেন্দ্ৰ হিচাপে প্ৰসিদ্ধ হব৷

বন্ধুসকল, যোগাযোগ ব্যৱস্থাৰ উত্তৰণ কৰিবলৈ দেশৰ জনতাৰ সুবিধাৰ বাবে ৰেলৱেৰ বাহিৰে ঘাইপথ, বায়ুপথ, জলপথ আৰু আইৱেৰ ক্ষেত্ৰত কাম দ্ৰুত গতিত সম্পন্ন কৰা হৈছে৷ উত্তৰ প্ৰদেশত নদীৰ ওপৰত নিৰ্মিত জলপথেই হওক, আধুনিক এক্সপ্ৰেছৱেয়েই হওক অথবা গাঁৱৰ পথসমূহক জীৱনক সৰল কৰি তোলাৰ বাবে দিনেৰাতিয়ে কাম কৰা হৈছে৷ এই অভিযানৰ অধীনত ৰায়বাৰেলীতো ক্ষীপ্ৰ গতিত কাম আগবঢ়োৱা হৈছে৷ কিছু সময় পূৰ্বেই চাৰে পাঁচ হাজাৰ কোটি টকা ব্যয়ৰে নিৰ্মিত যি ৰাষ্ট্ৰীয় ৰাজপথৰ লোকাৰ্পণ কৰা হৈছে, তাৰ জৰিয়তে ৰায়বাৰেলী, লালগঞ্জৰ পৰা ফতেহপুৰ হৈ পোনে পোনে বান্দাৰ সৈতে জড়িত হব৷ প্ৰায় এশ পঁচিছ কিলোমিটাৰ এই ৰাজপথৰ জৰিয়তে চিত্ৰকূট ধামলৈ যোৱাৰ বাবেও সুবিধা হব৷

বন্ধুসকল, আন্তঃগাঁথনিৰ স্বাস্থ্য ঠিক কৰাৰ লগে লগে চৰকাৰে নাগৰিকৰ স্বাস্থ্যও, আপোনালোক সকলোকে, দেশৰ জনতাক কম ব্যয়ৰ আৰু উত্তম স্বাস্থ্য সেৱা প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷ ৰায়বাৰেলী নিজেও স্বাস্থ্যবান আৰু সমগ্ৰ অঞ্চলটোক স্বাস্থ্যবান কৰি ৰখাৰ বাবে ইয়াত নিৰ্মিত এইমছৰ কামক গতি প্ৰদান কৰা হৈছে৷

আজি ইয়াত চাৰিশ পঁচিশ কোটিতকৈও অধিক টকা ব্যয়েৰে নিৰ্মিত চিকিৎসা মহাবিদ্যালয়, চিকিৎসালয় আৰু হোষ্টেলৰ লোকাৰ্পণ আৰু আধাৰশিলা স্থাপন কৰা হৈছে৷ মুঞ্চীগঞ্জত নিৰ্মিত এই চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় এইমছৰে অংশ৷ ইয়াৰ দ্বাৰা সমগ্ৰ ৰায়বাৰেলী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী জিলাসমূহ লাভান্বিত হব৷ চৰকাৰে স্বাস্থ্যৰ লগতে গৃহ যোগানৰো চিন্তা কৰিছে৷ কেন্দ্ৰ চৰকাৰে ২০২২ চন পৰ্যন্ত দেশৰ প্ৰতিটো দুখীয়া পৰিয়ালক পকী ঘৰ প্ৰদানৰ প্ৰয়াস কৰিছে৷ ইয়াৰ বাবে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত এতিয়ালৈ দেশত ২৪ মিলিয়নতকৈও অধিক ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে৷ যিসকলে ঘৰ পাব তেওঁলোকক চাবি দিয়া হৈছে৷ আৰু এই যে দিপাৱলী পাৰ হৈ গ, তেওঁলোকে নিজৰ নতুন ঘৰত দিপাৱলী উদযাপন কৰিলে৷

ৰায়বাৰেলীতো অলপ আগেয়ে যোগী মহোদয়ে কোৱাৰ দৰে এতিয়ালৈ ২৩ হাজাৰতকৈও অধিক ঘৰৰ চাবি দুখীয়া পৰিয়ালক, ভাইভনীসকলক প্ৰদান কৰা হৈছে৷ কিছু দিন পূৰ্বে আৰু ৫০০টা নতুন ঘৰৰ নিৰ্মাণ আৰম্ভ কৰা হৈছে৷ এই যে ঘৰবোৰ নিৰ্মাণ হৈছে, এয়া পূৰ্বৰ দৰে কেৱল চাৰিখন দেৱালযুক্ত নহয়, আমি প্ৰয়াস কৰিছোঁ যে আমি যিবোৰ ঘৰ নিৰ্মাণ কৰিম সেইবোৰত পানীৰ পাইপো থাকিব আৰু পাইপত পানীও থাকিব, বিদ্যুতৰ ব্যৱস্থাও থাকিব, গেছৰ সংযোগো থাকিব আৰু শৌচালয়তো থাকিবই৷

ভাই আৰু ভনীসকল, দেশৰ ইতিহাসৰ আজিৰ দিনটোৰ এক বিশেষ গুৰুত্ব আছে৷ ১৯৭১ চনত আজিৰ দিনটোতে ভাৰতৰ বীৰ সেনাই সন্ত্ৰাস, আতংক, অত্যাচাৰ আৰু অৰাজকতাক পৰাজিত কৰিছিল৷ এই যুদ্ধত অংশগ্ৰহণ কৰা দেশৰ সকলো সৈন্যৰ প্ৰতি মই মুৰ দোৱাইছোঁ৷ যিসকল সৈনিক যুদ্ধত অৱতীৰ্ণ হৈছিল, শ্বহীদ হৈছিল, ত উত্তৰ প্ৰদেশৰো অনেক বীৰ পুত্ৰ আছিল, তেওঁলোককো মই ১৩০ কোটি দেশবাসীৰ তৰফৰ পৰা শ্ৰদ্ধা তৰ্পণ কৰিছোঁ৷

সেনাৰ শৌৰ্য, সমৰ্পণৰ প্ৰতি ডিচেম্বৰৰ এই শীতৰ বতৰতো সীমান্তত প্ৰহৰীৰ ৰূপত কৰ্তব্যত নিয়োজিত হৈ থকা  আমাৰ সেনাসকলৰ প্ৰতি নিজৰ দুয়োখন হাত উঠাই, মোৰ সৈতে সেই বীৰ জোৱানসকলৰ বাবে জয়ধ্বনি দিয়ক, ভাৰত মাতাৰ জয়, ভাৰত মাতাৰ জয়, ভাৰত মাতাৰ জয়৷

ভাই আৰু ভনীসকল, চিন্তা কৰক, যি ভাৰত মাতাৰ জয়ধ্বনিত আপোনালোক গৌৰম্বান্বিত হয়, কিছুমান লোকে ইয়াত লাজ পায়৷ এয়া কেনেধৰণৰ লোক যিয়ে ভাৰত মাতাৰ জয়ধ্বনিত বিৰক্ত হয়, যাৰ দেশৰ প্ৰতি কোনো দায়িত্ব নাই?

বন্ধুসকল, মোদীক তেওঁলোকে গালি দিব বিচাৰিছে, মই জানো৷ মোদীৰ ওপৰত যিকোনো উপায়ে দাগ লগাব বিচাৰিছে, সেয়াও মই জানো৷ কিন্তু মই জানিব বিচাৰিছোঁ যে ইয়াৰ বাবে কিয় দেশক টানি আনিব লাগে? কিয় দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে?

ভাই আৰু ভনীসকল, আজি দেশত দুটা পক্ষৰ সৃষ্টি হৈছে৷ এটা পক্ষ সত্যৰ, সুৰক্ষা, চৰকাৰৰ, যি সকলো দিশৰ পৰা চেষ্টা কৰিছে যে আমাৰ সৈন্যৰ শক্তি বৃদ্ধি হওক৷ আনটো পক্ষ সেই শক্তিৰ যিয়ে যিকোনো মূল্যত দেশক দুৰ্বল কৰি তুলিব বিচাৰিছে৷ ভাইসকল, আপোনালাকে মোক কওক, আমাৰ দেশৰ সেনা শক্তিশালী হব লাগে নে নালাগে? দেশৰ সেনা সামৰ্থৱান হব লাগে নে নালাগে? সেনাৰ হাতত আধুনিক অস্ত্ৰ থাকিব লাগে নে নালাগে?

আজি দেশে এয়া দেখিবলৈ পাইছে যে কংগ্ৰেছ সেই শক্তিৰ সৈতে আছে, আমাৰ বিৰোধী সেই শক্তিৰ সৈতে আছে যি আমাৰ সেনাসকলক শক্তিশালী হবলৈ নিদিয়ে৷ এনেকুৱা লোকৰ চেষ্টাক কোন কোন দেশে সমৰ্থন দিয়ে৷ এয়াও দেশে প্ৰত্যক্ষ কৰিছে৷ কি কাৰণত ইয়াৰ নেতাই এনেকুৱা ভাষা উচ্চাৰণ কৰিছে যে পাকিস্তানৰ পৰা হাতচাপৰি বজাব লগীয়া হৈছে? এনেকুৱা কিয় হৈছে?

বন্ধুসকল, ৰামচিত্ৰ মানসত এটা শ্লোক আছে৷ গোস্বামী তুলসীদাসে লিখিছে যে ভগবান ৰামে কাৰোবাৰ ব্যক্তিত্বৰ বিষয়ে বুজাবলৈ গৈ কৈছে‘‘ঝুঠই লেনা, ঝুঠই দেনা, ঝুঠই ভোজন, ঝুঠ চবেনা’’৷ অৰ্থাৎ কিছুমান লোকে মিথ্যাকেই স্বীকাৰ কৰে, মিথ্যাকেই আনক প্ৰদান কৰে, মিথ্যাৰেই ভোজন কৰে আৰু মিথ্যাকেই চৰ্বন কৰে৷

কিছুমান লোকে এই পংক্তিকেইটাকেই জীৱনৰ মূলমন্ত্ৰ হিচাপে স্বীকাৰ কৰি লৈছে৷ আৰু সেইবাবে এনে লোকৰ বাবে দেশৰ ৰক্ষা মন্ত্ৰালয়ো অসত্য, দেশৰ ৰক্ষা মন্ত্ৰীয়ো মিছলীয়া, ভাৰতীয় বায়ু সেনাৰ বিষয়াও মিছলীয়া, ফ্ৰান্সৰ চৰকাৰো মিছলীয়া৷ এতিয়াতো তেওঁলোকে দেশৰ উচ্চতম ন্যায়ালয়কো অসত্য বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে৷ কিন্তু বন্ধুসকল, সত্যক শৃংগাৰৰ প্ৰয়োজন নাই আৰু যিমানেই মিছা নকওক কিয় তাত প্ৰাণ নাথাকে৷ কিন্তু আমাৰ ইয়াত এষাৰ ডাঙৰ কথা কোৱা হৈছে‘‘জয়েত সত্যেন চানৃতম’’ অৰ্থাৎ মিছা কোৱাৰ প্ৰবৃত্তিত সত্যবাদিতাৰ দ্বাৰাই বিজয় সাব্যস্ত কৰিব পাৰি৷

মই দেশবাসীক স্পষ্টভাৱে কব বিচাৰিছোঁ যে কংগ্ৰেছ চৰকাৰৰ ইতিহাস সেনাসকলৰ প্ৰতি, কংগ্ৰেছৰ আচৰণ কেনে আছিল? এই দেশে কেতিয়াও তেওঁলোকক ক্ষমা নকৰে, দেশে কেতিয়াও নাপাহৰে৷

বন্ধুসকল, কাৰ্গিল যুদ্ধৰ পিছত আমাৰ বায়ু সেনাই আধুনিক বিমানৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনাইছিল৷ কাৰ্গিলৰ যুদ্ধৰ পিছত, অটলজীৰ চৰকাৰৰ পিছত কংগ্ৰেছে দহ বছৰ ধৰি দেশত ৰাজত্ব কৰিলে কিন্তু বায়ু সেনাক শক্তিশালী নকৰিলে৷ কিয়? কাৰ চাপত?

ভাই আৰু ভনীসকল, প্ৰতিৰক্ষাৰ ক্ষেত্ৰত কংগ্ৰেছৰ ইতিহাস বৰ্ফচ কেলেংকাৰীৰ কোৱাট্ৰাচ্ছিৰ মোমায়েকৰ আছিল৷ কংগ্ৰেছ চৰকাৰৰ সময়ত হোৱা হেলিকপ্টাৰ কেলেংকাৰীৰ এক আৰোপী আৰু খুড়ায়েক ক্ৰিষ্টিয়েন মিছেলক গ্ৰেপ্তাৰ কৰি কিছুদিন পূৰ্বে ভাৰতলৈ অনা হৈছে৷ আৰু আমি সকলোৱে দেখিলো যে এই আৰোপীক ৰক্ষা কৰিবলৈ কংগ্ৰেছে তুৰন্তে নিজৰ উকীল ন্যায়ালয়লৈ প্ৰেৰণ কৰিলে৷ মই কংগ্ৰেছৰ পৰা জানিব বিচাৰিছোঁ, ভাজপা চৰকাৰে ৰক্ষা চুক্তি কৰা বাবে আপোনালোকৰ খং উঠিছে নেকি, সেইবাবেই মিছাৰ ওপৰত মিছা কৈ আছে নেকি? তাতে কোৱাট্ৰাচ্ছি মামা, ক্ৰিষ্টিয়েন খুড়া নাই বাবে খং উঠিছে? সেইবাবেই তেওঁলোক ন্যায়পালিকাৰ ওপৰত অবিশ্বাসৰ পৰিবেশ সৃষ্টি কৰাৰ বাবে জড়িত হৈ পৰিছে নেকি? ন্যায়পালিকাক কাঠগৰাত থিয় কৰোৱাৰ তেওঁলোক সমকক্ষ হৈ পৰিছে৷

ভাই আৰু ভনীসকল, আমাৰ বাবে সৰ্বদা দলতকৈ দেশ বৃহৎ হিচাপে বিবেচিত হৈ আহিছে৷ আৰু জীৱন থকালৈকৈ অনাগত প্ৰজন্ম পৰ্যন্ত এয়াই আমাৰ মূলমন্ত্ৰ হৈ থাকিব৷ দলতকৈ দেশ ডাঙৰ৷ আজি মই দেশক কব বিচাৰিছোঁ যে যেতিয়াই দেশৰ সুৰক্ষাৰ কথা আহে, যেতিয়াই সেনাৰ প্ৰয়োজনীয়তাৰ কথা আহে, সৈনিকৰ সন্মানৰ কথা আহে, কেন্দ্ৰৰ ভাজপা এনডিএ চৰকাৰে কেৱল এটা কথাতেই মনোযোগ দিয়েৰাষ্ট্ৰহিত, দেশহিত, জনহিত৷ এয়াই আমাৰ অভ্যাস, এয়াই আমাৰ চৰকাৰৰ সংস্কাৰ৷

আমি সম্পূৰ্ণ প্ৰয়াস কৰিছোঁ যে ভাৰতৰ সেনা যাতে কাৰোপৰা কম নহওক, আমাৰ বাবে জীৱনৰ বিপদাপন্ন কৰা সৈনিকসকলে যাতে কেতিয়াও সমস্যাত ভুগিবলগীয়া নহওক৷ তেওঁৰ মাতৃৰ ওচৰত মই জবাবদেহী হওঁ কাৰণ তেওঁ নিজৰ পুত্ৰক সীমালৈ প্ৰেৰণ কৰিছে৷ মই সেই ভনীৰ প্ৰতিও জবাবদেহী যিয়ে নিজৰ ভায়েকক সীমালৈ পঠিয়াইছে৷ যি পৰিয়াল, যি সন্তানে নিজৰ দেউতাকৰ অপেক্ষা কৰি আছে তেওঁলোকৰ প্ৰতিও মই জবাবদেহী৷ যেতিয়ালৈ আমাৰ চৰকাৰ আছে, যেতিয়ালৈ মই আছোঁ, চৰকাৰে এনে লক্ষাধিক, কোটি কোটি পৰিয়ালৰ প্ৰতি জবাবদেহী হ, কেৱল এটা পৰিয়ালৰ প্ৰতি নহয়৷ ইয়াৰ বাবে কঠোৰতম সিদ্ধান্ত লবলগীয়া হলেও আমি পিছ নোঁহহকো৷

ভাই আৰু ভনীসকল, আমাৰ জোৱানসকলৰ সুৰক্ষাৰ প্ৰতি কংগ্ৰেছৰ ধাৰণা কি আছিল সেয়া মই দেশক পুনৰবাৰ মনত পেলাই দিব খুজিছোঁ৷ ২০০৯ চনত ভাৰতীয় সেনাই ১লাখ ৮৬ হাজাৰ বুলেটপ্ৰুফ জেকেটৰ বাবে আবেদন জনাইছিল৷ ২০০৯ চনৰ পৰা ২০১৪ চনলৈ, পাঁচ বছৰ অতিক্ৰম হৈ গ, কিন্তু সেনাৰ বাবে বুলেটপ্ৰুফ জেকেট ক্ৰয় কৰা নহল৷ কেন্দ্ৰত আমাৰ চৰকাৰ গঠন হোৱাৰ পিছত ২০১৬ চনত আমি সেনাৰ বাবে ৫০ হাজাৰ বুলেটপ্ৰুফ জেকেট ক্ৰয় কৰিলো৷ মই দেশক এয়াও জনাব বিচাৰিছোঁ যে এই বৰ্ষৰ এপ্ৰিল মাহত সম্পূৰ্ণ ১ লাখ ৮৬ হাজাৰ বুলেটপ্ৰুফ জেকেটৰ অৰ্ডাৰ দিয়া হৈছে৷ এই জেকেট ভাৰতৰ উদ্যোগেই নিৰ্মাণ কৰি আছে৷

ভাই আৰু ভনীসকল, কংগ্ৰেছৰ অপকৰ্মবোৰৰ কথা কওঁতে কওঁতে সম্পূৰ্ণ সপ্তাহ পাৰ হৈ যাব৷ আজি মই দেশক এই তথ্যও প্ৰদান কৰিবলৈ বিচাৰিছোঁ যে যদি ২০১৪ চনৰ পিছতো দেশত কংগ্ৰেছৰ চৰকাৰ গঠন হলহেঁতেন তেন্তে আমাৰ গৌৰৱ, দেশৰ দৌৰৱ, তেজস যুঁজাৰু বিমান আদি চিৰদিনৰ বাবে বাকচত বন্ধ কৰি থোৱা হলহেঁতেন৷ প্ৰশ্ন কৰোঁতা কোনো নাথাকিলেহেঁতেন৷ কংগ্ৰেছ চৰকাৰৰ সময়ত তেজসৰ নিৰ্মাণৰ সৈতে জড়িত প্ৰতিটো পদক্ষেপ দুৰ্বল কৰাৰ প্ৰয়াস ইউপিএ চৰকাৰৰ আমোলত কৰা হল৷ এই প্ৰকল্প পূৰ্বৰ পৰাই বছৰজুৰি ওলমি আছিল, কিন্তু কংগ্ৰেছ চৰকাৰৰ সময়ত ইয়াক ক্ষীপ্ৰভাৱে সমাধা কৰাৰ কোনো প্ৰয়াসেই কৰা নহল৷

ভাজপা আৰু এনডিএ চৰকাৰ গঠন হোৱাৰ পিছত আমি ২০১৬ চনৰ জুলাইত এই সিদ্ধান্ত ললো যে তেজসক ৪৫ স্কোৱাড্ৰনত অন্তৰ্ভুক্ত কৰা হব৷ আমাৰ চৰকাৰে ৮৩খন নতুন তেজস বিমান ক্ৰয় কৰাৰ সিদ্ধান্তক স্বীকৃতি প্ৰদান কৰিলে৷ কেৱল এয়াই নহয়, তেজস বিমান নিৰ্মাণৰ এইএএলৰ ক্ষমতা দুগুণ কৰাৰ বাবে যোৱা বছৰ ১৪০০ কোটি টকাৰ অনুমোদনো প্ৰদান কৰা হল৷

ভাই আৰু ভনীসকল, স্বতন্ত্ৰতাৰ পিছৰ পৰাই কংগ্ৰেছৰ এয়া নিত্যনৈমিত্তিক কাৰ্য যে কংগ্ৰেছ চৰকাৰৰ দ্বাৰা কৰা প্ৰতিটো প্ৰতিৰক্ষা চুক্তিত কোনো বিদেশী মামা, কোনো বিদেশী খুড়া, কোনো ভতিজা, কোনোবা নহয় কোনোবা এজন থাকেই৷ আৰু সেইবাবে যেতিয়া পাৰদৰ্শিতা আৰু ন্যায়ৰে যদি কোনো চুক্তি সম্পন্ন হয় তেতিয়া তেওঁলোক চিন্তাক্লিষ্ট হৈ পৰে৷ এক নিশ্চিত ৰণনীতিৰ অধীনত সেনাৰ ওপৰত আক্ৰমণ কৰে, সেনাক দুৰ্বল কৰাৰ প্ৰয়াস কৰে৷

বন্ধুসকল, সেনাসকলৰ মানমৰ্যাদা এনেও কংগ্ৰেছ আৰু তেওঁলোকৰ সাংগোপাংগৰ কল্পনাৰ ঊৰ্ধত৷ যি দলৰ লোকে আমাৰ সেনা অধ্যক্ষক গুণ্ডা বুলি কয় আৰু গুণ্ডা বুলি কোৱা ব্যক্তিজনক উচ্চ পদত আসীন কৰা হয়, তেনে লোকৰ পৰা আৰু কি আশা কৰিব পাৰে৷ যি দলৰ লোকে ছাৰ্জিকেল ষ্ট্ৰাইকৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে, নিজৰ সেনাতকৈ অধিক শত্ৰুপক্ষৰ শক্তিৰ ওপৰত অধিক বিশ্বাস ৰাখে, তেওঁলোকৰ পৰা কি আশা কৰিব পাৰি?

যি দলৰ লোকে কেৱল পাঁচশ কোটি টকা ৰাখি সেনাৰ চকুত ধুলি দিয়াৰ প্ৰয়াস কৰে আৰু পাঁচশ কোটি টকাৰে ৱান ৰেংক ৱান পেঞ্চনৰ মিথ্যা ভৰষা প্ৰদান কৰি ফুলৰ মালা পিন্ধে, এনে লোকৰ পৰা কি আশা কৰিব পাৰি? ৱান ৰেংক ৱান পেঞ্চনৰ দাবীও চল্লিশ বছৰ ধৰি ওলমি আছিল, সেয়াও আমাৰ চৰকাৰে পূৰণ কৰিলে৷ ১১ হাজাৰ কোটি টকাতকৈও অধিক ৰাশি এৰিয়াৰ ভিত্তিত পূৰ্বৰ সৈনিকসকলক প্ৰদান কৰা হৈছে৷

বন্ধুসকল, কংগ্ৰেছৰ ৰাজত্বত না জোৱানক গুৰুত্ব দিয়া হয়, না কৃষকক গুৰুত্ব দিয়া হয়৷ জোৱানসকলৰ পিছত এতিয়া মই কৃষকসকলৰ বিষয়েও বিস্তাৰেৰে কম৷

৭০ বছৰত প্ৰথমবাৰৰ বাবে দেশৰ এখন চৰকাৰে কৃষকসকলৰ আয় বৃদ্ধি কৰাৰ কথা চিন্তা কৰিছে, সেয়া হল আমাৰ চৰকাৰ, এনডিএৰ চৰকাৰ৷ কৃষকসকলৰ এটা এটা উদ্বেগ বুজি, ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ কথা বুজি, বীজৰ পৰা আৰম্ভ কৰি বজাৰলৈ আমাৰ চৰকাৰে নীতি নিৰ্ধাৰণ কৰিছে, সেয়া প্ৰণয়ন কৰিছে৷ আমি অতিশয় সুনীতিৰে, যত্নেৰে কৃষকসকলক খেতিৰ সৈতে জড়িত সংকটৰ পৰা মুক্ত কৰাৰ বাবে প্ৰয়াস কৰিছোঁ, কিন্তু দেশৰ কৃষকসকলে কংগ্ৰেছৰ ইতিহাস, তেওঁলোকৰ নীতি, তেওঁলোকৰ সত্যতা তথা তেওঁলোকৰ ফাঁকিবাজৰ বিষয়ে কেতিয়াও পাহৰিব নালাগে৷ কংগ্ৰেছৰ ওচৰত ইয়াৰ উত্তৰ আছে নে যে যেতিয়া তেওঁলোকে দহ বছৰ ধৰি শাসন কৰিছিল তেতিয়া তেওঁলোকে স্বামীনাথন কমিটীৰ প্ৰতিবেদন কিয় প্ৰণয়ন কৰা নাছিল? কোনে চাপ প্ৰয়োগ কৰিছিল? কিয় তেওঁলোকে এমএছপিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়টো এৰাই চলিছিল? এই কথাৰ উত্তৰ কংগ্ৰেছে কেতিয়াও নিদিব আৰু তেওঁলোকৰ সৃষ্ট ইকছিষ্টেমেও তেওঁলোকৰ পৰা এই উত্তৰ বিচাৰিব৷

কিন্তু ভাইভনীসকল, কেন্দ্ৰৰ এনডিএ চৰকাৰে কৃষকসকলৰ আয় বৃদ্ধিৰ বাবে এমএছপিত স্বামীনাথন কমিটীৰ প্ৰতিবেদন প্ৰণয়ন কৰিছে৷ খাৰিফ আৰু ৰবিৰ বাইছটা ফচলত আজি এমএছপি সুনিশ্চিত কৰা হৈছে৷ কংগ্ৰেছৰ ইকছিষ্টেমে আপোনালোকক এই কথা কেতিয়াও নকব যে কেৱল এটা সিদ্ধান্তৰ দ্বাৰা আৰু এয়া অতিশয় গুৰুত্বপূৰ্ণ কথা, কেৱল এটা সিদ্ধান্তৰ জৰিয়তে আমাৰ দেশৰ কৃষকসকলে ৬০ হাজাৰতকৈও অধিক টকা পোৱাটো নিশ্চিত হৈছে৷ ৬০ হাজাৰ কোটি টকাৰ লাভ৷

ভাইভনীসকল, মই কংগ্ৰেছৰ পৰা এয়াও জানিব বিচাৰিছোঁ যে তেওঁলোকে কাৰ চাপত পৰি ইউৰিয়াৰ এশ শতাংশ নীম কোটিঙৰ সিদ্ধান্তৰ পৰা পলাই আছিল৷ আমাৰ দেশৰ কৃষকসকলে ইউৰিয়াৰ অভাৱত লাঠিৰ কোব খাইছিল৷ কংগ্ৰেছৰ চৰকাৰে সেই দুৰ্দশা প্ৰত্যক্ষ কৰিয়েই থাকিল৷

বন্ধুসকল, মই দেশক পুনৰবাৰ মনত পেলাব খোজোঁ যে এই কংগ্ৰেছ চৰকাৰে যেতিয়া কৃষকৰ পৰা ফচলৰ বীমাৰ বাবে ১৫ শতাংশতকৈও অধিক প্ৰিমিয়াম গ্ৰহণ কৰিছিল, বীমাৰ ৰাশিতো কেপিং কৰা হৈছিল৷ ত্ৰিশ শতাংশ ফচলৰ লোকচান হৈছিল অথবা চল্লিশ শতাংশৰ, সকলোতে বৃহৎ বৃহৎ দুৰ্নীতি হৈছিল৷ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা প্ৰণয়ন কৰি আমাৰ চৰকাৰে কৃষকসকলৰ এই সমস্যা দূৰ কৰিলে৷ আজি ভিন্ন ভিন্ন ফচলত কেৱল ডেৰ শতাংশৰ পৰা পাঁচ শতাংশলৈ প্ৰিমিয়াম লোৱা হয়৷ এশ টকাত কেৱল ডেৰ টকা বা অধিক হিচাপত পাঁচ টকা৷ যদি মই যোৱা দুবছৰৰ সংখ্যা কওঁ তেন্তে কৃষকসকলৰ পৰা প্ৰিমিয়ামৰ ৰূপত সমগ্ৰ দেশৰ পৰা আঠ হাজাৰ কোটি টকা লোৱা হৈছে৷ সমগ্ৰ দেশৰ পৰা আঠ হাজাৰ কোটি, কিন্তু ফচল নষ্ট হোৱাৰ পিছত কৃষকসকলক ৩৩ হাজাৰ কোটি টকাতকৈও অধিক সাহায্য প্ৰদান কৰা হৈছে৷ আঠ হাজাৰৰ বাবদ ৩৩ হাজাৰ কোটি টকা কৃষকসকলৰ ওচৰলৈ গৈছে৷ অৰ্থাৎ যিমান কৃষকৰ পৰা লোৱা হৈছে তাতকৈ চাৰি গুণতকৈও অধিক ঘূৰাই দিয়া হৈছে৷

বন্ধুসকল, বিগত কিছুসময় ধৰি ঋণ সকাহক লৈ কংগ্ৰেছে ডাঙৰ ডাঙৰ কথা কবলৈ ধৰিছে৷ কিন্তু এয়াও ফাঁকি, মিছা, কৰ্ণাটকত কংগ্ৰেছে কৃষকসকলক ঋণ সকাহৰ প্ৰতিজ্ঞা কৰিছিল৷ কেৱল দহ দিনৰ কথা কোৱা হৈছিল কিন্তু আজি ছমাহৰ পিছত সত্যতা বেলেগ ধৰণৰ হৈছে৷ অলপতে দুইতিনি পূৰ্বে বাতৰি কাকতত বিস্তাৰপূৰ্বকভাৱে ছপা হল যে কৰ্ণাটকত ছমাহত এহেজাৰ কৃষকৰো ঋণ মাফ নহল৷ চিন্তা কৰক, এহেজাৰৰে নহল৷ সহস্ৰাধিক কৃষকৰ বিৰুদ্ধে ন্যায়ালয়ে অভিযোগ দাখিলৰ কাম আৰম্ভ কৰিছে, তেওঁলোকৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে৷ কংগ্ৰেছ সমগ্ৰ শক্তিৰে এই সত্য ঢাকিবলৈ প্ৰয়াস কৰিছে যাতে দেশৰ কৃষকসকলে এই কথা গম নাপায়৷ কিন্তু কৃষকসকলৰ সৈতে কৰা এই ফাঁকিয়ে তেওঁলোকক চিৰকাললৈ বিনষ্ট কৰি দিব৷ কংগ্ৰেছৰ এই ষড়যন্ত্ৰৰ বিষয়ে বিজেপি চৰকাৰে ঘৰে ঘৰে গৈ প্ৰস্তুত কৰিব৷

বন্ধুসকল, স্মৰণ কৰক, ২০০৮ চনতো কংগ্ৰেছে দেশৰ কৃষকসকলক এনেকুৱা ঋণ মাফৰ প্ৰতিজ্ঞা কৰিছিল, তেতিয়া দেশৰ কৃষকসকলৰ মূৰত ছয় লাখ কোটি টকাতকৈও অধিক ঋণৰ বোজা আছিল৷ কিন্তু কংগ্ৰেছ চৰকাৰে ঋণ মাফ কৰিলে ৬০ হাজাৰ কোটিৰ৷ কত ছয় লাখ কোটি আৰু কত ৬০ হাজাৰ কোটি, ইমান ডাঙৰ ফাঁকি৷ এয়াই নহয়, ঋণ মাফৰ আঁৰত এনেকুৱা ৩৫ লাখ লোক ওলাল, যাৰ ঋণ মাফ কৰা হল কিন্তু তেওঁলোক ঋণ মাফৰ বাবে যোগ্য নাছিল, তেওঁলোকে পিছফালৰ দুৱাৰৰ পৰা টকা বিচাৰিছিলে৷

ভাই আৰু ভনীসকল, খেতি, কৃষকৰ সৈতে জড়িত যিকোনো ক্ষেত্ৰই হওক, কংগ্ৰেছে সেয়া সৱলীকৰণ কৰাৰ প্ৰতি কেতিয়াও মনোযোগ দিয়া নাই৷ খাদ্য সংসাধনেই হওক, বীজৰ গুণগতমান বৃদ্ধিতেই হওক, কৃষি গৱেষণাই হওক, কৃষিত উপাৰ্জন বৃদ্ধি কৰা অন্য ব্যৱস্থাই হওক, জলসিঞ্চনৰ ব্যৱস্থাই হওক, যিমান সুবিধা এওঁলোকে চৰকাৰৰ পৰা পাব লাগিছিল, কংগ্ৰেছে সেয়া কেতিয়াও নিদিলে৷

আজি শতাধিক নতুন বিজ্ঞান কেন্দ্ৰ মুকৰি কৰি ১৭ কোটিতকৈও অধিক ভূমি স্বাস্থ্য কাৰ্ড প্ৰদান কৰি, খাদ্য সংসাধনত ১০০ শতাংশ এফডিআই কৰি, সমগ্ৰ দেশত শতাধিক নতুন সঞ্চয় গৃহ মুকলি কৰি, সমগ্ৰ যোগান শৃংখলাক শক্তিশালী কৰি কৃষকসকলৰ ব্যয় হ্ৰাস কৰি ফচলৰ উচ্চ দাম প্ৰদান কৰাৰ প্ৰয়াস কৰা হৈছে৷

বন্ধুসকল, চৰকাৰ কেন্দ্ৰৰেই হওক অথবা যোগী মহোদয়ৰ উত্তৰ প্ৰদেশৰ চৰকাৰেই হওক, আমাৰ এটাই মন্ত্ৰ সকলোৰে সৈতে, সকলোৰে বিকাশ’, ইয়াক সুনিশ্চিত কৰাৰ বাবে দিনেৰাতিয়ে আমি প্ৰয়াস কৰি আছোঁ৷ ইয়াত ৰায়বাৰেলীতো আঠ লাখ লোকৰ বেংক একাউণ্ট মুকলি কৰা হৈছে, আঢ়ৈ লাখ মহিলাক বিনামূলীয়া গেছৰ সংযোগ প্ৰদান কৰা হৈছে, প্ৰায় ৫৫ হাজাৰ ঘৰত বিনামূলীয়া বিজুলীৰ সংযোগ প্ৰদান কৰা হৈছে৷

আপোনালোক সকলোৰে অভূতপুৰ্ব সহযোগিতাই চৰকাৰৰ প্ৰয়াসক শক্তি প্ৰদান কৰিছে৷ আপোনালোকৰ সহযোগিতাৰ এই শক্তিৰ ফলত সামান্যতকৈও সামান্যতম মানৱ জীৱনলৈও ধনাত্মক পৰিৱৰ্তন অনাত আমি সফল হৈছোঁ৷ অনাগত সময়ত এই সহোপকাৰ আৰু সহযোগিতাৰ এই ভাৱনাক আমি অধিক শক্তিশালী কৰিম, সহযোগিতাৰে কৰিম৷ ৰায়বাৰেলী সহিতে সমগ্ৰ উত্তৰ প্ৰদেশৰ দ্ৰুত বিকাশৰ বাবে প্ৰতিটো স্তৰত আমি লগ হৈ আগবাঢ়িম৷ এই বিশ্বাসৰ সৈতে পুনৰবাৰ এই সকলো বিকাশ যোজনাৰ বাবে আপোনালোক সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ৷ আপোনালোক ইয়ালৈ বৃহৎ সংখ্যাত আমাৰ আশীৰ্বাদ দিয়াৰ বাবে উপস্থিত হৈছে আৰু সেইবাবে মই আপোনালোক সকলোকে হৃদয়েৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷

মোৰ সৈতে সমস্বৰে কওক….ভাৰত মাতাৰ জয়….….ভাৰত মাতাৰ জয়….….ভাৰত মাতাৰ জয়….

বহুত বহুত ধন্যবাদ৷     

******

अतुल कुमार तिवारी, कंचन पतियाल, ममता/MANN