Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মুম্বাইত অনুষ্ঠিত ৰিপাব্লিক টিভি সন্মিলনত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ

মুম্বাইত অনুষ্ঠিত ৰিপাব্লিক টিভি সন্মিলনত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ

মুম্বাইত অনুষ্ঠিত ৰিপাব্লিক টিভি সন্মিলনত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ


 

প্ৰথমে মই মুম্বাইৰ চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাৰ দুখ প্ৰকাশ কৰিছো৷ এই সন্দৰ্ভত মই মুখ্যমন্ত্ৰীৰ মহোদয়ৰ সৈতে কথা পাতিছো৷ ৰাজ্য চৰকাৰে পীড়িত পৰিয়ালসমূহক যথাসম্ভৱ সহায় কৰি আছে৷ এই দুৰ্ঘটনাত যিসকলে নিজৰ আত্মীয়কুটুম্ব হেৰুৱাইছে, তেওঁলোকৰ প্ৰতি মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো৷

সতীৰ্থসকল,

সাংবাদিকৰদ্বাৰা অনুপ্ৰেৰিত,সাংবাদিকৰদ্বাৰা পৰিচালিত, নীতিনিষ্ঠ সাংবাদিকতাৰ প্ৰতি দায়বদ্ধ এক শক্তিশালী মাধ্যম হল ৰিপাব্লিক টিভি৷ বহুত কম সময়ৰ ভিতৰত আপোনালোকৰ চেনেলটোৱে প্ৰতিষ্ঠা লাভ কৰিছে৷ আপোনালোকে দেশৰ জনসাধাৰণক সঠিক সংবাদ আগবঢ়োৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে৷ মই ৰিপাব্লিক টিভিৰ সমগ্ৰ মেনেজমেণ্ট, সকলো সাংবাদিক, দেশৰ ভিন্ন প্ৰান্তত কাম কৰি থকা ৰিপৰ্টাৰসকলক অভিনন্দন জ্ঞাপন কৰিছো৷ দেশৰ স্থিতি আৰু গতি সন্দৰ্ভত আলোচনা কৰিবলৈ এইধৰণৰ সন্মিলনৰ আয়োজনৰ নতুন ধাৰণাই নতুন সমাধানৰ বাবেও  জনসাধাৰণক অনুপ্ৰেৰিত কৰিব৷ ইয়াৰ বাবেও আপোনালোকক বহুত বহুত ধন্যবাদ৷

সতীৰ্থসকল,

ভাৰতক বিশ্বত এক শক্তি হিচাপে উজলাই তুলিবলৈ বহুতো ক্ষেত্ৰত আমি গোলকীয় উচ্চতা স্পৰ্শ কৰিব কৰিবলগীয়া হয়৷ বিজ্ঞান, প্ৰযুক্তি, উদ্ভাৱন, ক্ৰীড়া আদি ক্ষেত্ৰত ভাৰতৰ কণ্ঠ সমগ্ৰ বিশ্বত গুঞ্জৰিত কৰিবলৈ আমাৰ সংবাদ মাধ্যমো গোলকীয় পৰ্যায়ত উপনীত হব লাগিব, বিশ্বত নিজৰ পৰিচয় স্থাপন কৰিব লাগিবএয়া সময়ৰ আহ্বান৷ আজি ভাৰতৰ সংবাদ মাধ্যমে এই প্ৰত্যাহ্বা গ্ৰহণ কৰা উচিত৷

সতীৰ্থসকল,

ছাৰ্জিং ইণ্ডিয়া—এই দুটা শব্দই ১৩০ কোটি ভাৰতীয়ৰ আবেগ-অনুভূতিক প্ৰকট কৰে৷ এই অনুভূতি আৰু এই আবেগ আজি সমগ্ৰ বিশ্বই অনুভৱ কৰিছে৷ সমাজ জীৱনৰ প্ৰতিটো স্তৰতে ই গোলকীয় মঞ্চৰ সঠিক স্থান দখলৰ দিশে তীব্ৰ গতিৰে আগবাঢ়িছে৷ ভাৰতৰ অৰ্থব্যৱস্থাই হওক, ভাৰতৰ প্ৰতিভাই হওক, ভাৰতৰ সামাজিক ব্যৱস্থাই হওক, ভাৰতৰ সাংস্কৃতিক মূল্যবোধেই হওক অথবা ভাৰতৰ সামৰিক শক্তি—প্ৰতিটো খণ্ডতে ভাৰতৰ পৰিচয় শক্তিশালী হৈ উঠিছে৷

সতীৰ্থসকল,

আজি মই সংবাদ মাধ্যমৰ মঞ্চত আছো, প্ৰশ্ন আপোনালোকৰ অতি প্ৰিয়৷ সেইবাবে ময়ো কেইটামান প্ৰশ্নৰ সৈতে বক্তব্য আগবঢ়াই নিম৷ যিদৰে আপোনালোকৰ প্ৰশ্নৰ মাজত বহুত কিবাকিবা সোমাই থাকে, ঠিক সেইদৰে মোৰ প্ৰশ্নতো ছাৰ্জিং ইণ্ডিয়াৰ বহুকেইটা উত্তৰ নিজে নিজে আপোনালোকে লাভ কৰিব৷

সতীৰ্থসকল,

আজিৰ পৰা ৪ বছৰ পূৰ্বে কোনোবাই ভাবিছিল নে যে ভাৰত ইমান সোনকালে পাঁচ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ ক্লাবত প্ৰৱেশৰ দিশে আগবাঢ়িব পাৰিব? চাৰি বছৰ পূৰ্বে কোনোবাই ভাবিছিল নে যে ইজ অৱ ডুয়িং বিজনেছৰ ৰেংকিঙত ভাৰত ১৪২ৰ পৰা ৭৭ সংখ্যক স্থানলৈ উন্নীত হব পাৰিব? চাৰি বছৰ পূৰ্বে কোনোবাই ভাবিব পাৰিছিল নে যে ভাৰতত এচি ৰেলগাড়ীত যাত্ৰা কৰা লোকতকৈ বিমানত যাত্ৰা কৰা লোকৰ পৰিমণ বাঢ়িব? চাৰি বছৰ পূৰ্বে কোনোবাই চিন্তা কৰিব পাৰিছিল নে যে ৰিক্সা চলোৱা, শাকপাচলি বেচা আৰু চাহ বেচা লোকজনেও ভিম এপছ ব্যৱহাৰ কৰিব পাৰিব? পকেটত ডেবিট কাৰ্ড ৰাখি নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰিব বুলি কোনোবাই কল্পনা কৰিছিল নে?

চাৰি বছৰ পূৰ্বে কোনোবাই ভাবিছিল নে যে ভাৰতৰ অসামৰিক বিমান পৰিবহন ব্যৱস্থা ইমান তীব্ৰ গতিৰে আগবাঢ়িব আৰু কোম্পানীয়ে এক হাজাৰ নতুন বিমান অৰ্ডাৰ কৰিব লগীয়া হ? আৰু আপোনালোকে জানি আচৰিত হ’ব যে দেশ স্বাধীন হোৱাৰ পৰা এতিয়ালৈ মুঠ ৪৫০খন বিমান কাৰ্যক্ষম হৈ আছে৷ ইয়াৰ ভিতৰত ব্যক্তিগত, চৰকাৰী, ৰাজহুৱা সকলো ধৰণৰ বিমান অন্তৰ্ভুক্ত হৈ আছে৷ ইয়াৰ বিপৰীতে মাত্ৰ এবছৰত এক হাজাৰ বিমানৰ অৰ্ডাৰ দিবলগীয়া হোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে৷ চাৰি বছৰ পূৰ্বে কোনোৱে কল্পনা কৰা নাছিল যে ভাৰতত ৰাষ্ট্ৰীয় জলপথ বাস্তৱত পৰিণত হ’ব৷কলকাতাৰ পৰা এখন জাহাজ গংগা নদীত চলিব আৰু বেনাৰছৰ পৰা সামগ্ৰী কঢ়িয়াই আনিব৷ চাৰি বছৰ পূৰ্বে কোনোবাই চিন্তা কৰিছিল নে যে আমি ভাৰতত নিৰ্মিত বিনা ইঞ্জিনযুক্ত ৰেলৰ পৰীক্ষণ কৰিব পাৰিম,যাৰ গতিবেগ হ’ব ঘণ্টাত ১৮০ কিলোমিটাৰ৷

চাৰি বছৰ পূৰ্বে কোনোবাই চিন্তা কৰিছিল জানো—ভাৰতে ষ্টাৰ্ট আপ জগতৰ পৰা আৰম্ভ কৰি ক্ৰীড়া জগতলৈকে নিজৰ আধিপত্য ইমান বিস্তাৰ কৰিবলৈ সক্ষম হ’ব?

সতীৰ্থসকল, আচলতে এই পৰিৱৰ্তন কেনেকৈ সম্ভৱ হৈছে? একেই দেশ, একেই মানুহ, একেই বিষয়ববীয়া, একেই সম্পদ—তথাপি এই পৰিৱৰ্তনৰ কাৰণ কি?

সতীৰ্থসকল,

আমাৰ ইয়াত সকলোৰে মানসিকতা এনেকুৱা হৈ গৈছে যে যেতিয়া চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আদালতৰ মজিয়ালৈ যায়, তেতিয়াই ভাবে যে চৰকাৰ ভুল আৰু অভিযোগকাৰীসকল সত্য৷ এই মানসিকতা আমাৰ গঢ় লৈ উঠিছে, কিয়নো আমি পূৰ্বৰ পৰা ইয়াকে দেখি আহিছো৷ কিন্তু এয়াও প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে যে চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে আৰু সকলো সম্পূৰ্ণ পাৰদৰ্শিতা আৰু স্বচ্ছতাৰ ভিত্তিত হোৱা বুলি প্ৰকাশ কৰিছে৷

ভাই-ভনীসকল, মই সাধাৰণতে দেখি আহিছো যে আপোনালোকে সম্প্ৰচাৰৰ সময়ত ‘পূৰ্বৰ’ আৰু ‘এতিয়াৰ’ বুলি দুখন উইণ্ডো ব্যৱহাৰ কৰে৷ অৰ্থাৎ দুটা পৃথক সময়ৰ স্থিতি আৰু পাৰ্থক্য অতি আকৰ্ষণীয়ভাৱে সম্প্ৰচাৰ কৰে৷ মোৰ ওচৰতো পূৰ্বৰ আৰু এতিয়াৰ বহুতো আকৰ্ষণীয় ছবি আছে, যিবোৰে ছাৰ্জিং ইণ্ডিয়াক অধিক ফলপ্ৰসু কৰি তুলিব৷

সতীৰ্থসকল,

আজি দেশৰ সন্মুখত ২০১৪ৰ পূৰ্বৰ এক ছবি আৰু ২০১৮ৰ অন্তলৈ আন এক ছবি আছে৷ ২০১৪ৰ পূৰ্বৰ ছবিখনত দেশত স্বচ্ছতাৰ পৰিসৰ ৪০ শতাংশতে সীমাবদ্ধ আছিল৷ কিন্তু এতিয়া এই পৰিমাণ হৈছে ৯৭ শতাংশ৷ ২০১৪ৰ পূৰ্বে দেশৰ ৫০% লোকৰ ওচৰতো বেংক একাউণ্ট নাছিল৷ এতিয়া দেশৰ প্ৰতিটো পৰিয়ালে বেংকিং সেৱাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে৷ ২০১৪ৰ পূৰ্বে কৰ দিয়া লোকৰ সংখ্যা আছিল মাত্ৰ ৩ কোটি ৮০ লাখ৷ ইয়াৰ বিপৰীতে এতিয়া এই সংখ্যা বৃদ্দি হৈ ৭কোটি স্পৰ্শ কৰিছে৷

২০১৪ৰ পূৰ্বে দেশৰ মাত্ৰ ৬৫ লাখ ব্যৱসায়ীয়ে কৰ দিবলৈ পঞ্জীভুক্ত হৈছিল৷ কিন্তু এতিয়া পৰিস্থিতি এনেকুৱাকৈ সলনি হৈছে যে মাত্ৰ ডেৰ বছৰৰ ভিতৰতে ৫৫ লাখ নতুন উদ্যমীয়ে পঞ্জীয়ন কৰিবলৈ আগবাঢ়ি আহিছে৷ ২০১৪ৰ পূৰ্বে দেশত মোবাইল নিৰ্মাণকাৰী কোম্পানী মাত্ৰ ২টা আছিল৷ এতিয়া মোবাইল নিৰ্মাণকাৰী কোম্পানীৰ সংখ্যা ২ৰ পৰা ১২০টা হৈছে৷

সতীৰ্থসকল,

আগৰ আৰু এতিয়াৰ এই পৰিবৰ্তন ছাৰ্জিং ইণ্ডিয়াৰ শক্তিশালী ছবি সন্মুখলৈ আনে। আজি দেশত দুগুণ তীব্ৰতাৰে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হৈ আছে, দ্বৈত ৰেলপথৰ কাম হৈ আছে, বৈদ্যুতীকৰণ হৈ আছে, ১০০ৰো অধিক নতুন বিমান বন্দৰ আৰু হেলিপেড নিৰ্মাণৰ কাম হৈ আছে, ৩০-৪০বছৰ ধৰি স্তব্ধ হৈ থকা আঁচনিসমূহৰ কাম ক্ষিপ্ৰগতিৰে আগবাঢ়িছে৷

আজি আপুনি দেশৰ য’লৈকে নাযাওক কিয়, একন ছাইনব’ৰ্ড দেখিবলৈ পাব—কাম চলি আছে’৷

সতীৰ্থসকল, এই ফলকৰ আক্ষৰিক অৰ্থ হ’ল ‘প্ৰগতিৰ দিশত ভাৰত’৷

কেৱল পথ, উৰণীয়া সেতু, মেট্ৰো ৰেলেই নহয়, ইয়াত নতুন ভাৰত গঢ়াৰ কাম চলি আছে। মই আজি উপস্থিত থকা এই চহৰখনক জনা যায়-কেতিয়াও স্তব্ধ নোহোৱা চহৰ। মই ইয়াত থিয় হৈ কব বিচাৰো যে আজি ভাৰত এনেকুৱা এখন দেশ হৈ উঠিছে যি কেতিয়াও স্তব্ধ নহয়।

সতীৰ্থসকল, মুম্বাইত বুলেট ট্ৰেইন, দ্বৈত ৰেলপথ ছাব-আৰ্বান কৰিডৰ, শ শ কিলোমিটাৰ জোৰা মেট্ৰো কৰিডৰৰ কাম ২০১৪ৰ পাছত এনডিএ চৰকাৰৰ দিনত আৰম্ভ হৈছে। মই জানিব পাৰিছো যে আন্ধেৰী-বিৰাৰৰ ব্যস্ত ছেকচনত নতুন ৰেলৰ সুবিধাও আৰম্ভ কৰা হৈছে।

সতীৰ্থসকল,

মুম্বাই আৰু দেশৰ এই আৱশ্যকতা পূৰ্বেও আছিল, কেইবা দশকধৰি ইয়াৰ অভাৱ অনুভৱ কৰা হৈছিল। কিন্তু  কামসমূহ  এতিয়াহে হব ধৰিছে। চিন্তা কৰক কিয়? ইয়াৰ উত্তৰো মই আপোনালোকক দিব বিচাৰো।

যেতিয়াই মই সময় পাও, তেতিয়াই অৰ্ণৱ গোস্বামীৰ অনুষ্ঠান চাঁও৷ অৱশ্যে চোৱাতকৈ মই অধিক শুনোহে কিদৰে তেওঁ কেইবাগৰাকীও অতিথিক বহুৱাই লৈ প্ৰশ্ন-উত্তৰ উত্থান কৰে৷

সতীৰ্থসকল,

দূৰদৰ্শনৰ অনুষ্ঠানৰ দৰে প্ৰতিমাহে দিল্লীৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়তো এনেকুৱা এক বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত হল প্ৰগতিৰ আৰু ইয়াত আলোচনা কৰা হয় দশক দশক ধৰি স্তবিৰ হৈ থকা প্ৰকল্পসমূহৰ বিষয়ে৷ বিগত চাৰি বছৰত বিচাৰি বিচাৰি মই এনেকুৱা আঁচনি কিছুমানৰ সন্ধান লাভ কৰিছো, যিবোৰ বছৰ বছৰ ধৰি ফাইলত আৱদ্ধ হৈ আছিল৷ মই আপোনালোকক জনাব বিচাৰো যে প্ৰগতি বৈঠকত আমি এতিয়ালৈকে প্ৰায় ১২ লাখ কোটি টকাৰো অধিক মূল্যৰ পুৰণি প্ৰকল্পৰ বিষয়ে আলোচনা কৰিছো৷ এটা এটা প্ৰকল্প কিমান গুৰুত্বপূৰ্ণ, কিমান মূল্যবান হয়, সেয়া মই আপোনালোকক উদাহৰণসহ বুজাই দিম৷

সতীৰ্থসকল,

মোৰ মনত আছে প্ৰায় তিনি বছৰ পূৰ্বে প্ৰগতিৰ বৈঠকত নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কথা উত্থাপন হৈছিল৷ তেতিয়া মই আঁচৰিত হৈ গৈছিলো৷ মুম্বাইত দ্বিতীয়টো বিমানবন্দৰৰ বাবে ১৯৯৭ৰ নৱেম্বৰত প্ৰথমবাৰৰ বাবে কমিটী গঠন কৰা হৈছিল৷ তেতিয়াৰ পৰা ২০ বছৰ ধৰি ই কেৱল ফাইলৰ মাজতে আবদ্ধ হৈ থাকিল৷ ইয়াৰ মাজত কিমানখন চৰকাৰ আহিল আৰু গকিন্তু বিমান কেতিয়াও নুৰিল৷ নৱী মুম্বাই বিমানবন্দৰ ফাইলৰ মাজতে আৱদ্ধ হৈ ৰল৷

প্ৰগতিৰ বৈঠকত বহুমুখী উইণ্ডোৰ জৰিয়তে সকলো বিষয়া, সকলো বিভাগক মুখামুখিকৈ বহাই আমাৰ চৰকাৰে এই প্ৰকল্পৰ সন্মুখলৈ অহা সকলো বাধা-অসুবিধা দূৰ কৰিলে আৰু এতিয়া নৱী মুম্বাই বিমানবন্দৰৰ কাম তীব্ৰতাৰে চলি আছে৷

চিন্তা কৰক, এয়া মাথো এটি প্ৰকল্পৰহে কাহিনী৷ এনেকুৱা প্ৰায় ১২ লাখ কোটি টকাৰ প্ৰকল্পৰ কাম আমি তীব্ৰতাৰে আগুৱাই নিছো৷ ছাৰ্জিং ইণ্ডিয়াৰ আঁৰত পৰিৱৰ্তন হোৱা কৰ্মসংস্কৃতিৰ ই এক জীৱন্ত উদাহৰণ।

সতীৰ্থসকল,

পূৰ্বৰ চৰকাৰে খাদ্য সুৰক্ষা আইন প্ৰৱৰ্তন কৰিছিল৷ ইয়াক লৈ তেওঁলোকে বহুত প্ৰচাৰ চলালে, চিঞৰ বাখৰ কৰিলে৷ কিন্তু আমি ২০১৪ত শাসনলৈ অহাৰ সময়লৈ মাত্ৰ ১১খন ৰাজ্যহে ইয়াৰদ্বাৰা উপকৃত হৈছিল৷ চিন্তা কৰক ইমান হৈচৈ কৰাৰ পাছতো ভাৰতৰ বৃহৎ পৰিমাণৰ জনসংখ্যাই ইয়াৰ উপযোগিতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল৷

আমি কাৰ্যভাৰ গ্ৰহণৰ পাছত দেশৰ সকলো(৩৬)ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লোকে এই আঁচনিৰ উপযোগিতা লাভ কৰাতো নিশ্চিত কৰো৷ এইদৰে, ২০১৩১৪ত যথেষ্ট চৰ্চা হৈছিল যে ৰন্ধন গেছৰ চিলিণ্ডাৰ ১০ টা দিয়া হব নে ১২ টা দিয়া হ? ইয়াক এক  নিৰ্বাচনী ইছ্যু বনোৱা হৈছিল৷ কিন্তু ২০১৪লৈকে ভাৰতৰ মাত্ৰ ৫৫% পৰিয়ালেহে গেছ সংযোগ লাভ কৰিছিল৷

সতীৰ্থসকল, আমাৰ চৰকাৰে সমস্যাৰ স্থায়ী সমাধানৰ বাবে কাম কৰি আছে৷ দেশৰ সন্মুখত যিবোৰ প্ৰত্যাহ্বান আছে, তাৰ স্থায়ী সমাধানৰ দিশে আগবাঢ়ি আছে৷ আমি এনেকুৱা ব্যৱস্থাসমূহ আঁতৰাই আছো, যিবোৰে দশক দশক ধৰি দেশর বিকাশত হেঙাৰ হৈ আছে৷ মই আপোনালোকক দেউলীয়া আৰু বেংক দেউলীয়া ক’ড অৰ্থাৎ আইবিচিৰ উদাহৰণ দিব বিচাৰো৷

সতীৰ্থসকল,

আমাৰ দেশত ঋণক লৈ এক অদ্ভূত পৰম্পৰা আছিল যে দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকে বেংকৰ পৰা এক লাখ টকাৰ ঋণ লৈ তাক উভতাই দিব নোৱাৰিলে তেওঁলোকৰ ৰক্ষাৰ উপায় নাই৷ কিন্তু দেশৰ এনেকুৱা হাজাৰ হাজাৰ কোম্পানী আছে, যিয়ে বেংকৰ পৰা ৫১০ লাখ অথবা ৫১০ কোটি নহয়, বৰং ৫১০ হাজাৰ কোটি টকাৰ ঋণ লৈছিল৷

পৃথক পৃথক কাৰণত যেতিয়া কোম্পানীসমূহ লোকচানৰ সন্মুখীন হয় আৰু বেংকৰ ঋণ উভতাব নোৱাৰে, তেতিয়া সেই কোম্পানী অথবা কোম্পানীৰ মালিকৰ বিৰু্দ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল৷

সতীৰ্থসকল,

স্বাধীনতাৰ ৭০ বছৰ ধৰি দেশত এই ব্যৱস্থাই চলি আছিল৷ জানেনে কিয় এনেকুৱা আছিল? এয়া এইবাবেই আছিল যে এই কোম্পানীসমূহৰ সৈতে এক বিশেষ সুৰক্ষা কবচ আছিল৷ এনেকুৱা এক সুৰক্ষা কবচ, যাৰ ওপৰত কিছুমান বিশেষ লোক আৰু বিশেষ পৰিয়ালৰ নিৰ্দেশ চলিছিল৷ এই সুৰক্ষা কবচে বেংকক ব্যৱস্থা গ্ৰহণত বাধা আৰোপ কৰিছিল৷

ভাই-ভনীসকল, বহু বাধা-বিঘিনি অতিক্ৰম কৰি ২০১৬ত Insolvency এণ্ড Bankruptcy ’ড প্ৰস্তুত কৰি মই এই সুৰক্ষা কবচ ভাঙি দিছো৷ আজি মই গৰ্বৰে ব পাৰো যে বেংকৰ পৰা ঋণ লৈ বহি থকা লোকসকলে, হাজাৰ কোটিৰ ঋণ লোৱা কোম্পানীসমূহে নিজেই ঋণ উভতাই দিব আৰম্ভ কৰিছে৷

ভাই-ভনীসকল,

এই কোম্পানীসূহে মাত্ৰ ২ বছৰৰ ভিতৰত ২৪ লাখ কোটি টকা নিজে আহি বেংকক পৰিশোধ কৰিছে৷ তদুপৰি, আইনী গোচৰ চলি থকা কোম্পানীসমূহৰ পৰা এতিয়ালৈকে দুই লাখ কোটি টকাৰ ঋণ আদায় কৰা হৈছে৷ অৰ্থাৎ ২০১৬ত প্ৰৱৰ্তন কৰা আইনৰ পাছত প্ৰায় তিনি লাখ কোটি টকা এই কোটিপতি তথা কোম্পানীসমূহে বেংক অথবা ঋণদাতাক উভতাই দিবলৈ বাধ্য হৈছে৷ এই প্ৰক্ৰিয়া আজিও অব্যাহত আছে৷

একেদৰে বেংকৰ পৰা ঋণ লৈ পলোৱাসকলৰ বিৰুদ্ধেও আইনে নিজৰ কাম কৰি আছে৷ এতিয়া দেশতেই নহয় বিদেশতো এনেকুৱা অপৰাধীৰ সম্পত্তি জব্দ কৰি থকা হৈছে৷ এনে অপৰাধীয়ে বিশ্বৰ কোনো স্থানতে যাতে আত্মগোপনৰ সুবিধা নাপায় তাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ৷

সতীৰ্থসকল,

ভ্ৰষ্টাচাৰক ভাৰতত স্বাভাৱিক ঘটনা হিচাপে গণ্য কৰা হৈছিল৷ ভাৰতত এইবোৰ চলিয়ে থাকে বুলি সকলোৰে এটা ধাৰণা আছিল৷কিন্তু কেতিয়ালৈকে এইবোৰ চলি থাকিব৷ এই পৰিস্থিতিৰ পৰিৱৰ্তন কিয় নহ?

সতীৰ্থসকল, বিগত ৪বছৰত মই এই পৰিস্থিতি সলনি কৰাৰে প্ৰয়াস চলাই আছো৷ দেশক পিছলৈ ঠেলি থকা কাৰণসমূহ নাশ কৰাৰ চেষ্টাতে ব্ৰতী হৈ আছো৷ কিছুমান লোকে দেশক বিভ্ৰান্ত কৰাৰ চেষ্টা চলাই আছে৷ কিন্ত মই সত্যৰ শক্তিৰ ওপৰত বিশ্বাস কৰো আৰু সত্যনিষ্ঠ ভাৰতীয়সকলৰ ওপৰত মোৰ পূৰ্ণ ভৰসা আছে৷

ভাই-বন্ধুসকল, আজি ভাৰতৰ বৈদেশিক নীতি সকলোৰে হিত আৰু সকলোৰে সুখৰ স্বাৰ্থত তৈয়াৰ কৰা হয়৷ ইয়াৰ বাবে আজি ভাৰতৰ পাছপ’ৰ্টৰ শক্তি বৃদ্ধি পাইছে৷ আজি সমগ্ৰ বিশ্বত ভাৰতৰ কণ্ঠ গভীৰতাৰে শুনা দেখা গৈছে৷ বিশ্বৰ সৰ্বশক্তিমান সংস্থাসমূহত ভাৰতে প্ৰতিনিধিত্বৰ সুযোগ লাভ কৰিছে৷ ভাৰতৰ চিন্তাক সংবেদনশীলতাৰে গ্ৰহণ কৰা দেখা গৈছে৷ অ’পেকৰ দৰে সংস্থাত প্ৰতিনিধিত্ব নাথাকিলেও ভাৰতৰ কথা গুৰুত্বসহকাৰে গ্ৰহণ কৰা হয়৷

সতীৰ্থসকল, আমাৰ দেশত দশক দশক ধৰি জিএছটি ৰূপায়নৰ দাবী উত্থাপন হৈ আছিল৷ আজি আমি সন্তোষেৰে কব পাৰো যে জিএছটি ৰূপায়নৰ পাছত বজাৰৰ বিসংগতি দূৰ হব ধৰিছে আৰু প্ৰশাসন ব্যৱস্থাৰ কাৰ্যক্ষমতা বৃদ্ধি হব ধৰিছে৷ অৰ্থব্যৱস্থাত আমি পাৰদৰ্শিতাৰ দিশে অগ্ৰসৰ হৈছো৷

বজাৰৰ সৈতে জড়িত সমাজৰ পৰিশ্ৰমী আৰু উদ্যমী লোকসকলে এক সুস্থ, নিকা আৰু স্বচ্ছ বজাৰ লাভ কৰিছে আৰু ইনস্পেক্টৰৰাজৰ পৰা মুক্তি পাইছে৷ সমগ্ৰ দেশবাসীয়ে এক মনেৰে এই বৃহৎ কৰ সংস্কাৰ ৰূপায়ন সফল কৰিবলৈ চেষ্টা চলায়৷ প্ৰত্যেকে নিজৰ যোগদান দিছে৷ আমাৰ ব্যৱসায়ী আৰু জনসাধাৰণৰ সদিচ্ছাৰ বাবেই ইমান ডাঙৰ পৰিৱৰ্তন সাধন কৰিবলৈ আমি সক্ষম হ’লো৷

মই পূৰ্বেও কৈছো যে জিএছটি ৰূপায়নৰ পূৰ্বে পঞ্জীভুক্ত ব্যৱসায়িক প্ৰতিষ্ঠানৰ সংখ্যা মাত্ৰ ৬৬লাখ আছিল৷ এতিয়া এই সংখ্যা ১কোটি ২০ লাখলৈ বৃদ্ধি পাইছে৷ আৰম্ভণিৰ কেইদিনত জিএছটি পৃথকপৃথক ৰাজ্যত ভেট আৰু শুল্কৰ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিয়ে আগবাঢ়িছিল৷ কিন্তু সময় যোৱাৰ লগে লগে ষ্টেকহল্ডাৰ, ৰাজ্য চৰকাৰ, অৰ্থনীতিবিদ আদিৰ সৈতে মতবিনিময় কৰাত লাহে লাহে ইয়াত পৰিৱৰ্তন আহিল৷

সতীৰ্থসকল, আজি জিএছটি ব্যৱস্থা দেশত প্ৰায় সম্পূ্ৰ্ণৰূপে সংস্থাপিত হৈছে আৰু আৱশ্যকতা অনুসৰি ইয়াক জনসাধাৰণৰ অনুকূল কৰাৰ সকলো ব্যৱস্থা হাতত ল’বলৈ আমি সংকল্পবদ্ধ৷ আজি মই আপোনালোকক যথেষ্ট গুৰুত্বপূৰ্ণ কথা এটা ক’ব বিচাৰো৷ সেয়া হ’ল আমি এতিয়া এনেকুৱা এটা পৰ্যায়ত উপনীত হৈছো যে ৯৯% সামগ্ৰীৰ জিএছটিৰ হাৰ ১৮শতাংশ অথবা তাতোকৈ কম পৰিধিৰ ভিতৰলৈ আনিব পাৰো৷ আমি এই দিশত আগবাঢ়ি আছো৷ মোৰ এয়াই মত যে জিএছটিক আমি যিমান পাৰো সৰল আৰু সুবিধাজনক কৰা উচিত৷

সতীৰ্থসকল,

মই আৰু মোৰ চৰকাৰৰ চিন্তা আৰু লক্ষ্য অতি স্পষ্ট৷ বিশ্বৰ সৰ্ববৃহৎ যুৱ শক্তিৰ দেশ ভাৰতে সৰু সপোন দেখিলে নহব৷ সপোন, আকাংক্ষা আৰু লক্ষ্য সদায় ডাঙৰ হোৱা উচিত৷ আমি ডাঙৰ লক্ষ্যৰ দিশে নিষ্ঠাসহকাৰে আগবঢ়াৰ প্ৰয়াস কৰিলে এদিন এই লক্ষ্য পূৰণ হবই৷ লক্ষ্য সৰু হলে সফলতাৰ পৰিধিও সৰু হব৷

সতীৰ্থসকল, চৰকাৰৰ সমগ্ৰ প্ৰশাসন ব্যৱস্থাটো ৭০ বছৰ পুৰণি৷ ৪ বছৰ পূৰ্বেও এই ব্যৱস্থাই আছিল৷ কিন্তু এতিয়া কাম কৰাৰ গতি আৰু ধৰণ কেইবাগুণো উন্নত হৈছে৷ আমি এতিয়া কেইবাটাও লক্ষ্যৰ দিশে দ্ৰুত গতিৰে আগুৱাই গৈছো৷ সকলোৰে এটা নিজৰ ঘৰ থাকক,  প্ৰতি ঘৰতে ২৪ ঘণ্টা বিজুলী, বিশুদ্ধ পানী, সুলভ মূল্যৰ ইন্ধন থাকক—আদি লক্ষ্য পূৰণৰ দিশে দেশ আগবাঢ়ি আছে৷ শিশুৰ শিক্ষা, যুৱক-যুৱতীৰ উপাৰ্জন, জেষ্ঠজনৰ চিকিৎসা, কৃষকৰ সঞ্চয় আদি সুনিশ্চিত কৰিবলৈ চৰকাৰ সংকল্পবদ্ধ৷

সতীৰ্থসকল,

নতুন শক্তিৰে ভৰপূৰ নিউ ইণ্ডিয়া সন্দৰ্ভত বক্তব্য ৰাখিবলৈ আপোনালোকে সুযোগ দিয়াৰ বাবে সকলোকে অশেষ ধন্যবাদ৷ মোৰ বিশ্বাস আছে সাংবাদিকতাৰ সৈতে জড়িত একাংশ তৰুণ যুৱকযুৱতীয়ে যি সপোন লৈ ৰিপাব্লিক টিভি আৰম্ভ কৰিছিল, তেওঁলোকৰ উজ্জল ভৱিষ্যত কামনা কৰিছো৷ হিন্দীৰ লগতে দেশৰ অন্য ভাষালৈও চেনেলটোৱে পৰিধি বৃদ্ধিৰ চিন্তাচৰ্চা কৰক কিন্তু বিশ্বত নিজৰ স্থান মজবুত কৰাৰ এক সপোন লৈ সদায় আগবাঢ়ক৷ এয়াই মোৰ শুভকামনা৷ বহুত বহুত ধন্যবাদ৷

********

अतुल तिवारी, कंचन पतियाल/মুকুট শৰ্মা