Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অৰুণাচলপ্ৰদেশৰ অনুসূচীত জনজাতি তালিকাৰ সংশোধনৰ বাবে ‘সাংবিধানিক(অনুসূচীত জনজাতি) নিৰ্দেশ (সংশোধন) বিধেয়ক, ২০১৮’ত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত অৰুণাচলপ্ৰদেশৰ অনুসূচীত জনজাতি তালিকাৰ সংশোধনৰ বাবেসাংবিধানিক (অনুসূচীত জনজাতি) নিৰ্দেশ, ১৯৫০ সংশোধন কৰিসাংবিধানিক(অনুসূচীত জনজাতি) নিৰ্দেশ (সংশোধন) বিধেয়ক, ২০১৮নামেৰে সংসদত উত্থাপনত অনুমোদন জনাইছে৷

বিধেয়কখনৰ সন্নিৱিষ্ট তালিকাৰ ক্ৰমিক নম্বৰ ১৬তআদিশব্দটোৰ সৈতে একে হোৱাৰ বাবে ক্ৰমিক নম্বৰ ১তআবৰশব্দটি মচি দিয়া ;

 

ক্ৰমিক নম্বৰ ৬ত থকাখামতিশব্দৰ পৰিৱর্তেতাই খামতিসন্নিৱিষ্ট কৰা হ;

 

ক্ৰমিক নম্বৰ ৮ত মিচমিকামান (মিজু মিচমি); ‘ইডু’ (মিচমি) আৰুতাৰাওঁ’ (দিগাৰু মিচমি) অন্তর্ভুক্ত কৰা ;

 

ক্ৰমিক নম্বৰ ৯ত মোম্বাশব্দটিৰ পৰিৱর্তেমনপা’, ‘মেম্বা’, ‘ছাৰতাং’, ‘সাজোলং’ (মিজি)সকলক অন্তর্ভুক্ত কৰা ;

 

ক্ৰমিক নম্বৰ ১০ ত অৰুণাচল প্ৰদেশৰ অনুসূচীত জনজাতিসকলৰ তালিকাতযি কোনো নগা জনজাতি পৰিৱর্তেনকটে’, ‘তাংছা’, ‘টুটছা’, ‘ৱাংচোশব্দবোৰ সন্নিৱিষ্ট কৰা ব৷

এই সংশোধনীৰ উদ্দেশ্য  হৈছে অনুসূচীত জনজাতিৰ তালিকাত আবৰ শব্দটোৰ একে জাতিগোষ্ঠীৰ নাম যাতে দুবাৰ নাথাকে তাক সুনিশ্চিত কৰা৷ তদুপৰি, খামতিনামত কোনো জনগোষ্ঠী
 নাই। অন্যহাতে, ‘মিচমিনামত কোনো জনগোষ্ঠী নাই, সেয়েহে মিচমিকামান, ‘ইডুআৰুতাৰাওঁসকলক অন্তর্ভুক্ত কৰা হৈছে৷ যি কোনো নগা জনজাতিৰ পৰিৱর্তে তেওঁলোকৰ নামসমূহ স্পষ্টকৈ উল্লেখ কৰাটো অতি প্ৰয়োজনীয় এই বিধেয়কখন আইনত পৰিণত হোৱাৰ পাছত তালিকাভূক্ত জনগোষ্ঠীৰ সদস্যসকলে অনুসূচীত জনজাতিৰ বাবে নিৰ্ধাৰিত সকলো ধৰণৰ সুযোগসুবিধা যেনেমেট্ৰিকৰ পাছৰ জলপানি, ৰাষ্ট্ৰীয় প্ৰবাসী জনপানি, ৰাষ্ট্ৰীয় ফেলশ্বিপ, উচ্চ শিক্ষা, ৰাষ্ট্ৰীয় অনুসূচীত জনজাতি বিত্ত আৰু উন্নয়ন নিগমৰ পৰা ৰেহাই হাৰত ঋণ, এছটি/এছচি ৰাছোৱালীৰ বাবে হোষ্টেল ইত্যাদি  লাভ কৰিব৷ তদুপৰি, চৰকাৰৰ নীতিৰ ভিত্তিত চৰকাৰী চাকৰি, শিক্ষানুষ্ঠানত নামভৰ্তিৰ ক্ষেত্ৰত নিৰ্ধাৰিত সুবিধাও লাভ কৰিব৷

*****

AKT/SH/DB