Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ইণ্ডোনেছিয়াৰ ছুনামিত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়াত আগ্নেয়গিৰি উদ্গিৰণৰ পাছত সৃষ্টি হোৱা ছুনামিত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ইণ্ডোনেছিয়াত আগ্নেয়গিৰি উদ্গিৰণৰ পাছত সৃষ্টি হোৱা ছুনামিত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছো৷ মই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো৷ সামূদ্ৰিক প্ৰতিৱেশী আৰু বন্ধু ৰাষ্ট্ৰখনৰ সাহায্যৰ বাবে ভাৰত সাজু আছে৷”

***

AKT/SH/DB