Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ছাফ মহিলা চেম্পিয়নশ্বিপ ২০২৬ত বিজয়ৰ বাবে ভাৰতীয় মহিলা ফুটবল দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছাফ মহিলা চেম্পিয়নশ্বিপ ২০২৬ত খিতাপ অৰ্জন কৰা বাবে ভাৰতীয় মহিলা ফুটবল দলক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সমগ্ৰ প্ৰতিযোগিতাখনত দলটোৱে উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰিছে।

শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে যে এই সফলতাই অনাগত দিনত অধিক সংখ্যক যুৱক-যুৱতীক ফুটবল খেলিবলৈ উৎসাহিত কৰিব। প্ৰধানমন্ত্ৰীয়ে দলটোক তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাসমূহৰ বাবেও শুভকামনা জনায়।

প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত কয়:

“ছাফ মহিলা চেম্পিয়নশ্বিপ ২০২৬ত বিজয়ৰ বাবে ভাৰতীয় মহিলা ফুটবল দলক অভিনন্দন জনাইছোঁ। সমগ্ৰ প্ৰতিযোগিতাখনত তেওঁলোকে উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াইছে। এই সফলতাই অনাগত দিনত অধিক সংখ্যক যুৱক-যুৱতীক ফুটবল খেলিবলৈ অনুপ্ৰাণিত কৰিব। দলটোৰ খেলুৱৈসকলৰ উজ্ব্বল ভৱিষ্যতৰ বাবে বহুত বহুত শুভকামনা জনালোঁ।”

 

***

MJPS/SS/PRK/DB